এই প্রসংগতেই আমি বুজিব লাগিব যে কোনোধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ হিন্দী ভাষা আন কোনো ভাৰতীয় ভাষাৰ লগত সংঘাতত লিপ্ত নহয়৷ কেতিয়াবা অন্য ভাষাৰ বিপৰীতে হিন্দী ভাষা চলে বুলি ভ্রান্ত ধাৰণা বিয়পি পৰে৷ সত্যৰ পৰা আন একোৱেই লুকুৱাব নোৱাৰে৷ হিন্দী হৈছে ভাৰতৰ ৰাজ ভাষা আৰু আন কোনো ভাৰতীয় ভাষাৰ সৈতে অন্তর্নিহিত সংঘাত নাই৷ হিন্দী সকলো ভাৰতীয় ভাষাৰ বন্ধু আৰু সতীর্থ৷ অৱশ্যে মোৰ দৃষ্টিত হিন্দী আৰু আন ভাৰতীয় ভাষাৰ ক্ষেত্রত অলপ নমনীয় হোৱাটো প্রয়োজন৷ নমনীয়তাই ভাষাসমূহৰ মাজত থকা পার্থক্যসমূহ যদি আছে, তেন্তে গ্রহণ আৰু সংহত মনোভাবেৰে সমাধান কৰাত সহায় কৰিব৷ ইয়াৰ ফলত ভাষাসমূহক প্রগতিশীল, সাংস্কৃতিক–ভাষিক সংগীৰ এক সংহত অর্থত অধিক উজ্জীৱিত হৈ উঠাৰ লগতে সম্প্রসাৰণত সক্ষম হ’ব৷
কিছুসংখ্যক লোকে ইংৰাজী ভাষাত নিপুণ লোকক শ্রেষ্ঠ বুলি ভাবিবলৈ ধৰে৷ এইটো সত্য যে কোনো এজন ব্যক্তিৰ জ্ঞান অথবা বৌদ্ধিক সামর্থ্যৰ লগত ভাষাৰ কোনো সম্পর্ক নাই৷ ভাষা কেৱল অভিব্যক্তি আৰু ভাব প্রকাশৰ মাধ্যম৷ প্রকৃততে এজন ব্যক্তিৰ বৌদ্ধিক ক্ষমতা উজ্জ্বল হোৱাৰ সম্ভাৱনা বেছি থাকে, যদিহে ব্যক্তিক মাতৃভাষাত শিক্ষা প্রদান কৰা হয়৷ মাতৃভাষাৰ বাহিৰে আন ভাষাত প্রদান কৰা শিক্ষাই শিশুৰ বৌদ্ধিক অগ্রগতি সীমিত কৰিব পাৰে৷ কাৰণ তেওঁৰ নিজৰ মাতৃভাষাত চিন্তা ক্ষমতা সবাতোকৈ সন্মোহক হয়৷ গতিকে মোৰ দৃষ্টিত শিশুৰ শৈক্ষিক অগ্রগতি আৰু শিক্ষাৰ মাধ্যমৰ মাজত এক গভীৰ সম্পর্ক আছে৷
মাতৃভাষাত অধ্যয়নৰ বিকল্পৰ অভাৱৰ বাবে আমি এতিয়ালৈকে দেশৰ গৱেষণা, বিজ্ঞান, মানৱ বিজ্ঞান আৰু আন শৈক্ষিক ক্ষেত্রত ৫ শতাংশতকৈ অধিক সম্ভাৱনাকে আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ৷ গতিকে আত্মনির্ভৰতাৰ বাবে ভাৰতৰ লক্ষ্যই এটা ডাঙৰ পদক্ষেপ লাভ কৰিব যেতিয়া মাতৃভাষাত শিক্ষা প্রদান কৰা হ’ব৷ ফলত আমি আমাৰ বৌদ্ধিক ক্ষমতাৰ সম্পূর্ণ সুবিধা ল’ব পাৰিম৷ সেই কাৰণেই সমগ্র বিশ্বৰ শিক্ষাবিদসকলে মানুহৰ বৌদ্ধিক চিন্তাধাৰা, গৱেষণা, বিশ্লেষণাত্মক সক্ষমতাক সাহসী কৰি তোলা পাঠদানৰ মূল মাধ্যম হিচাপে মাতৃভাষাক ক্রমান্বয়ে অধিক প্রাধান্য দিছে৷
