নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : অসম গণ পৰিষদ আৰু আঞ্চলিকতাবাদ

অতুল বৰা
সভাপতি, অগপ

সুদীর্ঘ ৩৯টা বছৰ অতিক্রমি আজি অসম গণ পৰিষদ দলে ৪০ বছৰত ভৰি দিলে৷ ৪০ বছৰৰ দুৱাৰডলিত উপনীত হোৱাৰ মুহূর্তত আমি দলৰ প্রতিগৰাকী সদস্যৰ হৈ ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনত প্রাণ আহুতি দিয়া মহান বীৰ শ্বহীদসকলক শ্রদ্ধাৰে স্মৰণ কৰিছোঁ৷ আমাৰ ভক্তিপূর্বক সেৱা জনাইছোঁ এই গণ আন্দোলনত পুলিচৰ অমানুষিক অত্যাচাৰত ঘুণীয়া হোৱা, নির্যাতিত হোৱা, ধর্ষিতা হোৱা অসংখ্যজনক৷

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্রৱেশকাৰীসকল বিৰুদ্ধে অসমত যি ঐতিহাসিক গণ আন্দোলনৰ সৃষ্টি হৈছিল – সেই পৃথিৱী কঁপোৱা আন্দোলনৰ ফলশ্রুতিতেই জন্ম হৈছিল অসম গণ পৰিষদ দলৰ৷ সেয়া আছিল আজিৰ পৰা ৩৯ বছৰ আগৰ অসমৰ সামাজিক–ৰাজনৈতিক ইতিহাসৰ এক অবিস্মৰণীয় ক্ষণ৷ ঐতিহাসিক অসম আন্দোলনৰ ৰক্তৰঞ্জিত ইতিহাস আৰু ত্যাগৰ বিনিময়ত ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটৰ সপ্ত শ্বহীদৰ ভূমিত জন্ম হৈছিল অসম গণ পৰিষদ দলৰ৷ আঞ্চলিকতাবাদক ভেটি কৰি অসমৰ ৰাইজৰ আশা–আকাংক্ষাক প্রতিনিধিত্ব কৰি অহা অসম গণ পৰিষদ দলৰ বাবে এই সুদীর্ঘ সময়ছোৱা বহু ঘাত–প্রতিঘাত, উত্থান–পতনৰ ইতিহাস৷ প্রতিক্রিয়াশীল চক্রই চলাই থকা অহৰহ ষডযন্ত্রত দলটো কেতিয়াবা থমকি ৰোৱাৰ ইতিহাস, সেই অপশক্তিক প্রতিহত কৰি পুনৰ নতুন শক্তিৰে আগবাঢ়ি যোৱাৰ ইতিহাস৷

আশীৰ দশকলৈ উভতি যাওঁ৷ দশকৰ পাছত দশক ধৰি একমাত্র ৰাজনৈতিক স্বার্থত আমাৰ ৰাজ্যখনলৈ হৈ থকা বিদেশীৰ আগ্রাসনৰ ফলত প্রতিজন খিলঞ্জীয়া লোকৰ মনত সৃষ্টি হৈছিল অস্তিত্বৰ সংকট, ভয়–শংকাৰ এক পৰিৱেশ৷ ৰাজনৈতিকভাৱে প্রশ্রয় লাভ কৰা বিদেশীৰ আগ্রাসনে প্রতিজন খিলঞ্জীয়া লোকৰ মনত সৃষ্টি কৰিছিল ক্ষোভৰ দাৱানল৷ এক কথাত অসম আন্দোলন প্রকৃততে অসমৰ জাতীয় জীৱন জাগ্রত কৰাৰ এক স্বতঃস্ফূর্ত জনজাগৰণ আছিল৷ প্রতিজন খিলঞ্জীয়া লোকৰ মনত সততে ক্রিয়া কৰি থকা স্বাভিমান তথা স্বাধিকাৰ সাব্যস্ত কৰাৰ যি তাড়না– সেই তাড়নাৰ ফলতেই অসম চুক্তিৰ পাছত জন্ম হৈছিল অসম গণ পৰিষদ দলৰ৷ আৰু