নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাৰ কংগ্রেছ ত্যাগ

ৰাজ্যসভাৰ শেহতীয়া নির্বাচনত পৰাজিত প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি ৰিপুণ বৰাই দেওবাৰে কংগ্রেছ দলৰ প্রাথমিক সদস্যৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্রেছত যোগদান কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ নির্বাচনলৈ চাৰিদিন বাকী থকাৰ সময়ত ৰিপুণ বৰাৰ এনে সিদ্ধান্তই স্বাভাৱিকতে কংগ্রেছ দলটোত মোক্ষম আঘাত হানিলে৷ কংগ্রেছ দলৰ পৰা পদত্যাগ কৰি কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ প্রেৰণ কৰা দুই পৃষ্ঠাজোৰা পত্রত ৰিপুণ বৰাই উত্থাপন কৰিছে দলটোৰ নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ৷ ৰাজ্যসভাৰ শেহতীয়া নির্বাচনত এখন আসনত জয়লাভ কৰাৰ জোখাৰে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ৰাজনৈতিক দলসমূহৰ প্রয়োজনীয় শক্তি আছিল যদিও বিৰোধী পক্ষৰ ৭গৰাকী বিধায়কে ক্রছ ভোটিং কৰাৰ ফলত লজ্জাজনকভাৱে পৰাজিত হৈছিল ৰিপুণ বৰা৷ এনে পৰাজয়ৰ পাছতেই নতুন দিল্লীত বাহৰ পাতি থকা প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতিগৰাকীয়ে তৃণমূল কংগ্রেছত যোগদান কৰিব বুলি প্রচাৰ চলিছিল৷ কিন্তু এনে প্রচাৰৰ সত্যতা নাই বুলি স্বয়ং বৰাই ঘোষণা কৰিছিল৷ কিন্তু দেওবাৰে তেওঁ কংগ্রেছৰ স’তে প্রায় তিনি দশকজোৰা সম্পর্কৰ অৱসান ঘটাই কলকাতাস্থিত তৃণমূল কংগ্রেছৰ মুখ্য কার্যালয়ত যোগদান কৰে৷ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ প্রেৰণ কৰা পদত্যাগ–পত্রত বৰাই কেইবাটাও গুৰুতৰ অভিযোগ কৰিছে৷ ইয়াৰ ভিতৰত অন্যতম অভিযোগ হ’ল যে কংগ্রেছৰ একাংশ নেতাই বিজেপিৰ সৈতে গোপনে হলি–গলি কৰি আছে৷ বিগত প্রায় আঠ বছৰে ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ সন্মুখীন হোৱা কংগ্রেছ দলটোৰ পৰা বুজনসংখ্যক নেতা আঁতৰি গৈছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ আগ্রাসী ৰাজনীতিৰ যোগ্য প্রত্যুত্তৰ দিয়াৰ শক্তি হেৰুৱাইছে কংগ্রেছে৷ ফলত দলটোৰ তৃণমূল পর্যায়ৰ নিষ্ঠাৱান নেতা–কর্মীসকলেই নহয়, অধিকাংশ নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ হৈছে৷ কেইমাহমান পূর্বে নিখিল ভাৰত মহিলা কংগ্রেছ কমিটীৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰি প্রাক্তন সাংসদ সুস্মিতা দেৱে তৃণমূল কংগ্রেছত যোগদান কৰিছিল৷ কংগ্রেছৰ ৰাষ্ট্রীয় পর্যায়ৰ শীর্ষ পদত থকা সুস্মিতা দেৱৰ পদত্যাগক লৈও দেশজুৰি চর্চা চলিছিল৷ বৰাক উপত্যকাৰ ৰাজনীতিত বিশেষ প্রভাৱ আছে সুস্মিতা দেৱৰ৷ বৰাকৰ কংগ্রেছী ৰাজনীতিত প্রায় পাঁচ দশক ধৰি আধিপত্য বিস্তাৰ কৰা প্রয়াত সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে তৃণমূল কংগ্রেছত যোগদান কৰাৰ ফলত নিশ্চিতভাৱে বৰাক উপত্যকাত প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব কংগ্রেছ দলটো৷ বৰাক উপত্যকাত লোকসভাৰ এখন আসনৰ উপৰি বিধানসভাৰ ১৫টা সমষ্টি আছে৷ কিন্তু সন্তোষ মোহন দেৱৰ লেখীয়া তেওঁৰ কন্যা সুস্মিতা দেৱৰ ব্রহ্মপুত্র উপত্যকাৰ ৰাজনীতিত বিশেষ প্রভাৱ নাই৷ ৰিপুণ বৰাৰ কংগ্রেছ ত্যাগ আৰু তৃণমূল কংগ্রেছত যোগদানৰ ঘটনাই ব্রহ্মপুত্র উপত্যকাৰ ৰাজনীতিত প্রভাৱ পেলাবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে তৃণমূল কংগ্রেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দীর্ঘদিন ধৰি অসমৰ ৰাজনীতিত প্রৱেশ কৰাৰ পৰিকল্পনা চলাই আছিল যদিও এইক্ষেত্রত ৰাজ্যখনৰ যোগ্য নেতাৰ সন্ধান উলিয়াব পৰা নাছিল৷ চুবুৰীয়া ৰাজ্য হ’লেও পশ্চিমবংগৰ স’তে অসমৰ ৰাজনীতিৰ বিশেষ সাদৃশ্য নাই৷ পশ্চিমবংগৰ ৰাজনীতিক অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে কোনো দিনেই অনুসৰণ কৰা নাই৷ ফলত চুবুৰীয়া ৰাজ্যখনৰ ৰাজনৈতিক প্রভাৱ অসমত প্রতিফলিত নহয়৷
