নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত অংশ ল’বলৈ সাজু আছে ভাৰত

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণে আগন্তুক টকি’ অলিম্পিকলৈ বৃহৎ ভাবুকি কঢ়িয়াই আনিছে৷ ২৪ জুলাইৰ পৰা জাপানৰ ৰাজধানী টকিঅ’ত আৰম্ভ হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখন পিছুৱাই দিবলৈ বিভিন্ন স্তৰৰ লোকে পৰামর্শ আগবঢ়ালেও এই পর্যন্ত নিজৰ স্থিতিত অটল আছে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু টকিঅ’ অলিম্পিকৰ উদ্যোক্তা কমিটী৷

জুলাই–আগষ্টলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণলৈ আহিব আৰু সময় মতে অলিম্পিক আৰম্ভ হ’ব বুলি তেওঁলোক এতিয়াও আত্মবিশ্বাসী৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু স্থানীয় উদ্যোক্তা কমিটীৰ সুৰত সুৰ মিলাই ভাৰতীয় অলিম্পিক সন্থায়ো কালি আশা ব্যক্ত কৰিছে যে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ নির্ধাৰিত সময় অনুসৰি আৰম্ভ হ’ব আৰু ভাৰতে প্রতিযোগিতাখনত পূর্ণ শক্তিৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ‘ক’ৰোনা ভাইৰাছে সম্প্রতি বিশ্বত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কিন্তু আমি আশা কৰিছোঁ যে এক বা দুমাহৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হ’ব৷ ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র চীনত ইতিমধ্যে এই ৰোগ নিয়ন্ত্রিত হৈছে৷ আমি আশা কৰিছোঁ যে কোনো বিঘিনি নঘটাকৈ অলিম্পিক সময় মতে আৰম্ভ হ’ব আৰু ভাৰতে নিশ্চিতভাৱে প্রতিযোগিতাখনত অংশ ল’ব৷ আই অ’ চিয়ে যিহেতু অলিম্পিক সময় মতে আয়োজিত কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে, গতিকে আমি তেওঁলোকৰ সিদ্ধান্ত পালন কৰিব লাগিব৷ তেওঁলোকে অলিম্পিক সময় মতে আৰম্ভ কৰিলে আমি সকলো ভয়–ভাবুকি নেওচি অংশগ্রহণ কৰিবলৈ সাজু আছোঁ৷’– ভাৰতীয় অলিম্পিক কমিটীৰ এগৰাকী শীর্ষ বিষয়ববীয়াই এইদৰে কয়৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছে প্রস্তুতিত ব্যাঘাত জন্মোৱাৰ কথা উল্লেখ কৰি বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ তাৰকাই অলিম্পিক প্রায় এবছৰলৈ স্থগিত ৰখা উচিত বুলি উল্লেখ কৰিছে৷ কিন্তু আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে কালি অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত এই কথা স্পষ্ট কৰে যে তেওঁলোকে অলিম্পিক সময় মতে আয়োজন কৰিবলৈ আগ্রহী৷ কিয়নো, এই মুহূর্তত পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ তেওঁলোকে কোনো সহজ সমাধান সূত্র লাভ কৰা নাই৷

You might also like