নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈশোৰত লাভ কৰা বৌদ্ধিক সংস্পর্শই গঢ় দিছিল প্রণালীবদ্ধ অধ্যয়নৰ মানসিকতা

আপোনাৰ জন্ম ঠাই ধেমাজিতেই আপুনি উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্রহণ কৰি পর্যায়ক্রমে কটন মহাবিদ্যালয়ৰ পৰা স্নাতক, আই আই টি গুৱাহাটীৰ পৰা স্নাতকোত্তৰ, পুনে বিশ্ববিদ্যালয়ৰ পৰা এম ফিল আৰু ফ্রান্সৰ জাতীয় কৃষি গৱেষণা প্রতিষ্ঠানৰ পৰা ডক্টৰেট ডিগ্রী গ্রহণ কৰে৷ আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰি এই যাত্রাৰ বিষয়ে আমাৰ পাঠকক বিতংকৈ জনাব নেকি?
– ধেমাজি নগৰৰ সমীপৰ নলনীপাম প্রাথমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ পৰা ফ্রান্সৰ জাতীয় কৃষি গৱেষণা প্রতিষ্ঠানত গৱেষণা কর্মৰ মাজেৰে ডক্টৰেট ডিগ্রী লাভ কৰালৈকে গোটেই বাটটো ইমানেই বিচ্ছিন্নতা আৰু অসংলগ্ণতাৰে ভৰা যে কি ক’ম বা কেনেকৈ ক’ম সেয়া ঠিক কৰিবলৈ অসুবিধা পাইছোঁ৷ ওখোৰা–মোখোৰাবোৰ অলপ চাঁচি মিলাই ক’লে হয়তো তলত দিয়াৰ দৰে ক’ব পাৰি৷
প্রাথমিক বিদ্যালয়ৰ শিক্ষা শেষ হোৱাৰ পাছত গুৱাহাটীৰ ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ নাম লগোৱা হয় যদিও তাত মোৰ মাধ্যমিক শিক্ষা নতুবা উচ্চ মাধ্যমিক শিক্ষা কোনোটোৱেই পূৰাকৈ লোৱা নহ’ল৷ ভাস্কৰ বিদ্যাপীঠত মাধ্যমিক পর্যায়ৰ শিক্ষা আৰম্ভ কৰিলেও মাধ্যমিক স্কুলৰ কিছুদিন ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ঁো আৰু আকৌ ভাস্কৰ বিদ্যাপীঠলৈ ঘূৰি আহঁো৷ তাত নৱম শ্রেণীলৈকে পঢ়াৰ পাছত দশম শ্রেণীটো ধেমাজি টাউন হাইস্কুলত পঢ়ি তাৰে পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিওঁ৷ পাছত ধেমাজি কলেজত বিজ্ঞান শাখাত নামভর্তি কৰোঁ আৰু তাৰে পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়া হয়৷ উচ্চতৰ মাধ্যমিকৰ পাছত আছাম ইঞ্জিনীয়াৰিং কলেজত নামভর্তি কৰিছিলোঁ যদিও পাছত কটন কলেজত পদার্থ বিজ্ঞান বিষয়ক মেজৰ হিচাপে লৈ স্নাতক পাঠ্যক্রমহে পঢ়িলোঁ৷ কটন কলেজত পঢ়ি থাকোঁতে অলপ চুৰচুৰীয়াকৈ ছাত্র ৰাজনীতিৰো সোৱাদ লোৱা গ’ল৷ কটন কলেজ ছাত্র একতা সভাৰ তর্ক আৰু আলোচনা বিভাগৰ সম্পাদক হিচাপেও নির্বাচিত হৈছিলোঁ৷ কটনৰ পৰা স্নাতক ডিগ্রী লোৱাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰি এটা ছেমিষ্টাৰ পঢ়ি আকৌ কটনলৈ ঘূৰি আহঁো৷ কটনতো এটা ছেমিষ্টাৰ পঢ়ি দিল্লী বিশ্ববিদ্যালয়ত নাম লগোৱা হয় যদিও তাত এটাও ক্লাছ নকৰাকৈয়ে আই আই টি গুৱাহাটীত নাম লগোৱা হয়৷ আই আই টি গুৱাহাটীতে পদার্থ বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্রম শেষ কৰাৰ চার্টিফিকেট এখন পালোঁ৷ ছাত্র হিচাপে বিৰাট লেখত ল’বলগীয়া ধৰণৰ ছাত্র আছিলোঁ বুলি মনে নধৰে৷ সেই সময়ত মন গ’লে মাজে–সময়ে অলপ–চৰপ পঢ়া–শুনা কৰিছিলোঁ আৰু সেই অনুপাতে মোটামুটি ধৰণৰ শৈক্ষিক ফলাফল আছিল৷ পঢ়া–শুনাক লৈ বিৰাট ‘ছিৰিয়াছনেছ’ কাহানিও নাছিল, সেইবাবে সেইসময়ৰ প্রাপ্তি–প্রাপ্তিবোৰক লৈ কাহানিও ‘ছিৰিয়াছলি’ ভবা–গুণা কৰাই নহ’ল৷
মই ওভতা–উভতি কৰি স্নাতকোত্তৰ ডিগ্রী পাওঁ মানে ভাইটি অজয় লাল দত্তই আছাম ইঞ্জিনীয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰে৷ দুয়োটাই একোটা একোটা ডিগ্রী লৈ একেলগে সেইবছৰৰ ঘৰৰ ধান চপোৱা কামটো কৰোঁ৷ গাঁৱলীয়া পৰিৱেশৰ লগত আমাৰ জীৱন একাত্ম৷ অৱশ্যে সেইবছৰেই বোধকৰো দুয়ো পথাৰৰ কাম কৰাৰ শেষ বছৰ৷ ধান চপোৱাৰ কথাটো এই কাৰণেই উল্লেখ কৰিলোঁ যে যি সময়ত আমাৰ লগৰবোৰে আমেৰিকালৈ যাব নে ইউৰোপলৈ যাব নাইবা ভাইটিৰ লগৰবোৰে ইঞ্জিনীয়াৰিঙৰ পাছত বাংগালুৰু, নইদা নে বিদেশৰ পথ ল’ব সেইবোৰ গুণাগঁঠা কৰি আছিল, আমি দুয়ো ডাঙৰী বান্ধি, বিৰিয়াৰে কান্ধত কঢ়িয়াই আনি ঠেলাত তুলি ৪–৫ কিলোমিটাৰ বালিময় গোবাটেৰে ঘৰলৈ ধান কঢ়িয়াইছিলোঁ৷ শেষৰ ঠেলা ধান অ’ভাৰলোড হৈ ঠেলাৰ চকা ভাঁজ লাগি গৈছিল, তেনেকৈয়ে টানি আনি সেই ঠেলা ধান ঘৰত সুমুৱাই বাৰান্দাৰ মজিয়াত শুই দিছিলোঁ৷ মই যদিও স্কুলীয়া শিক্ষা মূলতঃ গুৱাহাটীত লৈছিলোঁ, ডাঙৰী বন্ধা, জেওৰা দিয়া আদিত মোৰ ‘স্কিল’ বোধকৰো বেয়া নাছিল৷ ধান দাৱাৰ দিনত ধেমাজিৰ ঘৰলৈ গ’লে নিজৰ পথাৰৰ উপৰি চুবুৰীয়াৰ ডাঙৰী বান্ধি দিয়াৰ অনুৰোধ মোৰ ওপৰত পৰিছিল৷ আমাৰ মাহঁত কৃষিজীৱী পৰিয়ালৰ পৰা অহা৷ পেছাত তেওঁ প্রাথমিক বিদ্যালয়ৰ শিক্ষক আছিল যদিও সেই সময়ৰ অর্ধগ্রামীণ ধেমাজিৰ পৰিৱেশত পথাৰ–সমাৰৰ কামো বেছিভাগ মাহঁতে নিজেই কৰিছিল৷ ৰোৱনৰ দিনত পুৱা আন্ধাৰতে পথাৰলৈ গৈ পুৱাৰ ভাগতে ভূঁই ৰুই শেষ কৰি সময়ত স্কুল পায়গৈ৷ গৰমৰ বন্ধটোৰ বহুখিনি সময় সেইসময়ৰ শিক্ষক–শিক্ষয়িত্রীস পথাৰ–সমাৰৰ কামত ব্যৱহাৰ কৰাটো আমি দেখিছিলোঁ৷ মাজে–সময়ে সময় মিলাবলৈ ৰোৱনী–দাৱনী লগাইছিল যদিও নিজেই তাৰ নেতৃত্ব লৈছিল৷ সেইসূত্রেই বোধকৰো আমি ঘৰ–পথাৰৰ কিছু কাম–কাজ শিকিছিলোঁ৷ আমাৰ মা শশীমাই শইকীয়াই কৃতী শিক্ষকৰ ৰাজ্যিক বঁটাও লাভ কৰিছিল৷ মই প্রাথমিক বিদ্যালয় এৰাৰ বছৰ তেওঁ নলনিপাম প্রাথমিক বিদ্যালয়লৈ বদলি হৈ আহে আৰু পিছলৈ সেই স্কুলৰ প্রধান শিক্ষক হিচাপে অৱসৰ গ্রহণ কৰে৷
দেউতা ভোগেশ্বৰ দত্ত বাঁওপন্থী দলৰ সর্বক্ষণ কর্মী আছিল৷ ১৯৫৬ চনৰ পৰাই ভাৰতৰ কমিউনিষ্ট পার্টীৰ সদস্য৷ তেওঁৰ মূল ঢ়কুৱাখনাৰ, কিন্তু দলীয় কাম–কাজৰ সূত্রতে বোধকৰো ধেমাজিৰ বাসিন্দা হয়৷ পশ্চিম ঢ়কুৱাখনা হাইস্কুলৰ প্রতিষ্ঠাৰ লগত তেওঁ সক্রিয়ভাৱে জডিত আছিল আৰু তাত কিছুদিন শিক্ষকতাও কৰিছিল৷ আমি একেবাৰে সৰু থাকোঁতে তেওঁ ঘৰুৱা কাম–কাজ কৃষিকর্ম আদিত অতিশয় সক্রিয় আছিল৷ ঘৰত থকা দিনকেইটাত আধাৰাতিতে পথাৰলৈ গৈ হাল বোৱা, দিনৰবেলা পথাৰৰ আলি দিয়া, ঘৰৰ কাম–বন, বাৰী–ঘৰ চিকণুৱা আদিত অতি সক্রিয় দেখিছিলোঁ৷ কিন্তু বহু সময়ত দেউতা সর্বক্ষণ কর্মীৰ কামত ব্যস্ত থকাত মাৰ ওপৰত যথেষ্ট চাপ আছিল– অর্থনৈতিক আৰু গার্হস্থ্য ব্যৱস্থাপনা উভয় ধৰণৰ৷ অসম আন্দোলনৰ সময়ত দেউতা আৰু আমাৰ ঘৰখন কিছু লোকৰ বাবে টার্গেট আছিল যদিও আমাৰ ব্যক্তিগত একো বিশেষ হানি–বিঘিনি নোহোৱাকৈ সেই দিনকেইটা পাৰ হ’ল৷ মই চতুর্থ শ্রেণীত থাকোঁতে দেউতাক তেওঁলোকৰ দলীয় মুখপত্র জনমত কাকতৰ সম্পাদনা কৰিবলৈ দলে গুৱাহাটীলৈ মাতি আনে৷ সেইসূত্রে দেউতাই মোকো তেওঁৰ লগত থাকি পঢ়িবৰ বাবে লৈ আনে আৰু ভাস্কৰ বিদ্যাপীঠত পঞ্চম শ্রেণীত নাম লগাই দিয়ে৷ ভাইটি আৰু মা ধেমাজিতে থাকে৷ মই দেউতাৰ লগত তেওঁলোকৰ ৰাজগডত থকা ৰাজ্যিক কার্যালয়ত থাকিছিলোঁ৷ সেই কালছোৱাত সেই সময়ৰ সমাজৰ বিভিন্ন স্তৰক প্রতিনিধিত্ব কৰা বহু ব্যক্তিৰ সংস্পর্শলৈ অহাৰ সুবিধা হৈছিল৷ সেইসকলৰ ভিতৰত হেৰম্বকান্ত বৰপূজাৰী, কেশৱ মহন্ত, হীৰেন ভট্টাচার্য, ৰামচৰণ দাস, ৰেৱতীমোহন দত্ত চৌধুৰী (শীলভদ্র), দধি মহন্ত, অৰবিন্দ ঘোষ, গিৰিধৰ ঠেঙাল, প্রমোদ গগৈ, শৰৎ সিংহ, ৰমেশ মোহন কুলি, দ্রুপদ বৰগোহাঁই, ডিম্বেশ্বৰ কলিতা, মনোৰম গগৈ, বিপুল তালুকদাৰ আদিসকলৰ মুখবোৰ এই মুহূর্তত মনলৈ আহিছে৷ দেউতাই আমাক অর্থনৈতিক সা–সুবিধা দিবলৈ সমর্থ নাছিল যদিও তেওঁৰ যোগেদি বৌদ্ধিক সুবিধা সংস্পর্শ পোৱাত সুবিধা হৈছিল৷ বোধকৰো সেইবিলাকৰ অলপ বেছি পৰিমাণৰ ‘এক্সপোজাৰ’ পোৱা বাবেই কেৱল দেউতাহঁতৰ ৰাজনৈতিক আদর্শ তথা পথৰ প্রতিয়েই নহয়, যিকোনো সমকালীন মতাদর্শৰ প্রতিয়েই অন্ধ–আনুগত্যৰ সৃষ্টি নহ’ল আৰু জীৱনৰ বাটৰ বহুবোৰ কথাকেই বিনাপ্রশ্ণে নতশিৰে মানি লোৱাৰ সলনি সেইবোৰক এক প্রণালীবদ্ধ প্রক্রিয়াৰে চালি–জাৰি চোৱাৰ মানসিক প্রৱণতা গঢ় লৈ উঠে৷ যাৰ বাবেই হয়তো পৰৱর্তী সময়ত প্রণালীবদ্ধ পৰীক্ষা–নিৰীক্ষা আৰু অধ্যয়নকেই (যাক আন ভাষাত বিজ্ঞান বুলিও কয়) পেছা হিচাপে লোৱা গ’ল৷
