নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : অসামাজিক মাধ্যম

শচীন গগৈ

অঞ্জলি শ্রীবাস্তৱক সহপাঠী হিচাপে পাইছিলোঁ তিনি বছৰমান পূর্বে আই আই এম কলিকতাত এক মেনেজমেণ্ট পাঠ্যক্রমত৷ পঞ্জাবৰ এটা গ্রাম্য পৰিৱেশত ডাঙৰ–দীঘল হোৱা অঞ্জলি আৰু তেওঁৰ স্বামী প্রাঞ্জলে মিলি নয়দাত ক’ডফায়াৰ টেকন’লজীছ প্রাইভেট লিমিটেড নামৰ এটা ছফটৱেৰ কোম্পানী চলাই আছে৷ পাঠ্যক্রমৰ অংশ হিচাপে এদিন অধ্যাপকে আমেৰিকাৰ M নামৰ বিশ্ববিখ্যাত কোম্পানীটোৰ ওপৰত এখন গৱেষণা পত্র পঢ়িবলৈ দিলে৷ কোম্পানীটোৱে প্রায় আঢ়ৈ দশক পূর্বে এণ্ডি ৱং নামৰ এজন ডেকা বিষয়াৰ নেতৃত্বত কিদৰে কিছুমান কঠিন সমস্যা সমাধান কৰি ব্যৱসায়িক জগতত সমগ্র বিশ্বজুৰি নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছিল সেই সম্পর্কে পৰৱর্তী শ্রেণীত আলোচনা হ’ব বুলি অধ্যাপকে জনালে৷ সেইমতেহ আমি গৱেষণা পত্রখন পঢ়ি যি বুজি পালো সেইভাৱেহ নিজৰ নিজৰ মতামত পিছৰ শ্রেণীত আগবঢ়ালোঁ৷ পিছে সিদিনা অঞ্জলিৰ বিশ্লেষণ ব্যতিক্রমী আছিল৷ তেওঁ Mৰ ব্যৱসায়িক যাত্রাৰ ওপৰত ইমান গভীৰ আৰু সাৱলীল ব্যাখ্যা আগবঢ়ালে যে অধ্যাপকে সুধিবলৈ বাধ্য হ’ল তেওঁ গৱেষণাপত্রখনৰ বাদেও আৰু কিবা পঢ়ি আহিছিল নেকি৷

পিছে যি উত্তৰ পোৱা গ’ল, আমি হতভম্ব হ’লোঁ৷ অঞ্জলিয়ে জনালে যে তেওঁLinkedIn খুঁচৰি এণ্ডি ৱংক বিচাৰি উলিয়ালে আৰু চিধাচিধি তেখেতকে Mৰ ব্যৱসায় পৰিচালনাৰ নীতি আৰু অনুশীলনৰ বিষয়ে সুধি ল’লে৷ অঞ্জলিয়ে জানিছিল যে এণ্ডি ৱংক কেনেবাকৈ বিচাৰি উলিয়াব পাৰিলে হয়তো তেখেতৰ পৰা দুটামান কথা জানি ল’ব পৰা যাব৷ পশ্চিমীয়া কর্মসংস্কৃতিত সাধাৰণতে বুদ্ধি, প্রজ্ঞা আৰু কৌশলক আনৰ পৰা লুকুৱাহ খামুচি ধৰি থকা বস্তু হিচাপে গণ্য কৰা নহয়৷ তেওঁলোকে বিশ্বাস কৰে যে আদান-প্রদানৰ জৰিয়তে জ্ঞানৰ ভঁৰাল আৰু সামূহিক জীৱন সমৃদ্ধহে হয়৷ অৱশ্যে কপিৰাইট থকা সামগ্রীৰ কথা সুকীয়া৷

আপাতদৃষ্টিত এহটো নিতান্তই এক সৰু ঘটনা, কিন্তু কিছু গভীৰভাৱে চালে উপলব্ধি কৰিব পাৰি ইণ্টাৰনেটে সমগ্র বিশ্বতে জ্ঞান আহৰণৰ প্রক্রিয়াটো কিমান সহজ কৰি তুলিছে৷ কোনোবা চহৰতেই বাস কৰে নে জকাইচুকৰ গাঁৱত, সেইয়া সমূলি ডাঙৰ কথা নহয়৷ কেৱল নিজৰ চিন্তাৰ পৰিধিটো অঞ্জলি শ্রীবাস্তৱৰ দৰে কিছু পৰিমাণে বহল কৰিলেই অন্বেষণৰ নতুন নতুন দুৱাৰ মুকলি হ’ব পাৰে৷

