নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামচাইৰ পৰা ৰহস্যজনকভাৱে ৪৯টা হাতী বহিঃৰাজ্যলৈ প্রেৰণ

বিশেষ বার্তা, ২২ এপ্রিল : বন্যপ্রাণীৰ সংৰক্ষণৰ ক্ষেত্রত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্রহণ কৰাৰ সময়তে অসম–অৰুণাচল সীমান্তৰ নামচাইৰ পৰা ৰহস্যজনকভাৱে ৪৯টা হাতী বহিঃৰাজ্যলৈ প্রেৰণ কৰাক লৈ কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তিনিচুকীয়া জিলাৰ কাকপথাৰ বাইপাছত৷ কালি মাজনিশা ৪৯খন ট্রাকত এই হাতীকেইটা গুজৰাট অভিমুখে নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ মৰাণৰ একাংশ জাতীয় দল–সংগঠনে হাতী কঢ়িয়াই নিয়া ট্রাকসমূহৰ পঞ্জীয়ন নম্বৰ প্রত্যক্ষ কৰি সোধাপোছা কৰে৷ ৪৯টা হাতী গুজৰাট অভিমুখে নিয়াৰ বিষয়ে অৱগত হোৱাৰ পিছতে দল–সংগঠনৰ সদস্যসকলে ট্রাককেইখন ৰাজপথতে আবদ্ধ কৰি ৰাখে৷ ইপিনে, স্থানীয় দল–সংগঠনবোৰৰ অৱৰোধৰ পিছতেই তাত আহি উপস্থিত হয় বন বিভাগ আৰউ আৰক্ষীৰ দল৷ তিনিচুকীয়া জিলাৰ উপ–আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই হাতী সৰবৰাহ সন্দর্ভত আৰক্ষী অৱগত বুলি স্থানীয় দল–সংগঠনক জানিবলৈ দি সম্পূর্ণ নীতি–নিয়মৰ মাজেৰে হাতী প্রেৰণ কৰা বুলি দাবী কৰে৷ উল্লেখ্য যে বন বিভাগ আৰু আৰক্ষীয়ে নিশাই হাতী কঢ়িওৱা ট্রাককেইখন তিনিচুকীয়া পাৰ কৰাই দিয়ে৷ বন বিভাগ আৰু আৰক্ষীয়ে হাতীকেইটা সৰবৰাহৰ বাবে প্রয়োজনীয় সকলো অবৈধ নথি–পত্র আছে বুলি মন্তব্য কৰাৰ পিছতো কথাটো মানি লোৱা নাই তিনিচুকীয়াৰ জাতীয় দল–সংগঠনবোৰে৷ একাংশই অভিযোগ কৰা মতে হাতীকেইটা অৰুণাচল প্রদেশৰ নামচাইৰ পৰা অনা বুলি বিভাগীয়ভাৱে কোৱা হৈছে যদিও সেয়া নিশ্চিত নহয়৷ অৰুণাচল প্রদেশৰ বনাঞ্চলত ইমানসংখ্যক হাতীয়েই নাই৷ ইয়াৰে অধিকাংশ হাতীয়েই অসমৰ বনাঞ্চলৰ৷ মাথোঁ সৰবৰাহ কৰাৰ স্বার্থতে সৰবৰাহকাৰীয়ে হাতীকেইটা নামচাইৰ বুলি দেখুৱাইছে৷ সংগঠনবোৰৰ মতে নিয়ম মতে যদিহে বৈধ নথিৰে হাতীকেইটা অনাই হৈছিল, তেন্তে হাতীৰ গৰাকীৰ নথি–পত্র থাকিব লাগিছিল৷ কিন্তু গৰাকীৰ কোনো নথি–পত্র নাছিল৷ তদুপৰি কোনো খাদ্য ব্যৱস্থা নথকাকৈ হাতীকেইটা নি থকাৰো অভিযোগ উঠিছে৷ প্রশাসন–আৰক্ষীৰ এই ৰহস্যজনক স্থিতিৰ পিছতে এতিয়াও উত্তপ্ত হৈ আছে তিনিচুকীয়া৷ অৱশ্যে, ৰাষ্ট্রীয় সংবাদ মাধ্যমত চর্চিত খবৰ মতে গুজৰাটৰ মন্দিৰৰ মালিকানাধীন বৈধ নথিৰ আধাৰতে হাতীকেইটা এনেদৰে নি থকা হৈছিল৷ ইফালে, ত্রিপুৰা উচ্চ ন্যায়ালয়ৰ এক নিদের্শৰ দোহাই দি ২৩টাৰ ঠাইত ৪৯টা হাতী গুজৰাটৰ জামনগৰলৈ সৰবৰাহ কৰা বুলি চর্চা হৈছে৷ ইয়াৰ মাজতে প্রশ্ণ উঠিছে– কি আছে ত্রিপুৰা উচ্চ ন্যায়ালয়ৰ নির্দেশনাত? ত্রিপুৰা উচ্চ ন্যায়ালয়ে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ প্রজেক্ট এলিফেণ্ট ডিভিজনক ডত্তৰ–পূৱৰ প্রতিখন ৰাজ্যৰ মুখ্য ৱাহল্ড লাহফ ৱার্ডেনক নির্দেশনা জাৰি কৰিবলৈ নির্দেশ দিছে, যাতে বনৰীয়া হাতী ধৰা বন্ধ কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰে৷ মুখ্য ন্যায়াধীশ হন্দ্রজিত মাহান্তী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ বিচাৰপীঠে ডত্তৰ–পূৱ ভাৰতৰ, বিশেষকৈ ত্রিপুৰা আৰু অৰুণাচল প্রদেশৰ পৰা ৩নং গুজৰাটৰ জামনগৰস্থিত ৰাধেকৃষ মন্দিৰ, হস্তী কল্যান ন্যাসক জংঘলৰ পৰা ধৰি শিকোৱা হাতীৰ হস্তান্তৰ আৰু সৰবৰাহ নিষিদ্ধ কৰিবলৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ সপক্ষত দিয়া ৰায়ত ডক্ত নির্দেশ দিয়ে৷ একেটা ৰায়তে ডত্তৰ–পূব ৰাজ্যৰ পৰা হাতী সৰবৰাহৰ ক্ষেত্রত পূর্বতে সংঘটিত হাতী হস্তান্তৰ আৰু পৰিবহণৰ তদন্তৰো নির্দেশ দিছে৷ ৰাজহুৱা স্বার্থজড়িত আবেদনখনত দাবী কৰা হৈছিল যে ত্রিপুৰা আৰু অৰুণাচল প্রদেশ চৰকাৰে গুজৰাটৰ জামনগৰত থকা হস্তী শিৱিৰৰ সতে প্রায় ২৩টা হাতী হস্তান্তৰৰ প্রস্তাৱ গ্রহণ কৰিছিল৷ আদালতৰ মতে হাতীৰ হস্তান্তৰ কিম্বা আদান–প্রদানৰ ক্ষেত্রত কোনোধৰণৰ বিবেচনা নহ’ব৷ তদুপৰি হস্তান্তৰ কৰা হাতীৰ ক্ষেত্রত কোনো কাৰণতে বাণিজ্যিক ব্যৱহাৰৰ ডদ্দেশ্য নিহিত থাকিব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ৰ ডদ্ধৃতিৰে নির্দেশটোত কোৱা হৈছে৷ ব্যক্তিগত বা চৰকাৰী বিভাগৰ আওতাত থকা সকলো হাতীৰ নাম, মালিকীস্বত্বৰ প্রমাণপত্রৰ সবিশেষ, মাইক্র’চিপ নম্বৰ আৰু ফটোগ্রাফৰ সৈতে পিয়লৰ কৰিবলৈকো নির্দেশনাত কোৱা হৈছে৷ বন্দী অৱস্থাত থকা সকলো হাতীৰ মালিকীস্বত্বৰ প্রমাণপত্র পৰিদর্শন আৰু পৰীক্ষণ কৰি বিসংগতি ওলালে হাতী বাজেয়াপ্ত কৰিব লাগিব৷ নাবালক হাতীৰ ক্ষেত্রৰ ডি এন এ পৰীক্ষা পর্যন্ত ব্যৱস্থা কৰি প্রতিৰোধৰ ব্যৱস্থা কৰিব লাগিব৷ তদুপৰি ভাৰতৰ সর্বোচ্চ ন্যায়ালয়ে হাতী সৰবৰাহ সন্দর্ভত প্রাক্তন ন্যায়াধীশ দীপক বার্মাৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি (এহচ পি চি) গঠন কৰি দিছে৷ এহচ পি চিৰ পৰামর্শ অবিহনে হাতী সৰবৰাহৰ কোনোধৰণৰ অনুমতি প্রদান কৰা নহ’ব৷ প্রশ্ণ হ’ল– হমানৰ পাছতো কেনেকৈ ত্রিপুৰা উচ্চ ন্যায়ালয়ৰ নির্দেশৰ দোহাই দি ২৩টাৰ ঠাহত ৪৯টা হাতী পাৰ কৰাবলৈ সুযোগ লাভ কৰিলে?

You might also like