এক
যদিও ক্রিকেট বিশ্বৰ সার্বজনীন খেল নহয়, যদিও ভাৰত, বাংলাদেশ, পাকিস্তান আৰু শ্রীলংকাৰ দৰে দেশৰ বাহিৰে স্বয়ং ক্রিকেটৰ জন্মভূমি ইংলেণ্ডতে আজি খেলবিধৰ ডন্মাদনা নাই, তথাপি সৰুৰে পৰা ক্রিকেটৰ প্রতি একধৰণৰ বিশেষ দুর্বলতা আছিল৷ যদিও বজাৰৰ মসৃণ বেট–বলবোৰ আমাৰ বাবে ঢুকি নোপোৱা উচ্চতাত আছিল, তথাপি আমি ক্রিকেট নেখেলাকৈ থকা নাছিলোঁ৷ বাঁহ গছৰ মূঢ়া গোলকৈ কাটি তাৰে আমি ক্রিকেট বল সাজিছিলোঁ৷ কেতিয়াবা শিলগুটিত কাপোৰ মেৰিয়াই মেৰিয়ায়ো এই কাম কৰা হৈছিল৷ দাৰে নির্দিষ্ট ভাঁজত কাটি লোৱা কাঠৰ টুকুৰা আছিল আমাৰ ক্রিকেট বেট৷ পেড হিচাপে ব্যৱহাৰ কৰিছিলোঁ তামোলৰ ঢ়কুৱা৷ ঠিক যেন আমীৰ খান অভিনীত ‘লগান’ চিনেমাত খাজনা ৰেহাই পাবৰ বাবে ইংৰাজৰ ক্রিকেট দলৰ বিৰুদ্ধে খেলত অৱতীর্ণ হোৱা গাঁৱৰ ক্রিকেট দলটোৰ দৰেই আছিলোঁ আমি৷ শৈশৱ আৰু কৈশোৰত, এক নিভাঁজ গ্রাম্য পৰিৱেশত বাঁহৰ মুঢ়াৰ বলেৰে কৰা ক্রিকেটৰ সেই অনুশীলনে পাছৰ জীৱনতো আমাক সহায় কৰিছিল৷ পুলিচ একাডেমীত থকাৰ সময়তো আমি আন বিভিন্ন খেলৰ ডপৰি বৰ আগ্রহেৰে ক্রিকেট খেলত অংশ লৈছিলোঁ আৰু সফলতাও অর্জন কৰিছিলোঁ৷ ভাইটি শ্যামকানুৱেও অভিযান্ত্রিক মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত দক্ষতাৰে ক্রিকেট খেলিছিল আৰু শতক কোবাই প্রশংসা বুটলিছিল৷
সময়ৰ লগে লগে ক্রিকেটেও ৰূপ সলাইছে৷ লাঞ্চ ব্রেক, টী ব্রেকৰ মাজেৰে পাঁচ দিন ধৰি চলা আৰু খেলুৱৈসকলেও ধীৰে–সুস্থিৰে খেলা পৰম্পৰাগত টেষ্ট ক্রিকেটলৈ প্রথমে ভাবুকি আনিছিল এদিনীয়াই৷ শেহতীয়াভাৱে টেষ্ট আৰু এদিনীয়ালৈ ভাবুকি আনিছে বিশ্বজুৰি শিহৰণৰ সৃষ্টি কৰা ক্রিকেটৰ নৱযৌৱনা টি–টুৱেণ্টীয়ে৷ টি–টুৱেণ্টীৰ আৱির্ভাৱে বেটছমেনসকলক সংহাৰী কৰি তোলাই নহয়, ক্রিকেটকো আগ্রাসী কৰি তুলিছে৷ ভাৰতত বি চি চি আইৰ পৃষ্ঠপোষকতাত আয়োজিত পেছাদাৰী টি–টুৱেণ্টী টুর্নামেণ্ট আই পি এলে ক্রিকেটলৈ অভূতপূর্ব পৰিৱর্তন কঢ়িয়াই আনিছে৷ বিশ্বজুৰি প্রসিদ্ধি লাভ কৰা আই পি এল যে গ্লেমাৰ আৰু বিনোদনৰ ককটেইল, ইয়াত যে ক্রিকেটতকৈ বাণিজ্যইহে গুৰুত্ব লাভ কৰে, সেই কথা ইতিমধ্যে প্রমাণিত হৈছে৷ ইমান দিনে ছেগাচোৰোগাকৈ চলি থকা ক্রিকেটকেন্দ্রিক জুৱাখনকো যেন আই পি এলে সাৰ–পানী যোগালে৷ বৃহৎ চক্রৰ মাজতে সীমাবদ্ধ নাথাকি ক্রিকেটকেন্দ্রিক এই জুৱা সম্প্রতি গাঁৱলৈকে শিপাইছে৷ সহজ ধনৰ প্রতি লালায়িত, শ্রমবিমুখ এচাম লোক এই জুৱাৰ কবলত পৰি সর্বস্রান্ত হ’বলগীয়াও হৈছে৷ এই বাণিজ্যনির্ভৰ আগ্রাসী ক্রিকেটৰ সৈতে আমি তাহানি বাঁহৰ মূঢ়াৰে বল আৰু কাঠৰ টুকুৰাৰে বেট সাজি, তামোলৰ ঢ়কুৱাক পেড হিচাপে ব্যৱহাৰ কৰি খেলা ক্রিকেটৰ কোনো মিল নাই৷
