নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ৰক্ত দান শিবিৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰ: দেশৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংক সোণাৰি শাখাৰ উদ্যোগত আৰু সোণাৰি ৰামকৃষ্ণ সেৱা সমিতিৰ সহযোগত আজি এইচ ডি এফ চি বেংক সোণাৰি শাখাত এটি ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয় । পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত ৰক্ত দান শিবিৰত কুৰি গৰাকীতকৈ অধিক লোকে ৰক্ত দান কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই উদ্বোধন কৰা উক্ত ৰক্ত দান শিবিৰত সোণাৰি শাখা এইচ ডি এফ চি ৰ পৰিচালক পংকজ শইকীয়াকে ধৰি বেংকৰ সকলো বিষয়া-কৰ্মচাৰী আৰু সোণাৰি ৰামকৃষ্ণ সেৱা সমিতিৰ সভাপতি মোহিত কান্তি সেন , সম্পাদক উত্তম দত্তকে ধৰি সকলো সদস্য উপস্থিত থাকে ।

দীপাংকৰ পাল,সোণাৰি।

You might also like