নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : নতুন বড়োলেণ্ডৰ এক গতিশীল যাত্রা

ইউ পি পি এল– নতুন বড়োলেণ্ডৰ এক গতিশীল যাত্রা

প্রমোদ বডো

বড়োলেণ্ডৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে ৰাজনৈতিক দল হিচাপে ইউনাইটেড পিপলছ পার্টী লিবাৰেল (ইউ পি পি এল)ৰ উত্থান অঞ্চলটোৰ আর্থ–সামাজিক–ৰাজনৈ সময়সীমাৰ এক জটিল সময়ত ঘটিছিল৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বড়োলেণ্ডক স্বায়ত্ত শাসন প্রদান কৰা বিটিচি চুক্তি ২০০৩ৰ জৰিয়তে অঞ্চলটোৰ আর্থ–সামাজিক পৰিৱর্তনে স্বাভাৱিকতা, সাম্প্রদায়িক সম্প্রীতি আৰু সর্বাংগীণ উন্নয়ন আনিব পৰাকৈ বড়ো জনসাধাৰণৰ আশা বৃদ্ধি কৰিছিল৷

কিন্তু ২০০৮ চনৰ পৰা ২০১০ চনলৈকে কেইবছৰমানৰ পাছতে অঞ্চলটোত মানৱীয়তাহীন লোকৰ এটা অংশই সৃষ্টি কৰা হিংসা, হত্যা আৰু অশান্তিৰ সাক্ষী হৈ বড়োলেণ্ডৰ আর্থ–সাংস্কৃতিক তন্ত্রত বৃহৎ ক্ষতি হৈছিল৷ আইন–শৃংখলাহীনতা আৰু বিশৃংখলতাৰ প্রচলিত পৰিৱেশত জনসাধাৰণে নিৰাপত্তাহীনতা অনুভৱ কৰি থাকিল– ভাৰতৰ সংবিধান আৰু দেশৰ আইনসমূহ দেশৰ প্রতিজন নাগৰিকক সুৰক্ষা দিব পৰাকৈ শক্তিশালী বুলি উমৈহতীয়া বিশ্বাসক লৈ সন্দেহৰ সৃষ্টি কৰিলে৷ এই সময়ছোৱাত ৰাজনৈতিক নেতৃত্ব আৰু আমোলাতন্ত্রৰ জনসাধাৰণৰ সংবেদনশীলতাৰ প্রতি থকা স্থূল গাফিলতিৰ ফলত বন্দুক সংস্কৃতি বৃদ্ধি পোৱাৰ বৈশিষ্ট্য আছিল৷ উন্নয়ন আৰু সম্প্রদায়ৰ আকাংক্ষাৰ প্রতিশ্রুতিৰ ওপৰত খৰখেদাকৈ ওলোটাখৰ (ইউ টার্ন) দিয়াৰ লগে লগে উন্নয়ন মাথোঁ এটা শব্দ হৈয়েই থাকিল৷ বি পি এফ নেতৃত্বৰ স্বৈৰাচাৰিতাৰ ফলত জনসাধাৰণ শাসনৰ প্রতিটো দিশৰ পৰা সম্পূর্ণ বিচ্ছিন্ন হৈ পৰিল৷ ইয়াৰ ফলত ডেৰ দশক ধৰি চলি থকা অপশাসন আৰু অবাধ দুর্নীতিৰ পথ প্রশস্ত হৈ জনসাধাৰণৰ গণতান্ত্রিক মনোভাব আৰু মনোবল হ্রাস কৰি বিভিন্ন সম্প্রদায়ৰ মাজত শান্তিপূর্ণ সহ–স্তিত্ব বিঘ্নিত কৰি গুৰুতৰ সাম্প্রদায়িক সংঘাতৰ সময়ছোৱালৈ পৰিণত হ’ল৷

দীর্ঘদিনীয়া সংঘাতৰ অন্তত স্থিতিশীলতাৰ বাবে হাহাকাৰ কৰা জনসাধাৰণৰ বাবে এয়া আছিল এক আতংকজনক পৰিস্থিতি৷ বডো আৰু অনা–বডোৰ মাজত কাল্পনিক লক্ষ্মণ ৰেখা আঁকিবলৈ চেষ্টা কৰা ন্যস্তস্বার্থৰ বুদ্ধিজীৱীৰ এটা শ্রেণীৰ প্রয়াসেৰে সাম্প্রদায়িক সংঘাতত সহজ–সৰল জনজাতীয় জনসাধাৰণ আৰু তেওঁলোকৰ সমর্থকসকল বিভ্রান্ত হৈছিল আৰু জোকাৰি গৈছিল৷

