নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুইজানত আছুৰ শ্বহীদ ভৱন শুভ উদ্বোধন আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী:  আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাইৰ উপস্থিতিত গুইজান বজাৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত গুইজান শাখা ছাত্ৰ সন্থাৰ এটি নৱনিৰ্মীত কায্যালয় শ্বহীদ ভৱনৰ শুভ উদ্বোধন কৰে ৷ উক্ত অনুষ্ঠানলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিহু, ঝুমুৰ, মিছিং বিহুকে আদি কৰি বৃহৎ সংখ্যক স্থানীয় ৰাইজৰ স’তে আছুৰ কৰ্মকৰ্তাসকলে গুইজানলৈ উষ্ম আদৰণি জনায় ৷ পৰৱৰ্তী সময়ত গুইজান শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্য বৰগোহাঁই আঁত ধৰা অনুষ্ঠানটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি পুষ্পাঞ্জলীৰে শ্বহীদগৰাকীক সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে ফিটা কাটি শ্বহীদ ভৱনটি শুভ উদ্বোধন কৰে ৷ বৰুৱাই ভৱনটি ফিটা কাটি উদ্বোধন কৰাৰ পাছতে উপস্থিত আইসকলে দিয়া উৰুলিৰে এক মাংগলিক পৰিবেশৰ সৃষ্টি কৰি তোলে ৷
উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ স’তে জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, শিক্ষক সুশীল বৰুৱাকে আদি কৰি গুইজানৰ কেইবাগৰাকীও শিক্ষকৰ লগতে গণ্যমান্য ব্যক্তি তথা জিলা, আঞ্চলিক আৰু শাখা পয্যায়ৰ আছুৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ শ্বহীদ ভৱনটি উদ্বোধন কৰাৰ পাছতে এখন উদ্বোধনী সভাও আয়োজন কৰে আৰু সভাখনত এটি স্থানীয় আইসকলৰ এটি দিহা নামেৰে আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গুইজান শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন ফুলাম গামোছা, এখন চেলেং, এখন শৰাইৰ লগতে এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ কেইবাগৰাকীও স্থানীয় গণ্যমান্য ব্যক্তি তথা ৰাইজৰ উপস্থিতিৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, গুইজান শাখা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত এখন শক্তিশালী শাখা ছাত্ৰ সন্থা ৷ গুইজান শাখা ছাত্ৰ সন্থাই গুইজানৰ বিভিন্ন সমস্যাত ৰাইজৰ স’তে মাত মাতি আহিছে ৷ এতিয়াৰ পৰা এইখন চালিৰ তলতে সকলো একত্ৰিত হৈ পৰিকল্পনা প্ৰস্তুত কৰিব ৷ এয়া কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ কায্যালয় নহয়, এয়া গুইজানৰ প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তি, সমাজৰ সকে কাম কৰিব বিচৰা লোকৰ কায্যালয়। গুইজানৰ গড়াখহনীয়াৰ সমস্যা, শৈক্ষিক সমস্যাকে আদি কৰি সকলো সমস্যাৰ ক্ষেত্ৰত গুইজান শাখা ছাত্ৰ সন্থাই এই কায্যালয়ত একত্ৰিত হৈ মাত মাতি যাব ৷ লগতে ছাত্ৰছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰো মুকলি কৰাৰ কথা ইতিমধ্যে চিন্তা কৰিছে গুইজান শাখা ছাত্ৰ সন্থাই ৷ আনহাতে, গুইজান শাখা ছাত্ৰ সন্থাৰ কায্যালয়টো শুভ উদ্বোধন কৰিবলৈ উপস্থিত হোৱাৰ কাৰণে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে গুইজানৰ সমূহ ৰাইজক সহায়সহযোগিতা আগবঢ়োৱাৰ কাৰণে উপদেষ্টা সত্য বৰগোহাঁই ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰেৰক:- বিবেক বড়া

You might also like