১০–১৫ বছৰত দিছপুৰৰ ক্ষমতালৈ আহিব ইউডিএফঃ বিধায়ক কৰিমউদ্দিন বৰভূঞা
আসন্ন ৰাজ্যসভা নির্বাচনত আপোনালোক সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ এই নির্বাচনী ফলাফলক লৈ আপোনালোক কিমান আশাবাদী?
ঃ আমি সম্পূর্ণ আশাবাদী৷ দুখন আসনৰ বাবে অনুষ্ঠিত এইবাৰৰ ৰাজ্যসভা নির্বাচনত দ্বিতীয়খন আসনত আমাৰ বিৰোধীৰ প্রার্থী জয়ী হোৱাটো নিশ্চিত৷
কিন্তু একে সময়তে বিৰোধীৰ একাংশই শাসকীয় পক্ষৰ সপক্ষে ভোটদান কৰিব বুলিও ব্যাপক চর্চা চলিছে৷ এই সংক্রান্তত আপুনি কি কয়?
ঃ এটা কথা স্পষ্ট– এআইইউডিএফৰ এটাও ভোট বিজেপিয়ে নাপায়৷ ১০০ শতাংশ ভোট কংগ্রেছেই পাব৷ এআইইউডিএফৰ ভোট বিজেপিয়ে যে নাপায়, সেই কথা জানিয়েই মুখ্যমন্ত্রীয়েও কৈছে– তেওঁলোকক এআইইউডিএফৰ ভোট নালাগে৷ মুখ্যমন্ত্রীৰ সেই কথাতেই স্পষ্ট হৈছে– এআইইউডিএফৰ ভোট বিজেপিয়ে নাপায়৷
বিগত দিনৰ ৰাজ্যসভা নির্বাচনৰ ৰাজনীতিলৈ চালে দেখা যায় যে এআইইউডিএফেও ক্রছ ভোটিং কৰিছে৷ এইক্ষেত্রত এইবাৰো যে নহ’ব কেনেকৈ কওঁ?
ঃ আদর্শৰ দিশৰ পৰা বিজেপিৰ লগত এআইইউডিএফৰ যথেষ্ট পার্থক্য আছে৷ কোনো ক্ষেত্রতে আদর্শৰ মিল নাই৷ এনে অৱস্থাত এআইইউডিএফৰ কোনো বিধায়কে বিজেপিক ভোট নিদিয়ে৷ তদুপৰি পূর্বৰ ৰাজ্যসভা নির্বাচনত এআইইউডিএফে কংগ্রেছৰ সপক্ষেহে ক্রছ ভোটিং কৰিছিল৷ বিজেপিক ভোট দিয়া নাছিল৷
একে সময়তে কংগ্রেছৰ একাংশই ৰাজ্যসভা নির্বাচনত বিজেপিৰ প্রার্থীক ভোট দিব বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ এই চর্চা সন্দর্ভত আপুনি কি কয়?
ঃ মুখ্যমন্ত্রীয়েও কেইবাবাৰো কৈছে– কংগ্রেছত তেওঁৰ ফিক্সড ডিপ’জিট আছে৷ মই আশা কৰোঁ, কংগ্রেছৰ ভোট যাতে অক্ষুণ্ণ থাকে আৰু আটাইকেইগৰাকী কংগ্রেছ বিধায়কে ৰাজ্যসভা নির্বাচনত কংগ্রেছ তথা বিৰোধীৰ উমৈহতীয়া প্রার্থীগৰাকীক সমর্থন আগবঢ়ায়৷ এতিয়ালৈ দেখা মতে, কংগ্রেছৰ বিধায়কসকল দলীয় প্রার্থীগৰাকীৰ লগতে আছে৷
মুখ্যমন্ত্রীৰ লগতে বিধানসভাৰ অধ্যক্ষয়ো ইতিমধ্যে স্পষ্ট কৰি দিছে যে ৰাজ্যসভা নির্বাচনত দলত্যাগবিৰোধী আইন কার্যকৰী নহয়৷ বিধায়কসকলে নিজৰ পছন্দ অনুসৰি ৰাজ্যসভা নির্বাচনত ভোটদান কৰিব পাৰে৷ তাৰ বাবে কোনেও তেওঁলোকক অযোগ্য ঘোষণা কৰিব নোৱাৰে৷ এই আইনৰ সুবিধা লৈ বিৰোধীৰ কোনো কোনোৱে শাসকপক্ষক ভোটদান কৰিব বুলি নাভাবেনে?
ঃ দলত্যাগবিৰোধী আইন কার্যকৰী নোহোৱাক লৈ কথা নাই৷ মূল কথাটো হৈছে– আদর্শ৷ ইয়াৰ লগত আদর্শৰ বিষয়টো জড়িত হৈ আছে৷ দল একোটা আদর্শৰ ওপৰত চলে৷ এআইইউডিএফৰ আদর্শৰ লগত বিজেপিৰ আদর্শ নিমিলে৷ সেয়ে আইনগত বাধা নাথাকিলেও এআইইউডিএফৰ বিধায়কসকলে বিজেপিক ভোট নিদিয়ে৷ ক’ব নাপায়, তথাপি কৈছোঁ– কোনো মুছলমান বিধায়কে বিজেপিক ভোট নিদিয়ে৷ কংগ্রেছকে ধৰি আন বিৰোধীয়েও নিজৰ আদর্শত অটল থাকিব বুলি ভাবোঁ৷
এইবাৰ ৰাজ্যসভা নির্বাচনত এআইইউডিএফে নিজা প্রার্থী দিয়াৰ পোষকতা কৰিছিল৷ কিন্তু কংগ্রেছ হাইকমাণ্ডৰ লগত হোৱা আলোচনা অনুসৰি এইবাৰ ৰাজ্যসভাৰ আসনত আপোনালোকে কংগ্রেছক সমর্থন দিব আৰু অহাবাৰ আপোনালোকক কংগ্রেছে সমর্থন দিব৷ পিছে গুৰুত্বপূর্ণ কথাটো হ’ল– যোৱা বিধানসভা নির্বাচনৰ সময়ত কংগ্রেছৰ লগত আপোনালোকৰ মিত্রতা হৈছিল৷ নির্বাচনী ফলাফলৰ পিছত মিত্রতা ভংগ হয়৷ এইবাৰ ৰাজ্যসভা নির্বাচনৰ সময়ত কংগ্রেছৰে পুনৰ মিত্রতা স্থাপন হয়৷ এইবাৰৰ মিত্রতা অনাগত দিনলৈ অক্ষুণ্ণ থকা সম্পর্কত কিমান আশাবাদী?
ঃ এই মিত্রতা স্থায়ী মিত্রতা বুলি নাভাবোঁ৷ কেৱল ৰাজ্যসভাৰ আসনক লৈহে বুজা–পৰা হৈছে৷ ৰাজ্যসভা নির্বাচনৰ পিছত পৰৱর্তী দিনবোৰত কি হয়, সেয়া সময়ে ক’ব৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত কংগ্রেছৰ লগত আমাৰ মিত্রতা হৈছিল৷ পৰৱর্তী পর্যায়ত আমাক একো নজনোৱাকৈ, কোনো আলোচনা নকৰাকৈ, চিঠি এখনো নিদিয়াকৈ কংগ্রেছে একপক্ষীয়ভাৱে মিত্রতা ভংগ কৰিছে৷ সেয়া দুর্ভাগ্যজনক আছিল৷ তৎসত্ত্বেও বিজেপিক প্রতিহত কৰাৰ স্বার্থত এআইইউডিএফে পুনৰ কংগ্রেছৰে মিত্রতা কৰাৰ লগতে ত্যাগ স্বীকাৰ কৰিছে৷ যোৱা বিধানসভা নির্বাচনতো এআইইউডিএফে যথেষ্ট উদাৰতাৰ পৰিচয় দি ত্যাগ স্বীকাৰ কৰি দখলত থকা আসনপর্যন্ত এৰি দিছে৷
যোৱা বিধানসভা নির্বাচনৰ সময়ত হোৱা মিত্রতা ছেদ কৰাৰ ক্ষেত্রত কংগ্রেছে সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি আপোনালোকৰে কৰা মিত্রতাৰ ফলত উজনি অসমত কংগ্রেছ দল বিধ্বস্ত হয়৷ তাৰ বাবেই তেওঁলোকে মিত্রতা ছেদৰ সিদ্ধান্ত গ্রহণ কৰে৷
ঃ যোৱা অক্টোবৰ মাহত অনুষ্ঠিত পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত এআইইউডিএফৰে কংগ্রেছৰ কোনো মিত্রতা নাছিল৷ তথাপি কংগ্রেছে কিয় জয়লাভ কৰিব নোৱাৰিলে৷ উজনি অসমৰ থাওৰা আৰু মৰিয়নি সমষ্টিত উপ–নির্বাচনত কংগ্রেছ প্রার্থীৰ আমানতৰ ধন কিয় বাজেয়াপ্ত হ’ল? সেই উপ–নির্বাচনততো এআইইউডিএফৰে কংগ্রেছৰ মিত্রতা নাছিল৷
লোকসভা নির্বাচনো সমাগত৷ অহা ২০২৪ত হ’বলগীয়া লোকসভা নির্বাচনত কংগ্রেছৰে এআইইউডিএফৰ মিত্রতা হোৱাৰ সম্ভাৱনা আছেনে?
