‘কেব’, ‘কা’, ‘ক’ৰোনা’– এহ তিনিটা শব্দ আমাৰ মাজত ২০১৯ৰ নৱেম্বৰ–ডিচেম্বৰৰ্ পৰা পৰিচিত শব্দ হৈ পৰিল৷ ডিচেম্বৰত ‘কা’বিৰোধী আন্দোলনে সাধাৰণ ৰাহজক বহু ক্ষেত্রত বহু অসুবিধাত পেলাহছিল৷ ১২ ডিচেম্বৰত শাহু ঢুকুওৱাৰ সময়ত আমিও বহু অসুবিধাৰ মাজেৰে তেওঁৰ কাজ–কর্মখিনি কৰিব লগা হৈছিল৷ ‘কেব’, ‘কা’ বিষয়কেহটা কিছু শাম কটাৰ পিছত ক’ৰোনা ভাহৰাছ ক’ভিড–১৯এ ৰাহজৰ মাজত আতংকৰ সৃষ্টি কৰিলে৷ চীনৰ পৰা আৰম্ভ হোৱা এহ ৰোগ যেতিয়া পৃথিৱীৰ বিভিন্ন দেশত বিয়পি পৰিল, তেতিয়া বিভিন্ন দেশে লকডাউন ঘোষণা কৰাৰ সময়ত আমাৰ ভাৰতবর্ষতো ২০২০ৰ ২৪ মার্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰাৰ ঠিক আগে আগে হোষ্টেলৰ পৰা ছোৱালী ঘৰ পালেহি বাবে লকডাউনৰ দিনকেহটা চাৰিওটা প্রাণীয়ে একেলগে খাহ–বহ বেছ ভালকৈ সময় পাৰ কৰাত এনে লাগিছিল– ক’ৰোনাহ যেন ভাল দিনহে আনিলে, কাৰণ তেতিয়া অসমৰ মানুহৰ যেন ক’ভিড নহয়েহ এনে এটা ভাব আহিছিল৷ ভাৰতৰ বিভিন্ন প্রান্তত ক’ভিড ৰোগীৰ সংখ্যা যেতিয়া বাঢ়ি গৈ আছিল, সেহ সময়ত কিন্তু অসমত দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পৰা অহা কেহজনমান লোকৰ দেহত ক’ৰোনা ভাহৰাছৰ উপস্থিতি ধৰা পৰাৰ বাহিৰে ক’ৰোনা ভাহৰাছৰ গণসংক্রমণ হোৱা নাছিল৷ ২১ দিনীয়া লকডাউনৰ সময়ত পুৱা শুহ উঠাৰ পৰা অলপ সময়ৰ মূৰে মূৰে টিভিটো চোৱাৰ উদ্দেশ্য আছিল এটাহ– পৃথিৱীৰ বিভিন্ন প্রান্তৰ লগতে ভাৰতৰ ক’ভিড ৰোগীৰ পৰিসংখ্যা জনাৰ৷ লকডাউনৰ পিছত লাহে লাহে যেতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিল, পূর্বৰ দৰে ক’ভিড পৰিসংখ্যাৰ খবৰ মানুহে নৰখা হ’ল৷ লাহে লাহে টিভি চেনেলসমূহেও ক’ৰোনা ভাহৰাছ, ক’ভিডৰ বাতৰিক গুৰুত্ব প্রদান কৰাৰ পৰিৱর্তে আন আন বাতৰিৰ দৰে সাধাৰণভাৱেহ পৰিৱেশন কৰিবলৈ ল’লে৷ প্রথম অৱস্থাত ক’ভিড ৰোগীক ঘৰৰ পৰা লৈ যোৱাৰ দৃশ্য, ঘৰখন কনটেহনমেণ্ট জ’ন, এলেকাটো ৰেড জ’ন কৰি দিয়া দৃশ্যবোৰ দেখি মানুহে ভয় খাহছিল৷ পিছলৈ যেতিয়া কনটেহনমেণ্ট জ’ন, ৰেড জ’নৰ ফলকবোৰ লগোৱা কার্যক বাদ দিয়া হ’ল, ক’ভিড