নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞান মন্দিৰ : সোণাপুৰত শ্মশান যাত্ৰা-হাইলাকান্দিত জয়যাত্ৰা

গুৱাহাটী, ১২ জানুৱাৰীঃ বিজ্ঞান–প্রযুক্তিবিদ্যাৰ চমকপ্রদ উন্নতিয়ে একবিংশ শতিকাত মানৱ সভ্যতাক উপনীত কৰাইছে সফলতাৰ চূড়ান্ত শিখৰত৷ নতুন নতুন চিন্তা, অন্বেষণ আৰু যুগান্তকাৰী গৱেষণাই বিজ্ঞানৰ জয়যাত্রাক অধিক অগ্রগামী কৰিছে৷ অসমতো বিজ্ঞানক জনপ্রিয় কৰি তোলাৰ হকে চৰকাৰীভাৱে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে যদিও তাৰ মাজতে বিজ্ঞানৰ শশ্মানযাত্রাৰ এখন বাস্তৱ ছবি জনমানসত উন্মোচিত হৈছে৷ অতি দুখ আৰু পৰিতাপৰ কথা যে দীর্ঘদিন ধৰি অনাদৃত–অৱহেলিত হৈ পৰি আছে ১৯৫৭ চনতে স্থাপিত সোণাপুৰৰ ডিমৰীয়াত ‘বিজ্ঞান মন্দিৰ’৷ গুৱাহাটী মহানগৰীৰ পৰা প্রায় ২০ কিলোমিটাৰ পথ অতিক্রম কৰাৰ পাছতেই ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ একেবাৰে কাষতেই অৱস্থিত চৰকাৰী এই ‘বিজ্ঞান মন্দিৰ’টোৰ শ্মশানমুখী যাত্রাই এতিয়া বিজ্ঞানমনস্ক সচেতন প্রতিজন লোকক ব্যথিত কৰি তুলিছে৷ গ্রামাঞ্চলত বিজ্ঞান শিক্ষাক জনমুখী কৰি তোলাৰ লক্ষ্যৰেই দেশে স্বাধীনতা লাভ কৰাৰ ৯ বছৰ পাছতেই অর্থাৎ ১৯৫৭ চনত সোণাপুৰৰ ডিমৰীয়াৰ লগতে হাইলাকান্দিতো স্থাপন কৰা হৈছিল ‘বিজ্ঞান মন্দিৰ’৷ একে সময়তে স্থাপন হোৱা হাইলাকান্দিৰ বিজ্ঞান মন্দিৰে নিজৰ জয়যাত্রা আজিও অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ পৰিৱর্তে প্রচুৰ সম্ভাৱনাময় ডিমৰীয়াৰ বিজ্ঞান মন্দিৰটোৱে তিলতিলকৈ নীৰৱে–নিঃশব্দে মৃত্যুৰ ক্ষণ গণি থাকিবলগীয়া হোৱা বিষয়টোৱে সম্প্রতি সকলোকে আচৰিত কৰি তুলিছে৷ এক সুবিধাজনক ঠাইত থকাৰ পাছতো কি কাৰণত বছৰ বছৰ ধৰি বিজ্ঞান শিক্ষাৰ সমল কেন্দ্রটো এনেদৰে অৱহেলিত হৈ আছে, সেয়া ৰহস্যৰ বিষয়৷ সকলো ধৰণৰ সম্ভাৱনা থকাৰ পাছতো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত থকা বিজ্ঞান মন্দিৰটোৰ অৱস্থা গৰুৰ গোহালিতকৈও বিশৃংখল হৈ পৰিছে৷ ডিমৰীয়াস্থিত বিজ্ঞান মন্দিৰটোৰ মূল কার্যালয়ৰ লগতে তিনিটা কর্মচাৰীৰ আৱাস আৰু এটা জেনেৰেটৰ গৃহ আছে৷ কিন্তু বর্তমানে আটাইকেইটা ঘৰেই জৰাজীর্ণ৷ ১৯৫৭ চনতেই নির্মিত মূল গৃহটো উৱলি জহি–খহি যোৱাৰ লগতে ভিতৰত থকা সকলো বৈজ্ঞানিক আহিলা–আচবাব ভাঙি–ছিঙি ধ্বংসস্তূপত পৰিণত হৈছে৷ সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিয়ে জনোৱা মতে কিছু বছৰ আগলৈকে অঞ্চলটোত অনুষ্ঠানটোৱে ছাত্র–ছাত্রীক বিজ্ঞান শিক্ষা দিয়াৰ বাবে প্রয়োজনীয় বিভিন্ন পদক্ষেপ লৈছিল৷ বিজ্ঞান প্রদর্শনী, তথ্যচিত্র প্রদর্শন আদিকে ধৰি বিভিন্ন কার্যসূচী লোৱা হৈছিল৷ কিন্তু যোৱা প্রায় ২০১৩ চনৰ পাছৰে পৰাই কেন্দ্রটো সম্পূর্ণৰূপে নিষ্ক্রিয় হৈ পৰিল৷ তেওঁ কয় যে যোৱা ৯ বছৰ ধৰি আছুৰ ফালৰ পৰা বিজ্ঞান মন্দিৰটো কার্যক্ষম কৰাৰ বাবে চৰকাৰক দাবী জনোৱাৰ পাছতো বিজ্ঞান মন্দিৰটো