নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু হ’ব পৃথিৱীৰ

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনে সম্প্রতি আমি বাস কৰা গ্রহ পৃথিৱীৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ মানৱসৃষ্ট কাৰকৰ বাবে বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰি আছে আৰু ইয়ে জলবায়ু পৰিৱর্তনৰ প্রধান কাৰক হিচাপে পৰিগণিত হৈছে৷ ৰাষ্ট্রসংঘই জলবায়ু সন্মিলন আয়োজন কৰি বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ পৰিমাণ হ্রাস কৰাৰ বাবে জীৱাষ্ম ইন্ধন বিশেষকৈ কয়লা দাহন হ্রাস কৰি কার্বন নির্গমনৰ চুক্তি কৰিছে যদিও বিশ্বৰ দেশসমূহে সেই চুক্তি ৰূপায়ণ কৰাত কার্পণ্য কৰা পৰিলক্ষিত হৈছে৷ পেৰিছ জলবায়ু যোগে গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছ নিয়ন্ত্রণত ৰখাৰ বাবে প্রচেষ্টা গ্রহণ কৰা হৈছে যদিও উন্নত দেশসমূহৰ বাবে এই প্রক্রিয়া এতিয়াও সঠিক দিশে আগবঢ়া নাই৷ পৰৱর্তী গ্লাছগোত জলবায়ু চুক্তি যোগে পেৰিছ চুক্তিৰ লগতে আন কেইবাটাও বিষয় সামৰি গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱৰ সৈতে মোকাবিলা কৰাৰ পক্ষত থিয় দিয়ে বিশ্বৰ দেশসমূহ৷ এই চুক্তি চলি থকাৰ মাজতে ডুবাইত আয়োজন কৰা হৈছে ৰাষ্ট্রসংঘৰ ক’প–২৮৷ এই সন্মিলনতো জীৱাষ্ম ইন্ধন দাহন হ্রাস কৰা বিশেষকৈ কয়লা দাহনৰ প্রক্রিয়া কর্তন কৰি বিশ্বত কার্বন নির্গমনৰ পৰিমাণ হ্রাস কৰাত গুৰুত্ব দিয়া হৈছে৷ এই সন্মিলন অহা ১০ ডিচেম্বৰলৈকে চলিব৷ কি কি সিদ্ধান্ত হ’ব সেয়াও সঠিক হোৱা নাই৷ ডুবাইৰ ক’প–২৮–এ জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্রণৰ ক্ষেত্রত কি সিদ্ধান্ত গ্রহণ কৰিব, সেয়া বিচার্যৰ বিষয় হৈ উঠিছে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই সন্মিলনত অংশগ্রহণ কৰি ভাৰতে ২০৩০ৰ ভিতৰত কার্বন নির্গমন ৪৫ শতাংশ হ্রাস কৰাৰ প্রতিশ্রুতি প্রদান কৰিছে৷ বিশ্বৰ আন দেশসমূহে এইক্ষেত্রত কি পদক্ষেপ গ্রহণ কৰে, সেয়া পৰৱর্তী সময়ত পৰিলক্ষিত হ’ব৷
বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধি পাই গোলকীয় উষ্ণতা বর্ধিত হৈ পৃথিৱীৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আছে৷ এইক্ষেত্রত বিশ্বৰ কোনো প্রকৃতি বিজ্ঞানীৰ দ্বি–মত নাই৷ কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধিৰ বিপৰীতে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ দ্রুতগতিত হ্রাস পাই আছে৷ দ্রুতগতিত পৃথিৱী উষ্ণ হৈ গৈ আছে৷ এনে পৰিপ্রেক্ষিতত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ্রাস পাইছে৷ লক্ষণীয় যে অক্সিজেন হৈছে প্রাণীজগতৰ জীৱন–ধাৰণৰ মহামন্ত্র৷ অক্সিজেন অবিহনে জীৱজগতৰ কথা বিশেষকৈ প্রাণীৰ জীৱন কল্পনা কৰিব নোৱাৰি৷ গছ কটাকে ধৰি দ্রুতগতিত গ্রামাঞ্চল ধ্বংস হৈ চহৰ বৃদ্ধি পাই থকাত প্রাকৃতিক পৰিৱেশ ধ্বংস হৈ আহিছে৷ ইপিনে, গোলকীয় উষ্ণতা বৃদ্ধিয়ে মেৰুৰ বৰফ গলনৰ কাৰক হৈ আছে৷ বায়ুমণ্ডলত অক্সিজেনৰ মাত্রা হ্রাস পোৱাটোৱে পৃথিৱী ধ্বংসৰ কাৰণ হৈ উঠিব পাৰে৷ বিজ্ঞানীৰ মতে পৃথিৱীৰ মৃত্যু হ’ব পাৰে৷ আশ্চর্য যেন লাগিলেও অক্সিজেন অবিহনে পৃথিৱীৰ মৃত্যু হোৱাটো অস্বাভাৱিক নহয়৷ ২০২১ চনৰ এক গৱেষণা–পত্রত প্রকাশ পোৱা মতে অক্সিজেনৰ মাত্রা পৃথিৱীত হ্রাস পাই আছে৷ অর্থাৎ অক্সিজেন পৃথিৱীত চিৰস্থায়ী হৈ নাথাকিব৷ পৰৱর্তী কেইটামান বছৰৰ ভিতৰতে পৃথিৱীৰ বায়ুমণ্ডলৰ নাটকীয় পৰিৱর্তন ঘটিব৷ উনুকিয়াব লাগিব যে প্রথম অৱস্থাত পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেন নাছিল৷ পৃথিৱীৰ সৃষ্টিৰ বহু বছৰ পিছতহে অক্সিজেন গেছৰ জৰিয়তে বায়ুমণ্ডলৰ সৃষ্টি হৈছিল৷ ২৪০ কোটি বছৰ পূর্বে ‘গ্রেট অক্সিজেন ইভেণ্ট’ৰ জৰিয়তে পৃথিৱীত অক্সিজেনৰ আৱির্ভাৱ হয় আৰু লাহে লাহে জল অথবা স্থলত প্রাণৰ স্পন্দন হৈ পৰে৷ অক্সিজেনৰ জৰিয়তে পৃথিৱী লালন–পালন হ’বলৈ ধৰে আৰু ই চলি আছে৷ বিজ্ঞানীৰ মতে কিছু বছৰ পিছত পৃথিৱীত অক্সিজেনৰ মাত্রা কমি যাব৷ তাৰ পৰিৱর্তে মিথেন গেছৰ পৰিমাণ বাঢ়িব৷ মিথেন হৈছে এক বিষাক্ত গেছ, যি প্রাণীৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ এনে পৰিপ্রেক্ষিতত অক্সিজেন নির্ভৰশীল সমস্ত প্রাণীজগত পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব৷ অক্সিজেন পৰিমাণ হ্রাস পোৱা মানে মানৱ জাতিও বিলুপ্তিৰ দিশে আগবাঢ়িব৷ আনহাতে, গছৰ সালোক–সংশ্লেষণৰ কাৰণে কার্বন–ডাই–অক্সাইড গ্রহণ কৰি অক্সিজেন ত্যাগ কৰিব৷ কার্বন–ডাই–অক্সাইডৰ্ অভাৱত পৃথিৱীত উদ্ভিদ শূন্য হ’ব৷ উদ্ভিদ জগত আৰু প্রাণী জগত নোহোৱা হ’লে পৃথিৱীৰ মৃত্যু হ’ব৷

You might also like