নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচি সন্দৰ্ভত হীৰেন গোহাঁইৰ কথা শিলৰ ৰেখা নহয় : এপিডব্লিউ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) সন্দর্ভত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে আগবঢ়োৱা মন্তব্যক উভতি ধৰিছে আছাম পাব্লিক ৱর্কছ (এ পি ডব্লিউ) নামৰ সংগঠনটোৱে৷ আজি গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে কয় যে এন আৰ চি সম্পর্কত ড০ হীৰেন গোহাঁয়ে কোৱা কথা শিলৰ ৰেখা হ’ব নোৱাৰে৷ এন আৰ চি সন্দর্ভত তেওঁ কিছুমান ধৰা–বন্ধা কথা কৈছে যদিও ড০ গোহাঁইৰ কথাৰ মাজত পার্থক্য আছে৷ তথ্যৰ আধাৰত ড০ হীৰেন গোহাঁইৰ বিষয়ে এই মন্তব্য কৰিছে বুলি উল্লেখ কৰি তালুকদাৰে ১৯৯২ চনৰ ১২ জুলাইত ‘আজিৰ অসম’ কাকতখনত ‘প্রসংগক্রমে’ শিতানৰ প্রবন্ধৰ জৰিয়তে বাংলাদেশৰ হিন্দু লোকসকলক ভাৰতত স্থান দিয়াৰ সপক্ষে ড০ গোহাঁয়ে শক্তিশালী মত দাঙি ধৰিছিল বুলি প্রকাশ কৰে৷ এই সন্দর্ভত তেওঁ কাকতখনত ড০ হীৰেন গোহাঁয়ে লিখা ‘বিদেশী নাগৰিকৰ সমস্যা, আলফাৰ আত্মঘাতী সংঘর্ষ’ নামৰ প্রবন্ধটোৰ কেইটামান বাক্য উল্লেখ কৰে৷ সেই অনুসৰি কাকতখনত ড০ গোহাঁয়ে এইদৰে লিখিছিল– ‘বাংলাদেশৰ হিন্দু জনসংখ্যাৰ নিৰাপত্তা আদিৰ আংশিক দায়িত্ব ভাৰত চৰকাৰৰ৷ এইটো কোনো ধর্মীয় সাম্প্রদায়িকতাৰ কথা নহয়৷ ধর্মৰ ভিত্তিত দেশ বিভাজন মানি লোৱাৰ পাছত হয় ভাৰতে পূর্ব পাকিস্তানৰ সংখ্যালঘুসকলক ভাৰতত স্থান দিব লাগিব, নহয় তেওঁলোকক নিৰাপত্তা দিবলৈ সেই চৰকাৰক বাধ্য কৰিব লাগিব৷ ১৯৭২ চনত বাংলাদেশৰ লগত হোৱা চুক্তিৰ ভিত্তিতো তেনে হেঁচা ভাৰতে আজিও প্রয়োগ কৰিব পাৰে৷ যদি কিবা কাৰণত ভাৰত চৰকাৰে সেই দায়িত্ব ল’ব নোখোজে, তেন্তে বাংলাদেশী হিন্দুৰ দায়িত্বত ভাৰতৰ সকলো ৰাজ্যৰ মাজত সমানে ভগাই দিব লাগিব৷ কিন্তু দায়িত্ব এৰাব নোৱাৰে৷’ সেয়েহে এই ধাৰণাৰ ভিত্তিতে নাগৰিকত্ব সংশোধনী আইন ‘কা’ৰ ধাৰণা প্রকট হোৱা যেন অনুভৱ হয় বুলি উল্লেখ কৰি তালুকদাৰে এইবুলিও কয় যে বর্তমান ড০ হীৰেন গোহাঁয়ে ‘কা’ৰ বিৰোধিতা কৰে৷ একে প্রসংগতে সংবাদ মেলত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই কয় যে ড০ হীৰেন গোহাঁইৰ পূর্বৰ স্থিতি আৰু বর্তমানৰ স্থিতিৰ মাজত সন্দেহৰ সৃষ্টি হৈছে৷ অভিজিৎ শর্মাই সংবাদ মেলত এইদৰে কয়– ‘আমি ১৯৭১ চনৰ পাছত অহা কোনো হিন্দু–মুছলমান বাংলাদেশী অসমত থকাটো নিবিচাৰোঁ৷ কিন্তু এটা সময়ত ড০ হীৰেন গোহাঁয়ে ক’লে যে বাংলাদেশী হিন্দু ভাগ কৰি দিব লাগে৷ এতিয়া তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে৷ আমি এতিয়া কোন ফালে যাম৷ অসমৰ একাংশ বুদ্ধিজীৱীয়ে যোৱা ৩ নৱেম্বৰত এখন সংবাদ মেলত প্রকাশ কৰিছিল যে উন্নীতকৰণ হোৱা এন আৰ চিখনক অনবৰতে সমালোচনা কৰি অবৈধ বিদেশী বিষয়টো সজীৱ কৰি ৰাখিব বিচৰা হৈছে৷ ৰাজ্যৰ সাধাৰণ নাগৰিকে এন আৰ চিখন মানি লৈছে তথা নাম কর্তন হোৱাসকললৈ জাননী প্রেৰণ নকৰি সমগ্র প্রক্রিয়াটো লেহেমীয়া কৰি থকা হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে৷ এই প্রসংগত অসমৰ স্বনামধন্য বুদ্ধিজীৱীসকলক পুনৰ আমি ক’ব বিচাৰোঁ যে পৰিপূৰক এন আৰ চিখনক এন আৰ চি বুলিয়ে তেওঁলোকে মাৰাত্মক ভুল কৰি আছে৷ এন আৰ চিৰ পদ্ধতি আৰু প্রক্রিয়াটোক ভালকৈ অধ্যয়ন নকৰাকৈ তেওঁলোকে