দুই
কিছুদিন পূর্বে নগাঁৱৰ ৰূপহীবিলত বুৰি এজন যুৱকৰ মৃত্যু হৈছিল৷ কিছু লোকে এইবুলি অভিযোগ তুলিছিল যে ক্রিকেট খেলি থকা অৱস্থাত লকডাডন অমান্য কৰাৰ বাবে আৰক্ষীয়ে যুৱকজনক নির্মমভাৱে প্রহাৰ কৰিছিল আৰু আৰক্ষীৰ অধিক আক্রমণৰ পৰা হাত সাৰিবলৈ যুৱকজনে ৰূপহীবিলত জাঁপ দিয়াৰ ফলতে পানীত বুৰি তেওঁৰ মৃত্যু হৈছিল৷ চিলনীয়ে কাণখন নিলে বুলি কোৱাৰ পাছত কাণখন খেপিয়াই নোচোৱাকৈয়ে চিলনীৰ পিছে পিছে দৌৰা এচামে অভিযোগৰ সত্যাসত্য বিচাৰ নকৰাকৈয়ে ঘটনাটোক লৈ আৰক্ষীক গালি পাৰিবলৈ, আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ লাগি গ’ল৷ তেওঁলোকে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ স্বার্থত ক’ৰোনাকালত খেলা–ধূলাৰ প্রযোজনীয়তাৰ কথা ক’লে, পিছে ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে লকডাডন মানি চলাৰ প্রয়োজনীয়তাক লৈ তেওঁলোক নিমাত হৈ ৰ’ল৷ তেওঁলোকে অভিযোগৰ ভিত্তিতে আৰক্ষীক বর্বৰ আখ্যা দিলে, আৰক্ষীৰ আচৰণক অমানৱীয় বুলি অভিহিত কৰিলে, পিছে প্রত্যক্ষদর্শীৰ ভাষ্য আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলক তেওঁলোকে কৌশলেৰে এৰাই চলিলে৷ তেওঁলোক ক্রিকেটপ্রেমী হৈ পৰিল, আইন ভংগকাৰী খেলুৱৈকেইজনক নিষ্পাপ, নির্দোষ সজাবলৈ ডঠিপৰি লাগিল আৰু আইন ৰক্ষাকাৰী আৰক্ষীক তেওঁলোকে কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিলে, আমাকো প্রকাৰান্তৰে ক্রিকেট বৈৰী সজালে৷ ইপিনে নগৈ গডগাঁৱৰ বতৰা দিয়া বিশেষ বাতৰিকাকতত আৰক্ষীৰ ‘বর্বৰতা’ক লৈ সম্পাদকীয়ও প্রকাশ পালে৷ বিচাৰৰ আগতেই ৰায় প্রদান কৰি তাত লিখিলে যে ৰাজ্যখনত পুনৰ এজন যুৱকে আৰক্ষীৰ অত্যাচাৰত প্রাণ হেৰুৱাব লগা হ’ল৷ সম্পাদকীয়টোত লগতে কোৱা হ’ল যে এফালে লকডাডনসদৃশ পৰিস্থিতি আৰু আনফালে ৰাজ্যখনৰ লাখ লাখ যুৱক–যুৱতীয়ে সংস্থাপনৰ অভাৱত হাহাকাৰ কৰি থকা অৱস্থাত খেলা–ধূলাৰ জৰিয়তে নিজৰ স্বাস্থ্য আৰু মন দুয়োটাই সজীৱ কৰি ৰখাটো অতি প্রয়োজন৷ ইয়াকে নকৰিলে এইসকল যুৱকে মদ–ড্রাগ্ছ বা আন নিচাজাতীয় দ্রব্যৰ কবলত পৰি নিজৰ লগতে সমাজখনক ধ্বংস কৰি দিয়াৰ সম্ভাৱনাই অধিক৷ এইসকল যুৱক ধন্যবাদৰ পাত্র এইবাবেই যে তেওঁলোকে ঘৰৰ চুকে চুকে জুৱাৰ আড্ডাত বহা নাই৷ কথা হ’ল, ধন্যবাদ দিয়া আৰু তিৰস্কাৰ কৰা এই দুয়োটাৰে ক্ষেত্রত কিছু সাৱধান হোৱাটো বাঞ্ছনীয়৷ সেয়া আইন ভংগকাৰী যুৱকক ধন্যবাদ দিয়াৰ ক্ষেত্রতেই হওক অথবা জনহিত, জনসেৱার্থে কর্তব্যত নিয়োজিত হৈ থকা আৰক্ষীক তিৰস্কাৰ কৰাৰ ক্ষেত্রতেই হওক৷ বিশেষকৈ কাকত এখনৰ নীতি, স্থিতি আদি প্রতিফলিত হোৱা কাকতখনৰ আত্মাস্বৰূপ সম্পাদকীয়ত কাৰোবাক ধন্যবাদ দিয়া আৰু কাৰোবাক তিৰস্কাৰ কৰাৰ ক্ষেত্রত অধিক সাৱধান হোৱা ডচিত৷ কিয়নো ঘৰৰ চুকে চুকে জুৱাৰ আড্ডাত নবহি ক্রিকেট খেলাৰ বাবে যাক ধন্যবাদৰ পাত্র বুলি কোৱা হৈছে, তেওঁলোকে সেই দিনা প্রকৃততে জুৱাই খেলিছিল৷ সেই জুৱা আছিল ক্রিকেট জুৱা আৰু মৃত যুৱকজনো আছিল এগৰাকী ক্রিকেট জুৱাৰী৷ বিভিন্ন ভিতৰুৱা অঞ্চলত কিছু অসাধু লোকে ক্রিকেটৰ নামত জুৱা চলাই আহিছে আৰু ৰূপহীহাটতো সেয়াই হৈছিল৷ ৰূপহীবিলৰ সমীপত অনুষ্ঠিত হোৱা তথাকথিত ক্রিকেটখনো খেল নাছিল, আছিল অসাধু চক্রৰ জুৱা৷ ঘটনাক্রমে মৃত্যু হোৱা যুৱকজনো আছিল এই জুৱা চক্রৰ অন্যতম মূল জুৱাৰী, যি আনকি গর্ভৱতী মহিলাক লৈও জুৱা চলাইছিল৷ ঘটনাৰ দিনা আৰক্ষীৰ ডপস্থিতিত তেওঁলোক স্বাভাৱিকতেই ভীতিগ্রস্ত হৈছিল আৰু যেনি–তেনি ফৰিং ছিটিকা দিয়াৰ মাজতে যুৱকজনে সাঁতুৰিব নজনা সত্ত্বেও ৰূপহীবিলত জাঁপ দিয়াৰ ফলত পানীত বুৰি তেওঁৰ মৃত্যু হৈছিল৷ প্রত্যক্ষদর্শীৰ ভাষ্যও আছিল এয়াই৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতো আঘাতৰ কোনো ডল্লেখ নাছিল৷ ইয়াৰ বিপৰীতে আতুৰ হৈ সাঁতুৰিবলৈ চেষ্টা কৰাৰ ফলত বিলৰ কাঁইটীয়া জলজ ডদ্ভিদে হনা আৰু আঁচোৰাৰ চিনহে দেখিবলৈ পোৱা গৈছিল যুৱকজনৰ শৰীৰত৷ এনেস্থলত নগৈ গডগাঁৱৰ বতৰা দিয়াসকল ধন্যবাদ নে তিৰস্কাৰৰ পাত্র হ’ব, সেয়াও বিচার্যৰ বিষয়৷ বিডম্বনাৰ কথা এয়ে যে বিশ্বনাথ, কাছাৰ আৰু ডিব্রুগড জিলাত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাওঁতে, একেখন কাকতেই জিলাকেইখনত লকডাডনৰ সময়ছোৱাত আৰক্ষী কঠোৰ নোহোৱা বাবেই ক’ভিড গ্রাফ এইদৰে ওপৰলৈ যোৱা বুলি অভিযোগ তুলি সমালোচনাত মুখৰ হৈছিল৷ যি কি নহওক, ৰূপহীহাটৰ ঘটনাৰ বাবে আওপকীয়াকৈ হ’লেও আমাক ক্রিকেট বৈৰী সজাবলৈ চেষ্টা কৰাসকলক কওঁ–ক্রিকেট আমিও ভাল পাওঁ৷ পিছে আমি ভালপোৱা সেই ক্রিকেট খেল আছিল৷ আমাৰ বিৰোধ তথাকথিত ক্রিকেটৰ নামত চলা জুৱাৰ সৈতেহে, খেলৰ সৈতে নহয়৷
