বিশেষ লেখা : ভাৰতীয় জ্ঞান-পৰম্পৰা জ্ঞানকোষ পুৰাণ
ড০ মালিনী গোস্বামী
ভাৰতত পুৰাণ নামেৰে এক শ্রেণীৰ গ্রন্থ ৰচনা আৰু সংকলন কৰা হৈছিল৷ পৃথিৱীৰ আন কোনো জাতিয়ে এনে এক শ্রেণীৰ সাহিত্য ৰচনা কৰিছিল বুলি জনা নাযায়৷ ভাৰতীয়সকলে পুৰাণ নামৰ গ্রন্থসমূহক অতি শ্রদ্ধা সহকাৰে প্রতিপালন কৰে৷ কাৰণ পুৰাণসমূহ জ্ঞানৰ ভঁৰাল৷ প্রশ্ন হ’ব পাৰে– কি বিষয়ৰ জ্ঞান? উত্তৰত ক’ব পাৰি– পৃথিৱীত মানুহে জীৱন ধাৰণ কৰিবৰ বাবে যিমানবোৰ জ্ঞানৰ প্রয়োজন৷ মানুহৰ মূৰৰ ওপৰত, ভৰিৰ তলত, সোঁৱে-বাঁৱে বেৰি, জলে-স্থলে-আকাশে যতবোৰ বিষয় সামগ্রী আছে, সেইবোৰৰ বিষয়ে পুৰাণবোৰে আলোচনা কৰে৷ সেইবোৰৰ ভিতৰত বিভিন্ন দেৱ–দেৱীৰ মহিমা কীর্তন আৰু উপাসনা পদ্ধতি আদি বিষয়ক প্রধানকৈ বিবৃত কৰে৷ দেৱ-দেৱীৰ কাহিনীবোৰৰ সমল কিন্তু সমসাময়িক সমাজখনৰ পৰাই আহৰণ কৰে৷ সেয়ে আচাৰ-অনুষ্ঠান, নীতি-নিয়মৰ উপৰি ৰাজধর্ম, গার্হস্থ্য ধর্ম, সন্ন্যাসধর্ম, ইতিহাস, ভূগোল, যুদ্ধবিদ্যা, চিকিৎসাবিদ্যা বা আয়ুর্বেদ, দর্শন, পশু চিকিৎসা আৰু উদ্ভিদ বিদ্যাৰ প্রাথমিক জ্ঞান, জ্যোতির্বিদ্যা, স্থাপত্যকলা যেনে– নগৰ নির্মাণ, পুখুৰী আৰু ৰাজহুৱা উদ্যান স্থাপন, জলাশয় খনন আদিৰ নিয়ম, ৰাজভৱন, দুর্গ মন্দিৰ আদিৰ পৰিকল্পনা আৰু নির্মাণ, ব্যক্তিগত গৃহ নির্মাণ তথা বাস্তুবিদ্যা, কৃষি কার্যত প্রয়োজনীয় সাধাৰণ জ্ঞান, সাহিত্যৰ প্রকাৰ আৰু অলংকাৰ, ছন্দ আদি নাট্যকলা, গীত-নৃত্য-বাদ্য আদি কলাৰ তাত্ত্বিক বিষয়, চিত্রকলা, ৰং প্রস্তুতকৰণ প্রণালী, ভাস্কর্যকলাৰ ভিতৰত বিশেষকৈ দেৱতা আৰু ৰজাৰ মূর্তি নির্মাণ, ব্যাকৰণৰ কিছুমান বিষয়, নাট্য আৰু অলংকাৰ শাস্ত্র ইত্যাদি৷ তদুপৰি নাগৰিক বৃত্তি পুৰাণসমূহত বিস্তৃতভাৱে উপস্থাপিত হৈছে৷ অতি চমুকৈ ক’বলৈ গ’লেও ইমানবোৰ বিষয় পুৰাণ সাহিত্যই সামৰি লয়৷ অৱশ্যে একেখন পুৰাণতে ইমানবোৰ বিষয় সামৰি ল’ব নোৱাৰি৷ বিভিন্ন পুৰাণত ওপৰত কোৱা বিষয়সমূহ সিঁচৰতি হৈ আছে৷ আচলতে একো ঠাইৰ একোটা জনগোটে চর্চা কৰা বিষয়সমূহ ক্রমে ক্রমে বিষয়ানুক্রমে সজাই পুৰাণ নামেৰে সংকলন কৰি যোৱা হয়৷ সেয়ে একোখন পুৰাণৰ কলেৱৰ ডাঙৰ হৈ গৈ থাকে৷ সেয়ে ইতিহাসৰ এটা নির্দিষ্ট সময় বিন্দুত এখন পুৰাণ ৰচনা আৰু সংকল কৰা হৈছিল বুলি ক’ব পৰা নাযায়৷ একোখন পুৰাণৰ সংকলন শেষ হ’বলৈ কেতিয়াবা চাৰি-পাঁচটা শতিকা বা তাতোকৈও অধিক সময় লাগিছিল৷
