নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হয়বৰগাঁৱত ভয়াৱহ অগ্নিকাণ্ডত কেইবালক্ষ টকাৰ সামগ্ৰী ভস্মীভূত

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : নগাঁও চহৰৰ হয়বৰগাঁৱত যোৱানিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। হয়বৰগাঁও সংযোগী পুৰণি দলঙৰ কাষত সংঘটিত অগ্নিকাণ্ডত ৭খনকৈ দোকান জ্বলি নি:শেষ হয়। ভয়াৱহ অগ্নিকাণ্ডত কাঠৰ ফাৰ্নিচাৰৰ দোকানৰ লগতে জুইৰ লেলিহান শিখাই মুহূৰ্ততে আন কেইবাখনো দোকান ধ্বংসস্তুপত পৰিণত কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ ৮খন গাড়ীৰে প্ৰায় কেইবা ঘন্টা সময় ধৰি চেষ্টা কৰাৰ পিছতহে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । জুইৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

প্ৰেৰক কনক হাজৰিকা

You might also like