নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন বিখ্যাত চিত্ৰকৰৰ লগত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কি সম্পৰ্ক ?

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ সকলোকে কন্দুৱাই মৃত্যুৰ কোলাত শুই পৰিল সুশান্ত সিং ৰাজপুত । আজি মুম্বাইত শেষকৃত সম্পন্ন হ’ল অভিনেতা সুশান্ত সিং ৰাজপুতৰ ।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতেই পোহৰলৈ আহিছে অভিনেতাজনৰ সৈতে সংলগ্ন বহু ন ন তথ্য । ইয়াৰ মাজতে চৰ্চালৈ আহিছে অভিনেতা সুশান্তৰ টুইটাৰত থকা ক’ভাৰ ফটোখনো । কিছুদিন পূৰ্বে সলনি কৰি এই ক’ভাৰ ফটোখনত এজন বিশ্ববিখ্যাত চিত্ৰকৰে অংকন কৰা পেইণ্টিং আপলোড কৰিছিল সুশান্তে । এই বিশ্ববিখ্যাত চিত্ৰশিল্পীজন হৈছে ভিনচেণ্ট ভেন গগ ।

এই বিশেষ পেইণ্টিংখন চিত্ৰকৰ ভেন গগে ১৮৮৯ চনত অংকন কৰিছিল ।

  আনহাতে, বিশ্ববিখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গগৰ এই ‘Starry Nights’ৰ পেইণ্টিংখনৰ বিষয়ে প্ৰায়ে কোৱা হয় যে পেইণ্টিংখনত ব্যৱহাৰ কৰা গাঢ় ৰং ভেন গগৰ বাবে অস্বাভাবিক আছিল । লগতে এই ৰঙে তেওঁৰ আত্মঘাতী চিন্তাভাবনা আৰু মায়াময় জীৱনক স্পষ্টকৈ প্রতিফলন কৰিছিল ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, অভিনেতাজনে আপলোড কৰা এই ‘Starry Nights’ৰ পেইণ্টিঙখনৰ চিত্ৰশিল্পী ভেন গগে হাতাশাত ভুগি ১৮৯০ চনৰ ২৯ জুলাইত আত্মহননৰ পথ বাচি লৈছিল ।

যাৰ বাবে ইয়াকে লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে । কিছুসংখ্যক লোকৰ মতে ভেন গগৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱিত হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুত ।

  • প্ৰণৱ জ্যোতি মহন্ত
You might also like