নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ ৰিখাৱাৰৰ পৰা মিজোৰামৰ চাম্ফাই হৈ বৰাকেৰে বাংলাদেশলৈ যায় ‘য়াবা’

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  অসম–মিজোৰাম সীমান্তৰ সংঘর্ষময় পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে মিজোৰামক কেন্দ্র কৰি অব্যাহত থকা ড্রাগ্ছ সৰবৰাহৰ ভয়ংকৰ তথ্য৷ কার্যতঃ এতিয়া মিজোৰাম হৈছে উত্তৰ–পূর্বাঞ্চলৰ ড্রাগ্ছ সৰবৰাহৰ প্রধান কৰিড’ৰ৷ ম্যানমাৰৰ ভয়ংকৰ ড্রাগ্ছ ৰূপে পৰিচিতি ‘য়াবা’ টেবলেট সৰবৰাহৰ ট্রেনজিট কেম্প হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম৷ মিজোৰামৰ পৰা বৰাক উপত্যকা হৈ বাংলাদেশলৈ সৰবৰাহ হোৱা য়াবা টেবলেট এতিয়া চুবুৰীয়া ৰাজ্যখনৰ অবৈধ ব্যৱসায়ৰ কেন্দ্রবিন্দু হিচাপে চিহ্ণিত হৈ পৰিছে৷

উল্লেখ্য যে য়াবা টেবলেট বাংলাদেশত ড্রাগ্ছ হিচাপে সর্বাধিক ব্যৱহূত টেবলেট৷ কেফেইন আৰু মেথামফেটামিনেৰে প্রস্তুত হোৱা এই টেবলেটটো বিশ্বজুৰি ড্রাগ্ছ হিচাপে ব্যৱহূত হৈ আহিছে৷ ৰাষ্ট্রসংঘৰ ড্রাগ্ছ আৰু অপৰাধ শাখাৰ দ্বাৰা প্রাপ্ত তথ্য অনুসৰি দক্ষিণ–পূব এছিয়া তথা মেকং নৈৰ অঞ্চলত এই টেবলেটটো ড্রাগ্ছ ৰূপে সর্বাধিক ব্যৱহূত হয় আৰু এই টেবলেটটো ম্যানমাৰৰ ছান প্রদেশত সর্বাধিক প্রস্তুত কৰা হয়৷ ইতিহাস অনুসৰি ১৯৯০ চনৰ পৰা ম্যানমাৰত এই য়াবা টেবলেট প্রস্তুত হৈ আহিছে আৰু ভয়াৱহ ড্রাগ্ছ হেৰ’ইনৰ সলনি এই ভয়ংকৰ টেবলেটটো ড্রাগ্ছ হিচাপে ব্যৱহাৰ কৰি আহিছে দক্ষিণ–পূব এছিয়াৰ যুৱ প্রজন্মই৷ আশ্চর্যজনকভাৱে ২০১৬ চনত বাংলাদেশতেই ২৯.৫ মিলিয়ন য়াবা টেবলেট জব্দ হৈছে৷ বাংলাদেশ চৰকাৰে প্রকাশ কৰা অনুসৰি উক্ত বর্ষত বাংলাদেশত ৩ বিলিয়ন ডলাৰৰ অবৈধ বাণিজ্য হৈছিল য়াবা টেবলেটৰ৷ বাংলাদেশৰ নার্ক’টিক কন্ট্ৰ’ল ব’ডৰ সঞ্চালকপ্রধান মহম্মদ জামালুদ্দিন আহমেদে প্রকাশ কৰা অনুসৰি দেশখনৰ ৭ মিলিয়ন ড্রাগ্ছ আসক্ত যুৱকৰ ভিতৰত ৫ মিলিয়নেই য়াবা টেবলেটত আসক্ত৷ তাৎপর্যপূর্ণভাৱে ৰহিংগ্যা শৰণার্থীসকলৰ বাংলাদেশত প্রৱেশৰ পাছতে এই য়াবা টেবলেটৰ অবৈধ বাণিজ্য সবাতোকৈ বৃদ্ধি পায় চুবুৰীয়া ৰাষ্ট্রখনত৷

তথ্য অনুসৰি ম্যানমাৰত ১ ডলাৰত ক্রয় কৰা য়াবা টেবলেট ঢ়াকাত ৪ৰ পৰা ৫ ডলাৰত বিক্রী হয়৷ ৰহিংগ্যা শৰণার্থীসকলৰ ম্যানমাৰত থকা যোগাযোগৰ আধাৰতেই বাংলাদেশত য়াবাৰ সৰবৰাহ৷ এই শৰণার্থীসকলৰ জৰিয়তে সর্বাধিক বিক্রী হোৱা বুলি ইতিমধ্যে বাংলাদেশ চৰকাৰে প্রকাশ কৰিছে৷ ২০১৮ বর্ষত ত্রিপুৰাত ৭.৫ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীয়ে৷ জব্দকৃত টেবলেটখিনি বাংলাদেশৰ ছিলেট জিলালৈ মিজোৰাম হৈ সৰবৰাহ হোৱাৰ তথ্য প্রকাশ পাইছিল৷

