নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে ৰাইজে নস্যাৎ কৰিছে কংগ্রেছক

সাক্ষাৎগ্রহণ: গুণজিৎ ভট্টাচার্য

বিধানসভা নির্বাচনত প্রত্যাশিত ধৰণে আপোনালোকে ফলাফল লাভ কৰিলে৷ এই ফলাফলৰ কৃতিত্ব আপুনি কাক দিব বিচাৰে? পুনৰ ক্ষমতালৈ অহাৰ আঁৰৰ কাৰণ কি বুলি ভাবে?
ঃ এইবাৰ নির্বাচনৰ ফলাফলৰ বাবে অসমবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ৷ এই ফলাফল নিশ্চিতভাৱে প্রত্যাশিত আছিল৷ আমি ৮০খনৰ ওপৰত আসন আশা কৰিছিলোঁ আৰু ৰাইজে আমাক ঠিক ওচৰাউচৰি আসনত জয়লাভ কৰালে৷ এই ফলাফলৰ কৃতিত্বৰ অধিকাৰী হ’ল অসমবাসী ৰাইজৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় নেতৃত্ব, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে দলৰ পৃষ্ঠাপ্রমুখ, বুথৰ কার্যকর্তা, শক্তি কেন্দ্রৰ আহ্বায়ক মণ্ডলৰ সদস্য আৰু বিষয়ববীয়া, জিলা সদস্য আৰু বিষয়ববীয়া, ৰাজ্যিক সদস্য বিষয়ববীয়া, সমূহ মর্চাৰ সদস্য আৰু বিষয়ববীয়া, সাংসদসকল আৰু দলৰ ৪২ লাখ কার্যকর্তা৷ এই জয়ৰ মূলতেই হ’ল আমাৰ দীর্ঘদিনীয়া ত্যাগ আৰু কষ্ট৷ প্রতিটো সমষ্টিতে আমাৰ কার্যকর্তাসকলে ২০১৯ চনৰ পৰা প্রায় প্রতিদিনে দলৰ সাংগঠনিক দিশ টনকিয়াল কৰাৰ লগতে ৰাজ্য চৰকাৰখনৰ উন্নয়নমূলক কামসমূহ আগুৱাই নিয়াৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ আমাৰ এই বিজয়ৰ মূলতেই হ’ল বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ বাবে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি, বিশেষকৈ দুখীয়া শ্রেণীৰ ৰাইজৰ বাবে গ্রহণ কৰা এলানি আঁচনিৰ বাবে এইবাৰ সকলো শ্রেণীৰ ৰাইজে বিজেপি আৰু মিত্র দলক আঁকোৱালি ল’লে৷ আমাৰ এই বিজয় কেতিয়াবাই সুনিশ্চিত হৈছিল৷ নির্বাচনৰ ভোটগণনা মাত্র আনুষ্ঠানিক আছিল৷ আমি জয়ী হোৱা প্রতিটো সমষ্টিতে বিজেপি প্রার্থীৰ জয়ৰ মাপকাঠী দেখিলে অনুমান কৰিব পাৰিব ৰাইজে এইবাৰ দলটোক কি ধৰণে আঁকোৱালি লৈছে৷

