নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত গ্রীষ্ম প্রবাহ; এসপ্তাহত ৫ কেজি ওজন কমিল ষ্ট’কছৰ

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ভাৰতৰ বিৰুদ্ধে আহমেদাবাদত খেলা চতুর্থ তথা অন্তিম টেষ্টৰ সময়ছোৱাত প্রচণ্ড গ্রীষ্ম প্রবাহে অতিষ্ঠ কৰিছিল ইংলেণ্ডৰ খেলুৱৈসকলক৷ আলহী দলটোৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে আজি এই কথা স্বীকাৰ কৰে৷ তেওঁ কয় যে আহমেদাবাদত ৪১ ডিগ্রী গ্রীষ্ম প্রবাহত খেলাটো ইংলেণ্ডৰ বাবে আছিল অত্যন্ত প্রত্যাহ্বানজনক৷ ‘অন্তিম টেষ্টত আমি জয়ৰ বাবে সংকল্পবদ্ধ আছিলোঁ আৰু প্রতিজন খেলুৱৈয়ে সেই অনুসৰি খেলপথাৰত নামিছিলোঁ৷ কিন্তু আমাৰ অধিকাংশ খেলুৱৈ প্রচণ্ড গ্রীষ্ম প্রবাহৰ বাবে দুর্বল হৈ পৰে৷ ব্যক্তিগতভাৱে মোৰ যোৱা এসপ্তাহত ৫ কেজি ওজন হ্রাস পাইছে৷ ঠিক একেদৰে, ডিম চিবলিৰ ৪ কেজি, জেমছ এণ্ডাৰছনৰ ৩ কেজি ওজন হ্রাস পোৱা দেখা গৈছে৷

ইফালে, জেক লিচে ফিল্ডিং কৰি থকাৰ মাজতে খেলপথাৰ ত্যাগ কৰি টয়লেটলৈ যাবলগীয়া হয়৷ অৱশ্যে পৰাজয়ৰ বাবে এয়া কোনো অজুহাত হ’ব নোৱাৰে৷ টীম ইণ্ডিয়াই যোগ্য দল হিচাপে শৃংখলাত বিজয় সাব্যস্ত কৰে৷’ বেন ষ্ট’কছে এইদৰে কয়৷ চতুর্থ টেষ্টত অর্ধশতক আৰু চাৰিটা উইকেট দখল কৰা তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ যুৱ উইকেটৰক্ষক ঋষভ পণ্টৰ চমকপ্রদ বেটিঙক ভূয়সী প্রশংসা কৰে৷

You might also like