এই কঠিন আৰু জটিল পৰিস্থিতিৰ বিশ্লেষণ কৰাটো সময়ৰ প্রয়োজনীয়তা হৈ পৰিল৷ এই সময়তে ২০১৫ চনত বি পি এফ আৰু ইউ পি ডি এফ দল দুটা একত্রিত কৰি ইউ পি পি এল গঠন কৰা হয়৷ উদ্দেশ্য আছিল বডো জনসাধাৰণৰ সামগ্রিক আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রগতিশীল আৰু অন্তর্ভুক্ত মূল্যবোধৰ গোটৰ ভিতৰত কাম কৰা৷ যিকোনো নতুন আঞ্চলিক দলৰ জন্মৰ সৈতে অনিবার্যভাৱে একাধিক প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ যি সময়ত তেতিয়াৰ বিটিচি চৰকাৰৰ একচেটিয়া প্রৱণতাই বডো জাতীয়তাবাদৰ সাৰমর্মক দমন কৰাৰ ভাবুকি দিছিল, সেই সময়ত ৰাইজৰ কণ্ঠৰ ওপৰত জৰুৰী মনোযোগৰ প্রয়োজন আছিল৷ এইদৰে ২০১৫ চনত ইউ পি পি এলে এই সামূহিক কণ্ঠৰ বাহন হিচাপে নিজৰ যাত্রা আৰম্ভ কৰিছিল, যাতে আর্থ–সামাজিক উন্নতি, শাসন, পৰম্পৰা সংৰক্ষণ আৰু সংস্কৃতি আদিৰ সৈতে জডিত বিষয়সমূহকে ধৰি বডো সমাজৰ গুৰুতৰ আৰু জৰুৰী সমস্যাসমূহ উজ্জ্বল কৰি তুলিব পাৰে৷ ইয়াৰ বাবে সাহস, দৃঢ়তা আৰু এক কেন্দ্রীভূত উদ্দেশ্যবোধৰ প্রয়োজন আছিল, যিটো পার্টীৰ প্রতিষ্ঠাপকসকলে ইউ পি পি এলৰ জন্ম সম্ভৱ কৰি তোলা এক বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক আৰু সমভাবসম্পন্ন সংগঠনৰ দ্বাৰা সুদক্ষভাৱে প্রদর্শন কৰিছিল৷

ইউ পি পি এলে শান্তি আৰু সংঘাতমুক্ত বড়োলেণ্ডৰ পোষকতা কৰিছিল৷ বড়োলেণ্ডৰ জনসাধাৰণৰ জনগোষ্ঠী, বিভিন্ন ভাষিক গোট, ক্ষতিগ্রস্ত মনোজগত আৰু হূদয়ক পুনৰ একত্রিত কৰাৰ কার্যসূচী আছিল৷ ইউ পি পি এলে বিভিন্ন জনগোষ্ঠীৰ মাজত মিলনৰ বাবে আন্দোলন কৰি সকলো শ্রেণীৰ লোকক পাৰস্পৰিক প্রেম আৰু সন্মানেৰে সংযোগ কৰিবলৈ আৰম্ভ কৰিলে৷ লগতে উন্নয়ন সূচকাংকসমূহৰ মূল্যায়ন আৰু সম্প্রদায় আৰু আঞ্চলিক উন্নয়নৰ পুনৰ কৌশল প্রস্তুত কৰা প্রচেষ্টা আৰম্ভ হ’ল৷

