প্ৰকৃতি আৰু ঐতিহ্যৰ সমাহাৰঃ ছিকিম
পেলিং
অৱস্থান: ২,১৫০ মিটাৰ (৭,২০০ ফুট) উচ্চতাত অৱস্থিত
দূৰত্ব: গেংটকৰ পৰা ১১১.৫ কিঃমিঃ, ৰাষ্ট্রীয় ঘাইপথ ১০ হৈ শিলিগুৰিৰ পৰা ১২৯.৫ কিঃমিঃ
গিয়ালসিং জিলাৰ এখন আকর্ষণীয় সৰু চহৰ পেলিং৷ প্রাকৃতিক সৌন্দর্যৰে শ্বাসৰুদ্ধকৰ মনোমোহা উচ্চতাত অৱস্থিত৷ সৰল গছৰ গভীৰ বনাঞ্চলৰ মাজত অৱস্থিত হিমালয়ৰ পাদদেশত বৰফাবৃত্ত দৃশ্যৰে অতিকৈ আকর্ষণীয়৷ ছিকিম ভ্রমণৰ অন্যতম গুৰুত্বপূর্ণ স্থান হিচাপে পেলিং চর্চিত৷ পেলিঙত ভ্রমণ কৰিবলগীয়া অনেক আশ্চর্যকৰ স্থান আছে৷ এদিনত এই ভ্রমণ সামৰিব নোৱাৰি৷ প্রাকৃতিক উদ্যানত দুঃসাহসিক কার্যকলাপৰ পৰা আধ্যাত্মিক ধ্যান–ধাৰণালৈকে, প্রকৃতিপ্রেমীৰ বাবে স্বর্গৰ এটুকুৰা স্থানৰ লেখীয়া, ঐতিহাসিক সমল আৰু চহৰ ভ্রমণকে ধৰি অনেক অভিজ্ঞতা এই চহৰখনত লাভ কৰিব পাৰি৷ প্রকৃতিৰ মনোৰম সৃষ্টিৰে আশীর্বাদপুষ্ট চহৰখনৰ পৰাই সুউচ্চ বৰফাবৃত্ত পাহাৰৰ সৌন্দর্য উপভোগ কৰাৰ লগতে জলপ্রপাত আৰু হ্রদৰ জলমল পৰিৱেশ লেণ্ডছকেপত প্রতিফলিত হৈছে৷ কাঞ্চনজংঘা, ককটাং, ৰেথং, কাব্রু, পাণ্ডিম, জপুনু, নাৰচিং, ছিনলচু, ফ্রেইজ পিক, গচাপিক আৰু টালুমপিঙৰ অতুলনীয় দৃশ্যৰাজিৰে পৰিৱেশিত এই চহৰখনৰ ভূমি প্রাকৃতিক সৌন্দর্যৰে আশীর্বাদপুষ্ট৷ স্থানীয় লোকৰ আতিথ্যৰে পর্যটকসকলে পেলিঙৰ প্রাকৃতিক আৰু আন আন ঐতিহাসিক সমলবোৰ উপভোগ কৰিব পাৰে৷
প্রখ্যাত পেমায়াংছে মনাষ্ট্রী ইয়াৰ পৰা এক কিলোমিটাৰতকৈ কম দূৰত অৱস্থিত আৰু ই পর্যটকৰ বাবে আকর্ষণস্থলী৷ পেলিঙত মাউণ্টেনবাইকিং, ৰক ক্লাইম্বিং, ভিলেজটুৰ, মেডিটেচনৰ উপৰি অঞ্চলটোত অনেক ট্রেক আছে৷ বৌদ্ধ সমগ্র ছিকিম ৰাজ্যৰ লগতে পেলিঙতো ইয়াৰ স্থিতি অনেক আছে৷ পেলিঙক অনেক মনাষ্ট্রীয়ে গৌৰৱান্বিত কৰি আছে৷ দুটা পুৰণি বৌদ্ধ মঠ (বুদ্ধিষ্ট মনাষ্ট্রী) পেমায়াংছে আৰু চাংগা চলিঙৰ আধাৰত এখন গাঁও গঢ়ি উঠিছে সেয়া হৈছে পেলিং৷ ছিকিমৰ শ্রেষ্ঠ পর্যটনস্থলীৰ ভিতৰত পেলিং৷ সবাতোকৈ গুৰুত্বপূর্ণ যে গিয়ালসিং জিলাৰ শ্বাসৰুদ্ধকৰ পর্যটকস্থলীৰ হূদয় হৈছে পেলিং৷