এইবাৰৰ নির্বাচন আছিল মিত্রজোঁট আৰু মহাজোঁটৰ মাজত৷ বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ বিৰোধী ঐক্যবদ্ধ হৈছিল৷ ইয়াৰ পিছতো বিজেপিয়ে পূর্বৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল৷ বিশেষকৈ উজনি অসমত বিজেপি অপ্রতিৰোধ্য হৈ থাকিল৷ ইয়াৰ কাৰণ কি?
ঃ চাওক, এইবাৰৰ নির্বাচনত দুটা দিশ স্পষ্ট হৈ আছিল৷ এফালে আছিল খিলঞ্জীয়া তথা স্বাভিমানী অসমীয়া–ভাৰতীয় আৰু আন দিশত আছিল সাম্প্রদায়িক শক্তি আৰু তুষ্টিকৰণৰ ৰাজনীতি৷ ভোটাৰ ৰাইজে এইবাৰ সেয়েহে খিলঞ্জীয়াৰ পক্ষত থিয় দিয়া বিজেপি আৰু মিত্র দলক আদৰি লৈছে৷ আপুনি লক্ষ্য কৰিব উজনিত এইবাৰ আমি প্রতিগৰাকী খিলঞ্জীয়া লোকৰ ভোট পাবলৈ সক্ষম হৈছোঁ৷ খিলঞ্জীয়া মুছলমানেও এইবাৰ আমাক আদৰি লৈছে৷ ইয়াৰ বিপৰীতে কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰাৰ বাবে উজনি অসমৰ লগতে মধ্য অসম আৰু উত্তৰ অসমতো দলটোক সম্পূর্ণৰূপে নস্যাৎ কৰিছে ভোটাৰ ৰাইজে৷ এইবাৰৰ নির্বাচন আছিল সভ্যতা–সংস্কৃতিৰ যুঁজ৷ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্রত কোন দল সফল হ’ব সেই দিশটো বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল ভোটাৰ৷ উজনিত যদি আমি দুই–চাৰিখন আসন হেৰুৱাইছোঁ সেই পৰাজয়ৰ পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখিব যথেষ্ট কমসংখ্যক ভোটত আমি আসনখন হেৰুৱাইছোঁ৷ দৰাচলতে কংগ্রেছে তুষ্টিকৰণৰ ৰাজনীতিৰ আশ্রয় লৈ অসমবাসী ৰাইজক কিছু কথাৰে প্রলোভিত কৰিবলৈ চেষ্টা কৰিছিল৷ তেওঁলোকৰ তুষ্টিকৰণৰ ৰাজনীতি নামনি অসমৰ কিছু সমষ্টিত সফল হৈছে যদিও খিলঞ্জীয়া তথা স্বাভিমানী অসমীয়াই ইয়াক সম্পূর্ণৰূপে নস্যাৎ কৰিছে৷ কেৱল ক্ষমতা দখলৰ লক্ষ্যৰে কংগ্রেছে এইবাৰ এ আই ইউ ডি এফৰ সৈতে যি মিত্রতা কৰিলে এই মিত্রতাক যে অসমবাসী ৰাইজে কোনো কাৰণতে গ্রহণ নকৰে সেয়া কেতিয়াবাই স্পষ্ট হৈছিল৷ উজনি অসমেই নহয়, অসমৰ প্রতিটো সমষ্টিতে ইয়াৰ কিছু হ’লেও নেতিবাচক ফল কংগ্রেছে পাইছে৷ কিন্তু নামনিৰ বহু সমষ্টিত তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে এক বিশেষ সম্প্রদায়ক লৈ কংগ্রেছে আৰম্ভ কৰা ৰাজনীতিয়ে অসমৰ ভৱিষ্যতত যথেষ্ট বিৰূপ প্রভাৱ যে পেলাব এয়া নিশ্চিত হৈছে৷ দ্বিতীয়তে আন এটা কথা হ’ল এইবাৰ আঞ্চলিকতাবাদৰ নেতৃত্ব বহন কৰা অগপ দলে ৰাষ্ট্রীয়তাবাদৰ লগত থাকি আঞ্চলিকতাবাদক আগুৱাই নিয়াৰ বাবে এইবাৰ সফলতা লাভ কৰিছে৷ অসমৰ মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্রত বিজেপিয়ে যি আঞ্চলিকতাবাদৰ পৰিচয় দিছে সেয়াও এক সফলতাৰ কাৰণ৷ তদুপৰি বিটিচি এলেকাৰ এইবাৰ বড়ো–নাবড়োৰ মাজত দীর্ঘসময় ধৰি চলি অহা সংঘাত দূৰ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত স্বাক্ষৰ হোৱা বি টি আৰ চুক্তিয়ে এইবাৰ নির্বাচনত এক বিশেষ প্রভাৱ পেলাইছে৷ বিগত সময়ছোৱাত বিটিচি এলেকাত বি পি এফে চলাই অহা শাসনক লৈ প্রতিষ্ঠা হোৱা বড়োৰ লগতে অবড়ো লোকসকলেও এক পৰিৱর্তন বিচাৰি আছে৷ সেই পৰিৱর্তনৰ ৰূপৰেখা বি টি আৰ চুক্তিৰ জৰিয়তে প্রত্যক্ষ কৰি বিটিচিৰ ৰাইজেও ইউ পি পি এল আৰু বিজেপিক আদৰি লৈছে৷