স্নাতকোত্তৰৰ পাছত ভাইটিৰ লগ লাগি দুয়োটাই ব্যৱসায় আৰম্ভ কৰোঁ– ছপা–বন্ধাৰ পৰা কম্পিউটাৰ বিক্রী তথা মেৰামতিলৈকে৷ ধেমাজিত বোধকৰো আমিয়েই ডিজিটেল ফটোগ্রাফীৰ আৰম্ভণি কৰাওঁ৷ কিছুদিন পাছত ভাইটিয়ে ডিব্রুগড বিশ্ববিদ্যালয়ত পেড্র’লিয়াম টেকনল’জীৰ এম টেক শ্রেণীত পঢ়িবলৈ যায়৷ মই ব্যৱসায়ৰ সমান্তৰালভাৱে ধেমাজিৰ জৱাহৰ নৱোদয় বিদ্যালয় আৰু পিছলৈ মৰিধল মহাবিদ্যালয়ত শিক্ষক হিচাপে কাম কৰোঁ৷ এইদৰে প্রায় চাৰি বছৰ মান থকাৰ পাছত ঘটনাক্রমে পুনে বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মডেলিং আৰু ছিমুলেচনত পি এইচ ডিৰ বাবে আবেদন কৰা হয়৷ আবেদন গ্রাহ্যও হয়, কিন্তু বয়সৰ উচ্চসীমাৰ এক সমস্যাৰ বাবে পি এইচ ডিৰ সলনি এম ফিলৰ কাম আৰম্ভ কৰি তাৰে পৰাই এম ফিলৰ চার্টিফিকেট এখন পাঁও৷ পুনে বিশ্ববিদ্যালয়ত এম ফিলৰ কাম কৰি থকাৰ সময়তে আন্তঃবিভাগীয়(inter-disciplinary) অধ্যয়নৰ ক্ষেত্রখনৰ বিষয়ে ধাৰণা স্পষ্ট হ’বলৈ আৰম্ভ কৰে৷ এই সময়তে জৈৱ–পদার্থ বিজ্ঞান, কোষবিজ্ঞান, মহামাৰী বিজ্ঞান আৰু এইবোৰৰ লগত সম্পর্কিত মডেলিং আৰু ছিমুলেচনৰ প্রতি মোৰ আগ্রহ বৃদ্ধি পায়৷ পুনে বিশ্ববিদ্যালয়ৰ পৰিসৰতে থকা জাতীয় কোষ বিজ্ঞান কেন্দ্র(National Centre for Cell Science)ৰ লগত সম্ভাব্য অধ্যয়ন–গৱেষণাৰ বাবে মতৰ আদান–প্রদান কৰা হয় আৰু সেই অনুসৰি কটনৰ দিনৰ অনুজ বন্ধু উদ্দীপন শর্মাৰ লগ লাগি এক প্রকল্প ভাৰত চৰকাৰৰ জৈৱ–প্রযুক্তি বিভাগৰ ওচৰত দাখিল কৰা হয়৷ সেই প্রকল্প গৃহীত হয় যদিও সেই প্রকল্পত মোৰ কাম কৰা নহ’ল৷ ইতিমধ্যে মই আন এটা প্রকল্পৰ বাবে হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়’লজী (চি চি এম বি)ত কনিষ্ঠ গৱেষক হিচাপে যোগদান কৰোঁ আৰু ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ইনফৰমেচন টেকনল’জী (আই আই আই টি) হায়দৰাবাদত পি এইচ ডিৰ বাবে পঞ্জীয়ন কৰোঁ৷ আই আই আই টিৰ ফীজ–পাতি তুলনামূলকভাৱে যথেষ্ট বেছি বাবে কিছু অর্থনৈতিক সমস্যা হৈছিল৷ আনহাতে, চি চি এম বিৰ মোৰ তত্ত্বাৱধায়ক সোমদত্তা সিন্হা মেডামৰ অৱসৰো কাষ চাপি অহা বাবে মোৰ ওপৰত চাপ বৃদ্ধি পাই আহিছিল৷ তেনেকুৱা সময়তে ফ্রান্সৰ জাতীয় কৃষি গৱেষণা প্রতিষ্ঠানৰ এটা বিজ্ঞাপন এদিন হঠাৎ চকুত পৰে আৰু সেইটো অনুসৰি আবেদন কৰোঁ৷ তাৰ আগলৈকে বিদেশলৈ যোৱাৰ বা বিদেশত গৱেষণা, পঢ়া–শুনা কৰাৰ কোনো তাডনা মনলৈ অহাই নাছিল৷ আবেদন গ্রাহ্য হয় আৰু এশ শতাংশ ফৰাচী চৰকাৰৰ জলপানিৰে ফ্রান্সৰ জাতীয় কৃষি গৱেষণা প্রতিষ্ঠানত ডক্টৰেল গৱেষণা কৰাৰ সুবিধা পাওঁ৷ সেই অনুসৰি নির্দিষ্ট গৱেষণাকালৰ সমাপ্তিত ডক্টৰেট ডিগ্রী পাওঁ৷ মোৰ ডক্টৰেল গৱেষণাৰ কিছু অংশ ফ্রান্সত ৰাষ্ট্রীয় স্তৰত গৰুৰ ভাইৰেল ডায়েৰীয়া ৰোগৰ নিয়ন্ত্রণ আৰু নির্মূলৰ আঁচনিৰ পৰিকল্পনাত ব্যৱহাৰ হৈছে৷
