নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুমি কোন ? আৰু মই !

তুমি কোন ? আৰু মই!

🔹 ড০ পাৰ্থসাৰথি মহন্ত

আমি কাৰোবাক লগ পাওঁ, তেওঁৰ লগত কথা পাতো আৰু ভাবি লওঁ যে আমি তেওঁক জানো৷  কাৰোবাক দেখি, তেওঁৰ কথা শুনি বা তেওঁ লিখা পঢ়ি ধৰি লওঁ যে আমি তেওঁক চিনি পাওঁ৷ কাৰোবাক বুজাটো ইমান সহজ নহয়৷ মানুহ জটিল৷ এটা হাঁহি, মাতষাৰ বা ব্যৱহাৰ কৰা শব্দই আমাৰ মনত এটা ভাবমূর্তিৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু সেয়াই যথেষ্ট নহয়৷ এই বাহ্যিক চিনবোৰৰ দ্বাৰা আমি এজন ব্যক্তিক সঁচাকৈয়ে বুজিব পাৰোঁ জানো? দৰাচলতে চেহেৰা, কথা–বতৰা, লিখা সকলোবোৰেই বিভ্রান্তিকৰ হ’ব পাৰে৷ এইবোৰে এজন মানুহৰ এটা অংশহে দেখুৱায়, যিটো অংশ তেওঁ আনক দেখুৱাব খোজে৷ তেনেহ’লে আমি সঁচাকৈয়ে মানুহ এজনক চিনি পাব পাৰোঁনে?

মুখখন আচলতে মুখা নে আইনা? আমাৰ চকুত প্রথমতে মুখখনেই পৰে৷ মুখতেই আনন্দ, দুখ, খং বা শান্তি প্রকাশ পায়৷ কিছুমান মানুহৰ মুখখন স্বাভাৱিকতেই দয়ালু যেন লাগে, আন কিছুমানৰ কঠোৰ যেন লাগে৷ দয়ালু মুখৰ অর্থ সদায় দয়ালু হূদয় হয় জানো? মানুহ পিঁয়াজৰ নিচিনা৷ বহু তৰপীয়া৷ বাহিৰৰ তৰপবোৰ আনক দেখুৱাবলৈ, যিমানেই গভীৰলৈ যায় প্রকৃত স্বৰূপটো সিমানেই লুকাই যায়, সিমানেই জটিল হৈ পৰে৷ মনোবিজ্ঞানী কার্ল জঙৰ মতে আমি সকলোৱে ব্যক্তিত্ব নামৰ এখন মুখা পিন্ধি থাকোঁ৷ এই মুখাই আমাক প্রকৃত চিন্তা আৰু অনুভৱ লুকুৱাই সমাজৰ লগত খাপ খুৱাই লোৱাত সহায় কৰে৷ কর্মক্ষেত্রত কাৰোবাক ভীষণ আত্মবিশ্বাসী যেন লাগিব পাৰে, কিন্তু ভিতৰি ভিতৰি তেওঁ নিৰাপত্তাহীনতাতো ভুগি থাকিব পাৰে৷ ছিগমণ্ড ফ্রয়েডৰ মতে আমি আমাৰ বহুখিনি আচৰণ নিজেই নাজানো৷ তেনেহ’লে আনক কি বুজি পাম!

কোনোবাই খুব সুন্দৰকৈ কথা ক’ব পাৰে৷ আত্মবিশ্বাসী, শক্তিশালী কণ্ঠই বিশ্বাসৰ সৃষ্টি কৰিব পাৰে, আৱেগক আলোড়িত কৰিব পাৰে৷ তেওঁক বিচাৰ কৰিবলৈ ভাল ভাল কথাখিনিয়েই যথেষ্টনে? এডল্ফ হিটলাৰ আছিল এজন সুনিপুণ বক্তা৷ তেওঁৰ ভাষণে প্রভাৱিত কৰিছিল লাখ লাখ লোকক, কিন্তু আগুৱাই লৈ গৈছিল যুদ্ধলৈ, ধ্বংসলৈ৷ অর্থাৎ এজন মানুহক জানিবলৈ মুখ, শব্দ বা বাক্যই যথেষ্ট নহয়৷

কাৰণ আমি যি চাব বিচাৰোঁ তাকেই চাওঁ৷ আমাৰ মগজুৱে মানুহক বুজিবলৈ চমু ৰাস্তা বিচাৰে৷ নিশ্চিতকৰণ পক্ষপাতিত্ব৷ নিজৰ বিশ্বাস নিশ্চিত কৰা ভ্রান্তি৷ আমি যদি কাৰোবাক দয়ালু বুলি ভাবোঁ, তেনেহ’লে তেওঁৰ ভাল কামবোৰ লক্ষ্য কৰি দোষবোৰ আওকাণ কৰোঁ৷ মানুহৰ পৰিৱর্তন হয়৷ সময়ৰ লগে লগে ব্যক্তিৰ ব্যক্তিত্ব, বিশ্বাস আৰু আচৰণ সলনি হ’ব পাৰে৷ সফলতা–বিফলতা, পোৱা–নোপোৱাই মানুহক এনেদৰে সলনি কৰি দিব পাৰে যে ঘনিষ্ঠ বন্ধুকো আচৰিত কৰি দিয়ে৷ সকলো মানুহৰে কিছুমান ব্যক্তিগত কথা থাকে৷ মানুহে গোপনীয়তা বিচাৰে৷ লজ্জাজনক স্মৃতি, ভয় বা সপোন যিয়েই নহওক, সকলোৱে কিছুমান কথা ব্যক্তিগতভাৱে ৰাখে৷ এই লুকাই থকা কথাবোৰে মানুহজনক গঢ় দিয়ে, কিন্তু সেই কথাবোৰ কোনেও নাজানে৷ তদুপৰি আছে সামাজিক ভূমিকাৰ কথা৷ পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰি মানুহে বেলেগ বেলেগ ধৰণে কাম কৰে৷ কর্মক্ষেত্রত কঠোৰ ব্যক্তি এজন ঘৰত অতি মৰমিয়াল পিতৃ বা মাতৃ হ’ব পাৰে৷ কেতিয়াবা আকৌ নিজৰ চিন্তা–ধাৰণা ব্যক্ত কৰিলেও ভুল বুজাবুজি হ’ব পাৰে৷ সাংস্কৃতিক পার্থক্য, আৱেগ, অনুমানে আমাৰ বিচাৰক প্রভাৱিত কৰি কাৰোবাৰ প্রতি থকা আমাৰ ধাৰণাক বিকৃত কৰিব পাৰে৷ আন এটা গুৰুত্বপূর্ণ কাৰণ হ’ল– উদ্দেশ্য প্রায়ে লুকাই থাকে৷ মানুহৰ মনত লুকাই থকা প্রকৃত উদ্দেশ্য কোনেও গম নাপায়৷ মুছ’লিনী ইটালীক শক্তিশালী কৰাৰ প্রতিশ্রুতিৰে ক্ষমতালৈ আহিছিল৷ কিন্তু তেওঁৰ গোপন উদ্দেশ্য আছিল একনায়কত্ববাদ প্রতিষ্ঠা কৰা৷

অর্থাৎ মানুহৰ ৰাজহুৱা আৰু ব্যক্তিগত ৰূপ বেলেগ, অনেকৰে ক্ষেত্রত৷ কাৰণ, ৰাজহুৱা ভাবমূর্তি প্রায়ে সযতনে সৃষ্টি কৰা হয়৷ মেৰিলিন মনৰ’৷ নিখুঁত চিনেমা তাৰকা৷ সমগ্র পৃথিৱীৰ চকুত আত্মবিশ্বাসী আৰু গ্লেমাৰাজ৷ কিন্তু ভিতৰি ভিতৰি ভুগিছিল হতাশাত, নিৰাপত্তাহীনতাত৷ ষ্টিভ জবছক প্রযুক্তি সলনি কৰি দিয়া মানুহ হিচাপে সকলোৱে শ্রদ্ধা কৰে৷ তেওঁৰ ৰাজহুৱা ভাবমূর্তি হ’ল এজন দূৰদর্শী, আত্মবিশ্বাসী, প্রতিভাশালী ব্যক্তি৷ পাছত গম পোৱা গৈছে যে তেওঁৰ আৱেগৰ ওপৰত কোনো নিয়ন্ত্রণ নাছিল৷

