‘It is the supreme art
of the teacher to awaken
Joy in creative
expressing and knowledge’
-Albert Einstein
শিক্ষক– শিক্ষক শব্দটোৱে আনি দিয়ে জীৱনৰ অতি প্রাৰম্ভিক সময়ৰ পৰা আজিৰ সময়ৰ এক সৰল ৰেখাৰ বার্তা৷ শিশু কালত বুজ্বি পৰা অৱস্থাৰ পৰা মা, দেউতাৰ পৰা প্রতিটো কথাত যি দৰে যি শিক্ষা গ্রহণ কৰিছিলোঁ, ঠিক সেইদৰে প্রথম স্কুলত ভৰি দিয়া দিনাৰে পৰা স্কুলৰ শিক্ষকৰ শিক্ষাৰ নিয়মেৰে দৈনন্দিন নিয়মবোৰ মান্বিলৈ যথোচিত চেষ্টা কৰিছিলোঁ৷ কাৰণ মোৰ দেউতা আৰু মাৰ কাঢ়া আদেশ আছিল যে শিক্ষকৰ কথাও সম্পূর্ণভাৱে শুন্বি লাগে, যি দৰে তেওঁলোকৰ কথা শুনো৷ সৰুৰে পৰা এই স্থিতিত অটল হৈ ৰোৱাৰ কাৰণে আজিও শিক্ষক শব্দটো শুনিলে অতীতৰ আমাৰ শ্রদ্ধেয় সন্মানিত ছাৰসকলৰ এক প্রতিচ্ছবি এজাক স্মৃতিৰ বতাহৰ দৰে বা মাৰি যায়৷ আজিৰ যুগত শিক্ষকৰ প্রতি বহু ছাত্রই সন্মান নকৰাৰ প্রতি লক্ষ্য ৰাখি মনত ভাব আহে, অতীতক নাযাবা পাহৰি৷ আজি শিক্ষক আৰু ছাত্রৰ মাজৰ দূৰত্ব বহু ক্ষেত্রত যি দৰে বাঢ়িছে বা শিক্ষকৰ প্রতি সন্মান যি দৰে কমিছে তাৰ প্রতি লক্ষ্য ৰাখি ভাব হয় যে অদূৰ ভৱিষ্যতে অতীতৰ শিক্ষকৰ প্রতি কৰা সেই সন্মান আকৌ ঘূৰি আহ্বিনে? আজি প্রায় তিনি–চাৰিটা যুগৰ আগত আমাক শিক্ষা দিয়া সেই শিক্ষকসকলৰ সুন্দৰ শিক্ষাৰ নিয়মবোৰ আজিও দুচকুত জিলিকি আছে৷ সহজ–সৰল সেইসকল শিক্ষকৰ প্রতি আমাৰ শ্রদ্ধা সন্মান সদায়ে বহ্ণিমান৷ সেয়েহে আজিও দুচকুত তিৰবিৰাই থকা তেখেতসকলৰ কিছু পৰিচয় আৰু তেওঁলোকে আমাক দিয়া শিক্ষাৰ কিছু আভাস দিয়াৰ চেষ্টা কৰিলোঁ৷
মোৰ দেউতা শিক্ষক হোৱাৰ উপৰি প্রাৰম্ভিক অৱস্থাত ব’ম্বেত ভাৰতীয় বায়ু সেনাৰ চাকৰিত মকৰল হৈছিল৷ আৰু দ্বিতীয় মহাযুদ্ধৰ সময়ত যুদ্ধৰ কামত মকৰল আছিল৷ দেউতাৰ পিতৃৰ বিয়োগৰ পিছত অসমলৈ গুচি আহিছিল আৰু শ্বিলঙত পদাতিক, নাবিক, আৰু বায়ু সেনাৰ ছেক্রেটেৰী পদত নিয়োজিত হয়৷ দেউতা চমছেৰ আলী আছিল নগাঁৱৰ জাজৰী গাঁৱৰ প্রথম এম এ, বি টি পাছ কৰা লোক৷ সেয়েহে গাঁৱৰ বহু লোকে নগাঁৱৰ জালুগুটি