নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উস্ গৰম! সহজে ঘৰুৱাভাৱে ছালখনৰ যতন কেনেকৈ ল’ব

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ এয়া গৰমৰ দিন। গৰমৰ দহনত ছালৰ সৌন্দৰ্য আৰু উজ্জ্বলতা খুব সোনকালে নাইকিয়া হয়। গতিকে ছালখন সুস্থ ৰাখিবলৈ কিছু বেছি যত্ন লোৱাৰ প্রয়োজন। এনে নহয় যে, এই যত্ন ল’বলৈ পার্লাৰলৈ গৈ মোটা অংকৰ টকা খৰচ কৰিব লাগে। ঘৰত থকা বিভিন্ন উপাদানেৰেই আপুনি সহজে ছালৰ যত্ন ল’ব পাৰিব।

পুৱা টোপনিৰ পৰা উঠিয়েই যদি মুখত কিছু বৰফ ঘঁহি লয় তেন্তে চকুৰ ফুলি থকা ভাৱ বহুখিনিয়েই কমি আহে। বিচাৰিলে ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ আগেয়েও মুখত বৰফ ঘঁহিব পাৰে। বৰফে আমাৰ ত্বকৰ ৰক্ত সঞ্চালন বৃদ্ধিৰে কোষবোৰক আৰু সজীৱ কৰি তোলে। তাৰ লগতে মুখৰ তৈলাক্ত ভাব দূৰ কৰে। ফলত ছালখন আৰু মলিন দেখা নাযায়।

গৰম দিনত ছালখন ভালে ৰাখিবলৈ আৰু এটা কাম কৰিব। দিনটোত বাৰে বাৰে পানীৰে মুখখন ধুই থাকিব লাগে। এনে কৰিলে ছালৰ কোষবোৰ মলিন নহয়। লগতে প্ৰচুৰ পৰিমাণে পানী খোৱাত গুৰুত্ব দিয়ক।

নিশা বিছনালৈ যোৱাৰ আগেয়ে সকলো মেকআপ আদি ভালকৈ আঁতৰাব। মুখত হাইড্রেটিং মাস্ক ব্যৱহাৰ কৰিব পাৰে। গোটেই দিনৰ পৰিশ্রমৰ পাছত হাইড্রেটিং মাস্কে ছালৰ পানীশূন্যতা দূৰ কৰিব। মাস্ক হিচাপে কেৱল এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। অথবা সম পৰিমাণৰ টেঙা দৈ, মধু আৰু হালধি গুৰি ব্যৱহাৰ কৰিব পাৰে।

ছালৰ যত্ন লোৱাৰ সমান্তৰালকৈ খোৱাৰ প্রতিও মনোযোগী হোৱাৰ প্রয়োজন। যথাসম্ভৱ ভজা-পোৰা এৰাই চলিব। প্রচুৰ পানীযুক্ত ফল যেনে- তৰমুজ, আনাৰস, কমলা ইত্যাদি খোৱাৰ চেষ্টা কৰক।

তাৰ লগতে এটা ভাল টোপনিৰ প্ৰয়োজন ছালখনৰ লগতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ। নিশা ৮ ঘণ্টাৰ টোপনি মাৰিব। এই সময়চোৱাত সকলো চিন্তা আঁতৰাই ৰাখিব। চাব ছালখন এনেয়ে উজ্জ্বল হৈছে।

You might also like