গতিকে, আমি কেতিয়াবা এজন মানুহক সঁচাকৈয়ে চিনি পাব পাৰিমনে? উত্তৰটো হ’ল : সম্পূর্ণৰূপে নহয়, কিন্তু আমি ওচৰ চাপিব পাৰোঁ৷ বিশ্বাস গঢ়ি তোলা আৰু কাৰোবাৰ লগত সময় কটোৱাটোৱে তেওঁলোকৰ ব্যক্তিত্বৰ তৰপবোৰ খোলাত সহায় কৰে৷ অকৃত্রিম কথা–বতৰা, অভিজ্ঞতাৰ বর্ণনা আৰু ভাগ–বতৰা, লগতে বিভিন্ন পৰিস্থিতিত কোনে কেনেকৈ কাম কৰে পর্যবেক্ষণ কৰিলে তেওঁৰ প্রকৃত স্বৰূপ অধিক উন্মোচিত হয়৷ সেই কাৰণেই বছৰ বছৰ ধৰি একেলগে থকাৰ পাছতো এজন সংগী বা বন্ধুৱে আপোনাক হতবাক কৰি দিয়া গোপন কথা প্রকাশ কৰি দিব পাৰে৷ ইয়াৰ মানে এইটো নহয় যে এই সম্পর্কটো টুলুঙা৷ ইয়াৰ অর্থ হ’ল মানুহ গভীৰ আৰু সদা পৰিৱর্তনশীল৷

তেনেহ’লে কাৰোবাক কেনেকৈ চিনি পাম? মনোবিজ্ঞানে অৱশ্যে কিছুমান উপায় দিছে৷ মানুহজনৰ কথাবোৰ ভালদৰে শুনক৷ তেওঁৰ কথাবোৰত মনোযোগ দিয়ক৷ ধৈর্য ধৰক৷ সময়ৰ লগে লগে মানুহে নিজকে প্রকাশ কৰি দিয়ে৷ সময়ত তেওঁ নিজেই দেখুৱাই দিব আপোনাৰ প্রতি তেওঁৰ চেনেহ–আদৰ নিভাজ নে তেওঁ কিবা বিচাৰি আহিছে৷ কথা নহয়, কামবোৰ চাওক৷ মানুহৰ আচৰণে সাধাৰণতে কথাতকৈ বেছি প্রকাশ কৰে৷ ৰহস্য গ্রহণ কৰিবলৈ শিকিব লাগিব৷ কাৰোবাৰ বিষয়ে যদি কিবা নাজানে, সেয়াও ঠিকেই আছে৷ তেওঁলোকৰ জটিলতাক সমাধান কৰিবলৈ চেষ্টা কৰাৰ পৰিৱর্তে গ্রহণ কৰি লওক৷ বৰঞ্চ নিজৰ বিষয়ে চিন্তা কৰক, নিজক বুজক৷ নিজক ভালদৰে জনাটোৱে আনক বুজিবলৈ সহায় কৰে৷ আপুনি যদি নিজৰ পক্ষপাতিত্ব বা লুকাই থকা অনুভৱ জানে, তেন্তে আপুনি আনক ভুল বিচাৰ কৰাৰ সম্ভাৱনা কম৷

এজন মানুহক সঁচাকৈয়ে চিনি পোৱাটো জীৱনৰ এটা ডাঙৰ প্রত্যাহ্বান৷ মানুহৰ মনবোৰ হেৰাই যোৱা প্রহেলিকাৰ দৰে৷ সম্পূর্ণ ছবিখন য’ত আমাৰ নিজৰেই নাই, আনে কি দেখা পাব৷ এনেস্থলত এজনে আনজনক বিচাৰি চোৱা আৰু বিচাৰি পোৱাতেই জীৱনৰ সংযোগ, জীৱনৰ মাদকতা৷

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like