নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আই এ এ এফ”ৰ পৰিৱৰ্তে নতুন নাম বিশ্ব এথলেটিক্ছ

নিউজডেস্ক, ১৮ নৱেম্বৰঃ নাম সলনি হ’ল ইণ্টাৰ্নেশ্ব্যনেল এছ’চিয়েশ্বন অৱ এথলেটিক্ছ ফেডাৰেশ্বন চমুকৈ “আই এ এ এফ”-ৰ । এক বিবৃতিত প্ৰকাশিত তথ্য মতে আন্তৰ্জাতিক এছ’চিয়েশ্বন অৱ এথলেটিক্ছ ফেডাৰেশ্বন চমুকৈ “আই এ এ এফ”ক এতিয়াৰ পৰা বিশ্ব এথলেটিক্ছ নামেৰে জনা যাব । ইপিনে আন্তঃৰাষ্ট্ৰীয় খেল পৰিচালনা সমিতিয়ে তেওঁলোকৰ ৱেবচাইটতো প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা তেওঁলোকক বিশ্ব এথলেটিক্ছ নামেৰে জনা যাব । লগতে তেওঁলোকে প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা তেওঁলোকৰ সকলো এথলিটসকলৰ পাৰদৰ্শতা, খেলৰ সৈতে জড়িত সকলো বাতৰি, ঐতিহাসিক অভিলেখৰ বিষয়ে আৰু খেলাধূলাৰ নিয়মাৱলী সম্পৰ্কে তথ্য যোগোত কৰিব । ইয়াৰোপৰি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য তেওঁলোকে এই ৱেবচাইটত উপলব্ধ কৰাব ।

You might also like