নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ সৰ্ববৃহৎ নদী হোৱা স্বত্তেও আমাজন নদীৰ ওপৰত নাই এখনো দলং, কিন্তু কিয়?

 আমাজন নদী হ’ল পৃথিৱীৰ সবাতোকৈ বৃহৎ নদী। দ্বিতীয় দীর্ঘতম নদী। বিশ্বৰ যিকোনো নদীতকৈ এইখন নদীৰ পানী বেছি মিঠা। কেৱল সেয়াই নহয়, বৃহত্তম প্রজাতিৰ নদী ডলফিন আছে এইখন আমাজনৰ বুকুতেই। এখন নদীতে ইমান বৈচিত্র্যতা থকা সত্ত্বেও নদীখনত কিবা এটা নাই। কি নাই জানেনে?

বৃহৎ নদীখনৰ ওপৰত কোনো দলং নাই আজিলৈ। আমাজনে তিনিখন দেশৰ মাজেৰে বৈ গৈছে। ব্রাজিল, পেৰু আৰু কলম্বিয়া। এই নদীৰ অববাহিকা অঞ্চলত ৩ কোটি মানুহে বসবাস কৰে। কিয় অত মানুহৰ বসতি থকাৰ পাছতো এই নদীৰ ওপৰত কোনো সেতু নাই? বিস্তৃত জলভূমি তথা বৰ্ষাৰণ্য থকাৰ কাৰণে পৰিকাঠামো গঢ়া সম্ভৱ নহয় নে চেষ্টাই কৰা হোৱা নাই নেকি?

৬ হাজাৰ ৯০০ কিলোমিটাৰ দীর্ঘৰ এই নদীখনৰ বেছিভাগ অববাহিকাতেই কম ঘন বসতিৰ এলেকা। সেয়ে কোনো সেতুৰ সৈতে যোগাযোগ কৰাৰ বাবে কোনো ডাঙৰ ৰাস্তা নাই। নদীৰ অববাহিকাত যিসকল মানুহে বসবাস কৰে, তেওঁলোকে যাতায়াতৰ বাবে মূলতঃ নাঁও ব্যৱহাৰ কৰে। সেয়ে সেতু নির্মাণৰ তাগিদ কম। ছুইচ ফেডাৰেল ইনষ্টিটিউট অৱ টেকনলজি (ইটিএইচ) জুৰিখৰ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ ৱাল্টাৰ কাফমেনৰ মতে, আমাজনৰ ওপৰত সেতু নির্মাণৰ ক্ষেত্রত প্রযুক্তিগত অসুবিধাও আছে।

বিস্তৃত এলেকাৰ বেছিভাগ ঠাইতেই মাটি নৰম। সেতুৰ দৰে পৰিকাঠামো গঢ়াৰ বাবে উপযুক্ত নহয়। সমান্তৰালকৈ ইয়াত সেতু নিৰ্মাণৰ ক্ষেত্রত প্রচুৰ আর্থিক বিনিয়োগৰ প্রয়োজন। ইয়াৰ উপৰিও গোটেই বছৰ ধৰি নদীৰ জলস্তৰ বৃদ্ধি আৰু হ্রাস হয়। কাফমেনৰ মতে এনে পৰিৱেশত সেতু নির্মাণ খুবেই কঠিন কাম।

বিকল্প হিচাপে ভাসমান কাঠামোৰে সেতু নিৰ্মাণ কৰিব নোৱাৰি নেকি? ঋতুগত বৈচিত্র্যৰ বাবে এই নদীৰ জলস্তৰৰ উঠা-নমা হৈয়ে থাকে। সেয়ে অসুবিধাজনক। আমাজনৰ ওপৰত সেতু নাথাকিলেও উপনদী নিগ্রোৰ ওপৰত সেতু আছে। সেতুখনৰ নাম পন্টে ৰিঅ’ নিগ্রো। সেতুখন ২০১১ চনত তৈয়াৰ হৈছিল। আমাজন নদীৰ ওপৰত এতিয়াও কোনো সেতু নিৰ্মাণৰ পৰিকল্পনা নাই ঠিকেই কিন্তু ভৱিষ্যতে হব নে নাই সেয়াও ক’ব নোৱাৰি।

You might also like