মই ফ্রান্সৰ কৃষি গৱেষণা প্রতিষ্ঠানৰ পেৰিছৰ সমীপত থকা তদানীন্তনMathématiques et Informatique Appliquées (Applied Mathematics and Computer Science) গৱেষণা গোটত মোৰ গৱেষণা কর্ম আৰম্ভ কৰোঁ৷ ইয়াৰ লগতে পেৰিছৰÉcole des Hautes Études en Santé Publique (EHESP French School of Public Health)ৰ মহামাৰী বিষয়ক পাঠ্যক্রম অধ্যয়ন কৰোঁ৷ ইয়াৰ পাছতÉcole nationale vétérinaire, agroalimentaire et de l’alimentation, Nantes-Atlantique (ONIRIS, Nantes-Atlantic National College of Veterinary Medicine, Food Science and Engineering )ত মোৰ পৰৱর্তী স্তৰৰ অধ্যয়ন আৰু গৱেষণাৰ কাম কৰি ডক্টৰেল গৱেষণা সমাপ্ত কৰা হয়৷ ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত ফ্রান্সৰ জাতীয় কৃষি গৱেষণা প্রতিষ্ঠান আৰুONIRISৰBiology, epidemiology, and risk analysis in animal health (Bio EpAR) গোটত গৱেষক–ভিযন্তা হিচাপে কাম কৰোঁ৷ONIRISত কাম কৰি থকাৰ সময়তে স্পেইনৰ জিৰোনা বিশ্ববিদ্যালয়তো কিছুদিনৰ বাবে কাম কৰিবলৈ যাওঁ৷ ইয়াৰ পাছতInstitut français de recherche pour l’exploitation de la mer (IFREMER : English : French Research Institute for Exploitation of the Sea)ত গৱেষক হিচাপে কাম কৰোঁ৷IFREMERৰ অধীনত ফ্রান্সৰ দুটা বেলেগ বেলেগ অঞ্চলত অৱস্থিত দুটা গৱেষণাগাৰত কাম কৰা হয়৷ এটাBordeauxৰ সমীপত (দক্ষিণ–পশ্চিম ফ্রান্সৰ আটলাণ্টিক উপকূলত) আৰু আনটোBrestত (ফ্রান্সৰ একেবাৰে পশ্চিম প্রান্তত)৷IFREMERত কৰা কামৰ অংশ হিচাপে আমেৰিকা যুক্তৰাজ্যৰ ভার্জিনিয়াত অৱস্থিতOld Dominion Universityত সমুদ্র আৰু ভূ–বিজ্ঞান বিভাগৰ লগত কাম কৰাৰ সুযোগ পাওঁ৷

আপুনি পদার্থ বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰাৰ পাছত গৱেষণা কৰিলে মহামাৰী আৰু জনসংখ্যা গতিবিজ্ঞান বিষয়(Epidemiology & amp Population Dynamics)ত৷ পদার্থ বিজ্ঞানৰ লগত আপোনাৰ গৱেষণাৰ বিষয়টো কিদৰে জড়িত?
– মোৰ ডক্টৰেল গৱেষণাৰ বিষয়টো এটা আন্তঃবিভাগীয়(interdisciplinary) বিষয়, য’ত দুই বা ততোধিক বিদ্যায়তনিক শাখা জডিত হৈ আছে৷ যদিও গৱেষণাৰ শিতানটো মহামাৰী আৰু জনসংখ্যা গতিবিজ্ঞান বুলি নামকৰণ কৰা হৈছে এই অধ্যয়ন–গৱেষণাৰ লগত জীৱ–বিজ্ঞানৰ লগতে নেটৱর্ক বিজ্ঞান(Network Science), জটিল প্রণালী বিজ্ঞান(Complex Systems Science) আদি আন বহুকেইটা তুলনামূলকভাৱে নতুন আন্তঃবিভাগীয় বিদ্যায়তনিক শাখা জডিত হৈ আছে৷ এই গোটেইবোৰ শাখা সংযোগী মূল সংযোগ সূত্র হৈছে গণিত৷ লগত সহযোগী হিচাপে আছে পদার্থ বিজ্ঞানৰ এটা শাখা পাৰিসাংখ্যিক বলবিজ্ঞান(Statistical Mechanics)৷ আনহাতে, পদার্থ বিজ্ঞানৰ ভাষাই হৈছে গণিত৷ জনসমষ্টিৰ মাজত বেমাৰ–আজাৰৰ বীজাণু– বিষাণুৰ বিস্তাৰণ ঘটি মহামাৰীৰ ৰূপ লোৱা পৰিঘটনা আৰু পদার্থৰ অণু সমষ্টিৰ অৱস্থাৰ পৰিৱর্তন হোৱা পৰিঘটনাৰ মাজত বহু পৰিমাণৰ তাত্ত্বিক আৰু গাণিতিক সাদৃশ্য পোৱা গৈছে৷ সেয়েহে জনসমষ্টিত ৰোগৰ বিস্তাৰণ আদিৰ বিতং অধ্যয়নৰ বাবে পদার্থ আৰু গণিত বিজ্ঞানৰ বহুল ব্যৱহাৰৰ সুযোগ আছে৷ আমি বহুতেই সাধাৰণতে ভবাৰ দৰে জীৱবিজ্ঞান৷ চিকিৎসা–বিজ্ঞান আৰু গণিত–বিজ্ঞান পৰস্পৰৰ পৰা বিচ্ছিন্ন নহয়– গভীৰতাত ইটো সিটোৰ পৰিপূৰকহে৷ গতিকে মোৰ অধ্যয়ন ক্ষেত্রত আমি পদার্থ আৰু গণিত বিজ্ঞানক জীৱবিজ্ঞান৷ চিকিৎসা বিজ্ঞান অধ্যয়নৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰোঁ৷

 ফ্রান্সৰ জাতীয় কৃষি গৱেষণা প্রতিষ্ঠানত আপুনি গৱেষণা কৰাৰ উপৰি বেছ কিছুবছৰ আপুনি বিদেশত চাকৰিও কৰি আহিলে৷ বিদেশৰ শিক্ষা, গৱেষণা আৰু কর্মসংস্কৃতিৰ বিষয়ে আপোনাৰ অভিজ্ঞতাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ৷