অঞ্চলৰ হাইস্কুলখনত হেডমাষ্টৰৰ বাবে অনুৰোধ কৰাত দেউতায়ো শ্বিলঙৰ সেই ছেক্রেটেৰীৰ পদ ত্যাগ কৰি সেই স্কুলতে শিক্ষকতা কৰ্বিলৈ ল’লে, আৰু ত্রিশ বছৰ কাল চাকৰি কৰি শিক্ষক জীৱনৰ এক সুন্দৰ জ্ঞান বহুতকে দিবলৈ সক্ষম হ’ল৷ আমাৰ ঘৰখনত শিক্ষাৰ এক সমান্তৰাল গতি আছিল৷ মোৰ দেউতা শিক্ষক হোৱাৰ হেতু আমাৰ ঘৰৰ নিয়ম এক শৃংখলিত গতিধাৰাৰে সদায়ে গতি কৰিছিল৷ আনহাতে সৈন্য বিভাগত চাকৰিত থকাৰ হেতু দেউতাৰ জীৱন ধাৰণ পদ্ধতি এক নিয়মানুৱর্তিতা আৰু শৃংখলাৰ মাজেৰে পাৰ কৰিছিল৷ সেই হেতু আমি সন্তানবোৰেও ইচ্ছা, অনিচ্ছাৰ মাজেৰে দেউতাৰ নিয়ম–আদর্শ পালন কৰ্বিলগীয়া হৈছিলোঁ৷ অৱশ্য মই মোৰ দেউতাৰ জীৱনৰ বিভিন্ন কথা আগৰ কিছু লেখাত প্রকাশ কৰিছোঁ৷
ৰিণিকি ৰিণিকি এতিয়াও মনত পৰে প্রথম স্কুললৈ যোৱাৰ দিন৷ আমি পঢ়া এল পি স্কুলখন আমাৰ ঘৰৰ ওচৰতে আছিল৷ সেই সময়ৰ আমাৰ স্কুলৰ হেড পণ্ডিত আছিল মফিজউদ্দিন আহমেদ ছাৰ৷ তেখেত আছিল অলপ চাপৰকৈ সদায়ে পায়জামা– পাঞ্জাবী, মূৰত টুপী পৰিহিত আৰু মুখত সদায়ে এমোকোৰা তামোল আছিল৷ হেড পণ্ডিত ছাৰ যথেষ্ট কাঢ়া আছিল৷ হাতত সদায়ে এডাল এছাৰি আছিল৷ আমি তেওঁক ইমানেই ভয় আৰু শ্রদ্ধা কৰিছিলোঁ যে কেতিয়াবা স্কুলৰ বাহিৰেও ৰাস্তাত দেখিলে বুকুখনে ধানবনাদি বানিছিল৷ জীৱনত তেওঁৰ লগত মই কোনোদিনে মুখামুখি হোৱা নাছিলোঁ আৰু হ’ও বিচৰা নাছিলোঁ৷ তৃতীয় শ্রেণীত কেতিয়াবা পাঠদান কৰিলেও মই যিমান পাৰোঁ তেওঁৰ চকুৰ আঁৰ হৈ আছিলোঁ৷ তথাপি প্রশ্ণ নোসোধাকৈ নাছিল৷ প্রশ্ণৰ উত্তৰ নোৱাৰিলে এছাৰিৰ কোবৰ উপৰি বেঞ্চৰ ওপৰত থিয় কৰাইছিল৷ আজিও তেওঁৰ কথা মনত পৰিলে অতীতৰ সেই ভয়ে দেখা দিয়ে৷ তেওঁৰ সেই শাসনৰ ফল স্বৰূপে আমিবোৰে পঢ়াৰ ক্ষেত্রখনত যথেষ্ট গুৰুত্ব প্রদান কৰ্বিলৈ চেষ্টা কৰিছিলোঁ৷ কাৰণ সেই এছাৰিলৈ আমি সকলোৱে যথেষ্ট ভয় কৰিছিলোঁ৷
