নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতাজী সুভাষ চন্দ্র বসু

-ৰঞ্জন চৌধুৰী

নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্মবার্ষিকী পালনৰ মুহূর্তত কিছু চিন্তা মনলৈ অহাটো স্বাভাৱিক৷ ভাৰত যেতিয়া ঔপনিৱেশিক শাসকৰ অধীনত, তেতিয়া সাম্প্রদায়িকতা ডদ্ভৱৰ সময়ত সুভাষ বসুৰ ভূমিকা সম্পর্কে মূল্যায়ন অতি প্রণিধানযোগ্য আছিল৷ তেওঁৰ মতে, ইংৰাজৰ শাসনকালত ভাৰতীয়সকল যেতিয়া অনুভৱ কৰিবলৈ সক্ষম হ’ল যে তেওঁলোক বিদেশীৰ অধীনত বাস কৰি আছে আৰু এই ইংৰাজসকলে দেশত সাম্প্রদায়িকতাৰ ডত্থান ঘটাইছে, দেশৰ মানুহবোৰক হিন্দু–মুছলমানৰ ৰাজনীতিৰে দেশ শাসনৰ মাধ্যম কৰি লৈছে, তেতিয়া চিত্তৰঞ্জন দাসে অগ্রণী ভূমিকাৰে ১৯২৩ চনতে ‘বেংগল পেক্ট’ ৰচনা কৰি সামাজিক আৰু অর্থনৈতিক বৈষম্য অপসাৰণৰ চেষ্টা চলাইছিল আইন সভাত জনসংখ্যাৰ অনুপাত আৰু পৃথক নির্বাচক মণ্ডলীৰ দ্বাৰা স্থানীয় প্রশাসনে সংখ্যাগৰিষ্ঠ সম্প্রদায় আৰু সংখ্যালঘু সম্প্রদায়ৰ প্রতিনিধিত্ব থাকিব ৬০ শতাংশ আৰু ৪০ শতাংশ৷ ইয়াৰ বাহিৰেও চৰকাৰী চাকৰিত মুছলমানৰ ৫৫ শতাংশ আসন সংৰক্ষিত থকাৰ পৰামর্শ ৰাখিলে, যাৰ ফলত ‘বেংগল পেক্ট’ৰ দ্বাৰা মুছলমান সম্প্রদায়ৰ ওচৰত চিত্তৰঞ্জনৰ গ্রহণযোগ্যতা বৃদ্ধি পাইছিল৷ কিন্তু ১৯২৫ চনৰ ১৬ জুনত চিত্তৰঞ্জন দাসৰ মৃত্যুৰ পাছত বংগৰ ৰাজনীতিত বিশৃংখলতাৰ সৃষ্টি হৈছিল৷ আনফালে ১৯২৪ চনৰ ২৫ অক্টোবৰত সুভাষ বসুক ইংৰাজে গ্রেপ্তাৰ কৰিছিল৷ সেয়ে ১৯২৬ চনৰ ইতিহাসত হিন্দু–মুছলমান ডভয় সম্প্রদায়ৰ সাম্প্রদায়িক বিৰোধ দেখা দিছিল৷ সেই সময়ত সুভাষ বসু মন্দালয় জে’লত বন্দী হৈ আছিল কিন্তু বংগৰ পৰিস্থিতি সম্পর্কে জানিব পাৰি তেওঁ মর্মাহত হৈ পৰিছিল আৰু তেওঁৰ অনুভৱ ব্যক্ত কৰি কৈছিল যে সাংসৃকতিক ঐক্যৰ মাধ্যমেৰে গঠনমূলক ঐক্য–সদ্ভাৱ তেওঁৰ মতে, কোনো সাম্প্রদায়িক সংঘর্ষ হঠাতে সংঘটিত হ’ব নোৱাৰে, ইয়াৰ বাবে পূর্বপৰিকল্পনা হ’বই লাগিব৷ তেখেতে বংগৰ প্রতিজনক সজাগ হৈ থকাৰ আবেদন জনাইছিল, লগতে তেওঁ আলী ভাতৃদ্বয় আৰু স্বামী সহজানন্দৰ দৰে ব্যক্তি আৰু সাম্প্রদায়িক নেতাসকলৰ ডত্তেজনামূলক বত্তৃণতাৰ পৰা আঁতৰি থাকি শীতল মস্তিষ্কৰে বিচাৰ–বিশ্লেষণৰ দ্বাৰা কথাবোৰ বুজিবলৈ চেষ্টা কৰিবলৈ আহ্বান জনাইছিল৷ সুভাষ বসুৱে ১৯২৭ চনৰ ২ মে’ত জে’লৰ পৰা মুক্তিলাভ কৰিয়েই হিন্দু–মুছলমানৰ সহযোগিতাৰে, বন্বুূত্বপূর্ণ সম্পর্ক গঢ়ি হাতে হাত মিলাই কাম কৰিবলৈ আহ্বান জনাইছিল৷ লগতে তেওঁ হিন্দু মহাসভাৰ সভাপতি বালকৃষ শিৱৰাড মুন্সেৰৰ বক্তব্যৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনাই (ভাৰতৰ স্বাধীনতা সম্পর্কিত সংগ্রামৰ লগত ভাৰতৰ জাতীয় কংগ্রেছৰ কার্যাৱলীৰ অন্তর্ভুক্ত) হিন্দু মহাসভাৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছিল৷ সুভাষ বসুৱে সঁচা অর্থত হিন্দু–মুছলমানৰ সমস্যাক ধর্মীয় আবেদনেৰে নহয়, ৰাজনৈতিকভাৱে সমাধান কৰাটো বিচাৰিছিল৷ ১৯৩০ চনত সুভাষ চন্দ্র বসু কলিকতা কর্প’ৰেচনৰ মেয়ৰ নির্বাচিত হৈছিল তেওঁ সদায়েই মুছলমানসকলৰ আস্থা অর্জনৰ প্রতি সচেতন আছিল৷ বংগ সাহিত্যত মুছলমানসকলৰ ভূমিকা যে হিন্দুসকলৰ সমানে, তাক তেওঁ স্বীকাৰ কৰি লৈছিল৷ সাম্প্রদায়িক ৰাজনীতিৰ প্রতি যে কংগ্রেছীসকল ডদাসীন তাক লৈ তেওঁ সমালোচনাও কৰিছিল৷ ১৯৩৮ চনত সুভাষ বসু কেৱল ভাৰতীয় জাতীয় কংগ্রেছৰ সভাপতি হৈ আছিল তেনে নহয়, সমান্তৰালভাৱে তেখেতে বংগীয় প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি হৈ আছিল আৰু ৮ জুনৰ পৰা ১০ জুনলৈকে তেখেতে পূর্ববংগ যাত্রা কৰিছিল৷ তেতিয়া তাৰে বহু মুছলমান তেওঁৰ প্রতি আকর্ষিত হৈ কংগ্রেছত যোগদান কৰিছিল কাৰণ সুভাষ বসুৱে হিন্দু–মুছলমানৰ সমস্যাক কেতিয়াও ধর্মৰ ভিত্তিৰে নহয়, বৰঞ্চ ইয়াক অর্থনৈতিক ৰূপত সমাধান হোৱাটো বিচাৰিছিল৷ তেওঁৰ মতে, এজন মুছলমান কৃষক আৰু এজন মুছলমান জমিদাৰৰ মাজত যিমানখিনি মিলাপ্রীতি, তাতোকৈ বেছি মিলাপ্রীতি হৈছে এজন মুছলমান কৃষক আৰু হিন্দু কৃষকৰ মাজত৷ ধর্মক লৈ নহয়, অর্থনৈতিক ব্যাখ্যাৰেই সুভাষ বসুৱে সামাজিক সৌহার্দ্য বজাই ৰখাটো বিচাৰিছিল৷ তেওঁ কৈছিল– ‘হিন্দু–মুছলমানৰ স্বার্থ পৰস্পৰ পৰিপন্থী– এই কথা যিসকলে কয় তেওঁলোক কেতিয়াও শুদ্ধ নহয়৷ খাদ্যৰ অভাৱ, নিবনুৱা সমস্যা, জাতীয় শিল্পৰ অৱক্ষয়, মৃত্যুৰ হাৰ বৃদ্ধি, শিক্ষাৰ অভাৱ, স্বাস্থ্যহীনতা এইবোৰ বিষয়ত হিন্দু–মুছলমানৰ স্বার্থ অভিন্ন৷’ জীৱনৰ পৰৱর্তী সময়ছোৱাত অর্থাৎ ৰাজনৈতিক জীৱনত সুভাষ বসুৱে সাম্প্রদায়িক সমস্যা সমাধানৰ ক্ষেত্রত গভীৰভাৱে নিজকে নিমগ্ণ কৰিছিল৷ ১৯৩৮ চনত মুছলিম লীগৰ সভাপতি জিন্নাৰ লগত হিন্দু–মুছলমানৰ সমস্যা সমাধানৰ বাবে পত্রৰ দ্বাৰা আলোচনা কৰিছিল৷ যদিও ১৯৩৯ চনৰ ৩ ছেপ্ঢেম্বৰত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল লগতে ১১ আগষ্ট, ১৯৩৯ চনত সুভাষ বসু কংগ্রেছৰ পৰা বহিষৃকত হৈ গৈছিল৷ ইতিমধ্যে ১৯৩৯ চনৰ ৩ মে’ত ফৰৱার্ড ব্লক গঠন কৰিছিল তেওঁ আৰু ১১ আগষ্ট, ১৯৪০ চনত ফৰৱার্ড ব্লকৰ বাতৰিকাকতৰ জৰিয়তে কংগ্রেছক সংগ্রাম আৰম্ভ কৰাৰ অনুৰোধ কৰিছিল আৰু আশা প্রকাশ কৰি কৈছিল যে শক্তিশালী কার্যসূচীৰ দ্বাৰাই কংগ্রেছৰ ঐক্য সাধন হ’ব দৃঢ় আৰু স্থায়ীভাৱে হিন্দু–মুছলমানৰ সমস্যাৰ সমাধান হ’ব৷ ঐক্য প্রতিষ্ঠাৰ বাবে সুভাষ বসুৱে ৩ জুলাই, ১৯৪০ চনত ‘চিৰাজদৌল্লা দিৱস’ পালনৰ আহ্বান জনাইছিল, কিন্তু পৰিতাপৰ বিষয় তেওঁক এদিন পূর্বেই অর্থাৎ ২ জুলাইত গ্রেপ্তাৰ কৰা হৈছিল৷ আগন্তুক দিনত ‘আই–এন–এ’ৰ সংগঠনতো মুছলমান বিষয়াসকলক নিযুক্তি দিছিল আৰু নিজৰ আস্থা মুছলমানৰ প্রতি অটুট ৰাখিছিল৷ শাহনওৱাজ খান, আবিদ হাছান আৰু এম জেড কিয়ানিক তেওঁৰ ‘আই–এন–এ’ৰ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল৷ সুভাষ বসুৱে ধর্মক সম্পূর্ণৰূপে ডগ্র জাতীয়তাবাদৰ পৰা পৃথকে ৰাখিছিল তেওঁ প্রচণ্ড ধার্মিক আছিল যদিও আনৰ ধর্মক কেতিয়াও সৰু বুলি গণ্য নকৰিছিল৷ তেওঁ আনৰ সন্মুখত কেতিয়াও নিজধর্মী প্রার্থনা নকৰিছিল, ধর্ম সম্পর্কীয় ভেদাভেদক তেওঁ সমূলি ভাল নাপাইছিল৷ তেওঁৰ হিন্দু–মুছলমান–শিখ্ সকলোকে লৈ আগবাঢ়ি যোৱা মনোভাবে আজাদ হিন্দ ফৌজক অনুপ্রাণিতও কৰিছিল৷ আজাদ হিন্দ ফৌজত কোনোধৰণৰ ধর্মগত সাম্প্রদায়িক বিদ্বেষ ভাব নাছিল৷ প্রতিজন সদস্যৰেই নিজ নিজ ধর্মমত অনুসৰি ডপাসনা কৰাৰ অধিকাৰ আজাদ হিন্দ ফৌজত আছিল৷ স্বাধীনতা সংগ্রামত মুছলিম সহযোগিতাৰ বাবে সুভাষ চন্দ্র বসু অভিযুক্ত হৈ ঘোষণা কৰি কৈছিল– ‘গোটেই পৃথিৱীয়ে জানি লওক, আমাৰ শত্রুসকলেও জানক যে পূর্ব এছিয়াৰ ধর্ম–জাতি নির্বিশেষে সকলো ভাৰতীয় ঐক্যবদ্ধ আৰু তেওঁলোকে সাধাৰণ মাতৃভূমিৰ স্বাধীনতাৰ বাবে সংকল্পবদ্ধ৷ ডল্লেখনীয় যে ‘আই–এন–এ’ৰ সৈন্যসকল (হিন্দু–মুছলমান ডভয়ে) একেলগে থকা, খোৱা–বোৱা কৰিছিল ইয়াৰ পৰাই আমি বুজি পাব লাগিব যে নেতাজীয়ে স্বাধীনতাপ্রাপ্তিৰ বাবে সাম্প্রদায়িকতাক