সেয়েহে এই কথাত কাৰো দ্বিমত থাকিব নোৱাৰে যে অসম গণ পৰিষদ দল অসমক ভাল পোৱা ৰাইজৰ দল, অসমবাসীৰ দল, জাতীয়তাবাদী চিন্তা–চেতনাৰে পুষ্ট প্রতিজন অসমবাসীৰ দল৷ গাণিতিক দৃষ্টিত ৩৯টা বছৰ এটা সংখ্যা মাথোন– কিন্তু আমাৰ বাবে– অসম গণ পৰিষদ দলৰ প্রতিজন সদস্যৰ বাবে পাৰ হৈ যোৱা এই ৩৯টা বছৰ আঞ্চলিকতাবাদী দর্শনৰ বছৰ – জাতিটোৰ স্বার্থক সুৰক্ষিত কৰি ৰখাৰ বাবে অংগীকাৰবদ্ধ হৈ থকা বছৰ– অসমৰ সংগ্রামী জনতাৰ আশা–ভৰসা–আস্থাৰ বছৰ৷ আৰু সেয়েহে, দলৰ ৪০সংখ্যক প্রতিষ্ঠা দিৱসত অসম গণ পৰিষদ দলৰ পতাকাখনৰ তলত থিয় হৈ আমি আকৌ এবাৰ অসমৰ জাতীয় জীৱনক, অসমৰ জাতীয়তাবাদক শক্তিশালী কৰি তোলাৰ বাবে অংগীকাৰবদ্ধ হৈছোঁ৷

ব্রহ্মাৰ পুত্র ব্রহ্মপুত্র৷ তিব্বতৰ এক হিমবাহৰ পৰা প্রবল বেগেৰে নানা পর্বত–পাহাৰ অতিক্রমি মহাবাহু ব্রহ্মপুত্রই যেতিয়া অসমভূমিৰ সমতল স্পর্শ কৰিছেহি, তেতিয়া ই স্বাভাৱিকভাৱে লাভ কৰিছে বিস্তাৰ, আৰু একেসময়তে বহন কৰিছে ইয়াৰ শিখৰত থকা শক্তি৷ চিৰপ্রৱহমান ব্রহ্মপুত্রৰ দৰেই আমাৰ অগপ– অসম গণ পৰিষদ৷ অবিৰাম, অবিশ্রান্ত যাত্রা ব্রহ্মপুত্রৰ– একেদৰে অবিৰত যাত্রা অগপৰো৷ বহু নদী, উপনদী, জান–জুৰি সামৰি নিৰৱধি বৈ থকা ব্রহ্মপুত্রৰ দৰেই অসমৰ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষীক সামৰি অগপও আগবাঢ়িছে নিজস্ব ছন্দত৷ যেনেদৰে অসমৰ সভ্যতাৰ উত্থান–পতনৰ ইতিহাসৰ সৈতে ব্রহ্মপুত্রৰ ইতিহাস সম্পৃক্ত, তেনেদৰে, অসমৰ অস্তিত্বৰ ইতিহাসৰ ক্ষেত্রতো অগপৰ ইতিহাস সম্পৃক্ত৷ ভূপেনদাই কোৱাৰ দৰে– মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ৷ অসম নামৰ এই বিশাল ভৌগোলিক খণ্ডটোত বাস কৰি অহা বিভিন্ন জাতি–জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ হিয়াৰ আমঠু অগপও প্রকৃতার্থত মহামিলনৰেই তীর্থ যাৰ প্রতিফলন বিগত ৩৯টা বছৰত ৰাজ্যখনৰ সর্বত্র প্রকাশ পাই আহিছে৷ অগপৰ ইতিহাস উত্তৰণ আৰু বিপর্যয়ৰ ইতিহাস৷ ভাল–বেয়া, তিতা–মিঠাৰ ইতিহাস৷ কিন্তু বিভিন্ন ষড়যন্ত্রকাৰীৰ বাধা নেওচি বিভিন্ন পৰিক্রমা, বিভিন্ন বিপর্যয় অতিক্রমিও অসমৰ বিভিন্ন সময়ৰ বিভিন্ন ৰাজনৈতিক ধুমুহাৰ মাজতো অসম গণ পৰিষদ দল আজিলৈকে এক বটবৃক্ষ হিচাপেই থিয় দি থাকিল৷ এই বটবৃক্ষৰ শিপা হ’ল দলৰ তৃণমূল কর্মীসকল– নেতা নহয়৷ অগপ দলত কোনো ‘নেতা’ নাই– দলৰ প্রতিজন কর্মীয়েই নেতা– প্রতিজন কর্মীয়েই অসমৰ জনজীৱনৰ প্রতিভূ৷