– মোৰ সীমিত অভিজ্ঞতাৰ ভিত্তিত মই এটা কথা ক’ব পাৰোঁ যে মই য’ত কাম কৰিলোঁ তাত শিক্ষা, গৱেষণা আদিত বয়স, ৰাষ্ট্রীয়তা, জাতি–গোষ্ঠী, লিংগ আদিৰ কোনো সীমা বা বান্ধোন বা বিদ্বেষ দেখা নাপালোঁ৷ মই কাম কৰিবলৈ সুবিধা নোপোৱা নাইবা নেদেখা বেলেগ ক্ষেত্রত যদি তেনে কিবা সীমা বা বান্ধোন বা বিদ্বেষ আছে সেই বিষয়ে মই নাজানো৷ মোৰ কর্মক্ষেত্রত লগ পোৱা প্রত্যেকজনেই সহায় কৰিছে, কোনেও প্রতিদ্বন্দ্বীসুলভ আচৰণ কৰা যেন অনুভৱ নহ’ল৷ মানুহে কর্মক্ষেত্রত সাধাৰণতে ফাঁকি মৰা মোৰ চকুত পৰা নাই৷ প্রফেছনেল জীৱন আৰু ব্যক্তিগত জীৱন একাকাৰ নকৰে৷ সাধাৰণতে অফিচ, কর্মক্ষেত্রৰ কামৰ বোজা ঘৰলৈ কঢ়িয়াই নানে৷ নির্দিষ্ট সময়ৰ কাম সময়মতে কৰি ফলাফল দিবলৈ চেষ্টা কৰে, প্রফেছনেলী সৎভাৱে৷ এটা কথা মোৰ মনত ৰৈ যাব৷ ফ্রান্সত গণতান্ত্রিক প্রতিবাদ, আন্দোলন, ষ্ট্রাইক আদি কিজানি পৃথিৱীৰ ভিতৰতে বেছিকৈ হয়৷ কিন্তু মই কাম কৰা ক্ষেত্রবোৰত কাহানিও কাম ক্ষতি হোৱা দেখা নাছিলোঁ৷ বহুকেইটা প্রতিবাদ, আন্দোলন, ষ্ট্রাইক আদিলৈ আমাৰ সকলো সহকর্মীয়ে সমর্থন পত্রত চহী কৰি সেই কার্যসূচীলৈ সমর্থন লিখিতভাৱে দিছিল কিন্তু অত্যাৱশ্যকীয় সেৱাৰ দৰে গৱেষণা, বৈজ্ঞানিক অধ্যয়ন আদিৰ কাম অকণো যতি নপৰাকৈ গতানুগতিকভাৱে কৰি গৈছিল৷

ক’ভিড মহামাৰীয়ে বিশ্ব সন্ত্রাস চলাবৰ প্রায় এবছৰ হ’বৰ হ’ল৷ কোনো কোনো দেশত ক’ভিডৰ দ্বিতীয়–তৃতীয় ঢ়ৌ পর্যন্ত দেখা গৈছে৷ আমাৰ দেশত ক’ভিডৰ প্রভাৱ কিছু কমিছে যদিও ভৱিষ্যৎ এতিয়াও অনির্দিষ্ট৷ আপুনি এগৰাকী মহামাৰী বিশেষজ্ঞ৷ ক’ভিডকালৰ পাছৰ পৰিস্থিতি সম্পর্কে আপুনি কি বিশ্লেষণ আগবঢ়াব বিচাৰিব?
– তথাকথিত ক’ভিডকাল এতিয়াও শেষ হোৱা নাই৷ গতিকে ক’ভিডকালৰ পাছৰ পৰিস্থিতি বুলি এতিয়াই একো ক’ব নোৱাৰি৷ ক’ভিড–১৯ মানৱ সমাজৰ বাবে এক অতি প্রয়োজন হৈ থকা শিক্ষা৷ গোটেই বিশ্বৰে স্বাস্থ্যসেৱা খণ্ডৰ দুর্বলতা আৰু ভংগুৰতাক অতি কমদিনৰ ভিতৰতে উদঙাই দিলে৷ বিশ্বৰ শাসনতন্ত্রবিলাকে এই পৰিঘটনাৰ পৰা উচিত শিক্ষা লৈ জনস্বাস্থ্য শিতানত বিনিয়োগৰ তেওঁলোকৰ যি অনীহা সেয়া সলনি কৰিব নে নাই মই ক’ব নোৱাৰিম, কিন্তু সেয়া কৰিবলৈ বাধ্য কৰোৱাটো অতিশয় প্রয়োজন হৈ পৰিছে৷ ক’ভিডৰ নিচিনা নতুন ৰোগ আগলৈও আহিয়েই থাকিব৷ প্রতিবছৰে মানুহৰ অতি কমেও ৫টাকৈ নতুন নতুন ৰোগ আৱিষ্কাৰ হৈ আছে৷ ইয়াৰে ভিতৰত ৩টাই পশু–পক্ষীৰ উৎসৰ৷ ক’ভিডৰো উৎস পশুৱেই৷ শেহতীয়া অধ্যয়ন অনুসৰি মানুহলৈ সংক্রমিত হ’ব পৰা নতুন নতুন ৰোগৰ আগমন আৰু বনাঞ্চললৈ কৃষি–পশুপালন আৰু মানৱ–আবাদীৰ সম্প্রসাৰণৰ মাজত সম্পর্ক আছে৷ গতিকে এনেধৰণৰ ৰোগৰ লগত মোকাবিলা কৰাৰ দীর্ঘম্যাদী পৰিকল্পনা কেৱল মানৱ চিকিৎসা স্বাস্থ্যখণ্ডক উন্নীত কৰাতে সীমাবদ্ধ থাকিব নালাগিব৷ এক সমন্বিত দৃষ্টিভংগীৰে মানুহ– পশু–পক্ষী আৰু পৰিৱেশ এই ত্রিভুজটোৰ সামগ্রিক স্বাস্থ্যৰ প্রতি দৃষ্টি ৰাখিব লাগিব– যাক এক স্বাস্থ্য(One Health) বুলি কোৱা হৈছে৷ অনাগত দিনবোৰত জনস্বাস্থ্য সুৰক্ষাৰ বাবে এক স্বাস্থ্য নিৰীক্ষণ(One Health Surveillance) এক প্রধান অস্ত্র হ’ব পাৰে৷‘One Health Surveillance describes the systematic collection, validation, analysis, interpretation of data and dissemination of information collected on humans, animals and the environment to inform decisions more effective, evidence- and system based health interventions.’ Stärk et al. 2015)

 

 আমাৰ দেশ তথা ৰাজ্যত ক’ভিড মহামাৰীৰ আৰম্ভণিৰ সময়ছোৱাত গাহৰিৰ ছোৱাইন ফিভাৰ মহামাৰীয়ে সন্ত্রাস চলালে৷ অৱশ্যে বেছ কিছুসংখ্যক লোক এই বিষয়ে অজ্ঞ হৈয়ে থাকিল৷ বুজনসংখ্যক লোক দিশহাৰা হোৱাও দেখা গৈছিল৷ কিন্তু ছোৱাইন ফিভাৰৰ চর্চা তেনেই কম আছিল৷ তেনেসময়ত আপুনি ছ’চিয়েল মিডিয়াত এই বিষয়টোলৈ যথেষ্ট সক্রিয় আছিল আৰু অসম চৰকাৰৰ দ্বাৰা এই মহামাৰী সন্দর্ভত গঠিত বিশেষজ্ঞ কমিটীতো আপুনি জড়িত আছিল৷ ছোৱাইন ফিভাৰৰ পৰা হোৱা ক্ষয়ক্ষতি আৰু আপোনালোকে চৰকাৰৰ সৈতে মিলি ইয়াৰ মোকাবিলা কিদৰে কৰিলে সেই সম্পর্কে কিবা জনাব নেকি?
