সন্ত্রাসবাদ : এটা দৃষ্টিকোণ
সন্ত্রাসবাদ : এটা দৃষ্টিকোণ
🔹 ডাঃ জয়ন্ত বিশ্ব শর্মা
আচৰিত যেন লাগিলেও আজিও সমাজত লোক আছে যিসকলে দ্ব্যর্থহীনভাৱে সন্ত্রাসবাদক গৰিহণা দিয়াত ব্যর্থ হৈছে৷ বিশেষকৈ ইছলামিক মৌলবাদক৷ শান্তিপ্রিয় ইছলাম ধর্মাৱলম্বীসকলৰ বিশেষ দায়িত্ব যে এই সন্ত্রাসবাদী সমর্থকসকলৰ মুখা খুলি দিয়া৷ ইয়াৰ বিপৰীতে একাংশ লোকে সদ্য সংঘটিত পেহেলগামৰ নাৰকীয় সংহাৰৰ বিৰুদ্ধে গৰিহণা মৃদু কৰিবলৈ বিচাৰিছে বা ন্যায্যতা নিদিলেও আচল কাৰণ এৰাই চলিছে বা ব্যাখ্যা প্রদান কৰিছে যে নিৰাপত্তামূলক ব্যৱস্থাৰ ত্রুটি হৈছিল আৰু সেয়ে চৰকাৰহে দায়ী৷ ইছলামিক মৌলবাদক নজৰ–আণ্ডাজ কৰাৰ আন এক যুক্তি হৈছে যে আদিল হুছেইন শ্বাহৰ দৰে মুছলমান লোকো আছে যি সন্ত্রাসবাদীৰ পৰা ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিছে৷ পর্যবেক্ষণ এজন বুধিয়ক মানুহে নিজৰ প্রৱণতা অনুসৰি ব্যাখ্যা কৰিব পাৰে৷ সন্ত্রাসবাদক দ্ব্যৰ্থহীনভাৱে গৰিহণা দিয়াৰ পৰা ফালৰি কাটি মনোযোগ বিক্ষিপ্ত কৰিব পাৰে৷ নতুবা ভৱিষ্যতে এনে দুষ্কার্য প্রতিৰোধৰ উদ্দেশ্যে ত্রুটিৰ নির্মোহ বিশ্লেষণ কৰিব পাৰে, যাতে নিৰাপত্তামূলক ব্যৱস্থা গ্রহণত সহায়ক হয়৷ আদিল হুছেইন শ্বাহৰ দৰে লোকৰ আত্মবলিদানক মানুহৰ সুপ্ত কর্তব্যবোধক জগাই হেজাৰজনক উদ্বুদ্ধ কৰি সন্ত্রাসবাদী প্রৱণতাক সমাজৰ পৰা উৎখাত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷ কিছুমানে নির্লজ্জভাৱে আদিল হুছেইন শ্বাহৰ বোকোচাত উঠিছে৷
পেহেলগামৰ সন্ত্রাসবাদীৰ বর্বৰ আক্রমণ৷ এয়া প্রথম নহয় আৰু শেষ নহয়৷ এটা আক্রমণৰ সফলতাৰ আঁৰত একাধিক পৰিকল্পনা থাকে৷ সন্ত্রাসবাদী এটাত সফল হ’লেই উদ্দেশ্য সাধন হয়৷ নিৰাপত্তা ব্যৱস্থা প্রতিবাৰেই সফল হ’ব লাগিব৷ ই দুৰূহ৷ অদূৰ ভৱিষ্যতে শত্রুভাবাপন্ন প্রতিৱেশী ৰাষ্ট্র সন্ত্রাসবাদৰ উৎস পাকিস্তানৰ মনোভাব সলনি নহয়৷ সেয়ে সন্ত্রাসবাদ সদায় আসন্ন হৈ থাকিব৷ ই ৰূঢ় বাস্তৱ৷ ভাৰতৰ হাতত সন্ত্রাসবাদৰ বিৰুদ্ধে বিকল্প উপায় সিমানকেইটাই আছে যিমানকেইটা এখন স্বাধীন দেশৰ থাকে৷ কূটনৈতিক আৰু অর্থনৈতিক প্রত্যাক্রমণ, ‘ইণ্টেলিজেঞ্চ’ ভিত্তিক প্রখৰ নিৰাপত্তামূলক ব্যৱস্থা আৰু দেশৰ ভিতৰত থকা সন্ত্রাসবাদী সমর্থকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা৷ পাকিস্তানৰ পৃষ্ঠপোষকতাত হোৱা সন্ত্রাসবাদ ভাৰতৰ বিৰুদ্ধে এখন Asymmetric’ ৰণ৷ এই ৰণত ভাৰতৰ ভিতৰত থকা সমর্থকসকল পাকিস্তানৰ সৈন্য৷
আজি পাকিস্তান এখন দুর্বল প্রায় বিফল ৰাষ্ট্র৷ এই শেহতীয়া সন্ত্রাসবাদী আক্রমণ তাৰেই লক্ষণ৷ কাশ্মীৰত ক্রমে অপ্রাসংগিক হৈ পৰাৰ হতাশাত ভুগি কৰা এক কার্য৷ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰত পৰিস্থিতি স্বাভাৱিক হ’বলৈ ধৰিছে৷ ৩৭০ অনুচ্ছেদ বাতিল এটা চৰকাৰৰ ৰাজনৈতিক আদর্শগত প্রতিশ্রুতি আছিল, যাৰ বাবে তেওঁলোকৰ জনাদেশ আছিল৷ পৰিণতি হিচাপে কাশ্মীৰত বিচ্ছিন্নতাবাদ অধিক হ’ব বুলিও আশংকা আছিল৷ কিন্তু কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হৈ উঠিবলৈ ধৰিলে৷ কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল নিঃসন্দেহে এটা যুগান্তকাৰী সিদ্ধান্ত৷ ইয়াৰ পিছৰ পাঁচোটা বছৰত আমি কাশ্মীৰত শান্তি দেখিছোঁ৷ স্থানীয় লোকে ব্যক্তিগত পর্যায়তো পর্যটনত যথাসাধ্য বিনিয়োগ কৰিছে৷ পর্যটনৰ জৰিয়তে এটা অর্থনীতি গঢ়ি উঠিছে৷ স্কুল–কলেজ, বজাৰ–সমাৰ নিয়মীয়া হৈছে৷ অলপতে ৰাজনৈতিক প্রক্রিয়াৰে কেন্দ্রীয়শাসিত স্থানীয় ৰাজ্য চৰকাৰো গঢ়ি উঠিছে৷ কাশ্মীৰৰ স্থানীয় জনসাধাৰণ জীৱিকাৰ বাবে পুনৰ পৰম্পৰাগত পর্যটনৰ ওপৰত নির্ভৰ কৰিব পৰা হৈ উঠিল৷ ইয়াৰ অর্থ এয়া নহয় যে বিচ্ছিন্নতাবাদী শক্তিও নির্মূল হ’ল৷ সন্ত্রাসবাদৰ অন্ত পৰিছিল৷ সন্ত্রাসবাদৰ ঘটনা কমি আহিছিল, কোনো বৃহৎ ঘটনা হোৱা নাছিল৷ এনে এক পৰিৱর্তিত পৰিস্থিতিত পাকিস্তানে প্রাসংগিকতা হেৰুৱাইছিল৷ সেয়ে এনে এক বর্বৰ সন্ত্রাসবাদী আক্রমণ যে অৱশ্যম্ভাৱী হৈ উঠিছিল, এতিয়া আমি ঘটনাৰ পিছত বুজিবলৈ পাৰিছোঁ৷ এই অনুমান নিৰাপত্তা বিশেষজ্ঞসকলে কৰি প্রয়োজনীয় প্রতিৰোধমূলক ব্যৱস্থা কৰিব পাৰিব লাগিছিল৷ হয়তো কৰিছিল৷ হয়তো এনে বহু পৰিকল্পনা অক্ষম কৰি তুলিছিল৷ আমি নাজানো৷ এইক্ষেত্রত অধিক স্বচ্ছতা লাগে৷ এই শিকনি অৱশ্যে বৰষুণৰ পিছত জাপিৰ ব্যৱস্থা বা পৰিস্থিতিৰ পিছত জ্ঞানী হোৱাৰ দৰে কথা৷
কিন্তু কাশ্মীৰত অমৰনাথ তীর্থযাত্রীসকলৰ বাহিৰে সন্ত্রাসবাদীয়ে পর্যটকক আক্রমণৰ লক্ষ্য কৰা নাছিল৷ কাৰণ পর্যটন কাশ্মীৰীসকলৰ জীৱিকাৰ উৎস৷ এই বর্বৰ সন্ত্রাসবাদী আক্রমণৰ পাছত কাশ্মীৰী সাধাৰণ জনতা স্বতঃস্ফূর্তভাৱে ওলাই আহি সন্ত্রাসবাদক গৰিহণা দিছে৷ এয়া হয়তো স্বাভাৱিক জীৱনৰ তাড়নাত কৰিছে৷ জীৱিকাত প্রভাৱ পৰিব- এই তাড়নাত কৰিছে৷ কিন্তু কৰিছে৷ কাশ্মীৰীসকলৰ সহানুভূতি আৰু সহায়ৰ ওপৰত সন্ত্রাসবাদী নির্ভৰশীল আছিল৷ কিন্তু এইবাৰ পর্যটকক আক্রমণ নকৰা অঘোষিত নীতি ভংগ কৰিলে এই কথা কাশ্মীৰীসকলে মানিব পৰা নাই৷ সেয়ে আমি কাশ্মীৰীসকলৰ স্বতঃস্ফূর্ত সন্ত্রাসবাদীৰ বিৰুদ্ধে প্রতিবাদ দেখিছোঁ৷ কিন্তু কাশ্মীৰত বিচ্ছিন্নতাবাদী পাকিস্তান সহানুভূতিৰ বীজ নোহোৱা হৈছে- এনে বুলি ক’ব নোৱাৰি৷
আমি এই স্বতঃস্ফূর্ত সাধাৰণ জনতাৰ মানৱতাবাদী প্রৱণতাৰ অনুকূলে নীতি ল’ব লাগিব৷ পাকিস্তানক এশিকনি দিয়াৰ বাবে সিন্ধু নদী চুক্তি বাতিলক এনেধৰণে এতিয়া কার্যকৰী কৰিব লাগিব যাতে যথাসময়ত ইয়াৰ দৃশ্যমান প্রভাৱ পৰে৷ ভাৰতে নিজৰ সময় আৰু কৌশল অনুসৰি কৌশলী সামৰিক অভিযান আৰু সন্ত্রাসবাদীক বাছি বাছি নির্মূল কৰিব লাগিব৷ এয়া ভাবাৱেগ বা জনতাৰ হেঁচাত কৰা Knee Jerk প্রতিক্রিয়া হ’লে নহ’ব৷ ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ এই যে সন্ত্রাসবাদ প্রতিৰোধী বা আক্রমণাত্মক ব্যৱস্থাসমূহ প্রবল আৰু দীর্ঘকালীন হ’ব লাগিব৷ পূর্ব অভিজ্ঞতাই কয় এনে নহয়৷ আন এটা বিষয়ে অনতিপলমে মানুহৰ মনোযোগ গ্রাস কৰিব৷ কিন্তু দেশৰ নেতৃত্বই মনোনিৱেশ অক্ষুণ্ণ ৰাখিব পাৰিব লাগিব৷ নেতৃত্ব মানে কেৱল মন্ত্রী নহয়৷ বিৰোধী দলো নেতৃত্বৰ অংশীদাৰ৷ সেইধৰণে ৰাজনৈতিক নেতৃত্বই নহয়, দেশৰ প্রতিটো প্রতিষ্ঠানৰ নেতৃত্বৰ ভূমিকা আছে৷