হাস্পতালৰ ভিতৰত ৰোগীসকলে নাচ–গান কৰি থকাৰ দৃশ্য টিভিত দেখিবলৈ পালে, মানুহৰ ভয় লাহে লাহে কমি আহিল আৰু যেতিয়াহ চৰকাৰে ক’ভিড ৰোগী ঘৰতে থাকিব পাৰিব বুলি ঘোষণা কৰিলে, মানুহৰ ক’ৰোনা ভাহৰাছলৈ ভয় যেন একেবাৰেহ নোহোৱা হ’ল৷ মানুহে মাস্ক পিন্ধিবলৈ এৰিলে, শাৰীৰিক দূৰত্বৰ কথা পাহৰিবলৈ ল’লে, হাত ধোৱা কামো যেন কিছু কমাহ দিলে৷ জ্বৰ–কাহ–মূৰৰ বিষ আদি বিভিন্ন ক’ভিডৰ লক্ষণ থাকিলেও নিজেহ দৰব আনি খাহ ঘৰতে থাকিবলৈ ল’লে৷ ক’ভিড পৰীক্ষা কৰিবলৈ নোযোৱা হ’ল৷ চাকৰিৰ খাতিৰতেই হওক বা আন কাৰণতেহ হওক, যিসকলে নকৰিলে নহয়, সেহসকলেহে ক’ভিড পৰীক্ষা কৰিবলৈ গ’ল৷ বহু লোকে ক’ভিডৰ লক্ষণ থকাৰ পিছতো নিজেহ দৰব খাহ শৰীৰত ক’ৰোনা ভাহৰাছৰ বীজাণু কঢ়িয়াহ বজাৰে–সমাৰে, সামাজিক স্থানত ঘূৰি ফুৰিবলৈ ল’লে৷ এনে কাণ্ডজ্ঞানহীন লোকৰ কাণ্ডজ্ঞানহীন কার্যৰ বাবে বয়সিয়াল লোকসকল, বিভিন্ন বেমাৰ থকা ৰুগীয়া লোকসকল, শিশুসকলৰ মাজত ক’ৰোনা ভাহৰাছৰ গণসংক্রমণ হ’বলৈ সুবিধা পালে আৰু এনে লোকসকলৰ বহুজনৰ অৱস্থা যথেষ্ট সংকটজনক হৈ পৰিল আৰু বহুজনে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল৷ যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰবোৰ বাতৰিকাকত বা টিভিত পাহ আছিলোঁ, তথাপিও কিন্তু সেহ মৃত্যু কেনে আছিল বা ৰোগটোৰ ভয়াৱহতা কিমান স্ব–চক্ষুৰে নেদেখালৈকে আমি অনুমান বা অনুভৱ কৰিব পৰা নাছিলোঁ৷ শিৱসাগৰৰ প্রসূতি ৰোগৰ চিকিৎসক মোৰ দাদাহ অসমৰ প্রথমটো এগৰাকী ক’ভিড ৰোগী প্রসূতিৰ ছিজাৰিয়ান ২০২০ৰ ১৫ আগষ্টত কৰাৰ পিছত যেতিয়া নিজে ক’ৰোনা ভাহৰাছৰ দ্বাৰা আক্রান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আহচিহউত দহ দিন চিকিৎসাধীন হৈ থাকিব লগা হ’ল, তেতিয়াহে যেন ক’ৰোনা ভাহৰাছ, ক’ভিডৰ ভয়াৱহতা কিমান, কিছু পৰিমাণে আমি অনুভৱ কৰিবলৈ ল’লোঁ৷ এজন চিকিৎসক হিচাপে বিভিন্ন সময়ত বিভিন্নজন ৰোগীৰ মৃত্যু তেনেহ ওচৰৰ পৰা প্রত্যক্ষ কৰাৰ পিছতো কিন্তু চিকিৎসাধীন হৈ থকা দহ দিনত আঠজন ৰোগীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল দাদাহ৷ সেহসকলৰ মৃত্যুৰ দৃশ্যহ আজিও তাক আমনি কৰে৷ দাদা ঘৰলৈ যোৱাৰ এক সপ্তাহৰ পিছতেহ সৰু ভণ্টীৰ জোঁৱাহ ক’ভিড ৰোগী হিচাপে যোৰহাট মেডিকেলত ভর্তি হ’ব লগা হোৱাত সকলোৰে মন বেয়া হৈছিল৷ তাৰ পিছত জোঁৱাহ ভাল হৈ ঘৰলৈ যোৱাৰ ঠিক দহ দিন মান পিছতেহ ২৪ ছেপ্ঢেম্বৰৰ দিনা হঠাৎ জ্বৰ হৈ অক্সিজেন কমি যোৱাত স্বামীকো ভর্তি কৰিব লগা হৈছিল যোৰহাট মেডিকেলত৷ এহদৰে পৰিয়ালৰ এজনৰ পিছত এজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি হ’ব লগা হৈছিল ক’ভিডৰ বাবে৷ যিদিনা স্বামীক ভর্তি কৰা হৈছিল, সেহ দিনাৰ পৰা ক’ভিড কি, হয়াৰ ভয়াৱহতা কিমান স্ব–চক্ষুৰে, স্ব–ভিজ্ঞতাৰে জনাৰ যেন সুযোগ লাভ কৰিলোঁ৷ তেওঁক ভর্তি কৰিব লাগে, কিন্তু ছীট খালী নাহ৷ যেনেতেনে ছীট এটা যোগাৰ কৰি ভর্তি কৰাত তেওঁৰ ৰেমডিছিভি চিকিৎসা আৰম্ভ কৰিছিল৷ ঘৰলৈ আহি তেওঁ ব্যবহাৰ কৰা বিছনা, কাপোৰ আদি ধুহ ঘৰটো কিছু ছেনিটাহজ কৰাৰ বাবেহ হয়তো প্রেছাৰ, ছুগাৰ, থায়ৰয়ডকে আদি কৰি বিভিন্ন ৰোগ থকা মোৰ শৰীৰটোক ক’ৰোনা ভাহৰাছে আক্রমণ কৰিবলৈ সুবিধা পাহছিল৷ ফলত ২৭ ছেপ্ঢেম্বৰৰ দিনা উশাহ লোৱাত কষ্ট হোৱাত ময়ো ভর্তি হ’ব লগা হৈছিল৷ সেহ একেহ ছীট নাহ, কিন্তু ভগৱান হয়তো আমাৰ ওপৰত কিছু সদয় হৈছিল৷ মানুহজনৰ কাষতেহ থকা বিছনাখন হতিমধ্যে খালী হোৱাত মোক সেহ বিছনাত ভর্তি কৰা হৈছিল অর্থাৎ একেবাৰে ওচৰা–উচৰি দুখন বিছনাত আমি দুজন ক’ভিড ৰোগী আৰু ঘৰত অকলে ল’ৰা–ছোৱালী দুটা৷ মোৰো ৰেমডিছিভিৰ চিকিৎসা আৰম্ভ হৈছিল৷
ৰেমডিছিভিৰ হৈছে এবিধ এণ্টি ভাহৰেল চিকিৎসা পদ্ধতি, য’ত তিনিটা ঔষধ বেজীৰ জৰিয়তে পোনপটীয়াকৈ তেজৰ নলিকাত দিয়া হয়৷ আমেৰিকাৰGILEAD নামৰ এটা কোম্পানীয়ে ২০০৯ চনত এহ ঔষধৰ ফর্মূলা প্রস্তুত কৰিছিল RNA ভাহৰাছEbola, SARS আৰু MERSৰ ওপৰত হয়াক প্রয়োগ কৰা হৈছিল, কিন্তু সফল হোৱা নাছিল৷ যিহেতু ক’ৰোনা ভাহৰাছোRNA ভাহৰাছ, গতিকে আমেৰিকাৰ ড্রাগ্ নিয়ন্ত্রকFDAয়ে হয়াক আপাতকালীন অৱস্থাৰ ক’ভিড ৰোগীৰ ওপৰত প্রয়োগ কৰি চাবৰ বাবে অনুমতি প্রদান কৰে৷ কিছু সুফল লাভ কৰাত জাপান, দক্ষিণ কোৰিয়ায়ো অনুমতি দিয়ে৷ পিছত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্রালয়েও প্রয়োগ কৰাৰ অনুমতি দিয়াতGILEAD কোম্পানীৰ পৰা ফর্মূলা কিনি আনি দুটা ভাৰতীয় ঔষধ কোম্পানীয়ে ৰেমডিছিভিৰ ঔষধ প্রস্তুত কৰি আছে৷ ৰেমডিছিভিৰে ক’ৰোনা ভাহৰাছৰ ওপৰত কিমান সফলতা লাভ কৰিছে কোৱা কঠিন যদিও মৃত্যু হাৰ কিন্তু কিছু পৰিমাণে হ’লেও কমিছে৷ উশাহ লোৱাত কষ্ট হোৱা, অক্সিজেনৰ পৰিমাণ ৯৫তকৈ শৰীৰত কমি যোৱা ৰোগীক ৰেমডিছিভিৰ প্রয়োগ কৰা হয়৷ গর্ভৱতী মহিলা,বাৰ বছৰৰ তলৰ শিশু,বৃক্ক ৰোগী, মেলিনাৰ দৰে ৰক্তক্ষৰণৰ সম্ভাৱনা থকা ৰোগীক ৰেমডিছিভিৰ প্রয়োগ কৰা নহয়৷ হয়াৰ এটা এটা বেজীৰ দাম প্রায় ৫,০০০ টকা৷RNA ক’ৰোনা ভাহৰাছACE–২ ৰিচেপ্ট’ৰৰ সহায়ত শৰীৰৰ কোষৰ ভিতৰত প্রৱেশ কৰাৰ পিছতRNA dependent RNA polymerase এনজাহমৰ জৰিয়তে নিজৰ একেধৰণৰ বহুতো ভাহৰাছRNA সূত্র প্রস্তুত কৰি বংশবৃদ্ধি কৰিবলৈ চেষ্টা কৰে আৰু প্রস্তুত কৰোঁতে যদি কিবা ভুল হয়, ভাহৰেলExonuclease Exon) নামৰ এনজাহমৰ সহায়ত শুদ্ধ কৰি পেলায়৷ ৰেমডিছিভিৰ প্রয়োগ কৰিলে ঔষধত থকাGS ৪৪/৫২৪ জিন’মে প্রথমে একেধৰণৰRNA প্রস্তুত কৰা কার্যত ক’ৰোনা ভাহৰাছক ভুল কৰাহ দিয়ে আৰু ভুল শুদ্ধ কৰিবৰ বাবে থকাExonuclease এনজাহমৰ কার্যক বাধা দিয়ে৷ ফলত ক’ৰোনা ভাহৰাছৰ বংশবৃদ্ধি বন্ধ হৈ পৰে আৰু ৰোগী ক’ৰোনা ভাহৰাছৰ পৰা মুক্ত হৈ পৰে৷ এহ চিকিৎসা ৫ৰ পৰা ১০ দিন এজন ৰোগীক দিয়া হয়৷ ভাৰতবর্ষত ৰেমডিছিভিৰ চিকিৎসা কেৱল চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত্ উপলব্ধ, য’ত এহ চিকিৎসা ৰোগীসকলক বিনামূলীয়াকৈ প্রদান কৰা হয়৷ আন আন ব্যক্তিগত তথা বেচৰকাৰী চিকিৎসালয়, আনকি জিলাসমূহৰ চৰকাৰী চিকিৎসালয়তো ৰেমডিছিভিৰ চিকিৎসা ব্যৱস্থাৰ অনুমতি বর্তমানলৈকে ভাৰত চৰকাৰে দিয়া নাহ৷ গতিকে, এনে হাস্পতালসমূহে ৰেমডিছিভিৰ প্রয়োজন হোৱা গুৰুতৰ লক্ষণৰ ৰোগীসকলক ওচৰৰ কোনো মেডিকেল কলেজলৈ পঠিয়াহ দিয়ে৷ ক’ভিড ৰোগ ধৰা পৰাৰ পৰা এতিয়ালৈকে ক’ভিড ৰোগীৰ ওপৰত আঠটা বিভিন্ন ধৰণৰ ঔষধ প্রয়োগ কৰি চোৱা হৈছে৷ হাহড্র’ক্সিক্ল’ৰ’কুহন, টচিলিজুমাব, কলচিচিন, ল’পিনাভিৰ আৰু ৰিট’নাভিৰ আদি বিভিন্ন ঔষধ ক’ৰোনা ভাহৰাছৰ ওপৰত প্রয়োগ কৰা হৈছে৷ বর্তমান ৰেমডিছিভিৰ আৰু প্লাজমা থেৰাপ প্রয়োগ কৰি ক’ভিডৰ চিকিৎসা কৰি থকা হৈছে৷ প্লাজমা থেৰাপীত ক’ভিড ৰোগৰ পৰা আৰোগ্য লাভ কৰি হতিমধ্যে সুস্থ হৈ দুসপ্তাহ হৈ যোৱা কোনো লোকৰ প্লাজমা এজন ক’ভিড ৰোগীৰ তেজত প্রয়োগ কৰা হয়৷ এহক্ষেত্রত দুয়োজনৰ তেজৰ গ্রুপ মিলিব লাগে আৰু দাতাজনৰ আন কিছুমান বেমাৰ থাকিব নালাগে৷ তেজত থকা লিম্ফ’চাহট নামৰ এবিধ বিশেষ কণিকাই আমাৰ শৰীৰত প্রৱেশ কৰা বীজাণুক প্রতিৰোধ কৰিবৰ বাবে এবিধ প্র’টিন, এণ্টিবডী প্রস্তুত কৰে৷ এজন ক’ভিড ৰোগীৰ শৰীৰত লিম্ফ’চাহটৰ পৰিমাণ কেতিয়াবা বহুত কমি যায়, ফলত এণ্টিবডী প্রস্তুত নহয় বা কমকৈ প্রস্তুত হয় আৰু এনে পৰিস্থিতিত ৰোগীজনক প্লাজমা থেৰাপী প্রদান কৰা হয়৷ প্লাজমা থেৰাপীৰ চিকিৎসা ক’ৰোনা ভাহৰাছৰ পূর্বেH1N1(Swine flu), H3N2 আৰুEbola ভাহৰাছৰ ক্ষেত্রতো প্রয়োগ কৰা হৈছে৷
মহ ভর্তি হোৱাৰ দিনা মানুহজনক কিছু সুস্থ হোৱা যেনেহ দেখা পাহছিলোঁ, কিন্তু তেওঁৰ সাত দিনৰ দিনা হঠাৎ পুনৰ জ্বৰ–কাহ হৈ অক্সিজেন কমি যোৱাতÂDexona, Pipzo, এণ্টিবায়’টিক পুনৰ আৰম্ভ কৰিছিল৷ দুয়োজন দুখন বিছনাত অক্সিজেন লৈ পৰি থাকিব লগা হৈছিল৷ পোন্ধৰ দিন অর্থাৎ আধা মাহ ক’ভিডৰ নামত হাস্পতালত থাকিব লগা হৈছিল৷ সেহ আধা মাহত যিখিনি দেখি আহিলোঁ, সেহ দৃশ্যবোৰে আজিও আমনি কৰে৷ ক’ভিডৰ লক্ষণ লৈ কেইবাদিনো ঘৰতে সোমাহ থাকি গা বেছি বেয়া হ’লে, বহু বেয়া অৱস্থাত লৈ অহা ৰোগীক ডাক্তৰ, নার্র্ছে বহু চেষ্টা কৰাৰ পিছতো যেতিয়া এক–ডেৰ ঘণ্টাৰ ভিতৰতে মৃত্যু হোৱা দেখিছিলোঁ, তেতিয়া বহু দুখ লগাৰ লগতে ভয়ো লাগিছিল৷ ক’ভিডত মৃত্যু হোৱাসকলৰ যিহেতুকে কিছু নিয়ম আছে, গতিকে সৎকাৰৰ বাবে নিওঁতে কিছু সময় লাগে৷ মৃতদেহ বহু সময় ৱার্ডৰ বাহিৰত থৈ দিয়া দৃশ্যহ বহুত মানসিক অশান্তি দিছিল৷ মোৰ আনটো ফালৰ কাষৰ বিছনাখনত মুমূর্ষু অৱস্থাত অক্সিজেন লৈ থকা ৰোগীজনৰ পৰিবাৰে, যি নিজেও ক’ভিড ৰোগী, গিৰীয়েকক শুশ্রূষা কৰি থকাৰ লগে লগে অনবৰতে বিভিন্নজনলৈ ফোন কৰি প্লাজমা বিচাৰি হাবাথুৰি খোৱা দৃশ্য আছিলবৰ দুখ লগা৷ একো গম নোপোৱাকৈ শৰীৰত অক্সিজেন কমি গৈ খোজকাঢ়ি থাকোঁতেহ ৰোগী হঠাৎ মাটিত পৰি যোৱা দৃশ্যহ টিভিত দেখা চীনৰ ৰাস্তাহ–ঘাটে মানুহ অক্সিজেনৰ অভাৱত পৰি মৃত্যু হোৱা দৃশ্যলৈ মনত পেলাহ দিছিল৷ এটি শিশুৱে অক্সিজেন লৈ লৈ কান্দি কান্দি মা যাওঁ মা যাওঁ বুলি দেউতাকক যেতিয়া আমনি কৰিছিল, আমাৰো চকুপানী ওলাহছিল৷ নিজ পৰিয়ালৰ কেউ–কোনো নোহোৱা, আনৰ ঘৰত বনকৰা এগৰাকী আদহীয়া মহিলাহ মুখত অক্সিজেন মাস্ক লগাহ খোৱা–বোৱা নকৰাকৈ, খবৰ কৰোঁতা কোনো নাহ বুলি অনবৰতে কান্দি থকা দৃশ্য আছিল বৰ অসহনীয়৷ য’ত শিশুক অক্সিজেন লোৱা দেখিছিলোঁ, তাত কিন্তু ৮০ ঊর্ধবৰ এহাল ককা–আহতাক কেৱল দৰবৰ চিকিৎসা লৈয়েহ ক’ভিডক জয় কৰা দেখা পাহছিলোঁ৷ তেওঁলোকে না অক্সিজেন ল’ব লগা হৈছিল, না তেওঁলোকৰ ৰেমডিছিভিৰ চিকিৎসাৰ প্রয়োজন হৈছিল৷ য’ত ক’ভিড ৰোগী দেখিলে মানুহ আঁতৰতে পলায়, আপোনজনো পৰ হৈ পৰে, ঘৰখনৰ গেটৰ ভিতৰলৈও মানুহ আহিবলৈ ভয় কৰে, তেনে ক্ষেত্রত কিন্তু বহুকেহজন ৰোগীৰ আত্মীয় ৰোগীৰ লগতেহ থাকি ৰোগীক পৰিচর্যা কৰি সুস্থ কৰি ঘৰলৈ লৈ যোৱাও দেখা পাহছিলোঁ৷
এখন ক’ভিড হাস্পতালৰ ভিতৰত চিকিৎসক, স্বাস্থ্যকর্মী, চাফাহকম্সকলে কেনেদৰে কিমান কষ্টৰে অথচ কিমান নিষ্ঠাৰে কাম কৰি আছে, নিজ চকুৰে নেদেখিলে অনুভৱ বা হূদয়ংগম কৰা কঠিন৷ পিপিই কিট পিন্ধি তেওঁলোকৰ খোজ কঢ়া, চোৱা, শুনা আদিত কিমান কষ্ট হয় নিজে নেদেখিলে বুজিব নোৱাৰি৷ পিপিহ কিটৰ তলত তেওঁলোকৰ ঘামি জেপজেপীয়া হৈ পৰা অৱস্থা দেখিলে এনে লাগে যেন এহমাত্র মূৰ ঘূৰাহ পৰি যাব৷ তথাপিও কিন্তু তেওঁলোকে ৰোগীসকলক শুশ্রূষা কৰোঁতে অকণো কৃপণালি বা অৱহেলা কৰা দেখা পোৱা নাছিলোঁ৷ তেওঁলোকৰ কষ্ট তথা সততা দেখি আমাৰ নিজকে বৰ দোষী দোষী লাগিছিল, আমাৰ বাবেহ তেওঁলোকৰ কষ্ট হোৱা বাবে৷ এদিন ৰাতি দহ মান বজাত সদায় অহাৰ দৰে স্বাস্থ্যকম্সকলে ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ আহি যেতিয়া মোৰ ওচৰ পালেহি, মহ মোৰ প্রেছাৰটো জুখি দিবলৈ বুলি অনুৰোধ কৰাত সেহ সময়ত প্রেছাৰ জোখা মেচিনটো লগত লৈ নহাত পিছত চাহ দিমহি বুলি কৈ গুচি গ’ল৷বহু সময়লৈকে নহা বাবে মহ শুহ পৰিলোঁ৷ প্রায় ডেৰ ঘণ্টা মানৰ পিছত মানুহজন লৰালৰিকৈ আহি মোৰ প্রেছাৰ জুখিলেহি৷ সেহ সময়ত তেওঁ পিপিহ কিটৰ পৰিৱর্তে কেৱল কিটটোৰ তলত পিন্ধা নীলা ৰঙৰ সাজজোৰেৰে ঘামি–জামি আহিছিল৷ কিয় পিপিহ কিট খুলি আহিলে বুলি সোধাত ক’লে যে গোটেহকেহটা ৱার্ডৰ ৰোগী চাহ গৈ পিপিহ কিটটো খোলাৰ পিছতেহ মোৰ কথাটো তেওঁৰ মনত পৰিল৷ পিপিহ কিটটো যিহেতুকে খুলিলেই, গতিকে তেনেকৈয়েহ গুচি আহিল কেৱল মাস্ক, গ্ল’ভছ আৰু ফেচ চিল্ডৰ সৈতে৷ মোৰ মনটো বহুত বেয়া লাগিছিল যদি এহজন কম্ মোক চিকিৎসা কৰি মোৰ দাদাৰ দৰে ক’ভিড ৰোগত ভুগিব লগা হয় আৰু যদি হৈছেও আমিটো খবৰ ৰখা নাহ৷ চাফাহকম্সকলেও বৰ নিষ্ঠাৰে অলপো কামত ফাঁকি নিদিয়াকৈ দিনত দুবাৰ পুৱা–আবেলি আৰু এবাৰ মাজৰাতি মুঠ তিনিবাৰ বৰ সুন্দৰকৈ ৱার্ডবোৰ পৰিষ্কাৰ কৰা দেখা পাহছিলোঁ৷ কিন্তু আমাৰ কিছুমান ৰোগীয়ে তেওঁলোকৰ কষ্টক অনুভৱ কৰা দেখা নাছিলোঁ৷ জাবৰ–পেলাবৰ বাবে সুন্দৰ ব্যৱস্থা কৰি দিয়াৰ পিছতো বাথৰুম, পায়খানা, বেছিন আদিত বিভিন্ন পেলনীয়া বস্তুবোৰ পেলায়, থু–খেকাৰ য’তে–ত’তে পেলায়, পায়খানা কৰি পানী নাঢ়ালে আদি ধৰণৰ কাণ্ডজ্ঞানহীন কার্য কৰি পৰিৱেশ বিনষ্ট কৰা দেখিছিলোঁ৷ কোনো কোনো ৰোগীয়ে এহ চাফাহকম্সকলক বেয়া ব্যৱহাৰ কৰোঁতে এবাৰো চিন্তা কৰি নাচায় যে তেওঁলোকে এটা বেলাও যদি চাফা নকৰোঁ বুলি নকৰাকৈ থাকে কি যে হ’ব, যি কথা ভাবিবলৈকো ভয় লাগে৷
চিকিৎসাকম্সকলৰ সমূহীয়া প্রচেষ্টাত সুস্থ হৈ ঘৰলৈ অহাৰ পিছত আমাৰ স্বাস্থ্য পুনৰ আগৰ স্বাভাৱিক অৱস্থালৈ আহিবলৈ এক মাহৰ বেছি লাগিল৷ ঘৰতো অক্সিজেন ল’ব লগা হৈছিল৷ প্রায় বিশ দিন মান ভিটামিনৰ লগতেDexona ঔষধটো খোৱাৰ পিছত অক্সিজেন স্বাভাৱিক হৈছিল৷ প্র’টিনভাগ যথেষ্ট নষ্ট হোৱা বাবে শৰীৰ বহুত দুর্বল হৈ পৰিছিল৷ চকু মেলিব মন নোযোৱা, হাত–ভৰিৰ কঁপনিৰ বাবে