আজি ইংলেণ্ডলৈ উৰা মাৰিব পাকিস্তান
নিয়মীয়া বার্তা, ২৮ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত ১০গৰাকী খেলুৱৈ অবিহনে ইংলেণ্ডলৈ উৰা মাৰিব পাকিস্তানৰ ২০জনীয়া এটি দল৷ পাকিস্তান ক্রিকেট ব’ডৰ মুৰব্বী ৱাছিম খানে এই কথা সদৰী কৰে৷ তেওঁ কয় যে তিনিটাকৈ ক’ৰোনা টেষ্ট সম্পন্ন হোৱাৰ পিছত নিগেটিভ ফলাফল অহা ২০গৰাকী খেলুৱৈয়ে ইংলেণ্ড ভ্রমণৰ অনুমতি লাভ কৰিছে৷ অৱশিষ্ট খেলুৱৈকেইগৰাকীৰ ক’ৰোনা টেষ্ট পৰৱর্তী সময়ত নিগেটিভ আহিলে তেওঁলোকক দ্বিতীয়টো গ্রুপত ইংলেণ্ডলৈ প্রেৰণ কৰা হ’ব৷
প্রথম পর্যায়ত ইংলেণ্ডলৈ উৰা মাৰিবলগীয়া দলটো হ’ল– আজহাৰ আলী (অধিনায়ক), বাবৰ আজম, আবিদ আলী, আছাদ ছফিক, ফাহিম আশ্রাফ, ফাৱাদ আলম, ইফতিকাৰ আহমেদ, ইমাদ ৱাছিম, ইমামুল হক, খুছডিল শ্বাহ, মহম্মদ আব্বাছ, মুছা খান, নাছিম শ্বাহ, ৰহাইল নাজিৰ, ছৰফৰাজ আহমেদ, ছাহিন শ্বাহ আফ্রিদী, ছান মাছুদ, ছোহাইল খান, ওছমান ছিনৱাৰী আৰু য়াছিৰ শ্বাহ৷ এই দলটো ইংলেণ্ডত উপস্থিত হোৱাৰ পিছত ১৪ দিনৰ আইছ’লেচনত থাকিব লাগিব৷
ইয়াৰ পিছতহে তেওঁলোকে প্রথম টেষ্টৰ বাবে অনুশীলন আৰম্ভ কৰাৰ সুযোগ পাব৷ উল্লেখ্য যে পাকিস্তান আৰু ইংলেণ্ডে অহা আগষ্টত তিনিখন টেষ্ট আৰু তিনিখন টি–২০ মেচৰ শৃংখলাত অৱতীর্ণ হ’ব৷ ইফালে, দ্বিতীয়বাৰৰ বাবে ক’ৰোনা টেষ্ট পজিটিভ হোৱাৰ বাবে ভ্রমণৰ অনুমতি লাভ নকৰা খেলুৱৈসকল ঃ ছাদাব খান, হৰিশ্ব ৰৌফ, হায়দৰ আলী, ফকৰ জামান, মহম্মদ ৰিজৱান, ৱাহাব ৰিয়াজ, ইমৰান খান, মহম্মদ হাফিজ, মহম্মদ হাছনাইন আৰু কাছিফ ভাটি৷