আঞ্চলিকতাবাদ কি? আঞ্চলিকতাবাদৰ সম্পর্কত ৰাজনৈতিক তত্ত্বই বিভিন্ন ব্যাখ্যা আগবঢ়াইছে৷ আমাৰ নিজৰো আঞ্চলিকতাবাদ সম্পর্কত এটি নিজস্ব দর্শন আছে৷ সেই দর্শনকেই লালন কৰি অগপ দলক আগবঢ়াই নিয়াৰ প্রয়াসত বিগত বছৰকেইটাত আমি নিমগ্ণ হৈ আছেছা৷ আমাৰ দৃষ্টিত আপোন ভূমিত থিয় হৈ, আপোন ভূমিৰ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকৰ স্বাধিকাৰ সাব্যস্ত কৰাৰ বাবে অহর্নিশে চলাই যোৱা সংগ্রাম বা প্রচেষ্টাৰেই আন এক নাম আঞ্চলিকতাবাদ৷ আঞ্চলিক দলৰ প্রসংগ ভাৰতীয় দলীয় ব্যৱস্থাৰেই এটি অন্যতম বৈশিষ্ট৷ আৰু সেয়েহে বৈচিত্র্যৰে ভৰা ভাৰতৰ ৰাজনৈতিক ইতিহাসত আঞ্চলিক স্বার্থ, জাতীয় সমস্যা, সাম্প্রদায়িক স্বার্থ ৰক্ষা, নিজৰ ভাষা–সংস্কৃতিক সুৰক্ষা দিবলৈ সময়ে সময়ে জন্মলাভ কৰিছে কেৰালা কংগ্রেছ, ডি এম কে, এ ডি এম কে, শিৰোমণি আকালি দল, বিজু জনতা দল, তেলেগু দেশম, মিজো নেচনেল ফ্রণ্ট আদিৰ দৰে বিভিন্ন আঞ্চলিক দল৷ ১৯৪৯ চনত দক্ষিণ ভাৰতৰ মাদ্রাজ বা এতিয়াৰ চেন্নাইত আন্নাদুৰেই সৃষ্টি কৰিছিল দ্রাবিড় মেন্নেত্রা কাজাগম বা ডি এম কে দল৷ এইটোৱেই আছিল ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্রথমটো আঞ্চলিক দল৷ আঞ্চলিক আশা–আকাংক্ষাক এখন প্রকৃত মঞ্চত তুলি ধৰাৰ বাবেই গঠন হৈছিল এই দল৷ এই প্রেক্ষাপটত আমাৰ মাতৃভূমি অসমৰ বাবে অসম গণ পৰিষদ দলো হৈছে আঞ্চলিকতাবাদৰ জীৱনৰেখা৷

অগপই প্রগতিশীল জাতীয়তাবাদত বিশ্বাস কৰে৷ সামাজিক সমতা, ন্যায় আৰু সহনশীলতাক হাতত লৈ বিজ্ঞানমস্কতা তথা দূৰদর্শিতাৰে সমাজৰ হিতৰ হকে কাম কৰি যোৱাই প্রগতিশীলতা৷ প্রগতিশীলতা হ’ল মানুহৰ পুৰণিকলীয়া দৃষ্টিভংগীৰ পৰিৱর্তন৷ এক নির্দিষ্ট ভূখণ্ডৰ জাতি, ভাষা, সংস্কৃতি, সামাজিক মূল্যবোধ আদিৰ বর্ণাঢ়্য ইতিহাস আৰু আৱেগক ভিত্তি কৰি সৃষ্টি হয় জাতীয়তাবাদৰ৷ বাক্ স্বাধীনতা, প্রতিক্রিয়াশীল শক্তিৰ বিৰুদ্ধে প্রতিবাদী কণ্ঠ, স্বাধীন চিন্তা আৰু দূৰদর্শী ৰাজনৈতিক চিন্তাৰ মাধ্যমেৰে নিজৰ মাতৃভূমিৰ সর্বাংগীণ বিকাশ সাধনৰ জৰিয়তে ৰাষ্ট্র গঠনত বৰঙণি আগবঢ়োৱাটোৱেই হৈছে প্রগতিশীল জাতীয়তাবাদ৷ এই জাতীয়তাবাদত অগপই বিশ্বাস কৰে আৰু ইয়াত কোনো প্রতিক্রিয়াশীল শক্তিৰ স্থান নাই৷