ঠিক সেইদৰে এল পি স্কুলৰ ছাৰসকল আছিল– তিলেশ্বৰ ছাৰ, ইয়াকুব আলী ছাৰ, জেহিৰ ছাৰ, মমতাজ আলী ছাৰ, গোফাৰ ছাৰ৷ এইসকল ছাৰে আমাক পাঠদান কৰাৰ উপৰি বিভিন্ন ধৰণৰ সত্যৰ জ্ঞান অতি শৃংখলতাৰে, নিয়ম আৰু নিয়মানুৱর্তিতাৰেে আমাক শিকাই থৈ গ’ল৷ পৰিপাটি জীৱনৰ লগতে শিষ্টাচাৰৰ যি বিধি তাক আখৰে আখৰে পালন কৰ্বিলৈ যথেষ্ট চেষ্টা কৰাইছিল৷ আজি কালি স্কুলৰ চকীদাৰে স্কুলৰ কোঠা বা চাৰিও দিশ চাফাই কৰে৷ আমাৰ দিনত আমি স্কুলৰ কোঠা ঝাৰু দিয়াৰ লগতে স্কুলৰ সন্মুখভাগ সকলোৱে মিলি স্কুল বহাৰ আগে আগে চাফা কৰিছিলোঁ৷ স্কুলৰ এনে বিভিন্ন দিশবোৰ চোৱা–চিতা কৰ্বিলৈ বছৰি একোখন কমিটী গঠন কৰা হৈছিল৷ সেই কমিটীত প্রধান মন্ত্রী, বিত্তমন্ত্রী, কৃষিমন্ত্রী, চাফাই মন্ত্রীও অন্তর্ভুক্ত আছিল৷ আৰু এইবোৰ মন্ত্রীৰ নির্দেশ অনুযায়ী স্কুলৰ সকলো কাম পৰিচালিত হৈছিল৷ এই পদবোৰৰ পৰা আমি সৰু কালৰে পৰা দেশৰ মন্ত্রীসকলৰ কামৰ সূচনা জান্বি পাৰিছিলোঁ৷
হাইস্কুলত যেতিয়া আমি ক্লাছ ফ’ৰ অর্থাৎ চতুর্থ শ্রেণী পালোঁ এক বুজাব নোৱৰা আনন্দই হূদয়–মন চুই গৈছিল৷ অর্থাৎ আমি ক্লাছ ফ’ৰৰ পৰা ইংৰাজী পঢ়্বিলৈ আৰম্ভ কৰিছিলোঁ৷A, B, C, D আখৰবোৰত এক নতুন সোৱাদ লাভ কৰিছিলোঁ৷ যিমান পাৰোঁ ইংৰাজী বর্ণমালাৰ লগত দিনে–নিশাই পৰিচয় হোৱাই আমাৰ কাম আছিল৷ আমাৰ ঘৰত অসমীয়া, ইংৰাজী বিভিন্ন বাতৰিকাকত লৈছিল, তাৰে ভিতৰত ইংৰাজী ‘আছাম ড্রিিবউন’ কাকতৰ দ্বিতীয় পৃষ্ঠাত সেই সময়ৰ অসমৰ বিভিন্ন চিনেমাহলত চলি থকা চিনেমাৰ বিজ্ঞাপন–পোষ্টাৰৰ সৈতে প্রকাশ কৰিছিল৷ আৰু মোৰ প্রথম কাম আছিল ইংৰাজীত লিখা সেই চিনেমাবোৰৰ নাম জোঁটাই জোঁটাই পঢ়া৷ আঃ ইয়াতকৈ ইংৰাজী পঢ়াৰ প্রথম স্বাদ মই ক’তো পোৱা নাছিলোঁ৷ মোৰ দাদা আৰু মই সেই চিনেমাৰ পোষ্টাৰবোৰ কাটি পুৰণি লিখা বহীত লগাই ফটোৰ এল্বাম বনাইছিলোঁ৷ আমি পঞ্চম শ্রেণীৰ পৰাহে ইংৰাজী গ্রামাৰ আৰম্ভ কৰিছিলোঁ৷ ছাৰসকলে গ্রামাৰত যথেষ্ট জোৰ দিছিল৷ আমাৰ ছাৰসকলে শ্রেণী অনুযায়ী আমাক বিভিন্ন পাঠদান কৰিছিল৷ আমাক ইংৰাজী বীৰেন্দ্র কুমাৰ ছাৰে আৰু ইৰফান ছাৰে পঢ়াইছিল৷ আমি বীৰেন ছাৰক খুব ভাল পাইছিলোঁ৷ ছাৰ দেখাত বৰ সুন্দৰ চেহেৰাৰ আৰু বৰ ৰসিক আছিল, কিন্তু ক্লাছলৈ আহোঁতে হাতত এছাৰিডাল সদায়ে আছিল