নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বিশিষ্ট শিক্ষক-সমাজকৰ্মী কুশল কুমাৰ কো‍ঁচৰ বিয়োগ: শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ নগাঁও চহৰৰ সমীপবৰ্তী ডিফলু নিবাসী তথা মহখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সৰবৰহী ব্যক্তি কুশল কুমাৰ কোঁচৰ(৫২) আজি পুৱা ৫.১৫ বজাত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছুদিন ধৰি যকৃতৰ ৰোগত আক্রান্ত হৈ থকা কোঁচে চেন্নাইৰ এপল’ হস্পিতালত চিকিৎসাধীন হৈ আছিল যদিও শেহতীয়াকৈ ঘৰলৈ ঘূৰি অহাত আজি পুৱা তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় । কোঁচৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰে আৰু কোঁচৰ বাসগৃহত তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে লোকে লোকাৰণ্য হৈ পৰে । মহখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কাদিৰ প্ৰমূখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰী , লেখক প্ৰদীপ কুমাৰ বৰা , শিক্ষাবিদ ভোলানাথ শ‌ইকীয়া , ভবেন বৰা , সমাজকৰ্মী নৰেন শৰ্মা , প্ৰভাত শৰ্মা আদি বিভিন্ন গন্যমান্য ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰয়াত শিক্ষক গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অত্যন্ত অমায়িক আৰু সহজ সৰল স্বভাৱৰ ব্যক্তি গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, দুই কণমানি কন্যা, মাতৃ তথা এগৰাকী ভ্ৰাতৃৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

প্ৰেৰকঃ কনক হাজৰিকা নগাঁও

You might also like