কেতিয়াও প্রশ্রয় দিয়া নাছিল৷ যেতিয়া সুভাষ বসু কংগ্রেছৰ সভাপতি হৈছিল, তেতিয়া তেওঁ কংগ্রেছৰ সদস্যসকলক কোনো সাম্প্রদায়িক সংগঠনৰ লগত সম্পর্ক নৰখাৰ কথা কৈছিল৷ এই বক্তব্যৰ পাছত শ্যামা প্রসাদ মুখার্জীৰ লগত নেতাজীৰ তর্ক–বিতর্ক হৈছিল৷ সেই সময়ত সচেতন মহলত চর্চিত হৈছিল যে শ্যামা প্রসাদৰ দলৰ লোকসকলে নেতাজী সুভাষ বসুক হত্যাৰ ষডযন্ত্র কৰিছিল৷ নেতাজীৰ মতে, সাম্প্রদায়িক শক্তিসমূহ হৈছে বিষাক্ত মায়াজাল স্বৰূপ৷ ১৯৪০ চনৰ ১২ মে’ত ঝাডগ্রামত অনুষ্ঠিত এক জনসভাত তেওঁ বক্তব্য দিছিল যে হিন্দু মহাসভাৰ ত্রিশূলধাৰী সন্ন্যাসীসকলক কামত লোগোৱা হৈছে ৰাজনীতিত ঠাই পোৱাৰ ডদ্দেশ্যে৷ তেখেতে আৰু কৈছিল যে এই গেৰুৱা বসনধাৰীসকলে হিন্দু ধর্মৰ দোহাই দি কেৱল হিন্দু ধর্মক অপমানিত কৰাই নহয়, ধর্মক অপৱিত্রও কৰিছে৷ গতিকে এইসকল দেশদ্রোহী বিশ্বাসঘাতক তথা ধর্মদ্রোহী হিন্দু মহাসভাৰ আৰু হিন্দুত্ববাদীসকলক সমাজৰ পৰা বর্জন কৰাটো হিন্দুসকলৰ কর্তব্য হোৱা ডচিত৷ গতিকে নেতাজীৰ ডপৰিডক্ত বক্তব্যক যদি আমি তথ্যসহকাৰে অতি সূক্ষ্ম দৃষ্টিৰে বিশ্লেষণ কৰি চাওঁ, তেন্তে নতুনকৈ চিন্তা কৰাৰ শক্তি পাম৷ এতিয়া যে সুভাষ বসুক লৈ হিন্দুত্ববাদীসকলে ৰাজনৈতিক খেল খেলিছে আৰু নেতাজীক নিজৰ আইকন বনোৱাৰ চেষ্টা কৰিছে, তাত কিন্তু সুভাষ বসুৰ ৰাজনৈতিক সপোনৰ লগত তেওঁলোকৰ কোনোধৰণৰ সামঞ্জস্য নাই৷ সুভাষ বসুৰ সপোন আছিল ঐক্যবদ্ধ ভাৰতৰ, য’ত জাত–পাত–ধর্মৰ কোনো স্থান নাছিল তেওঁৰ আদর্শৰ লগত হিন্দুত্ববাদীৰ আদর্শৰ কোনো মিলেই নাই৷ ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজী সুভাষ বসুৰ অৱদানৰ কথা প্রতিজন ভাৰতবাসীৰ জ্ঞাত৷ এওঁৰ ১২৫সংখ্যক জন্ম শতবার্ষিকী ২০২২ চনত হ’ব, কিন্তু ইয়াৰ বাবে ২০২১ৰ ২৩ জানুৱাৰীৰ পৰাই পালনৰ যো–জা কৰা হৈছে৷ এইজনা মহান নেতাৰ মৃত্যুৰ ৰহস্য আজিও সমাধান হোৱা নাই৷ এই বিষয়ক লৈ দুটা পক্ষৰ দুটা মত আছে৷ এটা পক্ষই তেওঁৰ মৃত্যু বিমান দুর্ঘটনাত হৈছে বুলি ভাবে, আনটো পক্ষই ইয়াক মানি ল’ব নোখোজে৷ ১৯৫৬ চনৰ শাহনওৱাজ কমিটীৰ পাছত খোজলা কমিছনৰ ৰিপ’টত কোৱা হৈছিল যে তাইহাকুত বিমান দুর্ঘটনাতেই নেতাজীৰ মৃত্যু ঘটিছিল৷ ১৯৭৭ চনত মোৰাৰজী দেশাই প্রধানমন্ত্রী হৈ থাকোঁতে নেতাজীৰ অন্তর্ধানৰ বিষয়ত জানিবলৈ নতুন