আৰু সময়ত তাক ব্যৱহাৰো কৰিছিল৷ ক্লাছত ছাৰে আমাক বিভিন্ন প্রশ্ণ সুধিছিল৷ আমাৰ ঘৰৰ দেউতাৰ কাঢ়া নিয়ম তেওঁৰ অৱগত৷ সেয়েহে সকলো ছাত্র–ছাত্রীক নিয়মৰ মাজেৰে চল্বিলৈ প্রায়ে দেউতাৰ কথা ক্লাছত অৱগত কৰাইছিল৷ ইৰফান ছাৰ যথেষ্ট কাঢ়া আছিল৷ এদিন আমাৰ ক্লাছ নথকাৰ কাৰণে কমনৰুমত বহি আছিলোঁ তেনেতে মোক সকলোৱে গান এটা গাবলৈ ক’লে৷ ময়ো ভালেই পালোঁ৷ এটা গানৰ ঠাইত দুই–চাৰিটা গানৰ ৰাগ টানিলোঁ৷ আঃ নাজানিছিলোঁ যে ইৰফান ছাৰে কাষৰ ক্লাছত পঢ়াই আছে৷ এটা সময়ত ছাৰ আহি মোক হাত পাত্বিলৈ ক’লে৷ তাৰ পিছত কিমানটা এছাৰিৰ কোব খালোঁ গমকে নাপালোঁ আৰু হিচাপ ৰাখ্বিও নোৱাৰিলোঁ, দুচকুৰে সেইদিনা সৰিয়হৰ ফুলেই দেখিছিলোঁ৷ কিন্তু ঘৰত মা–দেউতাৰ আগত এই কথা ক’লৈ কোনোদিনে সাহস নকৰিলোঁ৷ কাৰণ দোষ যে মোৰেই আছিল৷ যদিও মোৰ হাতত মোৰ মনৰ সেই দুখ তেতিয়া বহ্ণিমান হৈ আছিল, তথাপি ছাৰক বেয়া পোৱা নাছিলোঁ৷ কাৰণ বেয়া পোৱাৰ কোনো কথাই আমি তেতিয়া ছাৰসকলৰ প্রতি ভাব্বি পৰা নাছিলোঁ৷
আমি সৰুৰে পৰা দেউতাই আনি দিয়া বিভিন্ন বাতৰিকাকত–আলোচনী পঢ়িছিলোঁ৷ দেউতাই সৰু কালৰে আমাক কিতাপ পঢ়াৰ উদ্গনি যোগাইছিল৷ এবাৰ দেউতাই প্রায় পাঁচশ কিতাপ স্কুলৰ লাইব্রেৰীত দিবলৈ আনিছিল৷ স্কুলৰ গৰমৰ বন্ধ হোৱাৰ বাবে সেই কিতাপবোৰ আমাৰ ঘৰত এখন ডাঙৰ ট্বুেলৰ ওপৰত ৰখা হৈছিল৷ তাত আছিল বিভিন্ন দেশৰ বিভিন্ন সাধুকথাৰ কিতাপ, লক্ষ্মীনাথ বেজ্বৰুৱাদেৱৰ বেজবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰ্বৰুৱাৰ উইল, বুৰঞ্জীমূলক কিতাপ, ভূগোল বিষয়ৰ কিতাপ, বিভিন্ন দেশৰ সাধুকথাৰ কিতাপ আৰু আছিল বিজ্ঞানৰ বিভিন্ন ৰসাল মনোগ্রাহী গ্রন্থ ইত্যাদি ইত্যাদি৷ সেই বন্ধৰ মাহত আমি যে কিমান কিতাপ পঢ়িলোঁ তাৰ হিচাপ নাই৷
হাইস্কুলত আমাক ইদ্রিছ আলী ছাৰে ইংৰাজী গ্রামাৰ পঢ়াইছিল৷ তেওঁ অতি ক্ষীণ দেহৰ বগা ওখ আছিল৷ তেওঁ গ্রামাৰ যথেষ্ট খৰচি মাৰি পঢ়াইছিল৷ তেওঁৰ প্রতি আমি যথেষ্ট ভয় কৰিছিলোঁ৷ তেওঁৰ গ্রামাৰৰ পৰা ক্লাছৰ কোনো সাৰি যাব নোৱাৰিছিল, প্রায়বোৰকে গ্রামাৰ নুবুজালৈকে প্রশ্ণ কৰিছিল৷ সেয়েহে ছাৰৰ ক্লাছ থাকিলে আমি মুখস্থ কৰি হ’লেও গ্রামাৰ ভালকৈ বুজি পঢ়িবলৈ চেষ্টা কৰিছিলোঁ৷