পাকিস্তান এখন বিফল ৰাষ্ট্র, কিন্তু আমাৰ প্রতিৱেশী আৰু ঘোৰশত্রু ভাবাপন্ন৷ পাকিস্তান সহজে চিধা নহয়৷ এয়া ৭০ বছৰৰ অভিজ্ঞতা৷ দেশ বা সমাজ এখনৰ সংস্কাৰ এটা আভ্যন্তৰীণ আলোড়নৰ বা উপলব্ধিৰ পৰা হয়৷ দেশ বা সমাজখনৰ ভিতৰত শুভবুদ্ধি উদয় হ’ব লাগিব৷ বিৰাট মন্থন হ’ব লাগিব৷ এনে কোনো এটা পৰিকল্পনাৰে কৰিব পৰা নাযায়৷ ভগৱানৰ কৃপা লাগিব অর্থাৎ একাধিক ঘটনা–পৰিঘটনাৰ দৈৱ সংযোগ লাগিব৷ সেয়ে ভাৰতত নিয়মীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ ঘটি থাকিব৷ যিসকলে নিৰাপত্তাৰ অভাৱৰ কাৰণে হোৱা বুলি কৈছে তেওঁলোক আংশিকভাৱে শুদ্ধ৷ এই সদ্য সংঘটিত ঘটনাটো নিৰাপত্তামূলক ব্যৱস্থাই প্রতিহত কৰিবলৈ সক্ষম হৈছিল বুলি ধৰি ল’লোঁ৷ পূর্বে হয়তো আন এটা বা একাধিক প্রতিহত কৰিছিল৷ কিন্তু যি পর্যন্ত পাকিস্তান আছে আন এটা সন্ত্রাসবাদী আক্রমণ আসন্ন হৈয়েই থাকিব৷ ভাৰতে সদায় কটকটীয়া ব্যৱস্থাৰে এইধৰণৰ আক্রমণ প্রতিহত কৰি থাকিব লাগিব৷ মাজে মাজে স্বাভাৱিকতে ব্যর্থও হ’ব৷
এই শেহতীয়া তেওঁলোকৰ দ্বাৰা পৰিচালিত সন্ত্রাসবাদীৰ নৰসংহাৰে দেশখনৰ প্রতি ভাৰতৰ মানুহৰ মনত অতিশয় বিৰূপ মনোভাবৰ সৃষ্টি কৰিছে৷ আমি সাধাৰণ নাগৰিক আৰু আমাৰ দক্ষতাৰ ভিতৰত আৱেগ মূল৷ আমি যুদ্ধৰ সিদ্ধান্ত আমাতকৈ জনা–বুজাসকললৈ এৰি দিব লাগিব৷ আমাৰ ৰাইজ পৰিপক্ব হ’ব লাগিব৷ এখন পূর্ণাংগ যুদ্ধ আজিৰ সময়ত ক্ষতিকাৰক৷ ই কোনো উদ্দেশ্য সাধন নকৰে৷ ই একপ্রকাৰৰ এটা Trap, য’ত ভাৰতে ভৰি দিলে বাঘৰ পিঠিত উঠি নামিব নোৱাৰা পৰিস্থিতি হ’ব৷ কাৰণ যুদ্ধ আৰম্ভণিহে কৰিব পাৰি, কিন্তু শেষ কৰিব নোৱাৰি৷ সাম্প্রতিক উদাহৰণ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধ৷ ৰাছিয়াই দুদিনতে শেষ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছিল, কিন্তু আজি তিনি বছৰ হ’ল৷ লাখৰ অধিক ৰাছিয়াৰ জোৱান মৃত্যুমুখত