কমিছন গঠন হোৱাটো বিচাৰিছিল৷ তেওঁ তেতিয়া কেন্দ্রৰ হাতত থকা ১ হাজাৰ নেতাজী সংক্রান্ত ফাইল সাধাৰণ জনতাৰ সন্মুখলৈ ডলিয়াই দিছিল, পাছত নৰেন্দ্র মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দুবাৰকৈ কিছু ফাইল ডি–ক্লাছিফাই কৰি প্রকাশ কৰে৷ কেৱল মোৰাৰজী দেশায়েই নহয়, নেতাজী সুভাষ বসুৰ অন্তর্ধান বিষয়ৰ সত্যতা বিচাৰি বিভিন্ন সময়ত ডৎসাহ দেখুৱাইছিল প্রাক্তন ৰাষ্ট্রপতি শংকৰ দয়াল শর্মা, প্রধানমন্ত্রী ভি পি সিং, চন্দ্রশেখৰ, আই কে গুজৰালেও৷ অৱশেষত ১৯৯৯ চনৰ ১৪ মে’ত অটল বিহাৰী বাজেপেয়ীৰ সময়ত বিচাৰপতি মনোজ মুখার্জী কমিছন গঠন হৈছিল, ২০০৫ চনত ৰিপ’ট জমা কৰিছিল, ১৭ মে’, ২০০৬ চনত এই ৰিপ’ট সংসদত দাখিল কৰা হয়৷ তাত কোৱা হয় যে তাইহাকুৰ দুর্ঘটনাৰ বাবে নেতাজীৰ মৃত্যু হোৱা নাছিল৷ সংসদত আলোচনাৰ পাছত এই ৰিপ’ট প্রত্যাখ্যান কৰিলে ইড পি এ চৰকাৰে৷ ২০১৪ চনত মোদী প্রধানমন্ত্রী হোৱাৰ পাছত মুখার্জী কমিছনৰ দ্বাৰা প্রধানমন্ত্রীক এই ৰিপ’টক মান্যতা দিয়াৰ কথা কোৱা হয় যদিও আজিলৈকে এই কাম হৈ নুঠিল৷ বিশ্ব ভাৰতীৰ প্রাক্তন ডপাচার্য প্রতুল চন্দ্র গুপ্তক ভাৰত চৰকাৰে আই–এন–এৰ ইতিহাসৰ কেইটামান খণ্ড লিখিবৰ বাবে দায়িত্ব দিছিল৷ সেই ইতিহাসৰ খণ্ড লিখি ইতিমধ্যেই ভাৰত চৰকাৰৰ হাতত জমা দিয়া হৈছে৷ বর্তমান সেই পাণ্ডুলিপিৰ দশা কি হৈছে কোনেও নাজানে৷ প্রাক্তন ডপাচার্য গুপ্ত মহাশয়ে তেখেতৰ আত্মজীৱনী ‘দিনগুলি মোৰ’ত নেতাজীৰ মৃত্যুৰহস্য ডদ্ঘাটনৰ বিষয়ত বহু কথাই সন্নিৱিষ্ট কৰিছে৷ দৰাচলতে নেতাজী সংক্রান্ত সকলো ফাইল প্রকাশ কৰা হ’লে ৰাজনীতিৰ লাভ–লোকচান কাৰ কিমান হ’ব৷ সেয়া অন্য কথা, কিন্তু ইতিহাসৰ স্বার্থত প্রকাশ হোৱাটো জৰুৰী৷ সুভাষ বসুক কমিডনিষ্টসকলে বিশ্বাস কৰা নাছিল, পাছলৈ অৱশ্যে তেখেতসকলে নিজৰ ভুল বুজিব পাৰিছিল৷ সুভাষ বসুৱে নিজৰ সহকর্মীসকললৈ চিঠি লিখোতে সদায় কমৰেড বুলি সম্বোধন কৰিছিল৷ দুখৰ বিষয় এয়ে যে এইজন মহান আদর্শৱান নেতাৰ মৃত্যুৰহস্য ইমান বছৰেও সমাধান কৰিব পৰা নগ’ল৷ বিমান দুর্ঘটনাত যদি নেতাজীৰ মৃত্যু হোৱা নাছিল, তেনেহ’লে তেওঁৰ মৃত্যু কেনেকৈ হৈছিল? নেতাজী কিদৰে ক’ত হেৰাল তাৰ ডত্তৰ আন্তৰিকতাৰে কোনেও বিচাৰি ডলিয়াব বুলি আশা কৰাটো ভুল হ’ব৷

You might also like