আমাক অংক পঢ়াইছিল মতিৰাম বডা ছাৰ আৰু আৰু জয়ন্ত বডা ছাৰে৷ মতিৰাম বৰা ছাৰ নির্জু প্রকৃতিৰ ছাৰ আছিল৷ ছাৰে আমাক নৱম, দশম শ্রেণীত ত্রিকোণমিত্রী বৰ সুন্দৰভাৱে বুজাইছিল৷ সদায়ে তেওঁ ধুতী আৰু দীঘল পাঞ্জাবী পিন্ধিছিল৷ ক্লাছত কোনোবাই অংক নোৱাৰিলে নামাৰিছিল আৰু গালিও নাপাৰিছিল৷ কিন্তু এনে কিছু উপদেশ দিছিল যে ছাত্র–ছাত্রীৰ বাবে সেয়া সকলোৰে বাবে এক সুন্দৰ চিন্তাৰ খোৰাক হৈছিল, আৰু তেওঁলৈ যথেষ্ট শ্রদ্ধা হৈছিল৷ জয়ন্ত বৰা ছাৰ এন চি চিৰ ছাৰো আছিল, তেওঁ যথেষ্ট ওখ আৰু গহীনভাৱে খোজকাঢ়িছিল৷ তেওঁ বৰ ষ্টাইলিছ আছিল আৰু খুব সুন্দৰভাৱে পৰিপাটিকৈ সাজ পিন্ধিছিল৷ আমি দেখাত তেওঁ সদায়ে কাঢ়া ইস্ত্রিৰ পেণ্ট–ছার্ট আৰু মাজে মাজে জাৰৰ দিনত টাই মাৰি আহিছিল৷ ছাৰে অংক আমাক বৰ সুন্দৰভাৱে বুজাইছিল৷ অংক নোৱাৰিলে কোনো ছাত্র–ছাত্রীক মাজে মাজে লাহে লাহে মিচিকিয়া হঁাহিৰে এছাৰিৰ কোবো দিছিল৷
স্কুলৰ এছিষ্টেণ্ট হেডমাষ্টৰ শ্রীযুত মইনাৰাক ডেকা ছাৰে ওপৰৰ শ্রেণীবোৰত বিভিন্ন সময় অনুযায়ী ইংৰাজী আৰু বিভিন্ন বিষয় লৈছিল৷ ডেকা ছাৰ বৰ গহীন আৰু যথেষ্ট কাঢ়া আছিল, তেখেতক সকলোৱে ভয় কৰিছিল৷ আমাৰ কোৱার্টাৰৰ সিটো মূৰে ডেকা ছাৰে নিজৰ পৰিয়াল লৈ কোৱার্টাৰত আছিল৷ সেয়েহে আমি ডেকা ছাৰক যদিও যথেষ্ট সন্মান কৰিছিলোঁ, কিন্তু তেনেকৈ ভয় কৰা নাছিলোঁ আৰু ছাৰে আমাক কোনোদিনে খং কৰা নাছিল৷ আনহাতে, ডেকা ছাৰৰ বাইদেউ মোৰ অতি আপোন আছিল৷ বাইদেৱে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল৷
ভূগোল বিষয় আমাক মোবাৰক ছাৰ আৰু ফটিক চন্দ্র ছাৰে পঢ়াইছিল৷ মোবাৰক ছাৰ আছিল বগাকৈ কেঁকোৰা চুলিৰে অলপ শকত৷ ছাৰে পৃথিৱীৰ অক্ষৰেখা, দ্রাঘিমা ৰেখাত পৰা স্থানবোৰৰ বিষয়ে বিভিন্ন প্রশ্ণ উপস্থাপন কৰিছিল৷ ইকুৱেডৰৰ স্থানবোৰৰ বিষয়ে আমাক ইমান গুৰুত্বসহকাৰে বুজাইছিল যে আজিও দুচকুৰ আগত গোলার্ধৰ দ্রাঘিমা ৰেখা, অক্ষৰেখা বিষুৱ ৰেখা দুচকুত জিলিকি আছে৷ ছাৰে আমাক কোনোদিনে কটু বাক্য প্রদান কৰা নাছিল৷ সদায়ে গহীন ভাষাৰে পাঠদান কৰিছিল৷ ফটিক চন্দ্র ছাৰ অলপ বয়সীয়া আছিল৷ অলপ চাপৰ শকতকৈ গোলাকাৰ, মুখত হঁাহি আছিল৷ স্কুলত তেওঁ সদায়ে ধুতী আৰু পাঞ্জাবী পিন্ধি আহিছিল৷ তেওঁ যথেষ্ট ঠাণ্ডা প্রকৃতিৰ ছাৰ আছিল৷ পঢ়াওঁতে বৰ লাহে লাহে পঢ়াইছিল৷ কোনোদিনে আমাক খং কৰা নাছিল৷ কিন্তু পঢ়া নোৱাৰিলে হাঁহি হাঁহিয়ে একোব দুকোব দিছিল৷
বুৰঞ্জী আমাক কয়েদ আলী ছাৰ, সত্যেন্দ্র নাথ ছাৰ আৰু ৰহমান ছাৰে পঢ়াইছিল৷ কয়েদ আলী ছাৰ এজন হঁাহিমুখৰ ব্যক্তি আছিল, সহজ–সৰল ছাৰে কোনোদিনে কোনো ছাত্রক পঢ়া নোৱৰাৰ বাবে কোনোধৰণৰ কটু বাক্য কোৱা নাছিল৷ আনকি কোনোৱে এছাৰিৰ কোব খাব লগা নহৈছিল, যদিও এছাৰি লগত সদায়ে আনিছিল৷ তেওঁ মোগল শাসকসকলৰ, আহোম সকলৰ, ইংৰাজসকলৰ সকলো বৃত্তান্ত অতি সুন্দৰভাৱে বুজাইছিল৷ যিবোৰ সাধুকথাৰ দৰে ভাবোঁতে সেইসকলৰ জীৱন কাহিনী এতিয়াও মনত সজীৱ হৈ আছে৷ সত্যেন্দ্র নাথ ছাৰ যথেষ্ট কাঢ়া আছিল৷ সকলো ছাৰৰ ভিতৰত সত্যেন্দ্র নাথ ছাৰকে আমি সকলোৱে ভয় কৰিছিলোঁ৷ তেওঁ খং কৰিলে দুচকু যথেষ্ট ডাঙৰ কৰি দিয়ে আৰু আমাৰ পেটতে হাত–ভৰি লুকায়৷ কিন্তু খং কমিলে তেওঁ আকৌ হাঁহিমুখেৰে সকলোকে ভালকৈ বুজায়, আৰু আমিবোৰেও স্বস্তিৰ নিশ্বাস পেলাওঁ৷ আনহাতে, ছমহীয়া পৰীক্ষাৰ বহী যেতিয়া ঘূৰাই দিয়ে তেতিয়া কিন্তু যিবোৰে নম্বৰ কম পায় সত্যেন্দ্র ছাৰৰ বেতৰ কোব খাবলৈ সাজু হৈ থাকে৷ ৰহমান ছাৰো যথেষ্ট কাঢ়া আছিল৷ কিন্তু মাজে সময়ে তেওঁ বিভিন্ন ৰসাল কথা কৈ সকলোকে হঁহুৱাইছিল৷ বুৰঞ্চীৰ চনৰ বিষয়ে তেওঁ যথেষ্ট প্রশ্ণ কৰিছিল৷ অর্থাৎ কোনে কেতিয়া শাসন কৰিছিল, কোনে কেতিয়া কাক আক্রমণ কৰিছিল, ক’ত, কেতিয়া কি যুদ্ধ হৈছিল ইত্যাদি ইত্যাদি৷
