নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেটত স্বজন–প্রীতিৰ স্থান নাই

নিয়মীয়া বার্তা, ২৮ জুনঃ ভাৰতীয় ক্রিকেটত স্বজন–প্রীতিৰ কোনো স্থান নাই৷ ছিনিয়ৰ দলত স্থান লাভ কৰিবলৈ খেলুৱৈ এগৰাকীয়ে ঘৰুৱা ক্রিকেটত উন্নত প্রদর্শন দাঙি ধৰাটো বাঞ্ছনীয়৷ কাৰোবাৰ বন্ধুৰ পুত্র অথবা কাৰোবাৰ ভতিজা বুলি খেলুৱৈ এগৰাকীক ভাৰতীয় দলত স্থান দিয়া নহয়৷– এই মন্তব্য আগবঢ়াইছে ভাৰতৰ একালৰ টেষ্ট অ’পেনাৰ আকাশ চোপ্রাই৷ বর্তমানৰ জনপ্রিয় ধাৰাভাষ্যকাৰগৰাকীয়ে তেওঁৰ জনপ্রিয় ইউটিউব অনুষ্ঠান আকাশবাণীত কয় যে ভাৰতীয় ক্রিকেটত স্বজন–প্রীতিৰ স্থান থাকিলে ৰোহন গাভাস্কাৰে নিয়মীয়াকৈ টীম ইণ্ডিয়াৰ হৈ খেলাৰ সুযোগ পালেহেঁতেন আৰু অর্জুন তেণ্ডুলকাৰক ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দললৈ বাছনি কৰা হ’লহেঁতেন৷ উল্লেখ্য যে কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰৰ পুত্র ৰোহন গাভাস্কাৰে ভাৰতৰ হৈ মাত্র ১১খন এদিনীয়া খেলাৰ সুযোগ পাইছিল৷ এদিনীয়াত ১৫১ ৰান সংগ্রহ কৰা খেলুৱৈগৰাকীয়ে ১১৭খন প্রথম শ্রেণীৰ মেচত ৬,৯৩৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ ইফালে, ক্রিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ পুত্র অর্জুন তেণ্ডুলকাৰেও জুনিয়ৰ ক্রিকেটত উন্নত প্রদর্শন দাঙি ধৰি আছে যদিও ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলৰ হৈ খেলাৰ সুযোগ পোৱা নাই।

You might also like