উন্নয়ন কৰাৰ বাবে কোনোৱে ব্যৱস্থা নল’লে৷ কেইবাবাৰো চৰকাৰক স্মাৰক–পত্রও দিয়া হৈছিল৷ কিন্তু কেন্দ্রটো পুনৰুজীৱিত কৰাৰ নামত কোনো ধৰণৰ ব্যৱস্থাই লোৱা নহ’ল৷ উল্লেখ্য যে কেন্দ্রটোত মাইক্র’স্ক’প, বিভিন্ন জৈৱিক নমুনা, শ্লাইড, উদ্ভিদ বিজ্ঞানৰ নমুনাকে ধৰি বহু বৈজ্ঞানিক সামগ্রী আছে৷ যিবোৰ সাধাৰণতে বিদ্যালয়, মহাবিদ্যালয়ৰ পৰীক্ষাগাৰতহে দেখিবলৈ পোৱা যায়৷ কিন্তু বছৰ বছৰ ধৰি সেইবোৰ উপযুক্ত তদাৰকৰ অভাৱত ধূলি–মাকতিৰে পোত খাই পৰিছে৷ চাক্ষুক ৰূপত অস্তিত্বহীন হৈ পৰিলেও কাগজে–পত্রই কিন্তু এতিয়াও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনতে ‘বিজ্ঞান মন্দিৰ’টো আছে৷ পার্থক্যটো হ’ল যে হাইলাকান্দি কেন্দ্রটোত বিষয়াসহ দুজন কর্মচাৰী আছে যদিও ডিমৰীয়াত এজনো নাই৷ হাইলাকান্দিৰ কেন্দ্রটোৰ তত্ত্বাৱধায়ক বিষয়া বাহাৰুল ইছলাম লস্কৰে জনোৱা মতে কেন্দ্রীয় চৰকাৰৰ বিজ্ঞান আৰু সাংস্কৃতিক পৰিক্রমা মন্ত্রালয়ৰ ‘বিজ্ঞান মন্দিৰ’ প্রকল্পৰ অধীনত ১৯৫৭ চনতে দেশৰ বিভিন্ন প্রান্তত স্থাপন হোৱা ১২টা কেন্দ্রৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলৰ অসমত এই দুটা কেন্দ্র প্রতিষ্ঠা কৰা হৈছিল৷ পৰৱর্তী সময়ত প্রায় ১৯৬৩ চনত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনলৈ কেন্দ্র দুটা হস্তান্তৰ কৰা হৈছিল৷ তাৰ পাছৰে পৰাই বর্তমানলৈকে কেন্দ্র দুটা শিক্ষা বিভাগৰ অধীনতে আছে৷ ডিমৰীয়াৰ কেন্দ্রটোৰ জৰাজীর্ণ অৱস্থাৰ বিপৰীতে হাইলাকান্দিৰ কেন্দ্রটোৱে আজিও ভালদৰে চলি আছে৷ বৰাক উপত্যকাত মুখ্যমন্ত্রীৰ বিজ্ঞান দর্শন আঁচনিৰ অধীনত সকলো কামৰ লগতে অসম বিজ্ঞান–প্রযুক্তিবিদ্যা পৰিষদৰ বিভিন্ন বিজ্ঞানভিত্তিক কর্মশালা, অনুষ্ঠান আদিও বর্তমানে তদাৰক কৰি আছে কেন্দ্রটোৱে৷ এক অর্থত বিজ্ঞান শিক্ষকে জনপ্রিয় কৰাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপে হাইলকান্দিৰ কেন্দ্রটোৱে লৈছে৷ কিন্তু ডিমৰীয়াৰ জৰাজীর্ণ ৰূপত থকা বিজ্ঞান মন্দিৰটো বছৰৰ পাছত বছৰ ধৰি এলাগী হৈ পৰি আছে৷ দীর্ঘদিন ধৰি অনাদায় হৈ থকা বিদ্যুৎ বিলৰ বাবে বহু বছৰ ধৰি কেন্দ্রটোৰ বিদ্যুৎ সংযোগ কর্তন কৰি থোৱা আছে৷ এটা জেনেৰেটৰো কেন্দ্রটোত আছে যদিও সেয়াও নিষ্ক্রিয়৷ আছু নেতা দিব্যজ্যোতি মেধিয়ে জনোৱা মতে সম্প্রতি পৰিত্যক্ত হৈ থকা কেন্দ্রটোত নিশা হ’লেই মদ–জুৱাকে ধৰি বিভিন্ন অসামাজিক কার্যকলাপ চলে৷ তেওঁ কয় যে কেন্দ্রটো উন্নয়ন কৰিবলৈ আমি বিজ্ঞান আৰু তথ্য–প্রযুক্তি মন্ত্রী কেশৱ মহন্তকো অৱগত কৰিছোঁ৷ কিন্তু কোনো ধৰণৰ উল্লেখযোগ্য সঁহাৰি আজিও নাপালোঁ৷ সম্প্রতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপৰতে ভৰসা ৰাখিছে অঞ্চলবাসীয়ে৷ কেন্দ্রটোৱে পূর্বৰ দৰেই বিজ্ঞান শিক্ষাক জনপ্রিয় কৰি তোলাৰ স্বার্থত সক্রিয় হৈ পৰক– এয়া অঞ্চলটোৰ বাসিন্দাসকলৰ আশা৷

#দিগন্ত দাস

You might also like