ৰাবডেনছে পেলেচৰ ধ্বংসাৱশেষ rabdentse palace ruins)
অৱস্থান: ১২,৩১৩ ফুট উচ্চতাত
দূৰত্ব: পেলিঙৰ পৰা ৯.১ কিঃমিঃ, গেংটকৰ পৰা ১০৮.৩ কিঃমি
একালৰ গৌৰৱময় চহৰৰ ধ্বংসলীলা ছিকিমৰ পশ্চিম অঞ্চলত অৱস্থিত, যাক ভাৰতৰ মাচুপিচু বুলি কোৱা হয়৷ ছিকিমৰ গৌৰৱময় ইতিহাসৰ কাহিনী ৰাবডেনছে ধ্বংসলীলাৰ স্থাপত্যস্থলীত প্রতিফলিত হয়৷ ছিকিমৰ প্রাক্তন ৰাজবংশত ১৬৪০ চনৰ পৰা ১৮১৪ চনলৈ ৰাবডানছে দ্বিতীয় ৰাজধানী আছিল৷ খাংচেনডংজা অঞ্চলৰ আকর্ষণীয় দৃষ্টিনন্দনেৰে এই প্রাক্তন ৰাজধানীৰ স্থিতি৷ ছিকিমৰ দ্বিতীয় চ’গিয়াল টেনচুম নামগিয়ালৰ দ্বাৰা ৰাবডেনছে প্রতিষ্ঠা কৰিছিল আৰু শতিকা ধৰি ই দ্বিতীয় চহৰ হিচাপে পৰিচিত আছিল৷ ছিকিমৰ গিয়ালসিং জিলাৰ বৌদ্ধ তীর্থযাত্রীৰ বাবে অতিকৈ গুৰুত্বপূর্ণ স্থান ৰাবডেনছে৷ পাতল বনাঞ্চলৰ উপত্যকাৰ মাজত ৰাবডেনছে ধ্বংসলীলা এতিয়াও উজ্জীৱিত হৈ আছে৷ পেলিঙৰ সমীপত ঘন বনাঞ্চলৰ পাহাৰৰ উঠা–নমাৰ মাজত অনেক পাহাৰীয়া গছৰ দৃষ্টিনন্দন দৃশ্যৰাজিৰ মাজত এই ধ্বংসলীলাই পর্যটকক আকর্ষণ কৰি আহিছে৷ ৰাবডেনছে পেলেচৰ ধ্বংসলীলা এতিয়াও পর্যটকক আকর্ষণ কৰে৷ পেলেচৰ চৌপাশে প্রাকৃতিক সৌন্দর্যৰ সমাহাৰ বিশেষকৈ গছ আৰু শিলাখণ্ডৰ মাজতে স্থাপত্যস্থলী৷ শিলৰ প্রাচীৰেৰে দুটা ভাগত বিভক্ত কৰা পেলেচ অঞ্চলত ৰাজবংশৰ লোকে প্রার্থনা কৰা বৌদ্ধ মঠো আছে৷ এতিয়াও ৭ ফুট দৈর্ঘ্যৰ মার্বলৰ খটখটিৰে মঠলৈ গৈ স্থানীয় লোকে প্রার্থনা জনাই আহিছে৷ এসময়ত ৰিচুম গম্পা নামৰ মনাষ্ট্রীৰ স্থান আছিল৷ ভাৰতৰ প্রত্নতাত্ত্বিক জৰীপে ৰাবডেনছে ধ্বংসলীলাক ঐতিহাসিক স্থান হিচাপে ঘোষণা কৰিছিল আৰু এতিয়াও সেই স্থান সংৰক্ষণ আৰু পুনৰ উদ্ধাৰৰ প্রক্রিয়া চলাই আছে৷ ইতিহাস জানিব বিচৰা লোকৰ বাবে এই স্থানটি অতিকৈ গুৰুত্বপূর্ণ৷ ৰাবডেনছে চৌহদটিত ছিকিমত পোৱা ৫৫০বিধ চৰাই প্রজাতিৰ ভিতৰত প্রায় ২০০ বিধ আছে৷
