নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান প্রিমিয়াৰ লীগত মহামাৰী ক’ৰোনাৰ এণ্ট্ৰী

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ আই পি এলত পুনৰ ক’ৰোনাই আতংকৰ সৃষ্টি কৰিছে৷ এইবাৰ দিল্লী কেপিটেলছ শিবিৰত চৰম আঘাত হানিছে ক’ভিডে৷ ক’ৰোনাত আক্রান্ত হৈছে দিল্লীৰ অষ্ট্রেলিয়ান অলৰাউণ্ডাৰ মিচেল মার্শ্ব৷ তেওঁক শীঘ্রে চিকিৎসালয়ত ভর্তি কৰোৱা হ’ব পাৰে৷ ফলত বুধবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লীয়ে খেলিবলগীয়া মেচখন অনিশ্চিত হৈ পৰিছে৷

উল্লেখ্য যে দলটোৰ ফিজি’ পেট্রিক ফাৰহার্টৰ পিছত দ্বিতীয়বাৰ আৰ টি পি চি আৰত মার্শ্ব ক’ৰোনাত আক্রান্ত হোৱা ধৰা পৰে৷ ফিজি’গৰাকী আক্রান্ত হোৱাৰ পিছত দলৰ সকলো সদস্যৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হয়৷ তাতেই মার্শ্বৰ পৰীক্ষাৰ ফল পজিটিভ হোৱাত দিল্লী শিবিৰত আতংক তীব্রতৰ হয়৷ নিশ্চিত হোৱাৰ বাবে দলৰ সদস্যসকলৰ আৰ টি পি চি আৰ পৰীক্ষাৰ সিদ্ধান্ত গ্রহণ কৰে দল মেনেজমেণ্টে৷ প্রথম আৰ টি পি চি আৰ পৰীক্ষাৰ পিছত সকলোৰে ফলাফল নিগেটিভ আহে যদিও দলটো পুনেলৈ যোৱাৰ পৰিকল্পনা বাতিল কৰা হয়৷ সাৱধানতা হিচাপে দলৰ খেলুৱৈসকলক হোটেলৰ ভিতৰত থাকিবলৈ নির্দেশ দিয়ে৷

ইয়াৰ পিছতে দ্বিতীয়বাৰ সকলোৰে আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়৷ এইবাৰ মার্শ্বৰ ফলাফল পজিটিভ অহাত তেওঁ ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত কৰে চিকিৎসকে৷ দলৰ সূত্রই সদৰী কৰামতে মার্শ্বৰ শৰীৰত ক’ৰোনাৰ কিছু উপসর্গ দেখিবলৈ পোৱা গৈছে৷ তেওঁৰ চিটি ভেল্যু ১৭৷ খেলুৱৈগৰাকীক সোনকালে চিকিৎসালয়ত ভর্তি কৰোৱা হ’ব পাৰে৷ দলৰ চিকিৎসক, ছ’চিয়েল মিডিয়াৰ এজন কর্মী আৰু দলৰ দায়িত্বত থকা তিনিজন হোটেল কর্মীও ক’ৰোনাত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ঋষভ পণ্ট বাহিনীক হোটেলৰ বাহিৰলৈ যোৱাৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছে৷ কাইলৈ তেওঁলোকৰ পুনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হ’ব৷ সেই পৰীক্ষাৰ ফলাফল প্রত্যক্ষ কৰি পৰৱর্তী সিদ্ধান্ত লোৱা হ’ব৷ এই পৰিস্থিতিত বুধবাৰে দিল্লী–পঞ্জাবৰ মেচখন অনুষ্ঠিত কৰাক লৈ প্রশ্ণৰ উদয় হৈছে৷ ইয়াৰ লগে লগে আই পি এলৰ পৰৱর্তী মেচসমূহক লৈও সৃষ্টি হৈছে প্রবল অনিশ্চয়তা৷

You might also like