নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ বুকুত নিতৌ ভূটভূটীৰে মৎস্য চিকাৰৰ অঘোষিত প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে ব্রহ্মপুত্রত ভূটভূটী চলাই আহিছে একাংশ মাছমৰীয়াই৷ ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত ভয়াৱহ নাও দুর্ঘটনাৰ পিছতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৰাজ্যত এটা মেচিনেৰে চলা ভূটভূটীৰ চলাচল ন্ধ কৰি দিছিল৷ কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নির্দেশনা উলংঘাৰে উত্তৰ গুৱাহাটী, চন্দ্রপুৰ আৰু চাউলধোৱাৰ একাংশ মাছমৰীয়াই ব্রহ্মপুত্রত ভূটভূটীৰে মাছ ধৰি ব্যৱসায় চলাই আহিছে৷

নির্দেশনা উলংঘাৰে প্রতিদিনে হ্মপুত্রত মাছ ধৰি উজন্বজাৰৰ পাইকাৰী মাছ বজাৰত বিক্রী কৰি আহিছে৷ ব্ৰহ্মপুত্রত ভূটভূটীৰ চলাচলত নিষেধাজ্ঞা থকাৰ পিছতো এই মাছ ৱসায়ীসকলে জীৱনৰ লগত হেতালি খেলি কেনেদৰে মাছ ধৰি আহিছে তাক লৈ স্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

স্থানীয় ৰাইজ আৰু প্রত্যক্ষদর্শীৰ অভিযোগ অনুসৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া, কর্মচাৰীৰ পৃষ্ঠপোষকতাত এই অসাধু মাছ ব্যৱসায়ীসকলে প্রতিদিনে ব্ৰহ্মপুত্রত মাছ ধৰি উজান বজাৰৰ পাইকাৰী জাৰত বিক্রী কৰি আহিছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নির্দেশনা উলংঘাৰে ভূটভূটী লৈ ব্রহ্মপুত্রত মাছ ধৰি উজান্বজাৰৰ পাইকাৰী মাছ বজাৰত বিক্রী কৰি অহাৰ পিছতো বিভাগীয় কর্তৃপক্ষই আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷

তদুপৰি উজান জাৰ পাইকাৰী মাছ বজাৰ ব্যৱসায়ী সন্থায়ো ভূটভূটী লৈ মাছ বিক্রীৰ বাবে অহা ৱসায়ীসকলৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ নীতি–নির্দেশনা উলংঘাৰে হ্মপুত্রত ভূটভূটীলৈ মাছ ধৰি উজান জাৰত বিক্রী কৰি অহা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু আভ্যন্তৰীণ জল পৰ্বিহণ বিভাগে কি ৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

উল্লেখ্য যে মহানগৰীৰ পাণ্ডু ঘাটৰ পৰা শৰাইঘাটলৈ শিহু সংৰক্ষণৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে মাছ মৰা নিষিদ্ধ কৰাৰ লগতে নাও চলাচল বন্ধ ঘোষণা কৰিছিল৷

You might also like