পেমায়াংছে মনাষ্ট্রী pemayangste monastery)
অৱস্থান: ২,০৮৫ মিটাৰ উচ্চতাত
দূৰত্ব: পেলিঙৰ পৰা ২ কিঃমিঃ, গেংটকৰ পৰা ১০৯.২ কিঃমিঃ
ছিকিমৰ সবাতোকৈ পুৰণি বৌদ্ধ মঠৰ অন্যতম আৰু উচ্চ আধ্যাত্মিক ধাৰাৰ পেমায়াংছে মনাষ্ট্রী৷ ঐতিহাসিক ৰাবডেন্সে ধ্বংসলীলাৰ মাজত পাহাৰৰ উচ্চতাত অৱস্থিত৷ ছিকিম ৰাজত্বৰ দ্বিতীয় ৰাজধানী, ১৬৪৭ চনত লামা লাটচুন ছেম্প’ৰ দ্বাৰা পৰিকল্পিত, ডিজাইন কৰা আৰু প্রতিষ্ঠাপিত৷ এইটো হৈছে ছিকিমৰ প্রখ্যাত বৌদ্ধ মঠৰ অন্যতম পুৰণি৷ এখন ক্ষুদ্র লাখাং হিচাপে আৰম্ভণিতে থাকি পিছলৈ তৃতীয় ছগিয়াল ছকডৰ নামগিয়ালৰ ৰাজত্বকালত ই প্রসাৰিত হয়৷ নামগিয়ালক লাটচুন ছেম্প’ৰ তৃতীয় অৱতাৰ জিগমে পাও বুলি বিবেচনা কৰা হয়৷ এই বৌদ্ধ মঠটোৱে তিব্বতীয় বৌদ্ধৰ নিংমাৰ আদেশ মানি চলে আৰু ছিকিমৰ আন আন মঠসমূহ ইয়াৰ দ্বাৰা পৰিচালিত হয়৷ পেমায়াংছে শব্দৰ অর্থ হৈছে ‘উত্তম নিখুঁত পদুম’ আৰু ইয়াক মানৱ দেহৰ চাৰি মূল অংগৰ এটা বুলি বিবেচনা কৰা হয়৷ এই বৌদ্ধ মঠটো প্রকৃত ভিক্ষু (টাটচাং)ৰ বাবে নির্মাণ কৰা হৈছিল৷ প্রকৃত তিব্বতৰ সৈতে সম্পর্কিত ভিক্ষুসকলেহে ইয়াত অনুশীলন কৰিব পাৰে৷ পেমায়াংছে মনাষ্ট্রীৰ ভিক্ষুসকলকহে কেৱল টাটচাং বুলি অভিহিত কৰা হয়৷ এই মঠটোৰ মুৰব্বী ভিক্ষুক অতি মর্যাদা প্রদান কৰা হয়৷ ১৭০৫ চনৰ পৰাই পেমায়াংছে মনাষ্ট্রীয়ে ছিকিমৰ বৌদ্ধ তীর্থযাত্রীক সেৱাৰ বাবে প্রধান স্থান হৈ আহিছে৷ তিব্বতীয় স্থাপত্যৰ আর্হিত নির্মিত এই মঠটো হৈছে তিনি মহলীয়া গাঁথনিৰ৷ প্রথম মহলাত ঐতিহাসিক সমলৰ লগতে অতি সুন্দৰ পেইণ্টিং, মূর্তি আৰু ভাস্কর্য আছে৷ প্রখ্যাত বৌদ্ধ মূর্তি আৰু অনেক ভাস্কর্য মঠটোত সংগৃহীত হৈ আছে৷ ভূ–মহলাটি বুদ্ধদেৱক সাঙুৰি সকলো ভাস্কর্য সংগৃহীত হৈ আহিছে৷ পদ্মসম্ভৱৰ আঠটা অৱতাৰৰ মূর্তি এই মহলাটোত আছে৷ প্রাকৃতিক দুর্যোগ বিশেষকৈ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলা স্থাপত্য আৰু অভিযান্ত্রিক কার্যকলাপত প্রতিফলিত হৈ আছে৷ ৩০০ বছৰতকৈ অধিক পুৰণি হ’লেও এই মঠটি এতিয়াও সুন্দৰ আন্তঃগাঁথনিৰে উজ্জীৱিত হৈ আছে৷ বৌদ্ধ ভিক্ষুৰ দ্বাৰা এই মঠটি সুন্দৰভাৱে পৰিচালিত হৈ আছে৷ খাংচেনডংজংগাকে ধৰি কেইবাটাও শৃংগ দৃশ্যৰাজি যাক ‘ফাইভ ট্রেজাৰার্ছ অৱ স্ন’ বুলি জনা যায়৷ সেয়া মঠটোৰ পৰা স্পষ্টকৈ দেখা যায়৷
খেচে’পালৰি হ্রদ khecheopalri lake)
অৱস্থান: ১,৭০০ মিটাৰ (৫,৬০০ ফুট) উচ্চতাত বনাঞ্চলৰ মাজত
দূৰত্ব: পেলিঙৰ পৰা ৩১.৯ কিঃমিঃ, গেংটকৰ পৰা ১৩৬.৫ কিঃমি
খেচে’পালৰি হ্রদক প্রকৃততে খা–চ’ত–পালৰি (পদ্মসম্ভৱৰ স্বর্গ) বুলি জনা যায়৷ ছিকিমৰ গিয়ালসিং জিলাত অৱস্থিত এই হ্রদটি বৌদ্ধ আৰু হিন্দু উভয়ৰে বাবে অতি পৱিত্র৷ এই হ্রদটিত প্রার্থনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস আছে৷ স্থানীয় ভাষাত হ্রদটিক ছ’ড’ছ’ যাৰ ইংৰাজী অনুবাদ হৈছে অ’ লেডী ছীট হিয়াৰ৷লোকগাথা মতে খেচে’পালৰিয়ে মানৱ দেহৰ চাৰি প্লেক্সাছৰ এটাত প্রতিনিধিত্ব কৰে৷ থ’ৰাক্সকে ধৰি আন তিনিটা প্লেক্সাছক য়াকছাম– তৃতীয় চকু, টাচিডিং–মূৰ আৰু পেমায়াংছে–হূদয় মানৱ দেহত আছে৷ এই হ্রদটি ৩,৫০০ বছৰ পূর্বে সৃষ্টি হোৱা বুলি ধাৰণা কৰা হয়৷ সমৃদ্ধিশালী বনাঞ্চলৰ মাজত অৱস্থিত এই হ্রদটিয়ে মনোবাঞ্ছা পূৰণ কৰে৷ এই হ্রদটিক লৈ অনেক কিংবদন্তি চলি আহিছে৷ যদি কোনো লোকে হ্রদটিলৈ গৈ পানী চুই নিজৰ বাবে কিবা প্রার্থনা কৰে, তেতিয়াহ’লে সেই প্রার্থনা পূৰণ হয়৷ বনাঞ্চলৰ মাজত থাকিলেও এই হ্রদটিত এটাও পাত পৰি থকা দেখা নাযায়৷ গভীৰ বনাঞ্চলত থকা হ্রদটিৰ পৰা পাত চৰায়ে উঠাই নিয়ে বুলি বিশ্বাস কৰে৷ প্রকৃতিপ্রেমী আৰু ট্রেকাৰসকলৰ বাবে এই হ্রদটি স্বর্গৰ লেখীয়া৷ ট্রেকিং এই হ্রদটিত অতি গুৰুত্বপূর্ণ কার্যকলাপ৷ তদুপৰি হ্রদটিত আধ্যাত্মিক শান্তিৰ কাৰণেও পর্যটকৰ আহ–যাহ চলে৷ বিৰল গছ–গছনি আৰু ফুলেৰে উজ্জীৱিত হ্রদটিত পাতল বতাহে পর্যটকৰ মন সজীৱ কৰি তোলে৷ হ্রদটি ভ্রমণৰ উপযুক্ত সময় ফেব্রুৱাৰীৰ পৰা মার্চলৈ৷