আত্মহত্যাৰ কথা চিন্তা কৰিছিল মহম্মদ ছামিয়ে
নিয়মীয়া বাৰ্তা, ৪ মে’ : ছুইং আৰু গতিৰে বিশ্বৰ আগশাৰীৰ বেটছমেনক শ’লঠেকত পেলোৱা তাৰকা বেগী বলাৰ মহম্মদ ছামি ব্যক্তিগত জীৱনত অনেক জটিলতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত এটা সময়ত তেওঁ আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বনৰ কথাও চিন্তা কৰিছিল৷ ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য তথা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেগী বলাৰগৰাকীয়ে ৰোহিত শর্মাৰ সৈতে এক ইনষ্টাগ্রাম লাইভ অনুষ্ঠানত জীৱনৰ এই অন্ধকাৰ সময়ৰ কথা স্মৰণ কৰে৷ ‘২০১৫ৰ বিশ্বকাপত মই আঘাতৰ সন্মুখীন হৈছিলোঁ৷ তাৰ পিছত পুনৰ সুস্থ হৈ উঠিবলৈ মোক প্রায় ১৮ মাহৰ প্রয়োজন হৈছিল৷ এইখিনি সময় মোৰ জীৱনৰ বাবে আছিল অন্যতম যন্ত্রণাদায়ক সময়৷ ইয়াৰ পিছত খেলপথাৰলৈ উভতিছিলোঁ যদিও পাৰিবাৰিক সমস্যাত জর্জৰিত হৈছিলোঁ ৷ এটা সময়ত মই আত্মহত্যাৰ কথাও চিন্তা কৰিবলগীয়া হৈছিল৷’ ছামিয়ে এইদৰে কয় ৷