বিজেপি আৰু জি এছ পিৰ সৈতে ইউ পি পি এলৰ নেতৃত্বত ২০২০ চনৰ ডিচেম্বৰ মাহত বিটিচিৰ দায়িত্ব গ্রহণ কৰাৰ পাছত সোতৰ বছৰ ধৰি ক্ষমতাত থকা পূর্বৰ শাসন ব্যৱস্থাই গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক কার্যসূচী, আঁচনি, ব্যয়ৰ বিস্তৃত হিচাপ–নিকাচৰ জৰিয়তে উন্নয়নৰ সমস্যাসমূহ মূল্যায়ন কৰিবলৈ আৰম্ভ কৰে, এমাহৰ ভিতৰতে আমাৰ চৰকাৰে এখন শ্বেতপত্র উলিয়াই আনিলে, য’ত এটা আতংকজনক ছবি উন্মোচিত হ’ল৷ আমি ২,৯০০ কোটি টকাৰ বোজা iabilites হিচাপে উত্তৰাধিকাৰী সূত্রে পাইছিলোঁ৷ অধিকাংশ ডাঙৰ আন্তঃগাঁথনিৰ কাম অসম্পূর্ণ হৈ আছে, শিক্ষানুষ্ঠানসমূহৰ অৱস্থা আটাইতকৈ বেয়া, সচিবালয়ৰ বিজুতিৰ ফলত বহু অনিয়মৰ দ্বাৰা চিহ্ণিত হোৱা, অন্যান্য বহুতো সমস্যাৰ লগতে৷ বিশাল ব্যৱধান আৰু কোনো বিভাগৰ সৈতে কোনো অর্থপূর্ণ উন্নয়নমূলক তথ্যৰ অনুপস্থিতিৰ দ্বাৰা চিহ্ণিত ভূমিৰ বাস্তৱতাৰ পৰা শাসন ব্যৱস্থা বিচ্ছিন্ন হৈছিল৷

কিন্তু আমি এই বোজা কান্ধত লৈ সমগ্র ব্যৱস্থাটোক নতুন ৰূপ দিয়াৰ দিশত কৌশলগতভাৱে আগবাঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ আমাৰ কার্যকালৰ ডেৰ বছৰত আমি নিৰাপদ, ‘স্মার্ট আৰু সেউজ বড়োলেণ্ডৰ– afe, Smart and Green Bodoland’ মূলমন্ত্রৰে বি টি আৰত সামগ্রিক উন্নয়নৰ বাবে এক কাঠামো গঢ়ি তুলিবলৈ সক্ষম হৈছো৷ আমাৰ শাসন ব্যৱস্থাক ৰাষ্ট্রীয় উন্নয়ন প্রক্রিয়া আৰু কার্যসূচীৰ সৈতে একত্রিত কৰি৷

ইউ পি পি এল নেতৃত্বাধীন চৰকাৰে অঞ্চলটোৰ প্রাথমিক প্রয়োজনীয়তা আৰু জনসাধাৰণৰ দশক ধৰি চলি অহা আঘাত আৰু যন্ত্রণা কেনেকৈ নিৰাময় কৰিব পাৰি, সেই বিষয়ে বুজি পাইছে আৰু আমি অগ্রাধিকাৰ দি বডোলেণ্ডৰ ৩৫ লাখ লোকৰ বাবে প্রকৃত পদক্ষেপত ভৰি দিছেছা৷ আমি শূন্য কর্মসংস্কৃতিৰ পৰা কর্মসংস্কৃতিৰ দিশে আগবাঢ়িছো, শূন্য নীতিৰ পৰা নীতি নির্ধাৰণলৈ এক ফলপ্রসূ শাসন ব্যৱস্থাৰ অংশ হিচাপে আগবাঢ়িছো৷

আমাৰ প্রাথমিক গুৰুত্ব হৈছে শান্তিপূর্ণ সহাৱস্থান নিশ্চিত কৰা, ইজনে সিজনৰ যত্ন লোৱা, শিক্ষা, স্বাস্থ্যসেৱা, জীৱিকা, ফলপ্রসূ শাসন আৰু বি টি আৰ চুক্তি ২০২০ৰ সময়সীমা ৰূপায়ণ ৰাজ্য আৰু দেশৰ উন্নতসকলৰ, দক্ষ আৰু অদক্ষ জনসংখ্যা উভয়ৰে বাবে উদ্যোগীকৰণ আৰু চাকৰি সৃষ্টি৷ আমাৰ গুৰুত্ব পৰম্পৰাগত অর্থনীতি, হস্ততাঁত, আৰু হস্তশিল্প আৰু জৈৱিক উৎপাদনৰ পুনৰুজ্জীৱিতকৰণ আৰু প্রযুক্তি আৰু জ্ঞান প্রয়োগৰ বাবে কাম কৰা সংস্থাসমূহৰ সৈতে সংযোগ স্থাপনৰ ওপৰতো৷ ইউ পি পি এলে মূলসুঁতিৰ প্রতিষ্ঠানত থকা যুৱ শক্তিৰ ভিতৰতে লগতে ইয়াৰ বাহিৰত থকা (ড্রপআউট)সকলেও কাৰিকৰী আৰু চাকৰি বৃদ্ধিৰ দক্ষতাৰ লগতে জীৱন দক্ষতা বৃদ্ধিৰ বাবে কাম কৰি আছে৷