বিজ্ঞান আমাক দুজন ছাৰে পঢ়াইছিল৷ জয়ন্ত বৰা ছাৰ আৰু হামিদ ছাৰ৷ হামিদ ছাৰো যথেষ্ট ষ্টাইলিছ আছিল৷ সকলো ছাৰৰ তুলনাত তেওঁ কম বয়সৰ আছিল৷ তেৱোঁ জয়ন্ত বৰা ছাৰৰ দৰে সুন্দৰ সাজ–পোছাক পৰিধান কৰিছিল৷ হামিদ ছাৰেও পঢ়া নোৱাৰিলে অলপ হ’লেও মাজে সময়ে বেতৰ চাট দিছিল৷ বিজ্ঞানৰ বিষয়বোৰ দুয়োজন ছাৰে খুব ভালকৈ খৰচি মাৰি বুজাইছিল৷ মাজে মাজে পাঠ্যক্রমৰ বাহিৰৰ বিষয়ো অৱগত কৰাইছিল৷
পঞ্চম শ্রেণীত মোৰ আৰবী বিষয়ো আছিল৷ কিন্তু পিছত ষষ্ঠ শ্রেণীত আৰ্বী বাদ দিছিলোঁ৷ কাৰণ আমাক ঘৰত জোনাবে আৰ্বী পঢ়াইছিল৷ স্কুলৰ আৰবীৰ ছাৰজন বৰ ভাল আছিল৷ মুখত এমোকোৰা হাঁহিৰে এমোকোৰা তামোল তেওঁৰ সদায়ে আছিল৷ বহু হিন্দু ছাত্র–ছাত্রীয়ে আৰ্বী বিষয় লৈছিল৷ তেখেতে ছাত্র–ছাত্রীসকলক যি দৰে পঢ়াইছিল সেইদৰে ধেমালিও কৰিছিল, সকলো মুছলমান, হিন্দু ছাত্র–ছাত্রীৰ লগত তেওঁ বন্ধুৰ দৰে আছিল৷
আমাক হিন্দী পঢ়োৱা ছাৰজন ৰাজস্থানৰ আছিল৷ তেওঁৰ উপাধি জৈন আছিল৷ কিন্তু আমি ছাৰক হিন্দী ছাৰ বুলিয়ে জানিছিলোঁ৷ হিন্দী ছাৰ দেখাত বৰ সুন্দৰ আছিল৷ সদায় সুন্দৰ কাঢ়া ইস্ত্রি কৰা পেণ্ট–ছার্ট পিন্ধিছিল৷ বগাকৈ কেঁকোৰা চুলিৰে দীঘল নাকেৰে ছাৰ বৰ স্মার্ট আছিল৷ আনহাতে, ছাৰ যদিও হিন্দীভাষী আছিল, তথাপি অসমীয়া ভাষা সম্পূর্ণ শুদ্ধকৈ ক’ পাৰিছিল৷ ছাৰে যেতিয়া অসমীয়া কৈছিল নজনা লোকে তেওঁ হিন্দীভাষী বুলি ধৰ্বি নোৱাৰিছিল৷ ছাৰে হিন্দী বিষয়ৰ ক্লাছ লৈছিল যদিও মাজে মাজে অংক বিষয়ো পঢ়াইছিল৷ মেড্রিক পৰীক্ষাৰ সময়ত ছাৰে আমাৰ কিছু ল’ৰা–ছোৱালীক বিনামূলীয়াকৈ তেওঁৰে নিজা ঘৰত পুৱা অংকৰ টিউচন কৰিছিল৷ হিন্দী ছাৰ সাংঘাতিক কাঢ়া আছিল৷ পঢ়া নোৱাৰিলে বেঞ্চৰ ওপৰত থিয় কৰাই বেত দিছিল৷ তথাপি ছাৰক কোনোৱে বেয়া পোৱা নাছিল৷ প্রায়বোৰ ছাত্র–ছাত্রীকে হিন্দী বিষয়ৰ ওপৰত বিভিন্ন পৰীক্ষা দিয়াইছিল৷ সেয়েহে আমাৰ স্কুলৰ বহু ছাত্র–ছাত্রীয়ে, হিন্দীৰ, প্রৱেশিকা, বিশাৰদ ইত্যাদিৰ পৰীক্ষা দি উত্তীর্ণ হৈছিল৷