তিনি
একেটা সম্পাদকীয়তে ৰূপহীবিলৰ ঘটনাটোৰ বাবে আমাকো দোষাৰোপ কৰা হ’ল৷ কোৱা হ’ল– আমাৰ ৰাজ্যখনত আৰক্ষীয়ে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰাটোৱেই আৰক্ষীৰ একমাত্র কাম বুলি ধৰি লয়৷ সান্ধ্য আইন প্রৱর্তন কৰোঁতে আমিও তেনে ভাষাৰেই কথা কোৱাত, অর্থাৎ দাদাগিৰি কৰি কথা কোৱাত স্বাভাৱিকতেই হেনো আমাৰ আৰক্ষী বাহিনীটো এইক্ষেত্রত আৰু অধিক ডৎসাহিত হৈ পৰিল৷ আমি যি ভাষাৰে সান্ধ্য আইন সফল কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছিলোঁ, তেওঁলোকৰ ভাষাত আৰক্ষীক ‘বল প্রয়োগৰ অনুজ্ঞাপত্র’ দিছিলোঁ, তাক লৈও তেওঁলোকৰ ভীষণ আপত্তি৷ প্রশ্ণ হ’ল– প্রকৃততে আৰক্ষীৰ ভাষা, আৰক্ষীৰ আচৰণ কেনে হোৱা ডচিত?
সমাজে বিভিন্ন পদবীত কার্যনির্বাহ কৰা লোকসকলৰ বাবে তেওঁলোকৰ পদমর্যাদা অনুসৰি পালন কৰিবলগীয়া কিছুমান ভূমিকা নির্ধাৰণ কৰি দিয়ে৷ আমি যদি শূন্যৰ পৰা দহলৈকে থকা এপাট স্কেল বা মানদণ্ড কল্পনা কৰি লওঁ আৰু শূন্যক নৰম গণতান্ত্রিক আচৰণ বুলি গণ্য কৰোঁ, তেন্তে দহ হ’ব ইয়াৰ সম্পূর্ণ বিপৰীত৷ অর্থাৎ দহ হ’ব একনায়কত্ববাদী বা স্বৈৰাচাৰী আচৰণ৷ বেলেগ বেলেগ পদমর্যাদাধাৰীয়ে সমাজে সেই পদমর্যাদাৰ বিপৰীতে নির্ধাৰণ কৰি দিয়া ভূমিকা পালন কৰাটো সমীচীন৷ এই অর্থত এগৰাকী অধ্যাপকৰ স্থান হ’ব স্কেলপাটৰ চাৰি অথবা পাঁচৰ ওচৰে–পাঁজৰে৷ এগৰাকী মনোবৈজ্ঞানিক পৰামর্শদাতা (কাডন্সেলৰ)ৰ স্থান হ’ব দুই অথবা তিনিৰ আশে–পাশে, এগৰাকী শিল্পীৰ স্থান হ’ব তিনি অথবা চাৰিৰ আশে–পাশে আৰু এগৰাকী অসামৰিক প্রশাসকৰ স্থান হ’ব পাঁচ অথবা ছয়ৰ আশে–পাশে৷ সেইদৰেই আমাৰ দৰে আত্মমুখৰ, বিশৃংখল আৰু নিয়ম মানি বেয়া পোৱা এখন সমাজত আৰক্ষী বিভাগৰ এগৰাকী মুৰব্বীৰ স্থান আঠতকৈ তলত হোৱা ডচিত নহয়৷ সমাজে নির্ধাৰণ কৰি দিয়া ভূমিকাসমূহ যদি সঠিকভাৱে পালন কৰা নহয়, তেনেহ’লে কেৱল সেই পুতৌজনক সম্পাদকীয়টোৰ ক্ষেত্রতে নহয়, সামগ্রিকভাৱে আমাৰ যি সামাজিক বান্ধোন সেয়া বিশৃংখল, ওলট–পালট হৈ যাব৷ এবাৰ শিল্পী, কাডন্সেলৰ অথবা অধ্যাপকক স্কেলপাটৰ ন নম্বৰ স্থানত কল্পনা কৰকচোন সেইদৰেই আৰক্ষীয়ে যদি