নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুলনাৰ তুলাচনী

🔹 ড০ পার্থসাৰথি মহন্ত

বিয়া এখন খাবলৈ বুলি বহিয়েই চকু যায় কাষৰ গৰাকীৰ কাপোৰযোৰলৈ৷ মোৰ যোৰতকৈ ধুনীয়া নেকি? ইণ্টাৰভিউ এটা দিবলৈ গৈ চকু যায় আনকেইজনলৈ৷ মোতকৈ বেছি স্মার্ট লাগিছে নেকি? মিটিং এখনত বহিয়েই চকু যায় আনকেইজনলৈ৷ কাৰ ম’বাইল ফোন, লেপটপ বেছি দামী? অর্থাৎ তুলনা৷ অহৰহ তুলনা৷ জনা–নজনাকৈয়ে আমি নিজকে তুলি দিওঁ এখন তুলাচনীত– তুলনাৰ তুলাচনী৷ কিয় ক’ত কেনেকৈ কেতিয়া বুজাৰ আগতেই আমি উঠি থাকোঁ এই তুলাচনীত৷ আৰু আৱেগৰ এখন জটিল জালত সোমাই পৰোঁ৷ আমাৰ আচৰণ সলনি কৰি দিয়া আৱেগ৷ এটা প্রহেলিকা৷ কিয় এই তুলনা৷
সামাজিক সংযোগ বেতেৰি–বন্ধিয়া৷ কেতেৰীয়া জালৰ দৰে৷ এনে পৰিৱেশ–পৰিস্থিতিত তুলনা মানুহৰ অৱচেতন মনৰ প্রতিৱর্তী ক্রিয়া৷ পাৰস্পৰিক সম্পর্কবোৰত আমি নিজকে আনৰ লগত তুলনা কৰি পেলাওঁ অৱচেতনভাৱে৷ আমি সফলতা–বিফলতা তুলনা কৰোঁ, আমি সামাজিক প্রতিষ্ঠা–প্রতিপত্তি তুলনা কৰোঁ, আমি সমৃদ্ধি তুলনা কৰোঁ৷
আমি স্ব–মূল্যায়ন কৰোঁ৷ বিৱর্তনৰ দিশৰ পৰা ক’বলৈ গ’লে বাচি থকাৰ কৌশল নির্ধাৰণৰ বাবে তুলনাৰ প্রয়োজন৷ আমাৰ প্রতি থকা ভয়–ভাবুকি, আসন্ন বিপদ বা অমংগলৰ লক্ষণ–সংকেত বুজিবলৈ আমাক তুলনাৰ প্রয়োজন৷ লগতে এনে আসন্ন সংকটৰ মোকাবিলা কৰিবলৈ প্রয়োজনীয় সামর্থ্য জুখিবলৈ, আহৰণ কৰিবলৈও আমাক তুলনাৰ প্রয়োজন৷ সেয়া আছিল আদিম মানৱৰ বাবে তুলনাৰ প্রয়োজনীয়তা৷ আধুনিক মানৱে স্ব–মূল্যায়ন কৰে৷ স্ব–মূল্যায়নৰ জৰিয়তে তেওঁলোকে আত্মোন্নতিৰ যত্ন কৰে৷ সামাজিক অনুক্রমত নিজৰ স্থান উন্নত কৰিব খোজে৷ আধুনিক সামাজিক পৰিৱেশত প্রতিপত্তি লাভৰ আকাংক্ষাই এই প্রৱণতা অধিক বৃদ্ধি কৰে৷
সেই কাৰণেই আজিকালি য’তে–ত’তে তুলনা৷ আৰু এই তুলনাৰ সর্ববৃহৎ মঞ্চখন হ’ল সামাজিক মাধ্যম৷ সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফর্মত আমি মানুহে নিজৰ জীৱনৰ চেকনিৰে চাকি দিয়া আভাস দেখা পাওঁ৷ অনবৰতে দেখা পাওঁ৷ তেওঁলোকে চালি–জাৰি যি দেখুৱাব খোজে, আমি সেয়াহে দেখা পাওঁ৷ কিন্তু জুই জ্বলাই যায়৷ আমি আনৰ জীৱনৰ এই পৰিস্রাৱিত জিলিঙনিবোৰৰ লগত নিজকে তুলনা কৰিবলৈ লাগি যাওঁ৷ ইয়াৰ উপৰি আছে আনৰ সৈতে আমাৰ দৈনন্দিন পাৰস্পৰিক যোগাযোগ, কর্মক্ষেত্রৰ গতি বিজ্ঞান, সামাজিক প্রত্যাশাৰ দৰে কাৰকবোৰ, যি অহৰহ আমাক আনৰ সৈতে নিজক তুলনা কৰিবলৈ আমি বুজি নোপোৱাকৈয়ে প্রৰোচিত কৰি থাকোঁ৷ কিছুমান তুলনা অৱশ্যে সময়সাপেক্ষ৷ তেওঁৰ প্রমোচন হ’ল, মোৰ নহ’ল৷ তেওঁক মেলে–মিটিঙে মাতে, মোক নামাতে৷ এনে সময়, এনে ঘটনাবিলাক হৈ পৰে জীৱনৰ সফলতা–বিফলতা জোখাৰ মাপকাঠী৷ আমি সোমাই পৰোঁ এক অবিৰত তুলনাচক্রত৷
সেইকাৰণেই তুলনাৰ চতুঃসীমা নাই৷ কোনো শাৰীৰিক–ভৌগোলিক গণ্ডী নাই৷ সকলো সীমনা অতিক্রমি হয় আমাৰ তুলনা৷ ব্যক্তিগত আয়তাৰ পৰা কর্মক্ষেত্রলৈকে, আত্মীয়–পৰিয়ালৰ পৰা বন্ধু–বান্ধৱ সমাজলৈকে সকলোতে তুলনা৷ অনলাইন, অফলাইন৷ দুয়োটাই৷ অর্থাৎ আমাৰ জীৱনত সোমাবলৈ তুলনাই অহৰহ সুযোগ–সুৰুঙা বিচাৰি থাকে৷ ছিদ্র পালেই সন্তর্পণে সোমাই পৰে আমাৰ জগতত৷ গঢ় দি যায়, প্রভাৱিত কৰি যায় আমাৰ অনুভৱ, উপলব্ধি, কার্যকলাপ৷
এই যে আনৰ সৈতে তুলনা কৰোঁ, কেতিয়াবা আমাৰ নিজকে শ্রেষ্ঠ যেন লাগে, কেতিয়াবা আকৌ অতি অক্ষম যেন লাগে৷ সেয়েহে তুলনাৰ পৰিণাম কেতিয়াবা ইতিবাচক, কেতিয়াবা নেতিবাচক৷ তুলনাই যদি আমাক নিজৰ শ্রীবৃদ্ধিৰ কাৰণে যত্ন কৰিবলৈ অনুপ্রেৰণা যোগায় সেয়া অতি ইতিবাচক৷ আনৰ সাফল্যই যদি উৎসাহিত কৰিলে আমাৰো উন্নতি হ’ব, আমাৰ জীৱনলৈও সফলতা আহিব৷ নেতিবাচক হৈ পৰে আমি যদিহে আনৰ ভাল দেখি ঈর্ষান্বিত হৈ পৰোঁ, হতাশাত ভোগো৷ আমাৰ আত্মাদৰ কমি যায়৷ মানুহ ডিপ্রেচনতো গুচি যাব পাৰে৷ কাৰণ, আনক দেখি আমি বাস্তৱ লক্ষ্য এটাৰ পিছত দৌৰিবলৈ আৰম্ভ কৰি দিওঁ আৰু অপ্রাপ্তিৰ হতাশাত ভোগো৷
আনৰ লগত নিজক তুলনা কৰাৰ মানুহৰ মনৰ এই অন্তর্নিহিত প্রবৃত্তিৰ ব্যাখ্যাৰে আমেৰিকাৰ মনস্তত্ত্ববিদ লিয়ন ফেষ্টিংগাৰে সামাজিক তুলনা তত্ত্বৰ ধাৰণাটো দিছিল৷ মানুহে সমাজৰ আনৰ লগত ৰিজাই নিজৰ বিষয়ে সিদ্ধান্ত লয়৷ এই সামাজিক তুলনা দুই ধৰণৰ– ঊর্ধ্বগামী, নিম্নগামী৷ আমাতকৈ শ্রেষ্ঠ বুলি ভবাজনৰ লগত আমি যেতিয়া নিজকে ৰিজাওঁ সেয়া ঊর্ধ্বগামী তুলনা৷ এনে ৰিজনিৰ উদ্দেশ্য হ’ল– আমাৰ বর্তমানৰ অৱস্থা বা প্রতিষ্ঠাৰ পৰা ওপৰলৈ উঠা৷ আপেক্ষিকভাৱে শ্রেষ্ঠ এজনৰ লগত তুলনা কৰি আমি নিজকে সেই দিশত আগবঢ়াই নিবলৈ যত্ন কৰোঁ৷ আমি যেতিয়া নিজতকৈ নিকৃষ্ট এজনৰ লগত নিজকে ৰিজাওঁ, সেয়া নিম্নগামী তুলনা৷ এনে তুলনাই আমাৰ মনটো ভাল লগাই দিয়ে৷ আমি কিবা এটা কাম বা কথাত ভাল নহ’ব পাৰোঁ, কিন্তু নিকৃষ্ট এজনৰ লগত নিজকে ৰিজাই আমি ভাবি লওঁ আমি ভাল৷
