সাম্প্রতিক সময়ত বিশ্ব বাণিজ্য ক্ষেত্রত ভাৰত মহাসাগৰৰ গুৰুত্ব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, একপ্রকাৰে ক’বলৈ গ’লে বর্তমান সময়ত বিশ্বৰ বাণিজ্যৰ ধাৰা প্রশান্ত মহাসাগৰৰ পৰা ভাৰত মহাসাগৰলৈ অতি ক্ষিপ্রগতিৰে গতিমান হৈছে৷ বিশ্ব বাণিজ্যত ভাৰত মহাসাগৰৰ গুৰুত্ব বৃদ্ধিত আমাৰ দৃষ্টিত দুই কাৰকে সহায় কৰিছে–
- ইউৰোপ আৰু এছিয়াৰ মাজত পোনপটীয়া যোগাযোগত ভাৰত মহাসাগৰৰ গুৰুত্ব ৷
- বিশ্ব–বাণিজ্যৰ ৰপ্তানি আৰু আমদানি ব্যৱসায়ৰ প্রায় আধা অংশৰ কেন্দ্রই হ’ল ভাৰত মহাসাগৰ৷ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল বিশ্বৰ পেড্র’লিয়াম বাণিজ্যৰ প্রায় ৭০ শতাংশই নিয়ন্ত্রিত হয় ভাৰত মহাসাগৰৰ পৰা আৰু আমি অনুভৱ কৰোঁ এই কাৰকে ভাৰত মহাসাগৰৰ বাণিজ্যিক গুৰুত্বক বৃদ্ধি কৰাত মুখ্য ভূমিকা পালন কৰিছে৷
ভাৰত মহাসাগৰৰ বাণিজ্যিক গুৰুত্ব বাঢ়ি যোৱা লগে লগে কিন্তু এই বিশাল জলৰাশিৰ লগত জডিত দেশসমূহৰ মাজত, দেশীয় বাণিজ্যৰ প্রসাৰ বা আন্তঃৰাষ্ট্রীয় বজাৰত নিজৰ আধিপত্য বিস্তাৰৰ বাবে এই জলৰাশিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এক তুমুল প্রতিযোগিতা আৰম্ভ হৈছে৷ এইক্ষেত্রত চীনৰ লগতে আন দুই উন্নয়নশীল বিত্তীয় শক্তি ভাৰত আৰু পূব আফ্রিকাই মুখ্য ভূমিকা গ্রহণ কৰিছে আৰু এই কথাক বর্তমান সময়ত ভাৰত আৰু চীনে আন দেশৰ মাটিত এই জলৰাশিক কেন্দ্র কৰি গঢ়ি তোলা বাণিজ্যিক বন্দৰে অতি স্পষ্ট ৰূপত প্রমাণ কৰিছে৷
ভাৰত মহাসাগৰক লৈ চীন আৰু ভাৰতে গ্রহণ কৰা কূটনৈতিক আঁচনিৰ বিষয়ে আলোচনা কৰাৰ আগতে, এই জলৰাশিক বিশ্ব বাণিজ্যৰ বাবে সুচল কৰি তোলা বিশ্বৰ অতিকৈ ব্যস্ত দুটামান জলব্যৱস্থা বা জলপ্রণালীৰ waterway) বিষয়ে আলোচনা কৰাটো অতিকৈ প্রয়োজন বুলি অনুভৱ কৰিছোঁ৷ ভাৰত মহাসাগৰৰ মূল জল–বাণিজ্য পথ বা জল–বাণিজ্য প্রণালীসমূহ হৈছে, - হৰমুজ প্রণালী Strait of Harmuz)
- মালাক্কা প্রণালী Strait of Malacca)
- বাব–ইল–মান্দেব Bab-el-mandeb)
- সুন্দা আৰু লম্বুক প্রণালী The Sunda and Lombok Straits)
- মোজাম্বিক জলপথ The Mozambique Channel)
দহ ডিগ্রী আৰু ছয় ডিগ্রী জলপথ Ten Degree and Six Degree Channels)