পৰিছে৷ দেশৰ অর্থনীতি বিধ্বস্ত হৈছে আৰু দেশখন আন্তর্জাতিক ক্ষেত্রত অকলশৰীয়া হৈ পৰিছে৷ প্রযুক্তিত আগবঢ়া ইজৰাইলৰ দৰে দেশেও হামাছৰ দৰে এটা সন্ত্রাসবাদী গোটক নির্মূল কৰিব পৰা নাই৷ লাখ লাখ সাধাৰণ গাজাৰ অধিবাসীৰ মৃত্যু হৈছে৷ অঞ্চলটো বিধ্বস্ত হৈছে৷ হামাছৰ নৰসংহাৰৰ বিৰুদ্ধে ইজৰাইলৰ প্রতি থকা প্রথম সমর্থন আৰু সমবেদনা আজি সমালোচনা হৈছে৷ যুদ্ধ হ’লে সন্ত্রাসবাদীয়ে সাৰ–পানীহে পাব, এনে আশংকাও আছে৷ তদুপৰি লক্ষ্য সাধনৰ বাবে এখন পূর্ণকালীন যুদ্ধৰ প্রয়োজন নাই৷ সন্ত্রাসবাদ নির্মূলত সামৰিক শক্তিৰ কৌশলী প্রয়োগ পৰিপূৰক হ’ব পাৰে৷
কাশ্মীৰৰ জনতাৰ মানসিকতা সম্পূর্ণ ভাৰতীয় কৰিব লাগিব৷ সেই পর্যন্ত আসন্ন সন্ত্রাসবাদী আক্রমণ প্রতিৰোধৰ বাবে ভাৰতীয় নিৰাপত্তা ব্যৱস্থা সদাজাগ্রত হৈ থাকিব লাগিব৷ সন্ত্রাসবাদক দুর্ঘটনা বুলি মানি লৈ ইয়াৰ সম্ভাৱনা সম্পর্কে জাগ্রত হৈ থাকিব লাগিব৷ প্রতিটো দুর্ঘটনাৰ পৰা শিকনি লৈ ব্যৱস্থা লোৱাৰ দৰে প্রতিটো সন্ত্রাসবাদী ঘটনাৰ পৰা শিকনি ল’ব লাগিব৷ আমি অবাস্তৱ আশা ত্যাগ কৰিব লাগিব৷ কেৱল সম্ভৱপৰকহে সম্ভৱ কৰিব পৰা যায়৷ অসম্ভৱক নহয়৷
মই ইছলামৰ বিশেষজ্ঞ নহওঁ৷ ইয়াক শান্তিৰ ধর্ম বুলি কোৱা হয়৷ কিন্তু এই ধর্মত ‘জিহাদ’ৰ ধাৰণা আছে৷ এই ধাৰণাক অতি সহজে ধর্মান্ধ মানুহক বিপথে পৰিচালিত কৰিবলৈ ব্যৱহাৰ কৰা হৈ আহিছে৷ পাকিস্তান ৰাষ্ট্র এই নীতিৰেই পৰিচালিত৷ জিহাদৰ উপৰি ইছলামত Taqiyya বুলি এটা ধাৰণা আছে৷ এই ধাৰণাত ইছলামপন্থী এজনে নিজক বচাবলৈ মিথ্যাৰ আশ্রয় ল’ব পাৰে আৰু উপযুক্ত সময়ত কাফিৰক আক্রমণ কৰিব পাৰে৷ ইয়াৰ হয়তো সাত্ত্বিক ব্যাখ্যা আছে যেনেকৈ জিহাদৰ আছে৷ কিন্তু সাধাৰণ মুছলমানক এইসমূহ ধর্মীয় ধাৰণাৰ অপব্যাখ্যাৰে বিভ্রান্ত কৰিব পাৰি৷ সন্ত্রাসবাদী কৰি তুলিব পাৰি৷ মিথ্যাচাৰী, প্রৱঞ্চক কৰি তুলিব পাৰি৷ নিঃসন্দেহে বিপথে পৰিচালিতসকলো বলি৷ হিংসাক প্রকাৰান্তৰে ঔচিত্য দিয়া বা আন ব্যাখ্যা দিয়াসকল শিয়ান লোক৷ তেওঁলোকক ক্ষমা