মন্তব্য প্রদান কৰিছে৷ অবৈধ বিদেশী অসমৰ ভূমিত এটা জ্বলন্ত সমস্যা আছিল, আছে আৰু চিনাক্তকৰণ নোহোৱালৈকে ই জ্বলন্ত সমস্যা হৈয়েই থাকিব৷ ইয়াত সজীৱকৰণ বা নির্জীৱকৰণ বুলি কোনো ধাৰণা নাই৷’ আনহাতে ৰিজেকচন শ্লিপ প্রদান নকৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে উন্নীতকৰণ কৰা এন আৰ চিখন বাংলাদেশীক ভাৰতীয়কৰণ কৰা এখন দলিল৷ ২০১৯ বর্ষৰ ৩১ আগষ্টত প্রকাশিত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পৰিপূৰক তালিকাখন এতিয়াও যিহেতু ভাৰতবর্ষৰ মহাপঞ্জীয়কে ছীল–মোহৰ লগাই চূড়ান্ত নাগৰিক বুলি স্বীকৃতি প্রদান কৰা নাই, সেয়েহে পৰিপূৰক এন আৰ চিৰ পৰা বাদ পৰাসকলক ৰিজেকচন শ্লিপ দিয়াৰ কোনো প্রশ্ণ উঠিব নোৱাৰে৷ তদুপৰি অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ ১৯৫১ নে ১৯৭১ হ’ব লাগে সেই সন্দর্ভত সাংবিধানিক বিচাৰপীঠত দুটা গোচৰ চলি আছে৷ এই দুয়োটা গোচৰৰ ৰায়দানৰ ওপৰত নির্ভৰ কৰিহে পৰিপূৰক এন আৰ চিৰ ভৱিষ্যৎ ৰূপৰেখা নির্ধাৰিত হ’ব৷ সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন গোচৰকেইটাৰ ৰায়দান নোহোৱালৈকে চৰকাৰে পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে, যদিও তেওঁলোকে ১৯৭১ৰ ভিত্তিত নাগৰিকত্ব চিনাক্তকৰণৰ আবেদন জনাইছিল, তৎসত্ত্বেও ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈহে অসমত নাগৰিকত্ব প্রদান কৰাৰ সপক্ষে তেওঁলোকৰ সম্পূর্ণ সমর্থন আছে বুলি অভিজিৎ শর্মাই উল্লেখ কৰে৷ উচ্চতম ন্যায়ালয়ত দুটা স্থিতি গ্রহণ কৰিব নোৱাৰাৰ বাবেহে তেওঁলোকে ১৯৭১ চনৰ পৰিৱর্তে ১৯৫১ চন নাগৰিকত্ব চিনাক্তকৰণৰ ভিত্তিবর্ষ হ’ব লাগে বুলি শপতনামা দাখিল কৰিব নোৱাৰা বুলি জানিবলৈ দিয়ে৷ ইফালে, এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত ব্যাপক অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা প্রাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক বচাবলৈ এতিয়াও একাংশ বিষয়া তথা এটা চক্র সক্রিয় হৈ আছে বুলি অভিজিৎ শর্মাই উল্লেখ কৰে৷ এই প্রসংগত তেওঁ কয়– অসমীয়াৰ আৱেগ আৰু বিবেকক দংশন কৰি অসম এৰি পলাই যোৱা হাজেলাক কৰায়ত্ত কৰাত চৰকাৰ ব্যর্থ হৈছে৷ কেগৰ প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই হাজেলাৰ দুর্নীতিৰ সবিশেষ প্রকাশ পাইছে৷ কিন্তু দুর্নীতি নিবাৰক শাখাত আমি দাখিল কৰা এজাহাৰ ডেৰ বছৰ ধৰি পৰি ৰৈছে৷ একেদৰে সন্দেহজনক ভোটাৰৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰা, ছফ্টৱেৰ–বংশবৃক্ষ পৰীক্ষণত হোৱা কেলেংকাৰি আদি সন্দর্ভত অপৰাধ অনুসন্ধান দিয়াত এজাহাৰ অভিজ্ঞ বিষয়াৰ দ্বাৰা তদন্ত কৰাৰ সলনি পল্টনবজাৰ আৰক্ষী থানালৈ হস্তান্তৰ কৰে৷ পল্টনবজাৰ আৰক্ষী থানাত হেমন্ত টুমুং নামৰ এজন উপ–পৰিদর্শকক এই গোচৰটোৰ তদন্তৰ দায়িত্ব অর্পণ কৰে৷ উপ–পৰিদর্শকজনে অভিযোগকাৰীক কোনো সোধা–পোছা নকৰাকৈয়ে গোচৰটোৰ ফাইনেল ৰিপ’ট আদালতত দাখিল কৰে৷ উপযুক্ত তথ্য আমাৰ হাতত মজুত থকাৰ পাছতো অভিযোগকাৰী হিচাপে এবাৰলৈও তদন্তকাৰী বিষয়াজনে আমাক সোধা–পোছা নকৰাত আমি আচৰিত হৈছোঁ৷ হেমন্ত টুমুঙৰ ওপৰত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈও এ পি ডব্লিউৱে অসম আৰক্ষীৰ সঞ্চালকপ্রধানক আহ্বান জনায়৷

You might also like