ভাৰত মহাসাগৰৰ সাম্প্রতিক বাণিজ্যিক গুৰুত্ব তথা ইয়াৰ পৰিপ্রেক্ষিতত গঢ়ি উঠা আন্তঃৰাষ্ট্রীয় কূটনীতিৰ বিষয়ে জানিবলৈ হ’লে উপৰিউক্ত জলপ্রণালীসমূহৰ বিষয়ে কিছু বিতংভাৱে জনাটো খুবেই আৱশ্যক বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু সেয়েহে এই প্রণালীসমূহৰ বিষয়ে তলত কিছু বিতংভাৱে আলোচনা কৰাৰ প্রয়াস কৰিলোঁ৷
হৰমুজ প্রণালীঃ বিশ্বৰ আটাইতকৈ ব্যস্ত আৰু গুৰুত্বপূর্ণ প্রণালীসমূহৰ ভিতৰৰ এক অন্যতম হ’ল হৰমুজ প্রণালী৷ এই প্রণালীয়ে পার্ছিয়ান উপকূল আৰু ওমান উপকূলৰ বৃহৎ তৈলক্ষেত্রসমূহক ভাৰত মহাসাগৰৰ লগত সংযোগ ঘটাইছে৷ এক তথ্য অনুযায়ী এই প্রণালীয়ে পার্ছিয়ান উপকূলৰ প্রায় ৮৮শতাংশ তৈল সম্পদক বিশ্ব বজাৰত মুকলি কৰি দিছে (এছিয়া, আমেৰিকা আৰু পশ্চিম ইউৰোপত) আৰু এই তেলৰ পৰিমাণ বিশ্ব মুঠ তৈল বজাৰৰ প্রায় ২০শতাংশ হ’ব৷ গড় হিচাপত এই প্রণালীত দিনে প্রায় ৩০০০খন বাণিজ্যিক জাহাজ চলাচল কৰে, যিসমূহৰ সৰহসংখ্যকে তৈল পৰিবহণত জডিত৷ উপৰিউক্ত উদাহৰণৰ পৰা এই কথা সহজে অনুমান কৰিব পাৰি যে আন্তঃৰাষ্ট্রীয় তৈল বজাৰৰ বাবে এই প্রণালীটো অতিকৈ গুৰুত্বপূর্ণ , হঠাৎ এদিনৰ বাবেও এই প্রণালীটো যদি বন্ধ হৈ যায় তেন্তে বিশ্ব শক্তি খণ্ডৰ বাবে ই হ’ব এক ছুনামিস্বৰূপ৷ আৰু এই কথাৰ প্রতি দৃষ্টি ৰাখি এই প্রণালীটোৰ লগত জডিত দেশসমূহৰ মাজত কূটনৈতিক সমন্বয় অটুট ৰখাটো খুবেই প্রয়োজন৷ কিন্তু এই প্রণালীৰ উত্তৰত অৱস্থিত ইৰানৰ পাৰমাণৱিক কার্যসূচীক লৈ ইউৰোপীয় সংঘ আৰু আমেৰিকাই দেশখনৰ প্রতি গ্রহণ কঠোৰ আচৰণ আৰু এইক্ষেত্রত ইৰানে গ্রহণ কৰা কূটনৈতিক আচৰণে বিশ্ববাসীক কিছুদিনৰ আগলৈকে এই প্রণালীৰ ভৱিষ্যতক লৈ শংকিত কৰি ৰাখিছিল৷ কিন্তু শেহতীয়াকৈ ইৰান আৰু আমেৰিকাৰ কূটনৈতিক সম্পর্ক উন্নত হোৱাত এনে শংকা কিছু পৰিমাণে হ্রাস হৈছে বুলি ধাৰণা কৰিব পাৰি৷
মালাক্কা প্রণালী ঃ মালাক্কা প্রণালী মালয়ছিয়া, ছিংগাপুৰ আৰু ইণ্ডোনেছিয়াৰ মাজত অৱস্থিত৷ এই প্রণালীয়ে ভাৰত মহাসাগৰক দক্ষিণ চীন সাগৰ আৰু প্রশান্ত মহাসাগৰৰ লগত সংযোগ ঘটাইছে৷ মালাক্কা প্রণালীয়ে বিশ্ব বাণিজ্যৰ প্রায় ৩০শতাংশ অংশ দখল কৰি আছে আৰু ইয়াৰ উপৰি চীন, জাপান, দক্ষিণ কোৰিয়া আৰু টাইৱানে আমদানি কৰা তৈল সম্পদৰ ৮০শতাংশই এই জলপথেৰে পৰিবহণ কৰা হয়৷ শেহতীয়াকৈ দক্ষিণ চীন সাগৰৰ তৈল ভাণ্ডাৰক লৈ আৰম্ভ হোৱা কূটনৈতিক যুদ্ধই এই প্রণালীক আন্তঃৰাষ্ট্রীয় ক্ষেত্রত অতি গুৰুত্বপূর্ণ কৰি তুলিছে৷
