নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ সূচীক লৈ উদ্বিগ্ন ফ্রেঞ্চাইজী

নিউজডেস্ক, ২২ ডিচেম্বৰঃ আগন্তুক বর্ষৰ আই পি এলৰ সম্ভাব্য সূচীক লৈ নিদ্রাহৰণ হৈছে অধিকাংশ ফ্রেঞ্চাইজীৰ৷

আই পি এলৰ আৰম্ভণিৰ সময়তে দুখনকৈ হাই প্রফাইল আন্তঃৰাষ্ট্রীয় শৃংখলাত অষ্ট্রেলিয়া–নিউজিলেণ্ড্ আৰু ইংলেণ্ড–শ্রীলংকাৰ খেলুৱৈসকল ব্যস্ত থকাক লৈ এইদৰে উদ্বিগ্ন হৈ পৰিছে ফ্রেঞ্চাইজীসমূহ৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সন্মুখত এটা আগশাৰীৰ ফ্রেঞ্চাইজীৰ উচ্চস্তৰীয় সূত্রই কয় যে বি চি চি আয়ে আই পি এলৰ ত্রয়োদশ সংস্কৰণ ২৮ মার্চৰ পৰা আৰম্ভ কৰিব বিচাৰিছে৷ কিন্তু উক্ত সময়ছোৱাত দুখনকৈ হাই প্রফাইল আন্তঃৰাষ্ট্রীয় শৃংখলা চলি থাকিব৷

অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডে শৃংখলাৰ অন্তিমখন টি–২০, ২৯ মার্চত খেলাৰ বিপৰীতে ইংলেণ্ড–শ্রীলংকাৰ দ্বিতীয়খন টেষ্ট ৩১ মার্চত সামৰণি পৰিব৷

এনে পৰিস্থিতিত আই পি এলৰ আৰম্ভণিৰ সপ্তাহটোত অষ্ট্রেলিয়া–নিউজিলেণ্ড্, ইংলেণ্ড–শ্রীলংকাৰ খেলুৱৈসকল উপস্থিত থাকিব নোৱাৰিব৷

আন্তঃৰাষ্ট্রীয় তাৰকাসকলৰ উপস্থিতি অবিহনে ঐশ্বর্যশালী টি–২০ লীগখনৰ আকর্ষণ হ্রাস পাব৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি আই পি এলৰ গৱর্নিং কাউন্সিলে প্রতিযোগিতাৰ সূচী নির্ধাৰণত সতর্কতা অৱলম্বন কৰা উচিত বুলি ফ্রেঞ্চাইজীসমূহে দাবী জনাইছে৷

You might also like