দীর্ঘম্যাদী সংঘাতৰ নেতিবাচক প্রভাৱ ওলোটা কৰা আৰু মানসিক নিৰাময় আৰু মংগলৰ কার্যসূচীক শিক্ষাৰ পাঠ্যক্রমত একত্রিত কৰাৰ দৰে একাধিক বিষয়ৰ সমাধানৰ বাবে আমি জীৱিকা আৰু সামাজিক সুৰক্ষা ব্যৱস্থাকো শক্তিশালী কৰিছো৷ ইউ এন ডি পিৰ সহযোগত আমি ৰাষ্ট্রসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য ২০৩০ (এছ ডি জি) কার্যসূচীৰ সৈতে মেপিং কৰি বি টি আৰৰ হ্রস্ব, মধ্যম আৰু দীর্ঘম্যাদী উন্নয়নৰ লক্ষ্যসমূহৰ ৰূপৰেখা দাঙি ধৰি বি টি আৰ ভিজন ২০৩০ প্রতিবেদন প্রস্তুত কৰিছোঁ৷

শান্তি আৰু স্থিতিশীলতাৰ ফলত ইতিমধ্যে আই এছ পি এল ফুটবল লীগ ২০২২, কোকৰাঝাৰ লিটাৰেৰী ফেষ্টিভেল, মিছন মোড প্রগ্রেম আৰু বি টি আৰ ছুপাৰ ৫০ (PSC আৰু আই টি/এন আই টি), বিদ্যালয় গ্রহণ কার্যসূচী BTR School Adoption Program) দৰে বহুতো আকাংক্ষিত কার্যসূচী ক্রমান্বয়ে সফল হৈছে৷ TR School Adoption Program হৈছে অঞ্চলটোৰ বিভিন্ন শ্রেণীৰ লোকক বিদ্যালয় গ্রহণ কৰিবলৈ আকর্ষণ কৰিবলৈ প্রৱর্তিত এক অভিনৱ ব্যৱস্থা৷ বিভিন্ন পক্ষৰ পৰা অভূতপূর্ব সঁহাৰি লাভ কৰা এই পদক্ষেপে দেশৰ ভিতৰতে প্রথমটো পদক্ষেপ৷

আমি NICEF, UNDP, NECTAR আৰু অন্যান্যৰ দৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় সংস্থাসমূহৰ সৈতেও অংশীদাৰিত্ব আনুষ্ঠানিক কৰি শাসন আৰু উন্নয়নৰ বাবে অংশগ্রহণমূলক কাঠামো শক্তিশালী আৰু সৃষ্টি কৰিছো৷

মোৰ উদ্দেশ্য ইউ পি এলক কেৱল নির্বাচনত জয়ী আৰু পৰাজয়ৰ মাজতে সীমাবদ্ধ ৰখা নহয়, বৰঞ্চ এনে এক ইতিবাচক সামাজিক বিপ্লৱৰ প্রসাৰ ঘটোৱাহে যাতে ভৱিষ্যতে বি টি আৰৰ জনসাধাৰণে শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰে জীয়াই থাকিব পাৰে৷ ইউ পি এলৰ সৃষ্টিৰ সপ্তম বর্ষপূর্তিত আমি অনাগত দিনত আন্তৰিকতাৰে, উদ্দেশ্য, নির্দেশনা আৰু নিষ্ঠাৰে কাম কৰাৰ সংকল্প লৈছোঁ৷

(লেখক ইউ পি পি এলৰ সভাপতি আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কার্যবাহী সদস্য)

You might also like