ঃ সেয়া সময়ে ক’ব৷ এইক্ষেত্রত দলৰ ক’ৰ কমিটীয়ে সিদ্ধান্ত ল’ব৷ মিত্রতাৰ প্রসংগ আহিলে আমি নিশ্চিতভাৱে আসন বিচাৰিম৷ বিচৰা অনুসৰি আসন এৰি দিলে মিত্রতা হ’ব, এৰি নিদিলে মিত্রতা নহ’ব৷ আসন্ন লোকসভা নির্বাচনক লৈ দলৰ তৰফৰ পৰা অহা অক্টোবৰ–নৱেম্বৰ মাহৰ পৰা তৎপৰতা আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে দলে এখন আভ্যন্তৰীণ কমিটী গঠন কৰি দিছে৷ লোকসভা নির্বাচনক লৈ দলীয় সংগঠন আৰু স্থিতি আদিৰ বিষয়ে পর্যালোচনা কৰিবলৈ উক্ত কমিটীখন গঠন কৰি দিছে৷
ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ একাংশ বিধায়কে ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে৷ কিছুদিন পূর্বে আপোনালোকেও কংগ্রেছৰ একাংশ বিধায়ক এআইইউডিএফত যোগদানৰ বাবে যোগাযোগত থকাৰ বিষয়ে কৈছিল৷ বিষয়টো কি পর্যায়ত আছে?
ঃ কংগ্রেছৰ ২–৪জন বিধায়ক আমাৰ দলৰ সৈতে ‘ক্ল’জ টাচ্ছ’ত আছে৷ তেওঁলোকৰ এআইইউডিএফত যোগদানৰ সম্ভাৱনা আছে৷ কিন্তু এই মুহূর্তত সেইসকল বিধায়কৰ নাম ৰাজহুৱা নকৰোঁ৷
এআইইউডিএফৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পর্কত আপুনি কিমান আশাবাদী?
ঃ মই ভাবোঁ– পৰৱর্তী বিধানসভাত অর্থাৎ ২০২৬ৰ বিধানসভা নির্বাচনত এআইইউডিএফ বৃহৎ দল হিচাপে নির্বাচিত হৈ আহিব৷ ৰাজ্যৰ প্রধান বিৰোধী দল হিচাপে পৰিগণিত হ’ব৷ অহা ১০–১৫ বছৰৰ ভিতৰত এআইইউডিএফ দল ৰাজ্যখনৰ এক নম্বৰ দলত পৰিণত হ’ব আৰু এআইইউডিএফেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷
আপোনাৰ এই আশাৰ ভিত্তি কি?
ঃ দলটোৰ সাংগঠনিক কার্যকলাপ আৰু ভেটিৰ আধাৰতে সেই কথা কৈছোঁ৷ উজনি অসমতো ইতিমধ্যে সংগঠন যথেষ্ট শক্তিশালী হৈছে৷ বর্তমান ৰাজ্যখনত আঞ্চলিক ৰাজনৈতিক দলৰ পৰিচয় থকা একমাত্র দলটোৱেই হৈছে এআইইউডিএফ৷ বাকী আঞ্চলিক দল অগপ, ইউপিপিএল, বিপিএফ আদি ৰাষ্ট্রীয় দল বিজেপিৰ লগত মিলি গৈছে৷ কিন্তু দেশৰ ৰাজনীতিলৈ চালে দেখা যায়– উত্তৰ প্রদেশ, বিহাৰ, মহাৰাষ্ট্র, দিল্লী আদিত আঞ্চলিক দলেই সমগ্র ৰাজনৈতিক ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰি আছে৷ আমি আশাবাদী– অহা ১০–১৫ বছৰৰ ভিতৰত অসমতো এআইইউডিএফে চৰকাৰ গঠন কৰিবলৈ সমর্থ হ’ব৷ কাৰণ, দলৰ সভাপতি বদৰুদ্দিন আজমলে ৰাজ্যৰ শিক্ষা, স্বাস্থ্যখণ্ড, গুণগত শিক্ষা, উচ্চ শিক্ষা আদিৰ ক্ষেত্রত যি সহযোগিতা আগবঢ়াই আহিছে, সিয়ে ৰাজ্যখনক যথেষ্ট আগবঢ়াই নিব৷ আজমল ফাউণ্ডেচনৰ অধীনত যিসকলে সুবিধা লাভ কৰিছে, তেওঁলোকৰ ৫০ শতাংশই অনা–মুছলিম৷ দলৰ সভাপতি বদৰুদ্দিন আজমলে সামাজিক খণ্ডৰ বাবে কৰি অহা কাম–কাজৰ বাবে উজনি অসম, মধ্য অসমতো দলটোৰ গুৰুত্ব, জনসমর্থন বৃদ্ধি পাই আহিছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধানসভাৰ চলিত বাজেট অধিৱেশনত অসমত মুছলমানসকল এতিয়া সংখ্যালঘু নহয়, সংখ্যাগুৰুহে বুলি মন্তব্য কৰিছে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ মুখ্যমন্ত্রীয়ে ঠিক কথাই কৈছে৷ অসমত জনসংখ্যাৰ দিশৰ পৰা মুছলমানসকল একক বৃহৎ জনগোষ্ঠী৷ কিন্তু মুখ্যমন্ত্রীয়ে কৰাৰ দৰে ইয়াক লৈ কোনো শংকা কৰাৰ কাৰণ নাই৷ এই মুহূর্তত মুছলমানে মুখ্যমন্ত্রী হোৱাৰ সপোনো নেদেখে৷ এই মুহূর্তত মুছলমানসকলে কেৱল ৰাজ্যখনৰ উন্নয়নহে বিচাৰি আছে৷