ৰাজ্য–ৰাজনীতিত অসম গণ পৰিষদ দলে এতিয়া গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে৷ সাম্প্রতিক প্রেক্ষাপটত দেশৰ ৰাজনীতি হ’ল মিত্রতাৰ ৰাজনীতি৷ গোট–বন্ধনৰ ৰাজনীতি৷ যেনেদৰে অনৈক্যৰ মাজত ঐক্যক ভাৰতীয় জনজীৱন তথা সংস্কৃতিৰ বৈশিষ্ট্য বুলি কোৱা হয়, তেনেদৰে মিত্রতাৰ ৰাজনীতিৰে অসমৰ দৰে ৰাজ্যসমূহে নিজস্ব স্বাধিকাৰ তথা প্রাপ্যক সুৰক্ষা দিব পৰাটোও ৰাজনৈতিক বিচক্ষণতাৰেই অংশ বুলি আমি অনুভৱ কৰোঁ৷ যোৱা লোকসভা নির্বাচনৰ পাছত চৰকাৰ গঠনৰ সময়ত ৰাষ্ট্রীয় প্রেক্ষাপটত তেলেগু দেশম পার্টী আৰু জনতা দল (ইউনাইটেড)ৰ দৰে আঞ্চলিক দলৰ ভূমিকাই এই কথাকেই সাব্যস্ত কৰে৷ অগপ দলৰ সমালোচকসকলে ক’ব খোজে যে দলৰ বর্তমানৰ নীতি–নির্ধাৰকসকলে ভাৰতীয় জনতা পার্টীৰ সৈতে মিত্রতা কৰি বা এন ডি এৰ অংশীদাৰী দল হিচাপে কাম কৰি দলক বিপর্যয়ৰ মুখলৈ ঠেলি দিছে৷ কিন্তু এই কথা আমাৰ বহুতে জানিও নজনা হোৱাৰ ভাও জোৰে যে ১৯৯৬ চনত অগপ দল যেতিয়া ৰাজ্যৰ ক্ষমতাত আছিল তেতিয়াও ভাৰতীয় জনতা দলৰ সৈতে মিত্রতাপাশত আবদ্ধ আছিল৷ দলক বিপর্যয়ৰ মুখলৈ ঠেলি দি বহুজনে আন দললৈ ঢ়াপলি মেলাৰ সময়ত, শীর্ষ পদত থাকিও দলৰ তৃণমূল কর্মীসকলক দলনিত পোনা মেলাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰি অন্য দললৈ আঁতৰি যোৱাৰ দৰে সংকটপূর্ণ সময়ত আমি দলৰ দায়িত্ব লৈছিলোঁ৷ আৰু আজি এই কথা আমি দৃঢ়তাৰে ক’ব পৰা হৈছেছা যে আজিৰ তাৰিখত অগপ দলৰ সাংগঠনিক শক্তি বহুখিনি শক্তিশালী হৈছে, জাতি–ধর্ম–বর্ণ নির্বিশেষে অসমক ভালপোৱা ৰাইজৰ আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ প্রতি আগ্রহ বৃদ্ধি পাইছে৷ অগপ দলৰ প্রগতিশীল জাতীয়তাবাদী দর্শনেই ৰাইজৰ আস্থা বৃদ্ধিৰ মূল কাৰক৷