জাতিৰ পিতা মহাত্মা গান্ধীয়ে সদায়েই ভাৰতীয় ভাষাৰ সৈতে সংযোগ কৰি কাৰিকৰী আৰু বিশেষ জ্ঞানক ভাৰতৰ জনসাধাৰণৰ বাবে অধিক সুলভ কৰি তোলাৰ পক্ষপাতী আছিল৷ গান্ধীজীয়ে কৈছিল– আমাৰ হাতত ৰসায়নবিদ, অভিযন্তা আৰু আন বিশেষজ্ঞৰ সেনানী থাকিব লাগে৷ যিসকল জাতিটোৰ প্রকৃত সেৱক হ’ব৷ … এইসকল বিশেষজ্ঞই ক’ব বিদেশী ভাষা নহয়, জনসাধাৰণৰ ভাষা৷ তেওঁলোকে লাভ কৰা সকলো জ্ঞান জনতাৰ উমৈহতীয়া সম্পত্তি হ’ব৷ গান্ধীজীৰ চিন্তাধাৰাক অনুকৰণ কৰি নৰেন্দ্র মোদী চৰকাৰে নতুন শিক্ষা নীতিৰ অধীনত মাতৃভাষাৰে শিক্ষা প্রদানৰ দিশত কাম কৰি আছে– প্রাথমিকৰ পৰা কাৰিকৰী, আইনৰ পৰা চিকিৎসা শিক্ষালৈ৷ চৰকাৰে এই বিষয়ত মনোনিৱেশত অটল হৈ আছে৷ ইয়াৰ অধীনত মধ্যপ্রদেশ হিন্দী ভাষাত এম বি বি এছ পাঠ্যক্রম মুকলি কৰা দেশৰ প্রথম ৰাজ্য হিচাপে পৰিগণিত হৈছে৷
প্রধানমন্ত্রী মোদীয়ে কল্পনা কৰা আত্মনির্ভৰতাৰ পথত দৃঢ়তাৰে আগবাঢ়িছে ভাৰত৷ এইটো মনত ৰখা গুৰুত্বপূর্ণ যে আত্মনির্ভৰতা কেৱল ব্যৱসায়–বাণিজ্য আৰু সেৱাৰ বিষয় নহয়৷ ই আমাৰ ভাষাসমূহো৷ আত্মনির্ভৰতাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে আমাৰ ভাষাসমূহো শক্তিশালী কৰি তোলাটো প্রয়োজনীয়৷ ইয়াৰ বাবেই নতুন শিক্ষা নীতিত মাতৃভাষাত শিক্ষা প্রদান কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷ ফলত ভাৰতীয় ভাষাসমূহক দেশৰ শিক্ষা ব্যৱস্থাত প্রাপ্য গুৰুত্ব প্রদান কৰা হৈছে৷ অভিযান্ত্রিক শিক্ষা আঠ ভাৰতীয় ভাষা– তামিল, তেলুগু, মালয়ালম, গুজৰাটী, মাৰাঠী, বাংলা, হিন্দী আৰু ইংৰাজীলৈ অনুবাদৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই ভাষাকেইটালৈ অভিযান্ত্রিক পাঠ্যক্রমৰ গ্রন্থ অনুবাদ কৰা হৈছে৷ নীট আৰু ইউ জি চিৰ অধীনৰ পৰীক্ষাসমূহো ১২টা ভাষাত চলি আছে৷ এই সকলোবোৰেই ভাৰতীয় ভাষা শক্তিশালীকৰণৰ বাবে মোদী চৰকাৰৰ প্রচেষ্টা আৰু পদক্ষেপৰ উদাহৰণ৷