নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ক’ৰোনাৰ সংহাৰ

২০২০ বর্ষটোত ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা সংহাৰত প্রায় ১৮ লাখ লোকে প্রাণ হেৰুৱাইছে৷ অতি সংকটপূর্ণ বর্ষ হিচাপে চিহ্ণিত হোৱা ২০২০ৰ বিদায়ৰ পিছত ২০২১ বর্ষটোত পৃথিৱীলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিব বুলি বিভিন্ন মহলে আশা প্রকাশ কৰিছে৷ কাৰণ ইতিমধ্যে ক’ভিড–১৯ প্রতিৰোধী ভেকচিন উদ্ভাৱন হৈছে৷ কেইবাখনো দেশত ক’ভিডৰ গণ টিকাকৰণ দ্রুতগতিত চলি আছে৷ কিন্তু ইয়াৰ মাজতো ক’ৰোনাৰ মিউটেট বা পৰিৱর্তিত প্রকৰণে বিশ্বজুৰি সৃষ্টি কৰিছে আতংক৷ ব্রিটেইনত প্রথম নতুন ক’ৰোনাৰ সংহাৰ আৰম্ভ হৈছে৷ মূল ক’ৰোনা ভাইৰাছতকৈ পৰিৱর্তিত এই ভাইৰাছবিধে ৭০ গুণ অধিক দ্রুততাৰে সংক্রমণ ঘটাব পাৰে বুলি ইতিমধ্যে প্রামাণিক তথ্য লাভ কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷ ব্রিটেইনত এই পৰিৱর্তিত ক’ৰোনাৰ প্রকৰণৰ সংক্রমণৰ সংহাৰ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ সৈতে ভ্রমণ যোগাযোগৰ ক্ষেত্রত বিভিন্ন দেশে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ লক্ষণীয়ভাৱে ব্রিটেইনত সংক্রমণ সৃষ্টি কৰা এই নতুন ক’ৰোনাৰ ব্যাপ্তি এতিয়া পৃথিৱীৰ ৪১খন দেশলৈ ঘটিছে৷ অর্থাৎ নতুন এই ক’ৰোনাত সংক্রমিত লোক চিহ্ণিত হৈছে পৃথিৱীৰ ৪১খন দেশত৷ ক’ভিড–১৯ৰ পৰিৱর্তিত এই প্রকৰণৰ সংক্রমণৰ গতি অধিক দ্রুত যদিও এই ভাইৰাছবিধ পূর্বৰ ক’ৰোনাৰ তুলনাত বিপজ্জনক হয় নে নহয়, সেই সন্দর্ভত চিকিৎসা বিজ্ঞানীসকলে কোনোধৰণৰ তথ্য লাভ কৰা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও এই সন্দর্ভত কোনো সতর্কবাণী জাৰি কৰা নাই৷ কিন্তু এটা বছৰ ধৰি ক’ভিড–১৯ মহামাৰীয়ে পৃথিৱীত যি গণ সংহাৰ সৃষ্টি কৰিলে, তাৰ বাবেই নতুন প্রকৰণৰ ভাইৰাছবিধক লৈ শংকিত হৈ পৰিছে প্রতিখন দেশ৷ ব্রিটেইনৰ উপৰি প্রতিখন ইউৰোপীয় দেশেই পুনৰ ক’ভিড–১৯ প্রতিৰোধী লকডাউন, নৈশ সান্ধ্য আইন, সামাজিক দূৰত্ব আদিৰ বিষয়বোৰ কঠোৰভাৱে প্রয়োগ কৰিছে৷ ব্রিটেইনৰ চৰকাৰে দেশবাসীক ক’ভিড–১৯ৰ লকডাউন সম্পূর্ণৰূপে মানি চলিবলৈ বাৰে বাৰে জনসাধাৰণক আহ্বান জনাইছে৷ বিগত বর্ষৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন নহ’বলৈ হ’লে ক’ভিড প্রট’কল