আকৌ অসম আন্দোলনৰ প্রসংগলৈ উভতি যাওঁ৷ অসম আন্দোলনৰ লক্ষ্য আছিল অবৈধ বিদেশী বহিষ্কৰণ৷ কিন্তু এই কথাও সত্য যে যি মূল বিষয়টোক লৈ অসম আন্দোলনে প্রাণ পাই উঠিছিল সেই লক্ষ্যত আমি এতিয়াও সম্পূর্ণ উপনীত হ’ব পৰা নাই৷ বিদেশী বহিষ্কৰণৰ ক্ষেত্রত আন্তঃৰাষ্ট্রীয় বাধা, সেই সময়ৰ কেন্দ্রীয় চৰকাৰৰ অনীহা আদি নানা কাৰকৰ বাবে এই ইছ্যুটো অগপৰ বাবে ব্যর্থতাৰ এটা কাৰণ হৈ পৰিছিল৷ কিন্তু এই কথাও সত্য যে বিগত দহটা বছৰত অসমলৈ হোৱা অবৈধ অনুপ্রৱেশৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷ সময়ে সময়ে হোৱা দুই–এটা অনুপ্রৱেশৰ সৈতে জড়িত ব্যক্তিক সীমান্ত সুৰক্ষা বাহিনী বা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ আজি কেন্দ্রৰ এন ডি এ চৰকাৰ আৰু অসম চৰকাৰৰ উদ্যোগত সীমান্তৰ নদী পথক বাদ দি কাঁটা তাঁৰৰ বেৰ নির্মাণৰ বহুলাংশে সম্পূর্ণ হৈছে৷ নদী পথত সীমান্ত সুৰক্ষা বাহিনীৰ চোকা দৃষ্টিও যথেষ্ট বৃদ্ধি পাইছে৷ এই কথা স্পষ্টভাৱে কোৱাত আমাৰ কোনো দ্বিধা নাই যে স্বাধীনতাৰ পাছৰে পৰা বিগত সময়ছোৱাত কংগ্রেছে বিদেশীক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ মানসিকতাৰ বাবেই আজি অসমৰ জনবিন্যাস সলনি হৈছে, ভৌগোলিক পৰিগাঁথনি সলনি হৈছে৷ বিগত চাৰিটা দশকত যদিহে অসম গণ পৰিষদে অবৈধ বিদেশী অনুপ্রৱেশ সন্দর্ভত কঠোৰ দৃষ্টি গ্রহণ নকৰিলেহেঁতেন, তেন্তে কংগ্রেছকে ধৰি একাংশ ৰাজনৈতিক দলে নিজৰ ভোটবেংকৰ স্বার্থত প্রশ্রয় দিয়া অবৈধ অনুপ্রৱেশৰ ফলত আজি অসমত খিলঞ্জীয়া লোকৰ অস্তিত্বই নাথাকিলহেঁতেন৷ অগপ দলৰ দৃঢ় স্থিতিৰ বাবেই আজি বিদেশী প্রব্রজন ৰোধ হৈছে– অসমে ৰাষ্ট্রীয় পর্যায়ত উপযুক্ত মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ আমি এই কথা পাহৰিলে নহ’ব যে অসম চুক্তিত উল্লেখ থকা গেছ ক্রেকাৰেই হওক, নুমলীগড় শোধনাগাৰেই হওক, আই আই টি, কেন্দ্রীয় বিশ্ববিদ্যালয় বা শংকৰদেৱ কলাক্ষেত্রই হওক– এই আটাইবোৰ অসম গণ পৰিষদ দলৰ উদ্যোগতেই ৰাজ্যখনত স্থাপন হৈছিল৷

