নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ত ৪০০০ ৰান : প্ৰথম বেটছমেন হিচাপে কৃতিত্ব কোহলিৰ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰঃ অষ্ট্রেলিয়াত চলি থকা টি–২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতে বিদায় ল’লেও দলটোৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক কোহলিয়ে আজি টি–২০ আন্তর্জাতিক ক্রিকেটত ৪০০০ ৰান পূর্ণ কৰে আৰু এই মাইলষ্ট’নত প্রৱেশ কৰা বিশ্বৰ প্রথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয়৷ চলিত টি–২০ বিশ্বকাপৰ আজি ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত দ্বিতীয়খন ছেমিত ব্যক্তিগত ৪২ ৰান কৰাৰ লগে লগে এই মাইলষ্ট’নত প্রৱেশ কৰে কোহলিয়ে৷ ছেমিত অর্ধশতকীয় ইনিংছ খেলা কোহলিয়ে ১১৫খন মেচৰ ১০৭টা ইনিংছত ৪০০৮ ৰান সংগ্রহ কৰিছে৷ কোহলিৰ পিছতে স্থান লাভ কৰি আছে ক্রমে ৰোহিত শর্মা (৩৮৫৩), মার্টিন গুপ্টিল (৩৫৩১), বাবৰ আজম (৩৩২৩) আৰু পল ষ্টিৰলিঙে (৩১৮১)৷

You might also like