বাব–ইল–মান্দেব ঃ হৰমুজ আৰু মালাক্কাৰ পিছতেই অতি ব্যস্ত বাণিজ্যিক জলপথটো হ’ল বাব–ইল–মান্দেব জলপথ৷ এই জলপথে ভাৰত মহাসাগৰক এডিন উপকূলৰ Gulf of Aden) সহায়ত Red Sea’ৰ লগত সংযোগ ঘটাইছে৷ এই জলপথেৰে ইউৰোপৰ সৰহসংখ্যক তেল আমদানি কৰা হয়৷ কাৰণ এই জলপথেৰে পার্ছিয়ান উপকূলৰ পৰা ছুয়েজ–কেনেলৰ যোগেদি তেল পৰিবহণৰ সুবিধা আছে৷
সুন্দা আৰু লম্বুক প্রণালী ঃ সুন্দা আৰু লম্বুক প্রণালীক ওপৰত উল্লেখ কৰি অহা মালাক্কা প্রণালীৰ বিকল্প জলপথ হিচাপে গণ্য কৰা হয়৷ সুন্দা প্রণালীটো ইণ্ডোনেছিয়ান দ্বীপপুঞ্জৰ জাভা আৰু সুমাত্রাৰ মাজত অৱস্থিত আৰু এই প্রণালীয়ে জাভা সাগৰক ভাৰত মহাসাগৰৰ সংযোগ কৰাইছে৷ এই জলপথটি যথেষ্ট বাম আৰু ঠেক হোৱা বাবে ইয়াক বাণিজ্যিক জলপথৰূপে ব্যৱহাৰ কৰাত যথেষ্ট অসুবিধা আছে৷ আনহাতে লম্বুক প্রণালী বালি আৰু লম্বুক দ্বীপৰ মাজত অৱস্থিত৷ এই প্রণালীটো যথেষ্ট বহল, দ হোৱা বাবে মালাক্কা প্রণালীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা আছে যদিও এই জলপথ ব্যৱহাৰ কৰিলে পৰিবহণৰ বাবে প্রয়োজন হোৱা অতিৰিক্ত দিনৰ বাবে ইয়াক দক্ষিণ–পূব এছিয়াত মালাক্কাৰ বিকল্পৰূপে এতিয়ালৈকে ব্যৱহাৰ কৰা হোৱা নাই৷
মোজাম্বিক জলপথ ঃ মোজাম্বিক জলপথটো ভাৰত মহাসাগৰৰ অন্যতম গুৰুত্বপূর্ণ জলপথ৷ এই জলপথটো দ্বীপপুঞ্জ ৰাষ্ট্র মাদাগাস্কাৰ আৰু দক্ষিণ–পূব আফ্রিকাৰ মাজত অৱস্থিত৷ এই জলপথৰ দৈর্ঘ্য প্রায় ১৬০০ কিঃমিঃ আৰু ইয়াৰ প্রস্থ প্রায় ৪০০ পৰা ৯৫০ কিঃমিঃ৷ মোজাম্বিক জলপথে বিশ্বৰ প্রায় ৩০শতাংশ তৈল সম্পদ পৰিবহণ কৰাত সহায় কৰাৰ লগতে দক্ষিণ আফ্রিকাৰ জল–বাণিজ্যৰ ১০০ শতাংশই দখল কৰি আছে৷
দহ ডিগ্রী আৰু ছয় ডিগ্রী জলপথ ঃ দহ ডিগ্রী আৰু ছয় ডিগ্রী জলপথ দুটা ভাৰত মহাসাগৰৰ এনে দুটা জলপথ, যি দুটা বিষুৱ ৰেখাৰ পৰা ক্রমে ১০ ডিগ্রী আৰু ৬ ডিগ্রীৰ ওপৰত অৱস্থিত৷ দহ ডিগ্রী জলপথটো ভাৰত দ্বীপপুঞ্জৰ নিকোবৰ আৰু আন্দামান দ্বীপৰ মাজত অৱস্থিত৷ ঠিক তেনেদৰে ছয় ডিগ্রী জলপথটো ভাৰত দ্বীপপুঞ্জৰ নিকোবৰ আৰু ইণ্ডোনেছিয়ান দ্বীপপুঞ্জৰ সুমাত্রাৰ মাজত অৱস্থিত৷ যিহেতুকে এই জলপথ দুটাৰ লগত ভাৰতীয় ভূ–খণ্ড জডিত হৈছে, সেয়েহে এই জলপথ দুটা ভাৰতীয় কূটনৈতিক দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা হয়৷