অমৰকোষৰ দৰে অভিধান আৰু মৎস্য, বিষ্ণু আদিৰ দৰে বহু প্রাচীন কালত প্রস্তুত কৰা পুৰাণে পুৰাণৰ সংজ্ঞা দিবলৈ যাওঁতে ‘পুৰানম্ পঞ্চলক্ষণম্’ বুলি কৈ থৈছে৷ সেই পাঁচটা লক্ষণ বা বিষয় হৈছে সর্গ বা পৃথিৱীৰ সৃষ্টি, প্রতিসর্গ অর্থাৎ বিলুপ্তি, বংশ আৰু বংশানুচৰিত অর্থাৎ ঋষিসকলৰ আৰু ৰজাসকলৰ বংশালৱী৷ শেষত মন্বন্তৰ বা মনুৰ কাল৷ অর্থাৎ যুগসন্ধিত প্রৱর্তিত হোৱা কাল খণ্ড৷ নৱম-দশম শতিকাত সম্পূর্ণ হোৱা ভাগৱতৰ দৰে পুৰাণ দুই-এখনে দহটা লক্ষণৰ কথা কয়৷ এই পাঁচটা বা দহটা পৰম্পৰাগত লক্ষণ আচলতে সৃষ্টি-স্থিতি-লয় সম্পর্কে প্রচলিত লোককথা, তেতিয়াৰ মানুহে ভবা বা অনুমান কৰা বিজ্ঞানৰ কথা তথা কাল্পনিক আখ্যান৷ তাৰ মাজতো দুই–এছাটি সত্যৰ ৰেঙনি বিচাৰি পাব পাৰি৷ কিন্তু ঋষি আৰু ৰজাসকলৰ বংশানুচৰিতে ভাৰতীয় ইতিহাস ৰচনাৰ বাবে বহু সমল আগবঢ়াই আহিছে৷ এই কথা আধুনিক ভাৰতীয় ইতিহাসকাৰসকলে স্বীকাৰ কৰি আহিছে৷
ভাৰতৰ প্রায় সকলো জনপদত, য’ত বিদ্যা-শিক্ষাৰ ব্যৱস্থা আছিল, বিদ্বান লোকৰ বসতি আছিল, বিদ্যোৎসাহী ৰজা বা ৰাজবিষয়াৰ পৃষ্ঠপোষকতা আছিল, জ্ঞানচর্চা আৰু জ্ঞান বিনিময়ৰ সুবিধা আছিল, তেনে সকলো ঠাইতে পুৰাণ ৰচনা সম্ভৱ হৈছিল৷ স্থানীয় ভাষা যিয়ে নহওক, প্রধানকৈ সংস্কৃত ভাষাত পুৰাণ ৰচনা হৈছিল৷ মন কৰিবলগীয়া যে স্থান আৰু কালৰ বহু ব্যৱধান সত্ত্বেও সমগ্র পুৰাণ সাহিত্যৰ ৰচনা শৈলী, উপস্থাপন প্রণালী, চৰিত্রসমূহ, বক্তা, শ্লোতা আদি সকলো উপাদান একে৷ প্রায় সকলো পুৰাণ ব্যাসে বিৰচিত বুলি সমাপ্তি ঘোষণাত কোৱা হয়৷ ভিতৰৰ আখ্যানাদি ঋষি-মুনি, ৰজা, দেৱী, দেৱতা আদিৰ মুখত দিয়া হয়৷ বিষয়বস্তু যিয়ে নহওক পুৰাণত আখ্যান, উপাখ্যান, গাথা, কথা আদিৰ জৰিয়তে বিষয় আৰু বার্তা সকলো উপস্থাপন কৰা হয়৷ আনকি পূজাবিধি, সংস্কাৰ পদ্ধতি, সামাজিক শিষ্টাচাৰ, ৰাজধর্ম, গার্হস্থ্য ধর্ম, সংগীতাদি কলা আদি সকলো বিষয় সংলাপৰ ৰূপত আগবঢ়োৱা হয়৷ কাহিনীৰ ভিতৰত কাহিনী খাঁজি নিওঁতে এজন কথকৰ মুখৰ পৰা আন এজন কথকৰ মুখলৈ কাহিনী আগবঢ়াই নিওঁতে বিষয় উপস্থাপন জটিল হৈ পৰে৷ অৱশ্যে প্রাচীন ভাৰতীয় মহাকাব্য বা কথাৰ দৰে গদ্য কাব্যতো এনে জটিলতা বিৰাজমান৷