এই কথা অগপ দলে হৃদয়েৰে বিশ্বাস কৰে যে জাতীয়তাবাদৰ প্রাণশক্তি হ’ল ৰাজ্যখনৰ ছাত্র–ছাত্রী, যুৱশক্তি, মহিলা আৰু শ্রমজীৱী জনসাধাৰণৰ লগতে আমাৰ কৃষকসকল৷ বিগত কেইটামান বছৰত ৰাইজৰ মাজত অগপ দলৰ ভাতৃ তথা ভগ্নী সংগঠন ছাত্র পৰিষদ, যুৱ পৰিষদ, মহিলা পৰিষদ আৰু কৃষক পৰিষদৰ আস্থা বহুখিনি বৃদ্ধি পাইছে৷ আমি পূর্বতে উল্লেখ কৰা প্রগতিশীল জাতীয়তাবাদী ভাবাদর্শৰ বাবেই আজি এই ভাতৃ–ভগ্ণী সংগঠনসমূহক ৰাইজে নিজৰ বুলি আঁকোৱালি লৈছে৷ ২০১৯ চনত জন্মলাভ কৰা অসম ছাত্র পৰিষদে মাত্র এইকেইটা বছৰতে ৰাজ্যখনৰ ১৫০খনতকৈও অধিক মহাবিদ্যালয়ৰ ছাত্র একতা সভাত নিজৰ প্রতিনিধি দিবলৈ সক্ষম হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যখনৰ বহুবোৰ আগশাৰীৰ মহাবিদ্যালয়ত ছাত্র পৰিষদৰ শিপা ঠন ধৰি উঠিছে৷ আনকি ৰাজ্যখনৰ চৰাঞ্চলৰ মহাবিদ্যালয়সমূহত্ ছাত্র পৰিষদৰ জনপ্রিয়তা বৃদ্ধি পাইছে৷ অর্থাৎ মাত্র পাঁচটা বছৰৰ ভিতৰতেই অসমৰ চৰাঞ্চলৰ পৰা মহানগৰীলৈ ছাত্র পৰিষদৰ যি উত্থান তাৰ ভিত্তিত আমি নিশ্চিতভাৱে ক’ব পাৰোঁ যে অগপ দলৰ প্রগতিশীল জাতীয়তাবাদৰ দর্শনৰ দ্বাৰা প্রভাৱিত হৈয়েই অসমৰ ছাত্র–ছাত্রী তথা যুৱপ্রজন্মই আজি অগপ দলৰ প্রতি আস্থা প্রকাশ কৰিছে৷ অগপ দলৰ আন এক শক্তি অসম যুৱ পৰিষদেও ৰাজ্যখনৰ যুৱক সমাজক কম সময়ৰ ভিতৰতেই আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে যুৱপ্রজন্মৰ হাততেই আমাৰ ৰাজ্যৰ– আমাৰ দেশৰ ভৱিষ্যৎ নির্ভৰ কৰিছে৷ সম্প্রতি একমাত্র শাসনৰ গাদী দখল কৰাৰ বাবেই একাংশই জাতীয়তাবাদৰ অন্তঃসাৰশূন্যভাৱে শ্লোগান আওৰাই ৰাইজৰ দৃষ্টি আকর্ষণ কৰাৰ বৃথা চেষ্টা কৰিছে৷ অগপ দলে গভীৰভাৱে বিশ্বাস কৰে যে জাতীয়তাবাদ মাথোঁ এটি শ্লোগান নহয়– ই হ’ল হূদয়ৰ এক অনুভূতি, জাতিৰ বাবে নিজৰ জীৱন সার্থক কৰি তোলাৰ বাস্তৱসন্মত এক সুদীর্ঘ পথ৷ একমাত্র ভোটৰ স্বার্থত জাতীয়তাবাদৰ দোহাই দি ৰাজনীতি কৰা আৰু জাতিটোৰ চেণ্টিমেণ্টক শ্রদ্ধা কৰি জাতিৰ সুৰক্ষা আৰু স্থায়িত্বৰ সৈতে জড়িত বিষয়সমূহক আগস্থান দি কৰা ৰাজনীতি দুটা সম্পূর্ণ পৃথক বিষয়৷ ৮৫৫জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত সদৌ অসম ছাত্র সন্থাৰ ঔৰসত জন্মলাভ কৰা অগপ দলে আন কিছুমান স্বার্থান্বেষী জাতীয়তাবাদীৰ দৰে প্রতিক্রিয়াশীল চক্রৰ সৈতে হাতত হাত ধৰি ক্ষমতা লাভৰ স্বপ্ন দেখিব নোৱাৰে৷ একমাত্র শাসনৰ গাদী দখলৰ লক্ষ্য আগত ৰাখি আঞ্চলিকতাবাদৰ সুবিধাবাদী ৰাজনীতি