উপৰিউক্ত আলোচনাৰ পৰা এটা কথা অতি সুন্দৰকৈ স্পষ্ট হৈছে যে ভাৰত মহাসাগৰে বিশ্ব তৈল বজাৰত (উৎপাদন আৰু পৰিবহণত) এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে আৰু মুখ্যতঃ ইয়াৰ বাবেই আধুনিক বিশ্বৰ বাণিজ্য জগতত ইয়াৰ গুৰুত্ব বাঢ়িছে৷ ভাৰত মহাসাগৰৰ এই তৈল তথা বাণিজ্যিক গুৰুত্বক কেন্দ্র কৰি এছিয়াৰ মহাদেশৰ দুই মুখ্য শক্তি চীন আৰু ভাৰতেও ভাৰত মহাসাগৰক লৈ ভিন্ন কূটনৈতিক পৰিকল্পনা প্রস্তুত কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল–
- চীনে ভাৰত মহাসাগৰৰ পাকিস্তানৰ অংশত গাৱাডা বন্দৰ নির্মাণ আৰু ইয়াৰ প্রত্যুত্তৰত
- ভাৰতে ভাৰত মহাসাগৰৰ ইৰানৰ অংশত চাবাহা বন্দৰ নির্মাণ৷
উপৰিউক্ত কূটনৈতিক পৰিকল্পনাৰ দ্বাৰা এছিয়াৰ দুই মহাশক্তিয়ে ভাৰত মহাসাগৰৰ ওপৰত নিজৰ জল অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে সেই কথা স্পষ্ট৷ ভাৰতে ইৰানত বন্দৰ নির্মাণ কৰি ইৰানৰ লগত মধ্য এছিয়াৰ দেশসমূহ আৰু আফগানিস্তানৰ পোনপটীয়া সংযোগ ঘটাব বিচাৰিছে আৰু ইয়াৰ দ্বাৰা এই দেশসমূহৰ ওপৰত পাকিস্তানে জাহিৰ কৰা কূটনৈতিক আৰু বাণিজ্যিক হেঁচাক হ্রাস কৰিব বিচৰা হৈছে৷ আনহাতে, চীনে পাকিস্তানত নির্মাণ কৰা বন্দৰক লৈও ভাৰতে নিজা চিন্তা ব্যক্ত কৰিছে৷ ভাৰতে অভিযোগ কৰা মতে, - চীনে পাকিস্তানৰ গাৱাডাত বন্দৰ নির্মাণ কৰি আৰবীয় উপকূল আৰু আফ্রিকাৰ পৰা সংগ্রহ কৰা তৈল সম্পদ পোনপটীয়াকৈ চীনলৈ পৰিবহণ কৰা পৰিকল্পনা কৰিছে৷
- দ্বিতীয়তে, চীনে পিছলৈ গাৱাডা বন্দৰক নিজৰ নৌ–সেনাৰ ছাউনীৰূপে ব্যৱহাৰ কৰা পৰিকল্পনা কৰিছে৷
- তৃতীয়তে চীনে এই বন্দৰক ভৱিষ্যতে চীনা ছাবমেৰিনৰ ইন্ধনভর্তি স্থলৰূপে গঢ়ি তোলাৰো পৰিকল্পনা কৰিছে৷
এনেবোৰ অভিযোগ কিমান সঁচা বা কিমান মিছা, সেই কথা সময়ে ক’ব, কিন্তু শেহতীয়াকৈ ভাৰত মহাসাগৰৰ প্রতি বাঢ়ি অহা আন্তঃৰাষ্ট্রীয় বাণিজ্যিক গুৰুত্বক এছিয়াৰ এই দুই মহাশক্তিয়ে কেনে কূটনৈতিক সমন্বয়েৰে গ্রহণ কৰে, তাৰ ওপৰতেই দক্ষিণ–পূব এছিয়াৰ শান্তি আৰু উন্নয়ন নির্ভৰ কৰিব বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ৷