মানি চলাৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰিছে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে৷ ইফালে জার্মানী, ফ্রান্স, ইটালী আদি দেশেও ক’ভিডৰ সংক্রমণৰ নতুন জোৱাৰ আৰম্ভ হোৱাৰ আশংকাত লকডাউন ব্যৱস্থা কঠোৰ কৰিছে৷ অকল ইউৰোপীয় দেশসমূহেই নহয়, বিশ্বৰ প্রতিখন দেশেই ক’ভিডৰ নতুন সংহাৰৰ মোকাবিলা কৰিবলৈ পুনৰ চিন্তা কৰিবলগীয়া হৈছে লকডাউন প্রট’কলৰ কথা৷
আমেৰিকাত নতুন প্রকৰণৰ ভাইৰাছে সংহাৰ সৃষ্টি কৰা নাই যদিও মূল ক’ৰোনাৰ সংহাৰ এতিয়াও দেশখনত অব্যাহত আছে৷ বিশ্বৰ ভিতৰতে ক’ভিড মহামাৰীত আটাইতকৈ ক্ষতিগ্রস্ত দেশ হিচাপে চিহ্ণিত হৈছে আমেৰিকা৷ দেশখনত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ২,১৫,৭৯,০০০ লোক৷ ইতিমধ্যে দেশখনত এই মহামাৰীত প্রাণ হেৰুৱাইছে ৩,৬৫,০০০তকৈ অধিক লোকে৷ আমেৰিকা, ভাৰত আৰু ব্রাজিল ক’ভিড মহামাৰীত আটাইতকৈ আক্রান্ত দেশ বুলি বিভিন্ন সমীক্ষাত প্রকাশ পাইছে৷ লক্ষণীয়ভাৱে আমেৰিকা আৰু ব্রিটেইনত কেইবাটাও ভেকচিন উপলব্ধ হৈছে যদিও ভাৰতত এতিয়াও নিজস্বভাৱে প্রস্তুত কৰা ভেকচিন জনসাধাৰণক প্রদান কৰিব পৰা হোৱা নাই৷ অৱশ্যে ভাৰতত ভেকচিনৰ পৰীক্ষা চূড়ান্ত পর্যায়ত চলি থকা বুলি চৰকাৰে ঘোষণা কৰিছে৷ কিন্তু এই ভেকচিন পৰিৱর্তিত প্রকৰণৰ ক’ৰোনাৰ ক্ষেত্রত কিমান প্রযোজ্য হ’ব তাক লৈ আছে সন্দেহ৷ চিকিৎসা বিজ্ঞানীসকলে এই ভেকচিন ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত ফলপ্রসূ হ’ব বুলি ঘোষণা কৰিছে যদিও ক্লিনিকেল পৰীক্ষাত এটাও ভেকচিন ১০০ শতাংশ সফল বুলি প্রমাণিত হোৱা নাছিল৷ ফাইজাৰ আৰু বায়’এনটেকৰ ভেকচিন প্রায় ৯৫ শতাংশ কার্যকৰী হ’ব বুলি ঘোষণা কৰিছে৷ সেইদৰে আমেৰিকাৰ ম’ডার্না বা ৰাছিয়াৰ স্পুটনিক–ভি ভেকচিনো ১০০ শতাংশ সফল বুলি পৰীক্ষাগাৰত প্রমাণিত হোৱা নাই৷ গতিকে ক’ভিড–১৯ মহামাৰীৰ পৰিৱর্তিত প্রকৰণে চলিত বর্ষটোত পৃথিৱীজুৰি কেনে সংহাৰ সৃষ্টি কৰে সেয়া এতিয়াই ক’ব নোৱাৰি৷ ভেকচিন প্রস্তুত হৈ ওলোৱাটো মানৱ জাতিৰ বাবে এক কল্যাণৰ বিষয় হিচাপে চিহ্ণিত হৈছে যদিও নতুন ক’ৰোনাৰ সংহাৰে বর্ষটোত পৃথিৱীজুৰি সৃষ্টি কৰিব পাৰে প্রবল প্রত্যাহ্বান৷ গতিকে ইয়াৰ পৰা পৰিত্রাণৰ বাবে মানৱজাতিয়ে ক’ভিড প্রট’কল সঠিকভাৱে মানি চলাৰ গত্যন্তৰ নাই৷

You might also like