পৌৰাণিক ৰীতিত পৰৱর্তী প্রজন্মলৈ ক্রমে ক্রমে নামি অহা জ্ঞান পৰম্পৰাৰ সামান্য ধাৰণা পাঠকৰ বাবে ওপৰৰ ছেদটোত আগবঢ়োৱা হ’ল৷ এই ৰীতি বা বিষয় হয়তো বর্তমানৰ পাঠ্যক্রমৰ বাবে প্রয়োজনীয় নহ’ব৷ কিন্তু পুৰাণৰ তথ্যগর্ভ টোকাসমূহে ছাত্র-শিক্ষকক প্রাচীন ভাৰতীয় জ্ঞানকোষৰ পৰিচয় নিশ্চয় দিব৷ পুৰাণসমূহে ভাৰতীয় জ্ঞান-পৰম্পৰা আগবঢ়াই নিয়াত কিদৰে সহায় কৰে তাৰো সম্ভেদ দিব৷ তলত কেৱল এখন মাত্র পুৰাণত থকা বিবিধ বিষয়ৰ জ্ঞানৰ আভাস দিয়া হ’ল৷
অগ্নিপুৰাণ প্রাচীনতম পুৰাণসমূহৰ অন্যতম৷ বিষ্ণু, শিৱ, গণেশ আদি দেৱতাৰ উপাসনা বিধিৰ বিৱৰণৰ মাজে মাজে পুৰাণখনত সন্নিৱিষ্ট বিষয়বোৰ এনে– দেশৰ আইন আৰু ন্যায়বিদ্যা, ঋণ গ্রহণ আৰু ঋণ পৰিশোধ কৰাৰ নিয়ম তথা ধাৰে লোৱা ধন, শস্য, পশু আদি যথানিয়মে ঘূৰাই নিদিয়াৰ বাবে শাস্তি, বিভিন্ন বিষয় লৈ হোৱা কাজিয়া আৰু নিষ্পত্তি, সম্পত্তি বিভাজনৰ নিয়ম, খেতিপথাৰৰ সীমা বিবাদ নিষ্পত্তিৰ নিয়ম, মানহানি গোচৰ আৰু নিষ্পত্তিৰ (অধ্যায় ২৫৩-২৫৮), উদ্যান শস্যৰ horticulture) বিৱৰণ আৰু গুণাগুণ (অধ্যায় ২৮২), বিভিন্ন ৰোগ নিৰাময়ৰ বাবে উপযোগী মূল herbs) আৰু শিপা আৰু সেইবোৰ ব্যৱহাৰৰ নিয়ম (অধ্যায় ২৮৩–২৮৪), বিভিন্ন প্রকাৰৰ ঔষধ প্রস্তুতকৰণৰ বিধি (অ. ২৮৬) এই পুৰাণত লিপিবদ্ধ হৈছে৷ হাতী, ঘোঁৰা আৰু গৰুৰ বিভিন্ন ৰোগ, নিৰাময়ৰ উপায়, ঔষধ আদিৰ বিৱৰণ, হাতীৰ পথ্যাপথ্য আৰু তাৰ লগতে ঘৰচীয়া জন্তুৰ বেমাৰ–আজাৰত পালিবলগীয়া নিয়ম–নীতি, মন্ত্রপাঠ আদিও অগ্ণি পুৰাণত (অধ্যায় ২৮৭–২৯২) লিপিবদ্ধ হৈছে৷ বিভিন্ন প্রজাতিৰ সাপ আৰু বিৱৰণ তথা সর্প দংশনত প্রয়োগ হোৱা ঔষধি আৰু চিকিৎসা প্রণালী (অধ্যায় ২৯৪–২৯৫) লিখা আছে৷ গছৰ বিভাগ আৰু গছ ৰোৱাৰ নিয়ম, কুঁৱা, পুখুৰী আদি আৰম্ভ কৰাৰ নিয়ম, মন্দিৰৰ চোতাল, দুৱাৰ আদি নির্মাণ ইত্যাদিও চমুকৈ অগ্ণিপুৰাণত পোৱা যায়৷ সাতটা অধ্যায়ত (৩২৮–৩৩৪) কবিতাৰ ছন্দ, বিভাগ, বৈদিক আৰু লৌকিক ছন্দৰ সবিশেষ, সমবৃত্ত, বিষম বৃত্ত আদিৰ বিশদ আলোচনা পোৱা যায়৷ ধ্বনি, হ্রস্ব–দীর্ঘ ধ্বনি