কৰিবলৈ সাধাৰণ মানুহ যোগী বা তপস্বী নহয়৷ আমাৰ কেতবোৰ বুদ্ধিজীৱীয়ে কেৱল হিন্দুক উদাৰ হ’বলৈ ক’লে সেয়া অৰণ্যৰোদন হ’ব৷ সকলো মানুহৰেই সুপ্ত বা জাগ্রত মানৱীয় প্রকৃতি আছে বা হিতাহিত জ্ঞানো আছে৷ শ’লঠেকত পৰিলে হিতাহিত জ্ঞান বেছি হয়৷ আজি কাশ্মীৰত মানুহৰ হিতাহিত জ্ঞানৰ উদয় হৈছে৷ নিঃসন্দেহে এয়া আশাৰ বতৰা আৰু প্রতিজন ভাৰতীয়ই দেশৰ স্বার্থত এইসকল কাশ্মীৰী লোকৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হ’ব লাগিব৷ পাকিস্তানৰ বর্তমানৰ সেনাপ্রধানজনে শেহতীয়াকৈ হিন্দু–মুছলমান ‘দুটা জাতি’ জিন্নাৰ সর্বনাশী তত্ত্ব পুনৰ উত্থাপন কৰিছে৷ ই বিশেষ ধর্তব্য নহয়, কাৰণ ই পাকিস্তানী ৰাষ্ট্রৰ শাসকসকলৰ মজ্জাগত৷ ভাৰতীয় মুছলমানসকলৰ আৰু বৃহত্তৰ সমাজৰ দায়িত্ব যে এই তত্ত্ব অসাৰ প্রমাণিত কৰা৷ ভাৰতীয় মুছলমানসকলৰ প্রায় সকলো বলপূর্বক বা লোভ–প্রৰোচনাৰে ধর্মান্তৰিত মানুহ৷ তেওঁলোকে এই কথা অনুধাৱন কৰক৷ ভাৰতীয় আধ্যাত্মিকতা প্রতিজন ভাৰতবাসীৰ বাবে৷ বিদেশতো ভাৰতীয় আধ্যাত্মিকতাৰে উদ্বুদ্ধ লোক আছে৷ বেদ–বেদান্ত তথাকথিত আজিৰ ধর্মীয় সূত্রৰ ঊৰ্ধ্বত প্রতিজন ভাৰতীয়ৰ সম্পদ৷ আনকি জগতৰ সম্পদ৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ বর্তমানৰ মুখ্য সন্মানীয় মোহন ভাগৱত মহোদয়ে এই সংকেত বাৰম্বাৰ সাম্প্রতিক সময়ত দি আছে৷ ইয়াৰ বাবে মুছলমানসকলৰ মাজত ভাৰতীয়বোধৰ জোৱাৰ উঠিব লাগিব৷ এই ভাৰতীয়বোধ সাংবিধানিক আনুগত্যতকৈ বিশাল এটা স্থিতি৷ এনে হ’ব সেয়া কোনোধৰণেই নিশ্চিত নহয়৷ এনে এটা পৰিৱেশ সৃষ্টিৰ কাৰণে প্রথমে ভাৰতীয় আধ্যাত্মিকতা কি বুজিব লাগিব৷ ইছলামৰ জিহাদ, কাফিৰ আৰু Taqiyya আদি বিভ্রান্তিৰ পৰা ওলাই ‘যত্র জীৱ তত্র শিৱ’ বা ‘শৃণ্বন্তু বিশ্বে অমৃতস্য পুত্রা’ বা ‘একমেবাদ্বিতীয়ম’ উপনিষদৰ বাণী বুজিব লাগিব৷ এই মর্ম আজি এক শতাংশ ভাৰতীয়য়ো নুবুজে৷ সেয়ে পাকিস্তানৰ সর্বনাশী দশাৰ বিপৰীতে ভাৰত বিশ্বগুৰু হ’ব, এই আশাও মই দৈৱ সংযোগলৈ এৰিছোঁ৷