– প্রথমতে এটা কথা স্পষ্ট কৰি লওঁ যে ছোৱাইন ফিভাৰ আৰু ছোৱাইন ফ্লু একে নহয়৷ ছোৱাইন ফিভাৰ ৰোগ কেৱল গাহৰিৰ ৰোগ৷ এই ৰোগে মানুহক আক্রান্ত কৰাৰ কথা এতিয়ালৈকে প্রমাণিত হোৱা নাই৷ আনহাতে, ছোৱাইন ফ্লু এবিধ গাহৰিৰ জৈৱ–উপাদান থকা ইনফ্লুয়েঞ্জা৷ ছোৱাইন ফ্লুকH1N1 ইনফ্লুয়েঞ্জা বুলিও জনা যায়৷ ছোৱাইন ফ্লুত মানুহো আক্রান্ত হ’ব পাৰে আৰু মৃত্যুও হ’ব পাৰে৷ অসমত ২০১৫ চনত ১০জন মানুহ ছোৱাইন ফ্লু ৰোগত আক্রান্ত হোৱা বুলি চিনাক্ত হোৱা আৰু তাৰে এজনৰ মৃত্যু হোৱা বুলি তথ্য পোৱা যায়৷ অসমত ছোৱাইন ফ্লুৰ প্রাদুর্ভাৱৰ বিষয়ে মই এইমুহূর্তত ইয়াতকৈ বেছি জ্ঞাত নহয়৷ যিমানদূৰ সম্ভৱ তাৰ পাছত অসমত ছোৱাইন ফ্লু ৰোগ এতিয়ালৈকে চিনাক্ত হোৱা নাই নাইবা ইয়াৰ তথ্য ৰাজহুৱাকৈ উপলভ্য হোৱা নাই৷ কিন্তু সংবাদ মাধ্যমত অসমত হোৱা ছোৱাইন ফিভাৰ ৰোগ ছোৱাইন ফ্লু বুলি প্রকাশ হোৱাত বিভ্রান্তিৰ সৃষ্টি হৈছিল৷
ছোৱাইন ফিভাৰ ৰোগ মানুহৰ দেহত নহ’লেও এই ৰোগৰ পৰা হ’ব পৰা অর্থনৈতিক প্রভাৱৰ ফালৰ পৰা অতি গুৰুত্বপূর্ণ, বিশেষকৈ গাহৰিৰ প্রভূত আর্থ–সমাজিক গুৰুত্ব থকা অসম তথা উত্তৰ– পূর্বাঞ্চলৰ বাবে৷ গাহৰিৰ ছোৱাইন ফিভাৰ ৰোগ দুই ধৰণৰ৷ এবিধ হৈছে ক্লাছিকেল ছোৱাইন ফিভাৰ আৰু আনবিধ হৈছে আফ্রিকান ছোৱাইন ফিভাৰ৷ ইয়াৰে ক্লাছিকেল ছোৱাইন ফিভাৰ ৰোগ অসমত আগৰে পৰাই আছে আৰু অসমৰ গাহৰিপালন ক্ষেত্রখনক দীর্ঘদিন ধৰি ক্ষতি কৰি আহিছে৷ ক্লাছিকেল ছোৱাইন ফিভাৰ ৰোগৰ প্রতিষেধক(vaccine) আছে আৰু গাহৰিক এই প্রতিষেধক দি প্রতিৰোধ কৰিব পাৰি৷ কিন্তু এই ভেকচিনৰ যোগান নিয়মীয়া আৰু চাহিদা অনুসৰি নোহোৱাত প্রতি বছৰে বহু গাহৰি অসম তথা উত্তৰ–পূর্বাঞ্চলত মৃত্যুমুখত পৰে৷ কিন্তু এই ৰোগৰ মাৰাত্মকতা তুলনামূলকভাৱে কম৷ আক্রান্ত গাহৰিৰ ২০ শতাংশৰ পৰা ৪০ শতাংশ গাহৰি মৃত্যুমুখত পৰে বুলি বিভিন্ন অধ্যয়নত প্রকাশ পাইছে৷ আনহাতে, ক’ভিডৰ সমান্তৰালভাৱে অসমত যিবিধ ৰোগ ধৰা পৰিছিল সেইবিধ হৈছে আফ্রিকান ছোৱাইন ফিভাৰ৷ এইবিধ ৰোগ আগতে অসমত বা ভাৰতত ধৰা পৰাৰ চৰকাৰী তথ্য নাই৷ আফ্রিকান ছোৱাইন ফিভাৰ ৰোগ অতি সংক্রামক হোৱাৰ লগতে মাৰাত্মকো৷ আক্রান্ত গাহৰিৰ ৮০–১০০ শতাংশলৈকে মৃত্যুমুখত পৰিব পাৰে৷ ইয়াৰ কোনো চিকিৎসাও নাই, প্রতিষেধকো উপলব্ধ নহয়৷ গতিকে এই ৰোগে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চল তথা সমগ্র ভাৰতৰে গাহৰিকুলৰ জীৱনৰ প্রতিয়েই নহয়, গাহৰি পালনৰ লগত জডিত লাখ লাখ লোকৰ অর্থনীতি আৰু পৰম্পৰাৰ প্রতিও তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ অসমত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগে কি ধৰণৰ, কিমান পৰিমাণৰ ক্ষতি কৰিলে আৰু আগলৈ কি কি ভাবুকি ৰাখি গৈছে তাৰ প্রণালীবদ্ধ অধ্যয়ন চলি আছে৷ সমান্তৰালভাৱে অসমত ক্লাছিকেল ছোৱাইন ফিভাৰো চলি থকা বাবে প্রকৃততে কেৱল আফ্রিকান ছোৱাইন ফিভাৰে অকলে কিমান কি ক্ষতি কৰিলে সেয়া ঠাৱৰ কৰিবলৈ কিছু সময় লাগিব পাৰে৷ এই দিশত বিশেষকৈ অসমত পশুস্বাস্থ্য তথ্য আৰু ৰোগ সংবাদ সময়মতে বিশ্বাসযোগ্যভাৱে লিপিবদ্ধ আৰু বিশ্লেষণ কৰাৰ প্রণালীৰ অভাৱ অনুভৱ কৰা হৈছে৷ ৰাষ্ট্রীয় পশুৰোগ নিয়ন্ত্রণ কার্যসূচীৰ অধীনত তেনেকুৱা প্রণালী এটাৰ গজালি ৰোপণ কৰা হৈছে যদিও কার্যকৰী ৰূপ পাবলৈ হয়তো কিছুসময় লাগিব৷
