নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত আৰক্ষীৰ গুলীত আহত আলফাৰ লিংকমেন

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ আলফা (স্বাধীন)ৰ নামত ধন দাবী কৰি উক্ত ধন নিবলৈ আহঁোতে পূর্বৰ পৰাই সষ্টম হৈ থকা আৰক্ষীৰ গুলীত আহত হয় এজন সন্দেহযুক্ত আলফাৰ লিংকমেন৷ ডিব্রুগড জিলা আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্রই জানিবলৈ দিয়া মতে, প্রায় এক সপ্তাহৰ পূর্বে নাহৰকটীয়াৰ জয়পুৰস্থিত সাৰদা টী ফেক্টৰীত আলফা (স্বাধীন)ৰ পেডত দুটা জীৱিত গুলীসহ আলফাৰ সহকাৰী বিত্ত সচিব মাইকেল অসম স্বাক্ষৰিত এখন পত্রযোগে ২০ লাখ টকা দাবী কৰিছিল৷ এই ধন দাবী পত্রৰ খবৰ লাভ কৰাৰ পৰাই সষ্টম হৈ পৰিছিল আৰক্ষী৷ বুধবাৰে পুৱা এ এছ–০৬ এ ডি–৬৭৬০ নম্বৰৰ বাজাজ পালছাৰ মটৰচাইকেলেৰে জয়পুৰ চাহ বাগিচাৰ সমীপত নির্ধাৰিত কৰি দিয়া স্থানত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ সন্মুখীন হয় টিংখাং ২নং কচলুপথাৰৰ সন্দেহজনক আলফাৰ লিংকমেন বাবুল ডেকা৷

পূর্বৰ পৰাই সেই স্থানত খাপপিটি থকা ডিব্রুগডৰ আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্র, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া আৰু নামৰূপৰ উপ–আৰক্ষী অধীক্ষক নৱ কুমাৰ বডাৰ নেতৃত্বত উপস্থিত আৰক্ষীৰে মুখামুখি হয়৷ আৰক্ষীৰ বৃহৎ দলটোক দেখি দাবী কৰা ধন লৈ পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে বাবুল ডেকাৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত বাঁওভৰিত আঘাতপ্রাপ্ত হয় ধৃত বাবুল ডেকা৷ আৰক্ষীৰ প্রশ্ণত পাহাৰৰ পৰা আলফাই ধন নিবলৈ পঠিওৱাৰ কথা স্বীকাৰ কৰাৰ লগতে সাৰদাৰ দৰেই জয়পুৰৰ উল্লাহ গ্রুপৰ সৰুজান টী ফেক্টৰী আৰু ধাপি টী ফেক্টৰীতো আলফাই ধন দাবী কৰাৰ কথা স্বীকাৰ কৰে ধৃত বাবুল ডেকাই৷ অৱশ্যে এয়া প্রকৃত আলফা (স্বাধীন)ৰ কার্য নে ভুৱা আলফা সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে৷

ধৃত বাবুল ডেকাক জয়পুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৪ ধাৰাৰ অধীনত জয়পুৰ থানাৰ ২৬/২১ নম্বৰৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৮৭/৩৪ আৰ ডব্লিউ ধাৰা ২৫(১)–এ এ আর্মছ এক্ট ১৯৫৯ আৰু ইউ এ পি এক্টৰ ১০/১৩ ধাৰাৰ অধীনত জয়পুৰ থানাত ৫৫/২১ নম্বৰৰ গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰি চিকিৎসাৰ বাবে প্রথমে নাহৰকটীয়াৰ দীঘলা পথাৰস্থিত অসামৰিক চিকিৎসালয়লৈ আৰু পিছত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড অসম মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷ ইফালে উক্ত ধন দাবী ঘটনাৰ সম্ভেদ লাভ কৰি সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ উপ–সভাপতি তথা সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল পৰেশ অসমে সংবাদ মাধ্যমলৈ এক বিবৃতি প্রেৰণ কৰিছে৷

বিবৃতিত উল্লেখ কৰা অনুসৰি যোৱা ১৫/০৫/২০২১ তাৰিখে আলফা (স্বাধীন)–এ একপক্ষভাৱে যুদ্ধবিৰতি ঘোষণা কৰাৰ পৰা আজিপর্যন্ত সংগঠনৰ কোনো সেনানীয়ে কোনো ব্যক্তি আৰু প্রতিষ্ঠানৰ পৰা ধন সংগ্রহ কার্যত জডিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে৷ এই সন্দর্ভত সংগঠনৰ মজিয়াত কঠোৰ নির্দেশনা জাৰি কৰা হৈছে আৰু একপক্ষ যুদ্ধবিৰতি বাহাল থকালৈকে এই নীতি–নির্দেশনা ভংগ কৰা নহয় বুলিও উল্লেখ কৰে৷ কিন্তু বিগত কেইদিনমানৰ পৰা সংগঠনটোৰ নাম লৈ একাংশ দুষ্টচক্রই বিভিন্ন স্থানৰ পৰা ধন সংগ্রহ কৰাৰ অপচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰে৷ লগতে চেম্বার্চ অৱ কমার্চৰ নামত প্রতিষ্ঠান খুলি একাংশ অসাধু আৰক্ষী বিষয়া আৰু ব্যৱসায়ীয়ে আলফা স্বাধীনৰ সেনাধ্যক্ষৰ নামত অনা–সমীয়া ব্যক্তিৰ পৰা কোটি কোটি টকা সংগ্রহ কৰাৰ তথ্য লাভ কৰাৰ এক গুৰুতৰ অভিযোগ আনি সেনাধ্যক্ষজনে চেম্বার্চ অৱ কমার্চৰ এনে দুষ্কার্য অনতিপলমে বন্ধ কৰিবলৈ কয়৷ অন্যথা কঠোৰ শাস্তি ভুগিবলৈ প্রস্তুত থাকিবলৈ এই বিবৃতিৰ জৰিয়তে ভাবুকি দিয়ে৷

You might also like