বিশ্বৰ ভয়ানক আৰু বিচিত্র ঠাইসমূহ
ধৰি লওক, আপুনি নিজৰ গাড়ীখনেৰে এটা দীঘলীয়া যাত্রা কৰি গৈ আছে৷ হঠাতে আপুনি তেনেই নিজান আলিবাট এটা পালে৷ যাৰ আশে–পাশে ঘৰ–দুৱাৰ, মানুহৰ কোনো চিনমোকাম নাই৷ চাৰিওফালে অটব্য অৰণ্য৷ তেনে অৱস্থাত গাডীখনৰ বেগ বৃদ্ধি কৰা বা ভয়তেU turn লোৱাটো তেনেই সাধাৰণ কথা৷ পৃথিৱীৰো চুকে–কোণে এনে বহুতো আচৰিত আৰু ভয়ানক ঠাই আছে, যাৰ বিষয়ে জানিলে হয়তো আপুনিও তালৈ যোৱাৰ আগত এশবাৰ ভাবিব৷ এই লেখাটিত তেনেকুৱা কেইখনমান ঠাইৰ তথ্য সন্নিবিষ্ট কৰা হ’ল৷
বলিভিয়াৰ নর্থ য়াংগাছ ৰোড ঃ লা পাজৰ পৰা বলিভিয়াৰ কৰইকলৈ যোৱা এটি পথ৷ প্রায় ১৫০০০ ফুট দৈর্ঘ্যৰ এই পথটো পাৰ হৈছে এমাজনৰ ঘন বর্ষাৰণ্যৰ মাজেৰে৷ ১২ ফুট প্রস্থৰ এই পথটো ঠেক হোৱাৰ উপৰি কাষত কোনোধৰণৰ গার্ড নাই৷ তদুপৰি ঘন কুঁৱলীয়ে আৱৰি থকা এই পথটোত ভালদৰে দেখা পোৱাটোও সম্ভৱ নহয়৷ সেয়ে হয়তো ইয়াক মৃত্যুৰ পথ অথবা ডেথ ৰোড বুলিও জনা যায়৷ বছৰি প্রায় ২০০ৰ পৰা ৩০০ লোক ইয়াত দুর্ঘটনাত পতিত হয়৷ ক’ব পাৰি যে ই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ভয়ানক পথ৷
বিলিটজ্ হেইলষ্টেটেন চিকিৎসালয় ঃ জার্মানীত থকা এই চিকিৎসালয়খন অতি প্রসিদ্ধ হোৱাৰ লগতে অতি আচহুৱা আৰু ভয় লগাও৷ ১৮৯৮ চনৰ পৰা ১৯৩০ চনলৈ এই চিকিৎসালয়খনত যক্ষ্মা ৰোগৰ চিকিৎসা কৰা হৈছিল৷ লগতে প্রথম বিশ্বযুদ্ধত আহত সৈনিকৰো শুশ্রূষা কৰা হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ই নাজী সৈনিকৰ চিকিৎসা কেন্দ্রত পৰিণত হয়৷ চিকিৎসালয়খনৰ কেইটামান ৱার্ড এতিয়াও ব্যৱহূত যদিও অধিকাংশই ধ্বংস প্রায়৷ সেয়ে ইয়াৰ বাহ্যিক ৰূপটোও যথেষ্ট ভয় লগা৷
পুতলাৰ দ্বীপ ঃ ‘মেক্সিকো’ৰ ‘জকিমিলকো নামৰ ঠাই টুকুৰাক যদিওUNESCOই বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে চিহ্ণিত কৰিছে তথাপি এই ঠাইডোখৰলৈ যাবলৈ আপোনাৰ বুকুত থাকিব লাগিব অদম্য সাহস৷ কাৰণ ইয়াক জনা যায় পুতলাৰ দ্বীপ হিচাপে৷ এই সৰু দ্বীপটোত পুতলা আৰু পুতলাৰ সৰু সৰু টুকুৰাবোৰ চিনেমাত দেখুওৱাৰ দৰেই অতি ভয় লগাকৈ ওলমি থাকে৷ যদি আপুনি হলীউডৰ এনাবেল চিনেমাখন চাইছে তাতকৈও ভয় লগা এই দ্বীপটো৷ এজনী ছোৱালীৰ মৃতদেহ কাষৰ নলা এটিত উদ্ধাৰ কৰাৰ পিছতে বেৰেৰা নামৰ এগৰাকী স্থানীয় লোকে অপশক্তিসমূহ খেদিবলৈ পুতলাবোৰ ওলমাই থোৱা আৰম্ভ কৰে৷