আমাক অসমীয়া গণেশ বৰা ছাৰে পঢ়াইছিল৷ ছাৰ মিঠা ৰঙৰ অলপ ক্ষীণ দেহৰ আছিল৷ তেৱোঁ সাজপাৰ বৰ সুন্দৰভাৱে কৰিছিল৷ বৰা ছাৰ খুবেই ঠাণ্ডা প্রকৃতিৰ আছিল, তেওঁৰ সৰল স্বভাৱ তেওঁৰ মুখত ফুটি উঠিছিল৷ ছাত্র–ছাত্রীক অসমীয়া ভাষাৰ জ্ঞান শুদ্ধ ভাৱে, শুদ্ধ উচ্চাৰণেৰে বুজাবলৈ যথেষ্ট চেষ্টা কৰিছিল৷ ছাৰৰ বাবেই আমি অসমীয়া ব্যাকৰণ বহু ভালভাৱে অধ্যয়ন কৰিছিলোঁ৷াকৰণৰ শুদ্ধতা থাকিলেহে অসমীয়া ভাষাৰ ব্যৱহাৰ ভালভাৱে হ’ বুলি তেওঁ আমাক প্রায়ে সতর্ক কৰিছিল৷ অসমীয়া ভাষাৰ যোগ, সন্ধি, প্রত্যয়, বচন, কাল ইত্যাদি ইত্যাদিবোৰৰ সঠিক নিয়ম অৱগত কৰাইছিল৷ অসমীয়া ভাষাৰ যোগসূত্র এই ভাষা মাগধীৰ পৰা কেনেকৈ উৎপত্তি হ’ল? ক’ৰ পৰা আহিল? ইত্যাদি ইত্যাদিবোৰ পুংখানুপুংখভাৱে আমাক শিকাইছিল৷ ৰা ছাৰ সুন্দৰ গীতিকাৰ আৰু গায়ক আছিল৷ স্কুলৰ বছৰেকীয়া ফাংচনত বৰা ছাৰৰ মুখ্য ভূমিকা আছিল৷ ছাৰে আমাক নিজৰ ৰচনাৰ বিভিন্ন গীত শিকাইছিল৷ স্কুলত বিভিন্ন সভা বা কোনো আমন্ত্রিত অতিথি আহিলে বৰা ছাৰে আমাক কোৰাছ গোৱাইছিল আৰু নিজে গুৰি ধৰিছিল৷এবাৰ সেই সময়ৰ শিক্ষামন্ত্রী শৰত গোস্বামীদেৱ আমাৰ স্কুললৈ এখন সভাত আহিছিল৷ সভাৰ আৰম্ভণিতে বৰা ছাৰে আমাক কোৰাছ গোৱাইছিল৷ মন্ত্রী গোস্বামী ডাঙৰীয়াই সেই কোৰাছ ইমানেই ভাল পাইছিল যে আমাৰ এবছৰৰ স্কুলৰ ফীজ মাফ কৰি দিছিল৷
অতীতৰ স্কুলীয়া জীৱনত আমাক ভৱিষ্যতৰ পথ দেখুওৱা এইসকল শিক্ষকে আমাক পঢ়াৰ ক্ষেত্রত যি পদ্ধতি ব্যৱহাৰ কৰি আমাৰ জীৱনৰ শিক্ষাৰ জগতখনত এক অভূতপূর্ব সফলতা আনি দিলে সেই শিক্ষাৰ প্রতিদান স্বৰূপে আমি শিক্ষকসকলক কিমান উচিত সন্মান বা কিমান উচিত মর্যাদা দিব পাৰিছিলোঁ নাজানো৷ কিন্তু এটা কথা ঠিক যে কোনো শিক্ষাগুৰুৱে নিশ্চয় নক’ যে তেওঁলোকৰ ছাত্রই তেওঁলোকক কোনো কথাত অৱমাননা কৰিছিল৷ শিক্ষক আৰু ছাত্রৰ মাজৰ যি অটুট বন্ধন, যি সম্বন্ধ ইয়াক বজাই ৰখাটো এক মহান সফলতা বুল্বি পাৰি৷ তেতিয়াৰ দিনৰ শিক্ষক আৰু ছাত্রৰ মাজৰ যি সুন্দৰ সমান্তৰাল সৰল ৰেখাৰ যি যোগসূত্র আছিল সেয়া আজি আছেনে নাই নাজানো৷ কিন্তু আমি যিসকল শিক্ষকৰ শিক্ষাৰ মাধ্যমেৰে জীৱনত সফলতা লাভ কৰ্বিলৈ সক্ষম হ’লোঁ সেই সন্মানীয় শিক্ষকসকললৈ হূদয়ত মৃত্যু পর্যন্ত তেওঁলোকৰ প্রতি অনেক শ্রদ্ধা, সন্মান আৰু এক সুন্দৰ ভাবধাৰা প্রবহমান হৈ থাক্বি৷