আনহাতে, প্রাথমিক ৰিপ’ট অনুসৰি অসমত ২০,০০০তকৈ অধিক গাহৰি অসমত ক’ভিডৰ শীর্ষ সময়ছোৱাত আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ মৃত্যুমুখত পৰে বুলি অনুমান কৰা হৈছে যদিও ইয়াক প্রত্যয়জনক চূডান্ত হিচাপ বুলি এতিয়াই ক’ব নোৱাৰি৷ বিভিন্ন স্বতন্ত্র সূত্রই এই সংখ্যা বেলেগ বেলেগ ধৰণেৰে প্রকাশ কৰিছে৷ কিন্তু ওপৰত কোৱাৰ দৰে সমান্তৰালভাৱে ক্লাছিকেল ছোৱাইন ফিভাৰো অসমত চলি থকা বাবে এই স্বতন্ত্র সূত্রবিলাকে প্রকাশ কৰা সংখ্যাবোৰৰ শুদ্ধতা সন্দেহৰ আৱর্তত আছে৷ ক’ভিডকালত বলৱৎ থকা লকডাউনৰ বাবে মানুহ আৰু পোহনীয়া জীৱ–জন্তু উভয়ৰে পৰিবহণ সীমিত হোৱা বাবে আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ অসমত বিস্তাৰণ কিছু পৰিমাণে বাধাগ্রস্ত হোৱা বাবে ক্ষয়ক্ষতিৰ পৰিমাণো কিছু পৰিমাণে কম হোৱা বুলি ক’ব পাৰি৷
এই বিষয়ত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ পৰামর্শ অনুসৰি ৰাজ্যত পশুপালন আৰু পশুচিকিৎসা বিভাগে গাহৰিৰ মুক্ত বিচৰণ আৰু পৰিবহণত বাধা আৰোপ কৰাৰ লগতে আক্রান্ত বহু অঞ্চলত এই ৰোগৰ বীজাণুৰ বিৰুদ্ধে সক্রিয় উপাদান থকা ৰাসায়নিক দ্রব্যৰে পৰিষ্কৰণ অভিযান চলায়৷ আনহাতে, গাহৰিপালকসকলৰ মাজতো জৈৱ–সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ প্রচাৰ চলোৱা হয়৷ বহু গাহৰিপালকে তৎক্ষণাত জৈৱ–সুৰক্ষাৰ বহুবোৰ নীতি–নিয়ম পালনৰ লগতে পৰিষ্কৰণৰ দিশত সতর্ক হৈ পৰে৷ ফলত এই ৰোগৰ বীজাণু আৰু অধিক গতিত বিস্তাৰ হোৱাত বাধাপ্রাপ্ত হয়৷ এতিয়াও অসম তথা উত্তৰ–পূর্বাঞ্চল আফ্রিকান ছোৱাইন ফিভাৰৰ পৰা মুক্ত হোৱা নাই৷ চেগা–ছোৰোকাকৈ অসমৰ বিভিন্ন স্থানত এই ৰোগে দেখা দি থকা বুলি জানিবলৈ পোৱা গৈছে৷ আন্তঃৰাষ্ট্রীয় পশুস্বাস্থ্য সংস্থা(OIE) নীতি–নিয়ম অনুসৰি এই ৰোগৰ নিয়ন্ত্রণ আৰু নির্মূলৰ বাবে কার্যকৰী অভিযান চলিব লাগিব আৰু ৰাজ্যৰ সংশ্লিষ্ট বিভাগে সেই অনুসৰি আগবাঢ়িব৷ কিন্তু পশুপালন ক্ষেত্রৰ গুৰুত্বক অনুভৱ নকৰি বহুদিন ধৰি অৱহেলাৰ চকুৰে চাই থকা জাতীয় এটা তথাকথিত প্রৱণতাৰ বাবে এই ৰোগ নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় পুঁজি সময়মতে পোৱাত অসুবিধা হোৱা বুলি এটা খবৰ শুনিবলৈ পাইছোঁ৷ আশা কৰোঁ খবৰটো মিছা হওক আৰু ৰোগ নিয়ন্ত্রণৰ ক্ষেত্রত আপোচ কৰা নহওক৷

 বিদেশত বেছ কিছুবছৰ কটাই আপুনি নিজৰ জন্মভূমিলৈ উভতি আহিলে৷ উভতি অহাৰ সিদ্ধান্ত কিয় লৈছিল? সেয়া সঠিক সিদ্ধান্তই লৈছিল বুলি আপোনাৰ মনে ধৰেনে? অসমত আপোনাৰ বিষয়ত কাম কৰাৰ সঠিক সুযোগ পাইছেনে? মই উভতি আহিলোঁ বোলা কথাষাৰৰ লগত সহমত নহয়৷
– মানে মইতো ভাৰতৰেই নাগৰিক, অসমৰেই বাসিন্দা৷ মাত্র মাজতে কিছুদিনৰ বাবে কামৰ খাতিৰত বিদেশত আছিলোঁগৈ৷ এতিয়াও প্রয়োজন অনুসৰি আকৌ বিদেশলৈ গৈ কাম কৰাৰ দুৱাৰ বন্ধ হৈ যোৱা নাই৷ সহযোগিতামূলক অধ্যয়ন আৰু গৱেষণা এতিয়াও চলি আছে৷ কেৱল বছৰটোৰ বেছিভাগ সময় এতিয়া অসমত থাকি কাম কৰিছোঁ৷ ইফালে, ক’ভিডেও বেছি ঘূৰা–ফুৰা কৰাৰ বাটত হেঙাৰ দি দিলে৷ মই অসমত কাম কৰিবলৈ ইচ্ছা কৰিছিলোঁ মূলতঃ অসমত বা ভাৰতত মোৰ অধ্যয়ন ক্ষেত্রখনে কি ধৰণেৰে কাম কৰে সেইটো বুজিবলৈ৷ অসমত বা ভাৰতত কৰিবলৈ কামৰ অভাৱ দেখা নাই৷ কিন্তু কেইটামান কথা বিশেষভাৱে অনুভৱ হৈছে– ইয়াত কাম কৰি মোৰ অর্থনৈতিক লাভালাভ বিশেষ একো হোৱা নাই, কিছু কিছু ঠাইত কিছু পৰিমাণে পৰিৱর্তন নিবিচৰা–স্থিতাৱস্থা বাহাল ৰাখিব খোজা লোকৰ বিৰোধিতা–সহযোগিতা সন্মুখীন হৈছোঁ, বহু গুৰুত্বপূর্ণ পদবীত থকা ব্যক্তিৰ স্কিলৰ স্তৰ উন্নত আৰু নৱীকৰণৰ প্রয়োজন আছে৷
আমাৰ ইয়াত তথ্য সংগ্রহ আৰু ব্যৱস্থাপনাৰ দিশটো ব্যৱহাৰিক দিশত প্রয়োজন অনুসৰি সবল হৈ উঠা নাই বুলি মোৰ ধাৰণা৷ বোধকৰো বহুদিন ধৰি ক্ষেত্রৰ পৰা শুদ্ধ তথ্য সময়মতে সংগ্রহ আৰু সেয়া বিশ্লেষণ কৰি তাৰ পৰা জ্ঞাত সিদ্ধান্ত(informed decision) লোৱাৰ আখৰা ভালদৰে চলি থকা নাই বাবেই এই দিশটো দুর্বল হৈ থাকিব পাৰে৷ আমি আমাৰ স্তৰত পার্যমানে চেষ্টা কৰি আছোঁ৷ অৱস্থাৰ কিছু উন্নতি চকুত পৰিছে যদিও সেয়া যথেষ্ট নহয়৷

বিদেশত অধ্যয়ন আৰু গৱেষণাৰ প্রতি আগ্রহী ছাত্র–ছাত্রীসকলক উদ্দেশ্যি কি ক’ব বিচাৰিব?