সুস্মিতা দেৱৰ পাছত ৰিপুণ বৰাৰ আগমনে তৃণমূল কংগ্রেছত কি প্রভাৱ পৰে, সেয়া এতিয়াই স্পষ্টভাৱে কোৱাটো কঠিন যদিও এনে ঘটনাই বিৰোধী কংগ্রেছ দলত নিশ্চিতভাৱে মোক্ষম আঘাত হানিব৷ দেওবাৰে তৃণমূল কংগ্রেছত ৰিপুণ বৰাই যোগদান কৰাৰ পূর্বে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই নিজকে অভিমন্যু বুলি কৈছে৷ অৱশ্যে আধুনিক চক্রবেহুৰ পৰা ওলাই যাবলৈ সক্ষম হ’ব বুলি প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে কৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ এনে বক্তব্যই এই কথাই প্রমাণ কৰে যে অভূতপূর্ব ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈছে কংগ্রেছ দলটো৷ বিগত প্রায় ১০ বছৰ ধৰি ৰাজ্যখনৰ প্রতিটো নির্বাচনতে বিপর্যয়ৰ সন্মুখীন হৈছে৷ লোকসভা নির্বাচনেই হওক, বিধানসভাৰ নির্বাচনেই হওক অথবা স্থানীয় নিকায়ৰ নির্বাচনেই হওক, কোনো এটাতে বিজয়ৰ সোৱাদ লাভ কৰা নাই দলটোৱে৷ ইয়াৰ বিপৰীতে নেতৃত্বকেন্দ্রিক অন্তর্কন্দলে জর্জৰিত কৰিছে দলটোক৷ ৰাজ্যসভাৰ নির্বাচনত কংগ্রেছৰ সাতজন বিধায়কে ক্রছ ভোটিং কৰা বুলি অভিযোগ উত্থাপনৰ পাছতো ইয়াৰ উপযুক্ত অনুসন্ধান অথবা অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ আনকি প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই শেহতীয়াকৈ উত্থাপন কৰা এলানি বিস্ফোৰক অভিযোগক লৈ অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে প্রদেশ কংগ্রেছৰ নেতৃত্ব৷ দলটোৰ কেইবাজনো নেতাই নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰাৰ পাছতো নিশ্চুপ হৈ থাকিব লগা হৈছে প্রদেশ কংগ্রেছৰ নেতৃত্ব৷ ছবছৰীয়া অসম আন্দোলনৰ পাছত ২০০১ৰ বিধানসভা নির্বাচনত প্রথমবাৰৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমর্থনত চমকপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা কংগ্রেছ দলে একেৰাহে তিনিটা কার্যকাল ৰাজ্যখনৰ ক্ষমতাত আছিল যদিও দলটোৰ পৰা শেহতীয়াকৈ আঁতৰি গৈছে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ৷ ২০১১ৰ বিধানসভা নির্বাচনত ৭৮খন আসন লাভ কৰি কংগ্রেছে একেৰাহে তৃতীয়বাৰ ক্ষমতাত অধিষ্ঠিত দলটোৱে ২০১৬ৰ নির্বাচনত কিয় ২৬ খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হ’ল? ইয়াৰ বিপৰীতে ২০১১ত মাথোঁ পাঁচখন আসনৰ পৰা বিজেপিয়ে ২০১৬ৰ বিধানসভা নির্বাচনত কেনেকৈ ৬০খন আসনত জয়লাভ কৰিলে? ইয়াৰ অন্তর্নিহিত কাৰণসমূহ সঁচা অর্থত বিশ্লেষণ কৰি দলটোৰ নেতৃত্বই আত্মসমালোচনাৰে কংগ্রেছ নেতৃত্বই ৰাইজৰ ওচৰলৈ আগবাঢ়ি যোৱাৰ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ ইয়াৰ বিপৰীতে ক্ষমতাচ্যুত দলটোৱে নিজৰ মাজতে খোৱা–কামোৰা লগাইছে৷ নেতৃত্বৰ ব্যর্থতা ইজনে সিজনৰ ওপৰত জাপি দিয়াৰ চক্রান্ত চলাইছে৷ এইদৰে কংগ্রেছ দলটোৱে ৰাইজৰ মাজত সৃষ্টি হোৱা আস্থাহীনতা দূৰ কৰিব নোৱাৰে৷ এনে দুর্বলতা দলটো দীর্ঘদিনে চলি থাকিলে ৰাইজেও কংগ্রেছৰ বিকল্পৰূপে অন্য দলক গ্রহণ কৰাৰ সম্ভাৱনা আছে৷

You might also like