উজনি অসমত মিত্রজোঁটে সাফল্য লাভ কৰাৰ বিপৰীতে নামনি অসমত মিত্রজোঁটক অস্তিত্বহীন কৰিলে মহাজোঁটে৷ ২০১৬ চনৰ নির্বাচনত নামনি অসমত কেইবাখনো আসনত সবল প্রত্যাহ্বান দাঙি ধৰা বিজেপিয়ে পূর্বে দখলত থকা আসনো এইবাৰ হেৰুৱাব লগা হ’ল৷ ইয়াৰ কাৰণ কি বুলি ভাবে?
ঃ মই আগতে উল্লেখ কৰিছোঁ৷ এইবাৰ নির্বাচনত খিলঞ্জীয়া আৰু স্বাভিমানী অসমীয়া এটা পক্ষত থিয় দিয়াৰ বিপৰীতে আন পক্ষত তুষ্টিকৰণ আৰু সাম্প্রদায়িকতা শক্তি থিয় দিছে৷ আপুনি অনুমান কৰক, নামনি অসমৰ নির্বাচনী ফলাফলে কোনটো দিশ দাঙি ধৰিছে৷ এইবাৰ নির্বাচনে স্পষ্টকৈ দেখুৱাই দিছে যে নামনি অসমৰ ভৱিষ্যৎ যে যথেষ্ট সংকটৰ ফালে আগবাঢ়িছে৷ বৰপেটা, ধুবুৰী, গোৱালপাৰা এই জিলাকেইখনত খিলঞ্জীয়া ৰাইজ বিশেষকৈ খিলঞ্জীয়া মুছলমানসকল এতিয়াও মিত্রজোঁটৰ পক্ষত৷ বিগত নির্বাচনত বিজেপিয়ে এই খিলঞ্জীয়া লোকসকলৰ সমর্থনতেই গোলকগঞ্জ, বিলাসীপাৰা পূব, বৰপেটা সদৰ আদি সমষ্টি দখল কৰিবলৈ সক্ষম হৈছে৷

নতুনকৈ গঠন হ’বলগীয়া মিত্রজোঁটৰ চৰকাৰখনৰ ওচৰত বৃহৎ প্রত্যাহ্বান থিয় দি আছে৷ বিগত কার্যকালত অসমৰ মৌলিক সমস্যাসমূহৰ লগতে এন আৰ চি, সমষ্টি পুনৰ নির্ধাৰণ, ৬নং দফা কার্যকৰীকৰণ আদিকে কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টো যথেষ্ট চর্চিত হৈ থাকিল৷ এইবাৰ এই দিশত নতুন চৰকাৰখনে কি ধৰণে আগবাঢ়িব?
ঃ নতুন চৰকাৰখনে কার্যভাৰ লোৱাৰ পিছত নিশ্চিতভাৱে পর্বতসম কামৰ বোজা আহি পৰিব৷ নতুন চৰকাৰে কি ধৰণে এই বিষয়বোৰ আগুৱাই নিয়ে সেয়া নির্ভৰ কৰিব চৰকাৰক নেতৃত্ব দিয়া মুখ্যমন্ত্রীৰ ওপৰত৷ কিন্তু এটা কথা ঠিক যে অসমৰ মৌলিক সমস্যাসমূহৰ লগতে আপুনি উল্লেখ কৰা খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টোৰ ক্ষেত্রত এই চৰকাৰখনে নিশ্চিতভাৱে কিছু পদক্ষেপ গ্রহণ কৰিব৷ দলৰ সভাপতিৰূপে তথা নির্বাচনত আমি ৰাইজক দি অহা প্রতিশ্রুতি অনুসৰি কাম কৰিব নতুন চৰকাৰে৷ চৰকাৰ গঠনৰ পিছতেই আমাৰ মূল কাম হ’ব ক’ভিড প্রতিৰোধ কৰা৷ ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা ক’ভিডক প্রতিৰোধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে চৰকাৰখনে কাম কৰি আছে যদিও কিছু সিদ্ধান্ত গ্রহণৰ সমস্যা আছিল৷ কিন্তু নতুন চৰকাৰখনে এই দিশত সিদ্ধান্ত গ্রহণ কৰিব৷ একেদৰে এখন শুদ্ধ এন আৰ চি অসমবাসীৰ হাতত তুলি দিয়াৰ দিশতো নতুন চৰকাৰে নিশ্চিতভাৱে পদক্ষেপ গ্রহণ কৰিব৷ সমান্তৰালভাৱে ৰাজ্যৰ ১৭টা সমষ্টিত খিলঞ্জীয়াই যি ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাইছে সেই দিশত নতুন চৰকাৰখনে নিশ্চিতভাৱে কিছু পদক্ষেপ গ্রহণ কৰিব৷ আনহাতে, আমাৰ ৰাজ্যৰ যি প্রচুৰ খাদ্যভাণ্ডাৰ আছে তথা শস্য উৎপাদন হয় তাক ৰপ্তানিৰ ক্ষেত্রত নতুন চৰকাৰখনে এলানি নীতি তথা কার্যকৰী পদক্ষেপ গ্রহণৰ দিশতো কাম কৰিব৷ আপোনাক মই কিছু আভাসহে দিলোঁ৷ আমাৰ হাতত কৰিব লগা অলেখ কাম আছে৷

You might also like