বিশেষ লেখা : জাতীয় গৌৰৱ
ড০ খনিন্দ্র কুমাৰ বর্মন
দহ হাজাৰতকৈ অধিক নাচনীৰ বিহুনাচৰ এক অনুষ্ঠান অনুষ্ঠিত হৈ গ’ল৷ চৰকাৰীভাৱে কৰা প্রয়াসত দুটাকৈ গীনিজ ৱর্ল্ড ৰেকর্ডো স্থাপন হৈছে৷ সমান্তৰালভাৱে দেশৰ প্রধানমন্ত্রীগৰাকীৰ্ সন্মুখত প্রদর্শন কৰা বিহুনাচৰ অনুষ্ঠানটি একক অনন্য ৰূপত উপস্থাপনৰ জৰিয়তে সমগ্র দেশৰ লগতে বিশ্বৰ অন্য প্রান্তৰ লোকেও দূৰদর্শনৰ মাধ্যমত উপভোগ কৰিলে৷ সাম্প্রতিক সময়ৰ ই এক হতিবাচক চিন্তা বুলি আমি দোহাৰিছোঁ৷ ইতিবাচক চিন্তা বুলি এইবাবেই কোৱা হৈছে যে যোৱাবছৰলৈকে বিহুৰ বতৰত যিমানবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে তাত বিহুনাচৰ সমৃদ্ধতা কিমান সেয়া আমি জাতীয় সচেতন ব্যক্তিসকলে অনুধাৱন কৰাত অসুবিধা নিশ্চয় নহ’ব৷ অসমৰ প্রতিটো চুক–কোণকে সামৰিব পৰাকৈ এই মেগা নাচৰ আয়োজন৷ এক কথাত বিহুৰ লগত একাকাৰ হৈ পৰিছে খাটিখোৱা জনসাধাৰণ৷ এৰা, মঞ্চৰ বিহু যেন আকৌ এবাৰ পথাৰলৈ ঢাপলি মেলিলে৷ এনে অনুষ্ঠান মুকলি পথাৰতেহ হওক নতুবা সেইখন প্রণালীবদ্ধ এখন খেলপথাৰেই হওক, মুকলি মন লৈ ব্যক্তিগত প্রতিযোগিতাক কাতি কৰি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ ওলোৱা কার্য নিতান্তই শলাগৰ পাত্র৷ লাহে লাহে বিহুনাচ বিহু মঞ্চৰ পৰাও বাদ পৰাৰ বাতাৱৰণ আহিছে৷ কেহদিনমান আগতে অসমৰ প্রতিষ্ঠিত বিহুগীতৰ শিল্পীৰ অনুষ্ঠান পৰিৱেশনৰ বাবদ মাননি ধার্য কৰা তালিকা এখন প্রকাশ পাহছে৷ এনে তালিকাত আমাৰ হিয়াৰ আমঠু শিল্পীজনাৰ পৰা প্রায় নতুন বুলি পৰিচিত শিল্পীসকলৰ নাম সন্নিৱিষ্ট হৈছে৷ দেখা গৈছে যে বিহু অনুষ্ঠান আয়োজনৰ বেলিকা ব্যক্তিগত পর্যায়তে বহুত টকা খৰচ হয়৷ অৱশ্যে কোন শিল্পীয়ে কিমান টকা ল’ব সেয়া আমাৰ আলোচ্য বিষয় নহয়৷ পিছে কথা সেইখিনিতে যে বিহুৰ সাংস্কৃতিক অনুষ্ঠান এখনত টকাৰ প্রয়োজন হোৱা দিশটো আমাৰ চকুৰ আগত থাকে৷ চৰকাৰৰ এই বিহুৰ অনুষ্ঠানক সামাজিক মাধ্যমত সমালোচনা কৰা হৈছে যে চৰকাৰী ধন অপচয় কৰি এনে মেগা অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্রয়োজন ক’ত? এগৰাকী ৰাজনৈতিক নেতাৰ বিৰূপ মন্তব্যৰ বাবে আনকি গ্রেপ্তাৰ হ’বলগীয়া কার্যও ঘটিছে৷ পিছে কিয় এনে বিৰূপ মন্তব্য৷ জাতিৰ সংস্কৃতি জাতিটোৰ পৰিচয়৷ তেনে পৰিচয় বিশ্বৰ সন্মুখত ৰাখিব পৰা যিকোনো ৰুচিসন্মত অনুষ্ঠানক কেৱল বিৰোধীৰ আসনত থকা বাবেই সমালোচনা কৰি থাকিলে জাতিৰ বাবে কৰা কিছু ভাল কামো নিলগত পৰি ৰ’ব, নতুবা আগ্রহী লোকসকলে উৎসাহ–উদ্দীপনা পোৱাত বাধাৰ সৃষ্টি নহ’বনে? সাংস্কৃতিক চেতনা দিব পৰা যিকোনো কার্যক উদগনি দিয়াহে যুগুত বুলি আমি বিবেচনা কৰোঁ৷ জাতীয় উৎসৱটিক জাতীয়তাবোধ দিবলৈ বৃহত্তৰ অসমৰ প্রতিজন লোককে সামৰিব পৰা অনুষ্ঠানৰ যো–জা নিৰন্তৰভাৱে চলিব লাগিব, তেহে অসমীয়াৰ অস্তিত্ব লাঘৱ নোহোৱাকৈ বর্তি থাকিব৷