phonetics) আদি বিষয়ৰ লগতে ১২টা অধ্যায়ত কাব্য, নাটক, নাটকৰ প্রকাৰ, আৱেগ, ৰস, নায়কৰ বিভাগ, অভিনয় কলাত অংগ সঞ্চালনৰ অর্থ, শব্দৰ প্রয়োগ, নাট্য উপস্থাপনৰ বিৱৰণ আদি বিস্তৰভাৱে আলোচিত হৈছে৷ শব্দ আৰু অর্থৰ ব্যৱহাৰ তথা সৌন্দর্য, কাব্যগুণ তথা দোষ আদি কাব্যতত্ত্বৰ আলোচনাৰ লগতে সংস্কৃত ব্যাকৰণৰ বিবিধ আলোচনা কৰা হৈছে যেনে প্রত্যাহাৰ, বিশেষ্য পদৰ তিনিওলিংগত ৰূপ ক্রিয়া আৰু বিশেষ্যৰ পার্থক্য আৰু সম্বন্ধ, সমাসৰ ভিন্ন প্রকাৰ, তদ্ধিৎ প্রকৰণ আদি কৰি বাৰটা অধ্যায়ত ব্যাকৰণ চর্চিত হৈছে৷ তেনেকৈ পাঁচটা অধ্যায়ত বহু অর্থবাচক এটা শব্দ, এটা অর্থবাচক বহু শব্দ, মানুহৰ বিবিধ জাতি–প্রজাতি বুজোৱা শব্দ, ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্যক বুজাবলৈ ব্যৱহাৰ হোৱা বহু শব্দ এনেদৰে শব্দকোষ বা অভিধান বিষয়ক বহু কথা সন্নিৱিষ্ট হৈছে৷ দহটা অধ্যায়ত য়োগ দর্শন, আসন, ধ্যান, সমাধি, ব্রহ্ম, অদ্বৈতবাদ ইত্যাদি বিষয়ো আলোচিত হৈছে৷ তাৰ উপৰি ব্রত, উপবাস, প্রায়শ্চিত্ত, শ্রাদ্ধবিধি, গ্রহশান্তি, শুভাশুভ নির্ণয়, নিমিত্তনির্ণয় গংগা, প্রয়াগ, ৱাৰানসী আদি তীর্থ মাহাত্ম্য বশীকৰণ, দান আৰু তাৰ বিধান আৰু ফল সৃষ্টি, লয় আৰু নৰকৰ বর্ণনা, ফুল আৰু ফুলৰ গুণাগুণ আদি সামাজিক বিষয় আৰু অনেকবোৰ আলোচিত হৈছে অগ্ণিপুৰাণতে৷ ভাৰতৰ প্রশংসা আৰু বহু দেশ–মহাদেশ, মহাসাগৰৰ উল্লেখো পোৱা যায়৷ আনবোৰ পুৰাণতকৈ অগ্ণি পুৰাণক প্রাচীন বুলি কোৱাৰ পৰা বুজিব পাৰি যে ভাৰতীয় সভ্যতাৰ বহু প্রাচীন অৱস্থাতে ইমানবোৰ বিষয় চর্চিত হৈছিল৷ ক্রমে পৰৱর্তী পুৰাণসমূহত বিষয়বস্তুৰ বিস্তৃতি, জ্ঞান–বিজ্ঞানৰ উন্নততৰ চিন্তা, নতুন নতুন উদ্ভাৱন আদি পঢ়িবলৈ পোৱা যায়৷ দেৱ-দেৱীৰ পূজাবিধিৰ উপৰি যে পুৰাণসমূহ বিভিন্ন বিষয়ৰ জ্ঞানৰ ভঁৰাল সেই সম্বন্ধে ছাত্র-শিক্ষকৰ উপৰি সাধাৰণ লোকো সচেতন হোৱা বুলি ভাবিয়েই ওপৰত দুকলম লিখিলোঁ৷ নৱম-দশম শতিকাত সংকলন শেষ হোৱা ভাগৱত পুৰাণৰ সময়লৈ যে ভাৰতত জ্ঞান-বিজ্ঞানৰ চর্চা কিমান ওপৰলৈ গৈছিল তাকো ছাত্র-ছাত্রীৰ দৃষ্টিলৈ অনা দৰকাৰ৷ সেই ভাগি কাম পিছলৈ থাকিল৷
লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক৷
ফোনঃ ৯৮৬৪০–৩৮১৮৬