নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০জনৰ জীৱনলৈ হাঁহি আনিব পৰা সপোন অংকুৰিত কৰিব লাগিব

গোলাঘাটত স্বয়ম আঁচনি উদ্বোধন কৰি ড০ শর্মা

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ ‘হিংসা আৰু ঘৃণাৰে উপচি থকা চিন্তা পংকিলতাৰ চিন্তা৷ কিন্তু বর্তমান অসমত এনে এচাম উগ্র জাতীয়তাবাদী লোকৰে আৱির্ভাৱ ঘটিছে৷ স্বামী বিবেকানন্দই মানৱ সমাজৰ প্রতিজনৰ সুখৰ বাবে চিন্তা কৰিছিল আৰু সেয়েহে আজিও তেওঁৰ দর্শনৰ প্রাসংগিকতা আছে৷’ – গোলাঘাটত আনুষ্ঠানিকভাৱে স্বয়ম আঁচনি ডদ্বোধন কৰি এনেদৰে অভিমত ব্যক্ত কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু অন্যান্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয়– ‘স্বামী বিবেকানন্দ এনে এগৰাকী ব্যক্তি আছিল, যিগৰাকীৰ প্রেৰণাৰে মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, সুভাষ চন্দ্র বসুয়ে কাম কৰিছিল আৰু এতিয়া বর্তমানৰ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েওকাম কৰিছে৷ খ্রীষ্টান আৰু ইছলাম ধর্মই হিন্দু সভ্যতাক তচনচ কৰাৰ সময়ত বিবেকানন্দই চিকাগোৰ পৰা ভাৰতীয় দর্শনৰ উত্থানৰ অর্থে মহাস্ত্র ধাৰণ কৰিছিল৷ বিবেকানন্দৰ বক্তিতা, লেখাই হিন্দু সভ্যতাক উজ্জীৱিত চেতনা প্রদান কৰিছিল৷ বিবেকানন্দই চিকাগোত দিয়া বত্তৃণতাই বিশ্বৰ মানৱক ভাৰতৰ সনাতন হিন্দু ধর্মৰ প্রতি আকর্ষিত কৰিছিল৷ বর্তমান স্বয়ম আঁচনিৰ জৰিয়তে বিবেকানন্দৰ সপোন সফল কৰাৰ সংকল্প গ্রহণ কৰা হৈছে৷ দহজনৰ জীৱনলৈ হহাহি নমাই আনিব পৰা সপোন আমি অংকুৰিত কৰিব লাগিব৷ দুখীগৰাকীৰ দুখত সাহচর্য প্রদান কৰিব নোৱাৰিলেও দুখী হ’ব লাগিব৷ অসমৰ আর্ত, দৰিদ্র, যুৱক–যুৱতীৰ ডন্নয়নেই আমাৰ লক্ষ্য৷ ক’ভিডৰ বিৰুদ্ধে দীঘলীয়া সময় যুঁজাৰ সময়ত অর্থনীতি স্থবিৰ হৈ পৰিল৷ কিন্তু তেনে সময়তো ৰাজ্যখনৰ ৫২ লাখ পৰিয়ালে অসমত বিনামূলীয়া চাউল লাভ কৰি আছে৷ বেংকৰ ঋণ লৈ অধ্যয়ন কৰি থকা ৬,০০০ ছাত্র–ছাত্রীৰ একাডণ্টত ৫০ হাজাৰকৈ টকা প্রদান কৰা হ’ল৷ ২২ লাখ মহিলাক মাহিলি ৮৩০ টকাকৈ দি থকা হৈছে আৰু এই লক্ষ্য ৩,০০০লৈ ডন্নীত কৰাৰ পৰিকল্পনা লোৱা হৈছে৷ স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনা ‘স্বয়ম’ আঁচনিৰ জৰিয়তে ২ লাখ যুৱক–যুৱতীক ৫০ হাজাৰকৈ টকা প্রদান কৰা হৈছে৷ গোলাঘাট জিলাত ৪,১১৯ হিতাধিকাৰীক আজি প্রথম কিস্তিত ৩০ হাজাৰকৈ টকা প্রদান কৰা হৈছে৷ এইসকলক পৰৱর্তী সময়ত বিভিন্ন উদ্যোগ অথবা কৃষিৰ ক্ষেত্রত প্রশিক্ষণ দিয়া হ’ব আৰু প্রশিক্ষণৰ পাছত ২০ হাজাৰ টকা প্রদান কৰা হ’ব৷ তদুপৰি ভাল ফলাফল প্রদর্শন কৰাসকলক গড়কাপ্টানী, কৃষি আদি বিভাগত বিনামূলীয়াকৈ পঞ্জীয়ন কৰা হ’ব, যাতে গাঁৱৰ সৰু সৰু কামবোৰ তেওঁলোকে কৰি সুফল লাভ কৰে৷’

ড০ শর্মাই কয় যে তেওঁ এই যুৱক–যুৱতীসকলক্ লৈ আশাবাদী আৰু তেওঁলোকে আঁচনিখনৰ দ্বাৰা আগবাঢ়ি গৈ অর্থনৈতিকভাৱে উপকৃত হ’ব পাৰিব৷ তদুপৰি ২০ ফেব্রুৱাৰীৰ ভিতৰত বাজেটৰ সকলো আঁচনি কার্যকৰী হ’ব বুলি মন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ সভাত কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰাই বর্তমান চৰকাৰে গ্রহণ কৰা পদক্ষেপ সময়োপযোগী বুলি প্রকাশ কৰি কয় যে এচামে ভাল কাম কেতিয়াও প্রত্যক্ষ নকৰে৷ এইচাম লোক মাখিৰ দৰে৷ মাখি গোবৰত পৰে আৰু মৌমাখি পৰে ফুলত৷ গতিকে এনে নেতিবাচক চিন্তাৰ লোকক কেতিয়াও গুৰুত্ব দিব নালাগে বুলি মন্ত্রী বৰাই ডল্লেখ কৰে৷ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন ভৰালী, প্রাক্তন মন্ত্রী তথা প্রাক্তন বিধায়িকা অজন্তা নেওগ, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা আদি ডপস্থিত থাকে৷ সভাৰ প্রাৰম্ভতে গোলাঘাট বিবেকানন্দ কেন্দ্র বিদ্যালয়ৰ শিক্ষার্থীসকলে গুৰু বন্দনা পৰিৱেশন কৰে৷
আজমলক সাম্প্রদায়িক
মন্তব্য দিবলৈ প্রেৰণা দিছে কংগ্রেছে
গোলাঘাটত আজিৰ স্বয়ম আঁচনিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিকৰ সন্মুখত ড০ শর্মাই কয় যে কংগ্রেছে মৌলবাদী ভোট লাভৰ আশাতে বদৰুদ্দিন আজমলক সাম্প্রদায়িক মন্তব্য দিবলৈ প্রেৰণা যোগাইছে৷ কংগ্রেছ আৰু এআইইডডিএফে এক বিশেষ সম্প্রদায়ৰ ভোট লাভৰ বাবে মিত্রতা কৰিছে৷ কিন্তু তেওঁলোকে যিমানেই চেষ্টা নকৰক কিয়, সমাগত নির্বাচনত বিজেপি মিত্রজোঁটেই যে অসমত চৰকাৰ গঠন কৰিব সেয়া তিনিশ গুণ নিশ্চিত৷

You might also like