সামাজিক তুলনা যিহেতু এক সহজাত প্রবৃত্তি, অতি কম বয়সৰ পৰাই মানুহে এই ৰিজনি আৰম্ভ কৰে৷ কেঁচুৱা অৱস্থাতেই সামাজিক ৰিজনিয়ে মন–মগজুত খোপনি পোতে৷ আন এটাৰ হাতত এটা ধুনীয়া পুতলা দেখিলে যেতিয়া এটা কেঁচুৱাই কান্দি–কাটি উৎপাত আৰম্ভ কৰে, তাৰ অর্থ হ’ল– সি সামাজিক তুলনা আৰম্ভ কৰি দিলে৷ তাৰ পিছত আহিল স্কুল৷ কিণ্ডাৰগার্টেন স্কুল৷ প্রিপাইট’ৰী স্কুল৷ হাইস্কুল পোৱালৈ এই তুলনা আৰু বাঢ়ি যায়৷ ফুটবলৰ বুট মোৰযোৰ ভাল নে তাৰ? টেনিছ ৰেকেট মোৰখন ভাল নে তাৰ? স্কুলবেগ মোৰটো ভাল নে তাৰ? কলেজ মানেতো পৰিসৰ ভাবিব নোৱাৰা হৈ গ’ল৷ কাৰণ সামাজিক মাধ্যম আহি গ’ল৷ কলেজৰ পৰা আৰম্ভ হৈ গ’ল পাৰিলে ডিঙিয়েই কাটি দিব যেন প্রতিযোগিতা৷ কোনে কোনখন কলেজত এডমিচন পালে, বিষয় কি পালে, প্লেচমেণ্ট পালেনে, ক’ত, গাড়ী ল’লে নেকি? ফ্লেট বা ঘৰ? এক অন্তহীন ৰিজনি৷ এক বিৰামহীন প্রতিযোগিতা৷
আহি যায়FOMO৷ ফিয়েৰ অব মিচিং আউট৷ মই থাকি গ’লোঁ নেকি, মই কিবা নাপালোঁ নেকি, মই হেৰাই গ’লোঁ নেকি এটা ভয়৷ ভয়ানক ভয়৷ এটা বিশেষকৈ সামাজিক মাধ্যমসৃষ্ট ভয়৷ অমুকে মালদ্বীপত ফুৰিবলৈ গ’ল৷ মই থাকি গ’লোঁ৷ অমুকে নতুন ৰেষ্টুৰেণ্টখনত খালে, মই থাকি গ’লোঁ৷ অমুকে অমুকৰ লগত ফটো তুলিলে৷ সামাজিক মাধ্যমত সকলোৱে দেখিলে৷ মই নোৱাৰিলোঁ৷ মই থাকি গ’লোঁ৷ সকলোৰে চকুত থকাৰ অঘোষিত প্রতিযোগিতাখনত মই নাইকিয়াই হৈ গ’লোঁ৷ মই উদ্বাউল হৈ পৰিম চকুত পৰিবলৈ৷ যি তি কৰিম, কিন্তু চকুত পৰাকৈ থাকিম৷ নহ’লে মই থাকি যাম৷ সামাজিক মাধ্যমে দিয়া জ্বলন এই FOMOৰো কাৰণ ৰিজনি– সামাজিক তুলনা৷
তেনেহ’লে সামাজিক তুলনাৰ গ্রাসৰ পৰা পৰিত্রাণ পোৱাৰ উপায় কি? জীৱনৰ ভাৰসাম্য আমি কেনেকৈ ৰক্ষা কৰিম? জীৱনটোতো তুলনাৰ তুলাচনীত তুলি দি স্বকীয়তা হেৰাই যাবলৈতো দিব নোৱাৰি৷ আমি নিজৰ ব্যক্তিত্ব অটুট ৰাখিব পাৰিব লাগিব৷ আমাক স্ব–সমবেদনাও লাগিব, কৃতজ্ঞতাবোধো লাগিব৷ সামাজিক তুলনাই সৃষ্টি কৰা প্রতিযোগিতাৰ চাকনৈয়াত পৰি দিক–বিদিক হেৰুৱাই পেলোৱাতকৈ আমি মনোনিৱেশ কৰিব লাগিব নিজস্বতা ৰক্ষা কৰাত, ব্যক্তিত্ব বিকাশ কৰাত৷ সামাজিক মাধ্যমক আমাৰ ব্যক্তিগত জীৱনৰ পৰা কিমান দূৰত বা ওচৰত ৰাখিব লাগে আমি বুজি পাব লাগিব৷ খাঁটি সম্পর্কখিনি ৰাখি বিহজাতীয়খিনি নিলগাব পাৰিব লাগিব৷ তুলনা যিমানেই দৃঢ়প্রোথিত নহওক অদমনীয় নহয়৷ তুলনা থাকিবই সেয়া মানি ল’ব লাগিব৷ আৰু স্ব–গ্রহণযোগ্যতাৰে স্ব–সমৃদ্ধিৰে এক পৰিপূর্ণ, পৰিতুষ্ট জীৱন গঢ়িবলৈ যত্ন কৰিব লাগিব৷ এনে এটা জীৱন যি আনৰ মাপদণ্ড, আনৰ পৰোক্ষ শ্রুতলিপিত নচলে৷
সামাজিক তুলনাৰে উদ্বেলিত এই পৃথিৱীত কাৰোবাক হৰুওৱাটো জয় নহয়৷ নিজা অনন্যতাক আঁকোৱালি লৈ জীৱন সমৃদ্ধ কৰাজনহে প্রকৃত বিজয়ী৷

You might also like