উল্লেখ্য যে বাংলাদেশ সেনাবাহিনীৰ লেফটেনেণ্ট কর্নেল আহমেদ ইউছুফ জামিলে এই য়াবা টেবলেটসমূহ ম্যানমাৰৰ ইউনাইটেড ৱা ষ্টেট আর্মীৰ জৰিয়তে বাংলাদেশলৈ প্রেৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল৷ উল্লেখ্য যে ম্যানমাৰৰ ছাগাইন অঞ্চলৰ পৰা ৰিখাৱাৰ আৰু মণ্ডালয় হৈ মিজোৰামৰ ছামফ্রাইলৈ সৰবৰাহ হয় এই য়াবা টেবলেট৷ ম্যানমাৰৰ পৰা প্রৱেশ কৰা এই ভয়াৱহ ড্রাগ্ছসমূহ ছামফ্রাইত মজুত হোৱাৰ পাছতে ড্রাগ্ছ সৰবৰাহকাৰীসকলে অসম–মিজোৰাম সীমান্তৰ ভাইৰেংটিলৈ লৈ আনে য়াবা টেবলেট৷ ভাইৰেংটিৰ পৰাই বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ হৈ এই ড্রাগ্ছ প্রেৰণ কৰা হয় বাংলাদেশলৈ৷ মূলতঃ কৰিমগঞ্জৰ অসম–বাংলাদেশ সীমান্তৰে এই ড্রাগ্ছৰ সৰবৰাহ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ভাইৰেংটিত থকা মিজোৰামৰ বিভিন্ন ধর্মীয় অনুষ্ঠান আৰু ৰহিংগ্যা শৰণার্থীৰ জৰিয়তে এই ড্রাগ্ছসমূহ ড্রাগ্ছ মাফিয়াই চুবুৰীয়া দেশখনলৈ প্রেৰণ কৰে বুলি প্রকাশ পাইছে৷ তথ্য অনুসৰি বৰাক উপত্যকাৰ একাংশ ড্রাগ্ছ মাফিয়াই মিজোৰামৰ ড্রাগ্ছ সৰবৰাহীৰ পৰা এই ড্রাগ্ছ ক্রয় কৰি বাংলাদেশলৈ প্রেৰণ কৰে৷

অভিযোগ অনুসৰি মিজোৰামৰ ড্রাগ্ছ মাফিয়াই ম্যানমাৰৰ ৰিখাৱাৰ আৰু মণ্ডালয়ত য়াবা টেবলেট ক্রয় কৰি ছামফ্রাইলৈ সীমান্ত অতিক্রম কৰি আনি মজুত কৰে৷ ছামফ্রাইৰ পৰা এচাম ড্রাগ্ছ সৰবৰাহকাৰীয়ে পোনে পোনে বাংলাদেশলৈ কক্স বজাৰ হৈ য়াবা টেবলেট প্রেৰণ কৰাৰ বিপৰীতে ৰঙামাটি, ছিলেট আদি জিলালৈ মিজোৰামৰ কালাছিব জিলা হৈ ভাইৰেংটি আৰু লাইলাপুৰ হৈ বৰাক উপত্যকাৰে য়াবা প্রেৰণ কৰে ড্রাগ্ছ মাফিয়াই৷ শেহতীয়াকৈ অসমত ব্যাপক ড্রাগ্ছবিৰোধী অভিযান আৰম্ভ হোৱাৰ লগে লগে হাহাকাৰ লাগি পৰিছে মিজোৰামৰ ড্রাগ্ছৰ অন্ধকাৰ সাম্রাজ্যখনত৷ বিশেষকৈ বৰাক উপত্যকা হৈ ড্রাগ্ছ সৰবৰাহৰ পথ সম্পূর্ণৰূপে ৰুদ্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে মিজোৰামৰ ড্রাগ্ছ মাফিয়া৷

উল্লেখ্য যে মিজোৰামৰ ড্রাগ্ছ মাফিয়াৰ সৈতে ৰাজনৈতিক নেতা আৰু প্রশাসনৰ গোপন বুজাবুজিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এনে অভিযোগৰ পৰিপ্রেক্ষিততে এতিয়া অসম–মিজোৰাম সংঘাতৰ আঁৰত ড্রাগ্ছ সৰবৰাহৰ বিষয়টোৱেও অনুঘটকৰ ৰূপত ক্রিয়া কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

You might also like