ইতিহাসৰ বৰ বেছি দূৰলৈ নগ’লেও এহ কথা আমাৰ বিদিত যে চৰকাৰীভাৱে অনুষ্ঠান পাতি আজিকোপতি বিহুক অসমৰ প্রতিটো প্রান্তৰ লোকৰ ওচৰলৈ নিবলৈ সম্ভৱ হোৱা নাই বুলিয়েই ক’ব পাৰি৷ এই বুলিও চৰকাৰক সমালোচনা কৰা হয় যে আর্যমূলীয় বৈদিক সভ্যতাৰ গ্রাসত অসমৰ আচাৰ–অনুষ্ঠানসমূহ পৰিচালিত হোৱাৰ যো–জা চলিব ধৰিছে৷ আমাৰ সংস্কৃতি যদিও কিৰাট, নিষাদ, দ্রাবিড় সংস্কৃতিৰ সৈতে আর্য সংস্কৃতিৰ সংমিশ্রণৰ ফল, কিন্তু নিশ্চিতভাৱে আর্য সংস্কৃতিৰ বাতাৱৰণত জাতীয় উৎসৱ বিহু উটি–ভাহি যোৱা নাছিল৷ কিয়নো ভাৰততে বিহু একক আৰু অনন্য৷ বিহুক আর্যীকৰণ সভ্যতাৰ সৈতে মিলি নোযোৱাৰ বাবেই অসমৰ কিছু শিক্ষিত লোকে বিহুক নিষিদ্ধ কৰাৰ চেষ্টা কৰি বিফল হৈছিল৷ হয়, যি বিহুক স্বর্গদেউ ৰুদ্রসিংহই অসমৰ জাতীয় উৎসৱৰ মর্যাদাৰে সুপ্রতিষ্ঠিত কৰিছিল৷ ইংৰাজ আমোলত অসমীয়া লেখক, চিন্তাবিদ হলিৰাম ঢেকিয়াল ফুকনদেৱে এহ বিহুকে ইতৰ শ্রেণীৰ লম্পট স্ত্রী–পুৰুষৰ যৌনাচাৰ বুলি সমাজক পতিয়ন নিয়াবলৈ চেষ্টা কৰি তেওঁৰে বঙালী ভাষাত লিখিত পুথি ‘আসাম বুৰঞ্জী’ত সবিস্তাৰে প্রকাশ কৰিছিল৷ এহ সম্পর্কে এগৰাকী সন্মানীয় লেখক টুনুজ্যোতি গগৈদেৱে সুন্দৰভাৱে বর্ণনা কৰিছে৷ আনকি ১৮৩৬ চনত অসমত অসমীয়া ভাষা আহন–আদালতৰ পৰা বিতাড়িত হোৱাৰ সময়ত অতি বলিষ্ঠ ভূমিকাৰে প্রতিবাদমুখৰ হোৱা আনন্দৰাম ঢ়েকিয়াল ফুকনদেৱেও বিহুৰ প্রতি বিৰূপ মনোভাব পোষণ কৰিছিল৷ টুনু গগৈদেৱে তেওঁৰ লেখাত আনন্দৰাম ঢ়েকিয়াল ফুকনদেৱে লিখা কথাৰ ডদ্ধৃতি প্রকাশ কৰিছে– ‘এহ অসম দেসৰ অনেক ঠাহত বচৰি বিহুত জিসকল বিভিচাৰ ক্রিয়া কৰে তাক সকলে জানো এহ কুৰিতি আন কোনো দেসত নাহ আৰু সি অসমৰ এক মহা কলংক হৈচে৷ সদালোকসকলে কি এহ কুচিত কথাত একে বেলি এ চকু মুদিলে? বিহুৰ অৰকমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰ লোকসকল, তোমালোকে এহ কুকৰম একে বেলিয়ে গুচাবৰ পুৰুষার্থ কৰা৷’ হয়, বিহু অনুষ্ঠান নিঃসন্দেহে অসমৰ মংগোলীয় সংস্কৃতিৰ অৱদান৷ এই সংস্কৃতি আন ঠাইত পাবলৈ নাই৷ জনজাতি সভ্যতা–সংস্কৃতিত নাৰীৰ স্বাধীনতাত হস্তক্ষেপ কৰা নহয়৷ বৰং নাৰীয়ে পুৰুষৰ সমানে সকলো কামতে ভাগ লৈ আহিছে৷ তেনে