স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানত নিজকে থিয় কৰায়, তেনেহ’লে ক্রিকেটৰ নামত চলা জুৱাৰ দৰে ঘটনাও ঘটি থাকিব আৰু ক’ৰোনায়ো অধিক ভয়াৱহ ৰূপত নিজৰ তাণ্ডৱ নৃত্য চলাই থাকিব৷ অৱশ্যে, অসম আৰক্ষীয়ে যে কেতিয়াও স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানত নিজকে থিয় নকৰায়, তেনে কথাও নহয়৷ অসম আৰক্ষীৰ আশ্বাস, শিশু আৰু নাৰী মিত্র আদিৰ দৰে প্রকল্পত আৰক্ষীয়ে যেতিয়া কাডন্সেলৰৰ ভূমিকা পালন কৰে, তেতিয়া আৰক্ষীয়ে নিজকে স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানতে থিয় কৰায়৷ প্রথমবাৰ লকডাডনৰ সময়ত, আগতে সন্মুখীন নোহোৱা এক অচিনাকি কঠিন সময়ৰ সন্মুখীন হৈ দিক–বিদিক হেৰুৱাই পেলোৱা দুখীয়া লোকসকলক সাধ্য অনুযায়ী খাদ্য–সামগ্রী আগবঢ়াওঁতে, অকলশৰীয়া বৃদ্ধ লোকসকলক ঘৰতে ঔষধ–পাতি আদি যোগান ধৰোঁতে, ঘৰৰ ভিতৰতে সোমাই থাকি মানসিক সমস্যাত ভোগা লোকসকলৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰোঁতে, পদপথৰ অঘৰী লোকসকলৰ ভোক নিবাৰণৰ প্রয়াস কৰোঁতে, আনকি হোটেল–ৰেষ্টুৰেণ্ট আদি বন্ধ থকাৰ ফলত এৰেহা খাবলৈ নাপাই ভোকত থকা বাটৰ কুকুৰ, গৰু আদিক খোৱাবস্তু দিয়াৰ ব্যৱস্থা কৰোঁতেও আৰক্ষীয়ে নিজকে স্কেলপাটৰ দুই অথবা তিনি নম্বৰ স্থানতে থিয় কৰাইছিল৷ ইয়াৰ বিপৰীতে সমাজত অশান্তি বিয়পোৱা অপৰাধীৰ ক্ষেত্রত, অসামাজিক কামত লিপ্ত অসাধু চক্রৰ ক্ষেত্রত অসম আৰক্ষীয়ে শূন্য সহনশীল নীতিৰে নিজৰ ভূমিকা পালন কৰিব আৰু কোনো কাৰণতে সেই স্কেলপাটত নিজকে আঠৰ তলত চাবলৈ নিবিচাৰিব৷
এক কথাত ক’বলৈ গ’লে আমি পৰিস্থিতিয়ে দাবী কৰা অনুসৰি আমাৰ ভূমিকা পালন কৰোঁ, কিছুমান সম্পাদকীয়ৰ আঙুলিৰ ঠাৰত নহয়৷ আমি ভাবোঁ, নিজকে একোখন সমাজৰ পথ প্রদর্শক বুলি ভবা আৰু নগৈ গডগাঁৱৰ বতৰা দিবলৈ বিচৰাসকলেও ডল্লিখিত কাল্পনিক স্কেলপাটৰ সঠিক স্থানত নিজকে থিয় কৰাই সমাজে নির্ধাৰণ কৰি দিয়া ভূমিকা পালন কৰা ডচিত৷ বিচাৰৰ আগতেই ৰায় দিবলৈ যত্ন কৰাটো স্বৈৰাচাৰী প্রৱণতাৰে প্রতিফলন৷ এনে প্রৱণতাৰ বাবে তেওঁলোকে বহুক্ষেত্রত সমাজে নির্ধাৰণ কৰি দিয়া ভূমিকা পাহৰি যায়৷ দহৰ আশে–পাশে অৱস্থান কৰাৰ প্রৱণতা পৰিহাৰ কৰি তেওঁলোকে দুই অথবা তিনিৰ আশে–পাশে অৱস্থান কৰিলেহে সমাজৰ অধিক মংগল হ’ব বুলিও আমি ব্যক্তিগতভাৱে আৰু দৃঢ়তাৰে বিশ্বাস কৰোঁ৷