নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত বিজেপিৰ যুৱ মৰ্চাৰ স্বচ্ছতা কাৰ্যসূচী 

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ শোণিতপুৰৰ বালিপৰাত আজি ভাৰতীয় জনতা পাৰ্টীৰ বালিপৰা মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি এক স্বচ্ছতা অভিযান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বালিপৰা-লখিমপুৰ পথস্থিত বিধায়ক সেৱা কেন্দ্ৰৰ প্ৰাংগণত যুৱ মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত হৈ হাতে-হাতে ঝাড়ু লৈ চৌহদ পৰিষ্কাৰ কৰি তোলে । অনুষ্ঠানত বালিপৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি অপূৰ্ব হাজৰিকা, সাধাৰণ সম্পাদক অনুজ ছেত্ৰীৰ লগতে সমূহ বিষয়ববীয়া, যুৱ মৰ্চাৰ জিলা পৰ্যায়ৰ বিষয়সকল উপস্থিত থাকে ।

You might also like