তথ্য প্রযুক্তিৰ দ্রুত বিকাশৰ আজিৰ যুগত আমি অলেখ ইণ্টাৰনেট আধাৰিত সামগ্রী আৰু সেৱাৰ নিয়মীয়া উপভোক্তা৷ ইণ্টাৰনেটে আমাৰ জীৱনবোৰ সমৃদ্ধ কৰিছে আৰু একে সময়তে দাসত্বৰ শিকলিও লগাইছে৷ সমৃদ্ধ এনেদৰে কৰিছে যে পৃথিৱীৰ কোনোবা অচিন প্রান্তৰ অঞ্জলিৰ দৰে এগৰাকী শিক্ষার্থীয়ে বিশ্বৰ আন এটা প্রান্তত অৱস্থিত ৫১ বিলিয়ন ডলাৰৰ এটা বহুজাতিক নিগমৰ এজন অৱসৰপ্রাপ্ত বিষয়াৰ সৈতে চকুৰ পচাৰতে যোগাযোগ স্থাপন কৰি ব্যৱসায় পৰিচালনাৰ ওপৰত মত বিনিময় কৰিব পাৰে৷ আনটো ফালে ইণ্টাৰনেটে এনেদৰে শিকলি লগাইছে যে মানৱ জাতিয়ে বুজি নোপোৱাকৈয়ে অর্থহীন আৰু ক্ষতিকাৰক কণ্টেণ্ট কিছুমানৰ মায়াজালত সোমাহ অমূল্য সময় অপচয় কৰিছে৷

ফেচবুকত এগৰাকী প্রথম বিনিয়োগকাৰী পিটাৰ থিয়েলৰ মতে, প্রযুক্তিৰ সংজ্ঞা এতিয়া ‘চিকমিক মনোৰঞ্জনলৈ’ পর্যবসিত হৈছে৷ তেখেতৰ মতে স্মার্টফোন আৰু কম্পিউটাৰৰ প্রতি আসক্তি আমাৰ সহজাত প্রবৃত্তি হৈ পৰিছে, যাৰ ফলত আচল পৃথিৱীৰ পৰাই আমি দূৰ হৈ গৈ আছোঁ৷ গুজৰাটৰ সৌৰাষ্ট্র বিশ্ববিদ্যালয়ে যোৱা বছৰ চলোৱা এটা সমীক্ষাত পোৱা গ’ল যে আজিকালি ৯৩ শতাংশ শিশুৱেই ঘৰৰ বাহিৰত খেলা-ধূলা কৰাৰ পৰিৱর্তে ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ বিচাৰে৷ আৰু ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত ৬৭ শতাংশ শিশুৰ মাজত অপ্রাকৃতিক আচাৰ-আচৰণ পৰিলক্ষিত হৈছে৷

অসমতো আজি তেনেধৰণৰ আসক্তি বা পিটাৰ থিয়েলে উল্লেখ কৰা ‘চিকমিক মনোৰঞ্জনৰ’ প্রলোভন স্পষ্ট৷ ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ স্মার্ট ব্যৱহাৰৰ দ্বাৰা এটা অংশ নিশ্চিতভাৱে লাভান্বিত হৈছে৷ পিছে অসমত সামাজিক মাধ্যমত ভাইৰেল হোৱা অধিকাংশ বিষয়বস্তুৱেই যেন বৌদ্ধিক দৈন্য আৰু তৰাং চিন্তাধাৰাৰ প্রতিফলন৷ স্থূল ৰুচিৰ ৰীল আৰু শ্বটছবোৰে সামাজিক মাধ্যমসমূহ ছানি পেলাহছে আৰু ৰাজহুৱা আলোচনা-বিলোচনাসমূহ অপ্রয়োজনীয় মুখৰোচক বিষয়সমূহেই প্রাধান্য লাভ কৰিছে৷ জ্ঞানৰ আদান-প্রদান, বিজ্ঞানমনস্ক দৃষ্টিভংগীৰ প্রসাৰ আৰু বিবিধ বিষয়ত ছিৰিয়াছ সামাজিক কথোপকথনৰ প্রতি মানুহৰ অনীহা পৰিলক্ষিত হৈছে৷ কেৱল দুই দশক আগলৈকে যিকোনো গণমাধ্যমৰ নিয়ন্ত্রণ মূলতঃ পুঁজিপতিসকলৰ হাততে আছিল৷ পিছে আজি সামাজিক মাধ্যমৰ যোগেদি একোজন সাধাৰণ ব্যক্তিয়েও মুহূর্ততে একোটা মেছেজ লক্ষজনৰ মাজত বিয়পাই দিব পাৰে৷ কিন্তু ‘চিকমিক মনোৰঞ্জনৰ’ গৰাহত পৰি জনসাধাৰণে নিজৰ হাততে পোৱা গণমাধ্যমৰ এনে বিশাল শক্তি অপচয় কৰি আছে৷ বেছি দূৰলৈ নগৈ নিজকে সুধি চালেই হ’ল– সামাজিক মাধ্যমত দেখা পোৱা শেহতীয়া কোনটো প’ষ্টে আপোনাক প্রাকৃতিক ভাৰসাম্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিছিল বা কোনো এক পৰিঘটনাৰ বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াইছিল? কোনটো সামাজিক মাধ্যমৰ ভিডিঅ’ত আপুনি বিচাৰি পাইছিল আন্তঃৰাষ্ট্রীয় কূটনীতিৰ বিশ্লেষণ বা মানসিক স্বাস্থ্যৰ ওপৰত আলোকপাত? সামাজিক মাধ্যমৰ কোনটো বিতর্কৰ দ্বাৰা আপোনাৰ চিন্তাধাৰাত কিছু ধনাত্মক পৰিৱর্তন আহিল বা কোনো এটা বিষয়ত গভীৰভাৱে চর্চা কৰিবলৈ আপুনি উৎসাহিত হ’ল? কোনটো প’ষ্টে আপোনাক এখন ভাল কিতাপ পঢ়িবলৈ বা অসমৰে কোনোবা এটা জনগোষ্ঠীৰ বিষয়ে কিছু বিতংকৈ জানিবলৈ আগ্রহী কৰিলে?