সংস্কৃতিয়ে গৰকা বিহুৰ লগত নাৰী–পুৰুষৰ নৃত্য–গীতৰ অনুষ্ঠানটিত আর্যভিন্ন সংস্কাৰ জড়িত হ’ব নিশ্চয়৷ কিয়নো বৰ অসম আদিবাসী কিৰাট, নিষাদসকলৰ ভূমি৷ অৱধাৰিতভাৱে বিহুৱে সংমিশ্রণৰ সাংস্কৃতিক নিদর্শন দাঙি ধৰি আহিছে৷ আর্য সংস্কৃতিৰ পৰশো বিহুৰ সৈতে জড়িত হৈ আছে৷ অর্থাৎ বিহুৰ সময়ত পৰিয়ালৰ, সমাজৰ জ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা আৰু মান–সন্মান আগবঢ়ায়৷ এনে সংস্কৃতি আর্যমূলীয়৷ বিহু অসমীয়া জাতীয়–জীৱনৰ পৰা বিতাড়িত হৈ পৰাৰ সম্ভাৱনীয়তাক অসমীয়াসকলে ৰক্ষা কৰিলে৷ ইংৰাজসকলক বিহুৰ বিপক্ষে উচটনি দিয়া কার্য বন্ধ হ’ল৷ আকৌ এবাৰ বিহুৱে জাতীয় মর্যাদা লাভ কৰিবলৈ সক্ষম হ’ল৷ পিছে এহ সময়তো হলিৰাম ঢেকিয়াল ফুকনসকলৰ দৰে এচামে বিহুক ৰাইজৰ মাজলৈ নিবলৈ লোৱা সমূহীয়া উদ্যোগক বিপথে পৰিচালিত কৰিব বিচাৰিছে নেকি বাৰু? সিও বিচার্যৰ বিষয়৷ আমি এহ কথা ডপলব্ধি কৰিছোঁ নিশ্চয় যে সাম্প্রতিক সময়ত বিহুৰ নামত নানা ঠাহত বিজতৰীয়া সংস্কৃতিৰ পয়োভৰ ঘটিছে৷ এনে বিজতৰীয়া সংস্কৃতিক বাধা দিয়াৰ বাবে অসমৰ বৌদ্ধিক সমাজৰো কাণসাৰ নাহ বুলিবহ পাৰি৷ সমূহ ৰাইজে যিটো কামত সফল হ’ব পৰা নাই, তাত ৰাজপৃষ্ঠপোষকতাৰ প্রয়োজন আছে নিশ্চয়৷ আৰু এহ বাবেহ বিহুক অসমত কিয়, সমগ্র ভাৰতবর্ষতে আবদ্ধ কৰি নাৰাখি বিশ্ব মুলুকলৈ নিয়াৰ প্রচেষ্টা সর্বদা প্রশংসনীয় বুলি ভাবিব লাগিব৷ সস্তীয়া অৰুচিকৰ সমালোচনা পৰিহাৰ কৰি গঠনমূলক সমালোচনাৰে জাতিৰ সমৃদ্ধিত অৰিহণা যোগোৱা প্রতিটো পদক্ষেপকে ৰাইজে আঁকোৱালি লোৱাৰ সময় সমাগত৷ আন এক কথা যে যোৱা ১৩ আৰু ১৪ এপ্রিলত একেলগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তাৰিতভাৱে ঢুলীয়া আৰু নাচনীসকলে অংশগ্রহণ কৰিলে৷ সাধাৰণতে ডজনিৰ ফালেহে বিশেষভাৱে ৰঙালী বিহুৰ ঢ়োল–পেঁপা–নাচৰ পৈণত ৰূপ প্রত্যক্ষ কৰা হয় বুলি ভবা হয়৷ পিছে উজনি–নামনিৰ সমন্বয় ৰক্ষা কৰি একেলগে এঘাৰ হাজাৰ ঢুলীয়া–নাচনীৰ অংশগ্রহণত বেমেজালি মুঠেও পৰিলক্ষিত নহ’ল৷ এহ ফালৰ পৰা বিহু প্রদর্শনৰ জৰিয়তে এক সু–সমন্বয় ৰক্ষা হ’ল বুলি ভাবিব পাৰি৷ অকল বিহুতেহ এনে কার্যসূচী সীমিত হৈ থাকিব নালাগে৷ অসমৰ জনজাতিসকলৰো নিজ নিজ সংস্কৃতিৰে ভৰপূৰ নাচসমূহৰো সমূহীয়া প্রদর্শন কৰিব পাৰিলে বৰ অসমৰ সকলো জাতি–ডপজাতি আৰু জনজাতিসকলে সন্তোষ লাভ কৰিব নিশ্চয়৷ কাজেই এনে অনুষ্ঠানবোৰ পক্ষপাতিত্বমূলক সমালোচনাৰে যাতে জর্জৰিত হৈ নিঃশেষ হৈ নপৰে তাৰ প্রতি চকু ৰখাৰ প্রয়োজন আছে৷