খ্রাইষ্ট অৱ এবিচ্ছ ঃ ইটালীৰ ছান ফ্রুটছোত সাগৰৰ ৫৫ ফুট গভীৰত আছে এটা যীশুখ্রীষ্টৰ প্রতিমূর্তি৷ আঠ ফুট উচ্চ এই মূর্তিটো ইটালীৰ ডুইলি’ মাৰকাণ্টে নামৰ ব্যক্তি গৰাকীয়ে ১৯৫৪ চনত স্থাপন কৰিছিল৷ তেওঁৰ বন্ধু ডাৰি’ গণজাটিয়ে মৃত্যুবৰণ কৰা সেই একেই স্থানতে এই মূর্তিটো স্থাপন কৰা হৈছিল৷ শেঁলুৱৈ আৰু মামৰে আৱৰা এই মূর্তিটো কাৰোবাৰ বাবে হয়তো ধুনীয়া আন কাৰোবাৰ বাবে অত্যন্ত ভয় লগা৷ ওপৰলৈ চাই হাত মেলি থকা এই মূর্তিটো নিঃসন্দেহে অত্যন্ত আচহুৱা ঠাই৷
প্রিপেট, ইউক্রেন ঃ ১৯৭০ চনত স্থাপন হোৱা এই চহৰখন ১৯৮৬ চনত চাৰণ’বিল দুর্ঘটনাৰ পিছতে ধ্বংস হয়৷ এই চহৰৰ মুঠ জনসংখ্যা আছিল প্রায় ৫০,০০০৷ বাসিন্দাসকলে এই ঠাই ত্যাগ কৰাৰ পিছৰে পৰা ইয়াৰ অট্টালিকা, আচবাবসমূহে মানুহৰ সংস্পর্শলৈ অহা নাই৷ ধ্বংসপ্রাপ্ত আৰু জর্জৰ কিতাপ পত্র, পুতলা, পুৰণি ফটোগ্রাফসমূহো ইয়াত পোৱা যায়৷ ইয়াৰ উপৰি উদ্যান এখনৰ প্রকাণ্ড চকৰি এটাও এই ঠাইখনৰ বৈশিষ্ট্য৷ যদিও এই ঠাইখন অতি ভয় লগা আৰু আচহুৱা ইয়াৰ লগত জডিত হৈ আছে এটা কৰুণ ইতিহাস৷
গমটানগং গুহা ঃ মালয়েছিয়াত থকা এই গুহাটো কোনো ভৌগোলিক বিস্ময়তকৈ কম নহয়৷ ৩০০ ফুটতকৈও অধিক উচ্চতাৰ শিলে আবৃত এই গুহাটো যথেষ্ট আচহুৱা৷ এই গুহাটো প্রায় ২০ লাখ বাদুলীৰ বাসস্থান৷ ইয়াৰ ভূমিপৃষ্ঠ বাদুলীৰ বিষ্ঠাই আৱৰি থাকে৷ এই ঠাইখিনি পাৰ কৰিব পাৰিলেই পঁইতাচোৰাৰে ভৰা এই ঠাইখিনি৷ ইয়াৰ উপৰি ভালেমান প্রকাৰৰ সাপ,বৃশ্চিক কেঁকোৰা আদিৰে পৰিপূর্ণ এই গুহাটো যথেষ্ট বিপদসংকুল৷
ডৰ টু হেল, টুর্কমেনিষ্টান ঃ টুর্কমেনিস্তানৰ কাৰাকুম মৰুভূমিৰ মাজমজিয়াত থকা এই ঠাইটুকুৰাক স্থানীয় লোকে নৰকৰ দুৱাৰ বুলি কয়৷ জ্বলি থকা অগ্ণিকুণ্ড সদৃশ ২৩০ ফুট প্রস্থৰ এই গাঁতটোত ছোভিয়েট বিজ্ঞানীসকলে ১৯৭১ চনত তেলৰ সন্ধান আৰম্ভ কৰে৷ সেই সময়ত মিথেন গেছৰ বায়ুৰ সংস্পর্শলৈ অহাত বিষাক্ত গেছ নির্গত হয় আৰু সেয়া নাইকিয়া কৰিবলৈ বিজ্ঞানীসকলে জ্বলোৱাৰ সিদ্ধান্ত লয় আৰু আচৰিত কথাটো হ’ল যোৱা ৪০ বছৰ ধৰি এই গেছ জ্বলিয়েই আছে৷