কৰাৰ দৰে ক্ষতিকৰ ধাৰণাৰ বেহুৰ বাহিৰত থাকি অগপ দলে কাম কৰি আছে৷ জাতিটোৰ আদর্শগত বৈশিষ্ট্য অক্ষুণ্ণ ৰখাক দলৰ প্রাথমিক কর্তব্য হিচাপে আমি বিবেচনা কৰোঁ৷ অসম যুৱ পৰিষদেও এই দর্শনক আগত লৈয়েই ৰাজ্যখনৰ যুৱপ্রজন্মৰ বিকাশৰ হকে কাম কৰি আছে৷ অগপ দলে বিশ্বাস কৰা অর্থনৈতিক জাতীয়তাবাদৰ মন্ত্রৰে উজ্জীৱিত হৈ অসম যুৱ পৰিষদে আজি ৰাজ্যখনৰ যুৱ সম্প্রদায়ৰ মাজত কাম কৰি অছে৷ যদিহে জাতিটো অর্থনৈতিকভাৱে স্বাৱলম্বী নহয় তেন্তে অন্য কোনো বিষয়ে জাতিটোক উদ্ধাৰ কৰিব নোৱাৰে৷ নিয়োগ মেলাকে ধৰি ব্যৱসায়িক ক্ষেত্রখনলৈ আগবাঢ়ি অহা থলুৱা যুৱক–যুৱতীক সমর্থন আগবঢ়োৱা আদি কার্যৰ জৰিয়তে অসম যুৱ পৰিষদে ৰাজ্যখনৰ যুৱপ্রজন্মৰ মাজত আজি জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ তেনেদৰে অসমৰ কৃষক ৰাইজক বিজ্ঞানসন্মত বাণিজ্যিক কৃষিৰ লগতে আনুষংগিক ক্ষেত্রসমূহত ব্যৱসায়িক দৃষ্টিভংগীৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্রত অসম কৃষক পৰিষদে কাম কৰি আছে৷ ৰপ্তানিকেন্দ্রিক কৃষিৰ প্রসাৰতো কৃষক পৰিষদে গুৰুত্ব দি কৃষক ৰাইজক সংগঠিত কৰিছে৷ এয়া প্রশংসনীয়৷ অগপ দলৰ আন এক শক্তিশালী ভগ্নী সংগঠন হ’ল অসম মহিলা পৰিষদ৷ স্ত্রী–শক্তি, স্বাধিকাৰ, আত্মসন্মান, স্ব–নিয়োজন, ৰাজনৈতিক অধিকাৰ আদি বিভিন্ন দিশত গুৰুত্ব দি মহিলা পৰিষদে ৰাজ্যখনৰ মহিলাসকলক ঐক্যবদ্ধ কৰাৰ প্রয়াস কৰিছে৷

অসম গণ পৰিষদ দলৰ পতাকাখন দলটোৰ সকলো সদস্যৰ বাবে এক সঞ্জীৱনী শক্তি৷ পতাকাখনৰ ৰঙা ৰংটোৱে সংগ্রাম আৰু পৰিৱর্তনক সূচাইছে৷ মাজৰ শুভ্র ৰঙৰ অর্থ হ’ল নিকা সামাজিক জীৱনৰ বাবে দায়বদ্ধতা আৰু শান্তি৷ আনহাতে নীলা ৰঙত নিহিত হৈ আছে সংগ্রামৰ বুনিয়াদ, পাহাৰ– ভৈয়ামৰ সকলো জনগোষ্ঠীৰ মাজত একতা, শক্তি– সমৃদ্ধি৷ মাজৰ শুভ্র অংশত থকা হাতীৰ ছবিৰ অর্থ হ’ল গণ ঐক্য, কর্তব্যনিষ্ঠা, স্থিৰতা, দূৰদৃষ্টি আৰু দুর্দমনীয় শক্তি৷ আহক, অগপ দলৰ ৪০সংখ্যক প্রতিষ্ঠা দিৱসত দলটোৰ এই পৱিত্র পতাকাৰ তলত থিয় হৈ আকৌ এবাৰলৈ আমি সংকল্পবদ্ধ হওঁ অনাগত দিনত ৰাজ্যখনত আঞ্চলিকতাবাদৰ এই বিজয়ধ্বজা সগৌৰৱেৰে উৰুৱাই আমি আগবাঢ়ি যাম৷

You might also like