বিছনাৰ পৰা উঠিবলৈ মন নোযোৱা এটা অৱস্থা হৈছিল৷ কথকী মানুহজনীৰ কথা পতাৰ শক্তিও যেন নোহোৱা হৈছিল৷ পূর্বেও বিভিন্ন বেমাৰত কেইবাবাৰো হাস্পতাল ফুৰি আহিব লগা হৈছিল যদিও এইবাৰৰ দৰে হমান দুর্বল অনুভৱ কেতিয়াও কৰা নাছিলোঁ ক’ৰোনা ভাহৰাছে কাপোৰ চেপাৰ দৰে যেন চেপি পেলালে, ৱাছিং মেচিনৰ স্পিনৰ পৰা উলিয়াহ অনা কাপোৰৰ দৰে লাগিছিল নিজকে৷ পেৰালাহছিছ হোৱা মানুহৰ দৰে এটা অৱস্থা হৈছিল, বিছনাখনত হকাতি–সিকাতি কৰাৰো শক্তি নোহোৱা হৈছিল৷
যিসকলে ক’ভিডক মিছা, ক’ৰোনা ভাহৰাছলৈ ভয় কৰাৰ কাৰণ নাহ বুলি কৈ আছে, তেওঁলোকে পাতি লোৱা অস্থায়ী ক’ভিড শিবিৰত নহয়, কোনো এখন মেডিকেল কলেজৰ ক’ভিড ৱার্ডত ৯টা দিন থাকি আহক তেতিয়াহে গম পাব ক’ভিডৰ ভয়াৱহতা কিমান৷ সাধাৰণ ৰাহজলৈ এটাহ অনুৰোধ– ক’ভিডক সহজভাৱে নল’ব৷ ক’ভিডৰ লক্ষণ দেখা পালে ক’ভিড পৰীক্ষা কৰি চিকিৎসা লোৱাৰ ব্যৱস্থা কৰক৷ পৰীক্ষা নকৰাকৈ সাধাৰণ পানী লগা জ্বৰ বুলি নিজে নিজে বেমাৰৰ দৰব খাহ ৰাজহুৱা স্থানত য’তে–ত’তে ঘূৰি নুফুৰিব৷ যদি ক’ভিড পৰীক্ষা কৰিব নিবিচাৰে, তেন্তে ঘৰত নিজক চৈধ্যটা দিন আবদ্ধ কৰি ৰাখক, ঘৰৰ বাহিৰলৈ নাযাব, কাৰণ ক’ৰোনাৰ বীজাণু কঢ়িয়াহ বাহিৰত ঘূৰি ফুৰি আন দহজনক সংক্রমিত কৰাৰ অধিকাৰ আপোনাৰ নাহ৷ আপোনালোকৰ অসংক্রাম্য তন্ত্র শক্তিশালী বাবে আপোনালোকৰ তেনেকৈয়ে হয়তো বেমাৰ ঠিক হৈ যাব, কিন্তু আপোনালোকৰ কাণ্ডজ্ঞানহীন কর্মৰ বাবে আমাৰ নিচিনা দুর্বল, বেমাৰী, বয়সস্থ তথা শিশুসকলে হয় যমৰ আলহী হ’ব লগা হৈছে নতুবা যমৰ ঘৰৰ পৰা ফুৰি আহিব লগা হৈছে৷ ক’ভিড, ক’ৰোনা ভাহৰাছক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ পৃথিৱীৰ বিভিন্ন দেশত ক’ভিডৰ দ্বিতীয় ঢ়ৌ হতিমধ্যে আৰম্ভ হৈছে৷ গতিকে, মানুহ পুনৰ সজাগ–সচেতন হোৱাৰ প্রয়োজন হৈছে৷ ভেকচিন নোলোৱালৈকে আমি ক’ৰোনা ভাহৰাছৰ লগত সহবাস কৰিবহ লাগিব৷ গতিকে, চৰকাৰে বান্ধি দিয়া নিয়মসমূহ মানি চলাৰ সময় পুনৰ আহি পৰিছে৷ এহ ৰোগৰ বিৰুদ্ধে সংগ্রামত মানুহে জয়লাভ কৰিবলৈ হ’লে মানুহক লাগিব সজাগতা আৰু সমূহীয়া প্রচেষ্টা৷