নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰোৰ আন এক সফলতা: আটাইতকৈ সৰু ৰকেট SSLV-D2 ৰ সফল উৎক্ষেপণ

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: শুকুৰবাৰে পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইয়াৰ সৰু ৰকেট SSLV-D2 উৎক্ষেপন কৰে। ইছৰোৰ মুৰব্বী এছ সোমনাথে উপগ্ৰহ নিৰ্মাণ কৰাৰ লগতে সফল উৎক্ষেপণৰ পিছত সংস্থাটোৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

ইছৰ’ৰ মুৰব্বীগৰাকীয়ে কয়, ‘আমি এছএছএলভি-ডি১ত সন্মুখীন হোৱা সমস্যাসমূহ বিশ্লেষণ কৰিলোঁ আৰু তাৰ পিছত প্ৰয়োজনীয় সংশাধন কৰিলোঁ। এইবাৰ সেইবোৰ অতি দ্ৰুত গতিত কাৰ্যকৰী কৰি উৎক্ষেপণ সফল কৰি তোলা হ’ল।’

ইয়াৰ পূৰ্বে ইছৰ’ই জনাইছিল যে এই নতুন ৰকেটটোৱে ১৫ মিনিটৰ ভিতৰত তিনিটা উপগ্ৰহ – ইছৰোৰ EOS-07, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান Antaris ‘Janus-1 আৰু চেন্নাইস্থিত মহাকাশ ষ্টাৰ্টআপ SpaceKidz’s AzaadiSAT-2 ক ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃত্তাকাৰ কক্ষপথলৈ ইনষ্টল কৰিবলৈ চেষ্টা কৰিব।

You might also like