এইটো নহয় যে মানুহ সামাজিক মাধ্যমৰ পৰা এনেবোৰ বিষয়ত উপকৃত হোৱা নাই৷ কিন্তু এনেধৰণৰ বিষয়সমূহ সাধাৰণতে মনোৰঞ্জনৰ চিকমিকনিত ম্লান পৰি ৰয় আৰু নভবাকৈয়ে-নুবুজাকৈ আমি গৰিষ্ঠসংখ্যকেই আমোদ-প্রমোদৰ ঢ়ৌত উটি-ভাহি যাওঁ৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত ভাল বিষয়বস্তুৰ অভাৱ নাই৷ মাত্র আমি নিজৰ বাবে ভাল বিষয়বস্তুৰ সংজ্ঞা নিৰূপণ কৰাত আৰু সেইবোৰ পদ্ধতিগতভাৱে অনুসৰণ কৰাত সফল হোৱা নাই৷ সামাজিক মাধ্যমত ডাঙৰ ডাঙৰ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রফাইল আৰু একাউণ্টৰ কথা বাদেই, অসমতো বহু লোক আছে– যিয়ে দর্শকৰ বাবে অর্থপূর্ণ বিষয়বস্তু যোগান দিবলৈ চেষ্টা কৰি আছে৷

শ্রীমন্ত দত্ত অনুশীলন আৰু মৃণ্ময় বৈশ্য একাডেমীয়ে ফেচবুকত চুটি ভিডিঅ’ৰ জৰিয়তে ইৰাজী পাঠদান কৰি আছে, অমূল্য অসম নামৰ পেজটোৱে সুস্থ সামাজিক আচৰণৰ ওপৰত সজাগতা সৃষ্টি কৰিছে, আৰোহণ নামৰ পেজটোৱে ইতিহাস আৰু শিক্ষাৰ ওপৰত চিন্তাকর্ষক ভিডিঅ’ কিছুমান আগবঢ়াই আহিছে, মাইণ্ডপাৱাৰ ৱাছিম নামৰ পেজটোৱে জনাইছে মানসিক শক্তি কেনেকৈ বঢ়াব পাৰি, জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ত প্রচাৰিত হৈ অহা সাক্ষাৎকাৰসমূহৰ দ্বাৰা বহুজনৰ জীৱনৰ সংগ্রামৰ বিষয়ে দর্শকে জানিব পাৰিছে, টিপচাকি পেজটোৱে প্রায়ে চুবুৰীয়া ৰাজ্যবিলাকৰ সৈতে অসমৰ সাংস্কৃতিক যোগসূত্রৰ আভাস দি আহিছে,Parents Association of Assam নামৰ ফেচবুক গ্রুপটোত দেখিবলৈ পোৱা যায় শিশুৰ বিকাশ সম্পর্কীয় বিভিন্ন চিন্তা–উদ্দীপক আলোচনা৷

এই এমুঠিমান উদাহৰণৰ বাহিৰেও আৰু অলেখ লোক আমাৰ নিজৰ ৰাজ্যখনতে আছে, যিসকলে সামাজিক মাধ্যমৰ শক্তিক অর্থপূর্ণ উদ্দেশ্যৰে ব্যৱহাৰ কৰি আহিছে৷ যিহেতু দিনটোৰ এক বৃহৎ সময় আজিকালি আমি সামাজিক মাধ্যমতে ব্যয় কৰোঁ, নিজৰ মানসিক স্বাস্থ্য আৰু উৎকর্ষৰ বাবে পদ্ধতিগতভাৱে অর্থৱহ বিষয়বস্তুৰ সন্ধান চলাই যাব লাগিব৷ এক পৰিশোধন ব্যৱস্থাই (filtration) যিদৰে আমাৰ খোৱাপানীৰ অশুদ্ধিবিলাক আঁতৰ কৰে, সেইদৰেই আনফল’ আৰু আনছাবস্ক্রাইব কৰি সামাজিক মাধ্যমৰ অশুদ্ধিবিলাকো আমি নিজে পৰিশোধন কৰি ল’ব লাগিব৷ তাৰ অবিহনে আমাৰ বাবে বিশেষকৈ আমাৰ উঠি অহা প্রজন্মৰ বাবে সামাজিক মাধ্যমবোৰ হয়তো অসামাজিক মাধ্যমলৈহে ৰূপান্তৰিত হ’ব৷

(লেখক দিল্লী নিৱাসী এগৰাকী জ্যেষ্ঠ সাংবাদিক)

You might also like