নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যপ্ৰাণী জনিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলং আৰক্ষীক আৰণ্যকৰ 4WD বলেৰ কেম্পাৰ আৰু মটৰচাইকেল প্ৰদান

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা সংস্থা আৰণ্যকে আজি পুৱা স্বাধীনতা দিৱসৰ শুভ দিনটোত International Rhino Foundation ৰ সহযোগিতাত কাৰ্বি আংলং জিলা আৰক্ষীক  জিলাখনত চলি থকা বন্যপ্ৰাণী জনিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে এখন 4WD বলেৰ কেম্পাৰ আৰু ১৫০ চিচি ৰ দুখন বাজাজৰ পালচাৰ মটৰচাইকেল উপহাৰ দিয়ে।

IRF ৰ Wildlife Crime Monitoring Consultant ৰাহুল দত্তৰ উপস্থিতিত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে আৰণ্যকৰ সচিব প্ৰধান তথা IRF ৰ এছিয়া সমন্বয়ক ড. বিভব কুমাৰ তালুকদাৰৰ হাতৰপৰা এই উপহাৰ গ্ৰহণ কৰে। দুজন অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰণিল বৰুৱা আৰু হেমন্ত বৰুৱাও এই অনুষ্ঠানত উপস্থিত থকে।

You might also like