নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালৰ শিপিনীয়ে প্ৰস্তুত কৰা গামোচা পাইছেগৈ লণ্ডন; লণ্ডনৰ কোম্পানীলৈ প্ৰেৰণ ৫০০ ৰো অধিক গামোচা 

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰৰ: সাম্প্ৰতিক সময়ত হস্ততাঁত শিল্পৰ বিভিন্ন সমস্যা থকা স্বৰ্তেও অসমৰ অৰ্থনীতিত এক যুগান্তকাৰী ভূমিকা পালন কৰি আহিছে ৷ ইয়াৰ মাজতে অসমৰ দৰিদ্ৰ শিপিনীসকলৰ ভিন্ন সমস্যা,প্ৰত্যাহ্বান সমূহ মোকাবিলা কৰিবলৈ সামাজিক শৈক্ষিক কল্যাণ স্বেচ্ছাসেৱী অনুষ্ঠান (সেৱাই)শিপিনী সকলক একগোট কৰাৰ মানসিকতাৰে হস্ত তাঁত শিল্প খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ “সেৱাই”সমৰ্থন আগবঢ়াই আহিছে ৷ সেৱাৰ উদ্যোগৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অৰ্ন্তগত  ছাগলীকটা গাঁৱৰ মহিলা শিপিনী গোটে আগন্তুক নতুন বছৰ আৰু বৰদিন উপলক্ষে লণ্ডনৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে তাঁতশালত ফুলাম গামোচা প্ৰস্তুত কৰি উলিয়াইছে শিপিনী সকলে।  লণ্ডনত মুখ্য কাৰ্য্যালয় হিচাপে থকা এটা বিশ্বব্যাপী চাহ ব্ৰেণ্ডে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মহিলা শিপিনী গোটৰ দ্বাৰা বোৱা ফুলাম গামোছাৰ প্ৰতি আগ্ৰহী হৈ লণ্ডনত আগন্তুক বৰদিন নতুন বছৰ উদযাপনত উপহাৰ হিচাপে আগবঢ়াবলৈ হাতেৰে বোৱা অসমীয়া সমাজ সংস্কৃতি জীৱনৰ চানেকিস্বৰূপ ফুলাম গামোছা যোগান ধৰিবলৈ অনুৰোধ জনায় ৷ ছাগলীকটা মহিলা গোটে সেৱাৰ সমৰ্থনত দিন ৰাত একাকাৰ কৰি গামোছা প্ৰস্তুত কৰি লণ্ডনলৈ ৫০০ৰো অধিক গামোচা ইতিমধ্যে প্ৰেৰণ কৰিছে ৷সেৱাই ক’ভিদ মহামাৰীৰ সময়ত যি সকল শিপিনীৰ পৰিয়াল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ,সেই শিপিনীসকলক নিজৰ অৰ্থনৈতিক কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰিবলৈ পৰিয়াল পোহপাল দিবলৈ পুনৰ গামোছা প্ৰস্তুত কৰাত ব্যস্ত কৰাইছে৷

গ্ৰাম্য শিপিনীসকলে সূতা বেংক,ক্ষমতা নিৰ্মাণ, প্ৰশিক্ষণ ,বিপণন “সেৱাৰ”জৰিয়তে লাভ কৰিছে । এশ পঞ্চাশ গৰাকীতকৈ অধিক মহিলা শিপিনীক সামাজিক সেৱাই এক গোট কৰি স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰিছে । সেৱাই বিভিন্ন সমৰ্থন প্ৰদান কৰি অৰ্থনৈতিক আৰু সামাজিকভাৱে দুৰ্বল দৰিদ্ৰ মহিলাসকলৰ বাবে থলুৱা বয়নৰ প্ৰচাৰ কৰি আহিছে যেনে বয়নৰ বাবে বিনামূলীয়া সূতা,প্ৰশিক্ষণ,ডিজাইন,উদগনি,নেতৃত্ব,প্ৰশিক্ষণ ইত্যাদি । সামাজিক শৈক্ষিক কল্যাণ সংস্থা “সেৱাই”লাহোৱালৰ ছাগলীকটা গাঁৱৰ এগৰাকী শিপিনী ফলুমণি দাসৰ  জীৱনলৈ নামি অহা অন্ধকাৰ দূৰ কৰিবলৈ শিপিনী গৰাকীক স্বাৱলম্বী কৰি তুলিছে।  তেঁওৰ শাৰীৰিক অক্ষমতা স্বামীৰ যত্ন লোৱাৰ লগতে তাঁত শিল্পৰ জৰিয়তে ঔষধ ক্ৰয় কৰিবলৈ সামৰ্থ গ্ৰহণ কৰিছে । এই বয়ন শিল্পৰ দ্বাৰা ফলুমণিয়ে তেঁওৰ তিনিগৰাকী কন্যা সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ আৰু ভবিষ্যতৰ অপ্ৰত্যাশিত ঘটনাৰ বাবে সঞ্চয় কৰিবলৈ ,পৰিয়ালৰ বাবে অধিক পুষ্টিকৰ খাদ্য ক্ৰয় কৰিবলৈও ফলুমণি দাস  সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷

 

প্ৰতিবেদন | কাঞ্চনজ্যোতি গোহাঁই 

You might also like