– বিশেষ একো ক’বলগীয়া নাই৷ মোৰ নিজৰ বিদেশত অধ্যয়ন নাইবা গৱেষণা কোনো এটাই কৰিম বুলি কোনো পৰিকল্পনা বা আগ্রহ আগতীয়াকৈ নাছিল বাবে মূলতঃ মই এই বিষয়ত আনক উদ্দেশ্যি কিবা ক’বলৈ কিছু অসমর্থতা অনুভৱ কৰিছোঁ৷ কাৰণ ভাৰতৰো বহু প্রতিষ্ঠানত উচ্চমানৰ অধ্যয়ন আৰু গৱেষণাৰ সুযোগ–সুবিধা আছে৷ দেশৰ উন্নতি, প্রগতিক ত্বৰান্বিত কৰিব পৰা বহু অধ্যয়ন আৰু গৱেষণা আমাৰ দেশতো কৰিব পাৰি৷ অৱশ্যে এটা কথা ঠিক যে কিছুমান দেশত অধ্যয়ন–গৱেষণাৰ বৌদ্ধিক স্বাধীনতা, নিত্য–নতুন অত্যাধুনিক প্রযুক্তি, সঁজুলি আদিৰ ব্যৱহাৰৰ সুবিধা তথা বৌদ্ধিক সমল হাততে পোৱাৰ সুযোগ তুলনামূলকভাৱে বেছি হ’ব পাৰে৷ সেই সমল, সঁজুলি, প্রযুক্তি আৰু স্বাধীনতা আদিৰ সুযোগ ল’ব খুজিলে কিছু বছা বছা বিদেশৰ প্রতিষ্ঠানত অধ্যয়ন আৰু গৱেষণাৰ বাবে যাব পাৰি৷ তাৰ বাবে সেই প্রতিষ্ঠানসমূহে বিচৰা ধৰণৰ মানৰ শৈক্ষিক আৰু আনুষংগিক স্তৰ আগ্রহীজনে লাভ কৰিব লাগিব– যাৰ বাবে হয়তো নম্বৰসর্বস্ব ব্যৱস্থা এটাত বর্তি থকা শিক্ষা যথেষ্ট নহ’ব পাৰে৷ সেয়ে আগ্রহ থকা বিষয়ৰ মৌলিক জ্ঞান আহৰণত গুৰুত্ব দিয়াৰ লগতে কিছু পৰিমাণৰ ব্যৱহাৰিক অভিজ্ঞতা অর্জন কৰি ল’লে সুবিধাজনক হয় বুলি মোৰ ধাৰণা৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি?
-এইটো বৰ টান কথা সুধিলে৷ মই ইমান পৰিকল্পনা কৰি চলা মানুহ নহয়৷ ব্যক্তিগত জীৱনত পৰিকল্পনা হৈছে জীৱনটো সুখে–শান্তিৰে–সুস্বাস্থ্ উপভোগ কৰিব পৰাটো৷ তাৰ বাবে সময় আৰু স্থানৰ দাবী অনুসৰি তাল মিলাই থাকিবৰ বাবে যি যি কৌশল লাগে সেইবোৰৰ আখৰা কৰি থকাটোই পৰিকল্পনা আৰু৷ আৰুনো কি? পেছাদাৰীভাৱে সদ্যহতে ৰাষ্ট্রীয় পশুৰোগ নির্মূল কার্যসূচ (National Animal Disease Control Programme)ৰ অসমত ৰূপায়ণৰ লগত জডিত হৈ আছোঁ৷ যাৰ অধীনত অহা এটা দশকৰ ভিতৰত ভাৰতৰ পৰা অর্থনৈতিক আৰু জনস্বাস্থ্য উভয় দিশৰ পৰাই গুৰুত্বপূর্ণ পশুৰোগ চবকা আৰু মানুহ আৰু পশু উভয়কে সংক্রমিত কৰিব পৰা উভসংক্রামকৰ ব্রুছেল’ছিছ ৰোগ নির্মূল কৰাৰ লক্ষ্য লোৱা হৈছে৷ এই আঁচনিৰ অসমত সফল ৰূপায়ণৰ বাবে কি কি কৰিব পাৰি সেয়াই সদ্যহতে চলি থকা পৰিকল্পনা৷ আনহাতে, অসম তথা উত্তৰ–পূর্বাঞ্চলত এক স্বাস্থ্য তথ্যভাণ্ডাৰৰ জৰিয়তে জনস্বাস্থ্য সন্দর্ভত জ্ঞাত–সিদ্ধান্ত–সহয্ প্রণালী(public health informed decision support system) এটা বিকাশ কৰাত সহযোগ কৰাৰ ইচ্ছা এটাও আছে৷ যদি পৰিৱেশ, সময় আৰু অৱস্থাই সহযোগ কৰে, তেন্তে তেনেকুৱা কিবা এটা কৰাৰ চেষ্টা এটা কৰিম৷

You might also like