ঘৰৰ উত্তৰ-পূব দিশত ৰাখক বিশেষ ধ্যান; ভুলতো নাৰাখিব এই সামগ্ৰী
বাস্তু শাস্ত্ৰ মতে উত্তৰ-পূব দিশটোক এক মহত্বপূৰ্ণ দিশ বুলি ধৰা হয় । ইয়াৰ পৰা উদ্ভূত শক্তিয়ে আমাৰ জীৱন আৰু স্বাস্থ্যক প্রভাবিত কৰে। যাৰ বাবে বাস্তু শাস্ত্ৰৰ অনুসৰি কিছুমান বস্তুৰ ওপৰত বিশেষ ধ্যান ৰখাটো জৰুৰী ।
লগতে পঢ়কঃ বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?
আহক জানো ঘৰৰ সৈতে সম্পৰ্কিত কেইটামান বাস্তু টিপছ…
- ঘৰৰ পূব দিশটো খালী ৰখাটো ভাল । লগতে চাফচিকুনতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰক । যদি পাৰে এই দিশত উপাসনা গৃহ নিৰ্মাণ কৰক ।
- উত্তৰ-পূব দিশত কোনোধৰণৰ নকৰাত্মক বস্তু যেনে জোতা, চেণ্ডেল নাৰাখিব । ইয়াৰ দ্বাৰা উত্তৰ-পূব দিশত দোষ উৎপন্ন হয় ।
- উত্তৰ-পূর্ব দিশত খোলা ৰখাৰ এক বৈজ্ঞানিক কাৰণো আছে, মহাজাগতিক ৰশ্মিৰ উদগিৰণ আৰু প্রবাহ হয় ।
- উত্তৰ-পূব দিশটো ভূমি উপাদানটিৰ দিকনির্দেশনা । যিসকল লোকৰ জন্ম তিথিত ২, ৫ আৰু ৮ অংক নাই, সেইসকল লোক হাড়ৰ ৰোগত আক্ৰান্ত হয় । সেই বাবে এইসকল লোকে উত্তৰ-পূব বা দক্ষিণ-পশ্চিম দিশৰ জ’নত হালধীয়া ৰঙ কৰাব লাগে ।
- যদি কাৰোবাৰ ৰাশিৰ জাতক জাতিক সকলৰ গুৰু ভাল নাথাকে, আৰু আপোনাৰ উত্তৰ-পূর্ব দিশত কোনো বাস্তু দোষ থাকে তেন্তে এই জাতীয় ব্যক্তিৰ হজম ব্যৱস্থা, পিত্তথলি, ৰক্তচাপ, জণ্ডিছ আদি সম্পর্কিত ৰোগে হোৱাৰ আশংকা থাকে ।